< এজেকিয়েল 10 >
1 ১ তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।
Ine nditayangʼana ku thambo limene lili pamwamba pa mitu ya akerubi ndinangoona chinthu chooneka ngati mpando waufumu wa mwala wa safiro.
2 ২ আৰু যিহোৱাই শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচঁৰিত কৰি পেলোৱা।” তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোতেই তাত সোমাল।
Tsono Yehova anawuza munthu wovala chovala chabafuta uja kuti, “Pita pakati pa mikombero kunsi kwa akerubi. Udzaze manja ako ndi makala oyaka amene ali pakati pa akerubiwo ndipo uwawaze mu mzinda.” Iye anachita zimenezi ine ndikuona.
3 ৩ সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল আৰু ভিতৰ চোতালখন মেঘেৰে পৰিপূৰ্ণ হৈ আছিল।
Apa akerubiwo anali atayima mbali ya kummwera kwa Nyumba ya Mulungu pamene munthuyo ankalowa. Tsono mtambo unadzaza bwalo lamʼkati.
4 ৪ তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল।
Ndipo ulemerero wa Yehova unachoka pamwamba pa akerubi ndipo unafika ku chiwundo cha Nyumba ya Mulungu. Mtambo unadzaza Nyumba ya Mulungu, ndipo kuwala kwa ulemerero wa Yehova kunadzaza bwalolo.
5 ৫ আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।
Phokoso la mapiko a akerubi limamveka mpaka ku bwalo lakunja, monga momwe linamvekera liwu la Mulungu Wamphamvuzonse akamayankhula.
6 ৬ “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাইৰ পৰা জুই লোৱা” এইবুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিয়াত, তেওঁ সোমাই গৈ এটা চক্ৰৰ কাষত থিয় হ’ল।
Kenaka Yehova analamula munthu wovala chovala chabafuta uja kuti, “Pala moto pakati pa mikombero, pakati pa akerubi.” Munthu uja anapitadi nakayima pa mbali pa mkombero umodzi.
7 ৭ তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল।
Ndipo mmodzi wa akerubi anatambalitsa dzanja lake mpaka pa moto umene unali pakati pawo. Iye anapalako motowo ndipo anapatsa munthu wovala chovala chabafuta uja. Tsono iye anawulandira natuluka.
8 ৮ আৰু কৰূব কেইজনৰ গাত, তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।
Ndiye kuti kunsi kwa mapiko akerubi kumaoneka zinthu zooneka ngati manja a munthu.
9 ৯ পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।
Ine nditayangʼanitsitsa ndinaona mikombero inayi pambali pa akerubi. Pambali pa kerubi aliyense panali mkombero umodzi; mikomberoyo inkanyezimira ngati miyala yokongola ya krizoliti.
10 ১০ আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে আকৃতিৰ, এনে লাগে যেন চক্ৰৰ মাজতহে চক্ৰ আছে।
Maonekedwe a mikombero inayi ija anali ofanana. Mkombero uliwonse umaoneka ngati mkombero wolowana ndi unzake.
11 ১১ যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।
Poyenda akerubiwo, amapita mbali iliyonse ya mbali zinayizo kumene akerubiwo amayangʼana. Mikomberoyo simatembenuka pamene akerubiwo ankayenda. Kulikonse kumene mutu walunjika nʼkumene ankapita popanda kutembenuka.
12 ১২ আৰু তেওঁলোকৰ গোটেই গা আৰু তেওঁলোকৰ পিঠি, হাত, ডেউকা আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁলোক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা।
Matupi awo onse, misana yawo, manja awo ndi mapiko awo zinali ndi maso okhaokha, monganso mʼmene inalili mikombero yawo inayi ija.
13 ১৩ সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ।
Ine ndinamva mikombero ikutchedwa kuti, “mikombero yakamvuluvulu.”
14 ১৪ প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।
Kerubi aliyense anali ndi nkhope zinayi. Nkhope yoyamba inali ya Kerubi, nkhope yachiwiri inali ya munthu, nkhope yachitatu inali ya mkango ndipo nkhope yachinayi inali ya chiwombankhanga.
15 ১৫ পাছত কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবোৰ।
Tsono akerubi aja anawuluka. Izi zinali zamoyo zija zimene ndinaziona ku mtsinje wa Kebara.
16 ১৬ কৰূব কেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে।
Pamene akerubi ankayenda, nayonso mikombero ya mʼmbali mwawo inkayenda. Akerubiwo ankati akatambasula mapiko awo kuti auluke mikombero sinkachoka mʼmbali mwawo.
17 ১৭ তেওঁলোক ৰ’লে, সেইবোৰো ৰয় আৰু তেওঁলোক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁলোকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।
Akerubiwo ankati akayima, mikombero inkayimanso. Ngati akerubiwo auluka, mikomberoyo inkapita nawo chifukwa mzimu wa zamoyozo ndiwo unkayendetsa mikomberoyo.
18 ১৮ পাছত যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল।
Pamenepo ulemerero wa Yehova unachoka pa chiwundo cha Nyumba ya Mulungu ndi kukakhala pamwamba pa akerubi.
19 ১৯ কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ’ল। তেওঁলোক যিহোৱাৰ গৃহৰ পূব দিশৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা তেওঁলোকৰ ওপৰত আছিল।
Ine ndikuona akerubi, anatambasula mapiko awo ndi kuwuluka. Pamene ankapita, mikombero inapita nawo pamodzi. Akerubi anakayima pa khomo la chipata cha kummawa cha Nyumba ya Yehova. Tsono ulemerero wowala wa Mulungu wa Israeli unali pamwamba pawo.
20 ২০ তেতিয়া মই ইস্ৰায়েলৰ ঈশ্বৰৰ তলত থকা কবাৰ নদীত দেখা দৰ্শনৰ পশুবোৰৰ কথা স্মৰণ কৰিলোঁ; আৰু বুজিব পাতিলোঁ যে, সেইবোৰ কৰূব আছিল।
Izi ndizo zamoyo ndinaziona pansi pa Mulungu wa Israeli ku mtsinje wa Kebara, ndipo ndinazindikira kuti anali akerubi.
21 ২১ প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল।
Kerubi aliyense anali ndi nkhope zinayi ndi mapiko anayi, ndipo kunsi kwa mapiko awo kunali chinthu chimene chimaoneka ngati manja a munthu.
22 ২২ তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি, একে বস্তু; তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।
Nkhope zawo zinali zofanana ndi zomwe ndinaziona ku mtsinje wa Kebara. Kerubi aliyense amayenda molunjika.