< এজেকিয়েল 1 >

1 ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ।
NOW IT came to pass in the thirtieth year, in the fourth month, in the fifth day of the month, as I was among the captives by the river Chebar that the heavens were opened, and I saw visions of God.
2 পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা, যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ সময়ত,
In the fifth day of the month, which was the fifth year of king Jehoiachin's captivity,
3 কলদীয়াসকলৰ দেশত, কবাৰ নদীৰ পাৰত, বুজীৰ পুত্ৰ পুৰোহিত যিহিষ্কেলৰ ওচৰলৈ যিহোৱাৰ বাক্য পৰাক্ৰমেৰে আহিল আৰু সেই ঠাইত যিহোৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ’ল।
the word of the LORD came expressly unto Ezekiel the priest, the son of Buzi, in the land of the Chaldeans by the river Chebar; and the hand of the LORD was there upon him.
4 তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল।
And I looked, and, behold, a stormy wind came out of the north, a great cloud, with a fire flashing up, so that a brightness was round about it; and out of the midst thereof as the colour of electrum, out of the midst of the fire.
5 তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ’ল। তেওঁলোকৰ আকৃতি এনেকুৱা: তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল।
And out of the midst thereof came the likeness of four living creatures. And this was their appearance: they had the likeness of a man.
6 কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল।
And every one had four faces, and every one of them had four wings.
7 তেওঁলোকৰ ভৰি পোন, কিন্তু তেওঁলোকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা আছিল; যি চিকুণ কৰা পিতলৰ দৰে জিলিকিছিল।
And their feet were straight feet; and the sole of their feet was like the sole of a calf's foot; and they sparkled like the colour of burnished brass.
8 তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিওজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল:
And they had the hands of a man under their wings on their four sides; and as for the faces and wings of them four,
9 তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনো ফালে নুঘূৰিছিল; তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল।
their wings were joined one to another; they turned not when they went; they went every one straight forward.
10 ১০ তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল।
As for the likeness of their faces, they had the face of a man; and they four had the face of a lion on the right side; and they four had the face of an ox on the left side; they four had also the face of an eagle.
11 ১১ তেওঁলোকৰ মুখ সেইদৰেই আছিল আৰু তেওঁলোকৰ ডেউকাৰ ওপৰ অংশ পৃথকে বহল হৈ গৈছিল, এইদৰে প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰৰ লগত লগ লাগি থাকে আৰু দুখন দুখন ডেউকাই তেওঁলোকৰ শৰীৰটো ঢাকি ৰাখে।
Thus were their faces; and their wings were stretched upward; two wings of every one were joined one to another, and two covered their bodies.
12 ১২ তেওঁলোক প্ৰতিজনে পোনে পোনে ওলাই গৈছিল, এইদৰে যি ফালে আত্মাই তেওঁলোকক যাবলৈ আদেশ দিয়ে, তেওঁলোক সেই ফালেই নুঘূৰাকৈ গুচি যায়।
And they went every one straight forward; whither the spirit was to go, they went; they turned not when they went.
13 ১৩ সেই জীৱিত প্ৰাণী কেইজনৰ ৰূপ জ্বলি থকা জুইৰ আঙঠা আৰু এঙাৰবোৰৰ নিচিনা; উজ্জ্বল অগ্নিও তেওঁলোকৰ মাজত ঘূৰি ফুৰিছিল আৰু তাত অত্যন্ত বজ্রপাত পৰিছিল।
As for the likeness of the living creatures, their appearance was like coals of fire, burning like the appearance of torches; it flashed up and down among the living creatures; and there was brightness to the fire, and out of the fire went forth lightning.
14 ১৪ সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰ আৰু তললৈ অহা-যোৱা কৰে, সেই জীৱিত প্ৰাণী কেইজনৰ গমন বিজুলীৰ চমকৰ দৰে দেখা যায়।
And the living creatures ran and returned as the appearance of a flash of lightning.
15 ১৫ মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁলোকৰ চাৰিখন মুখৰ প্ৰতিখনৰ বাবে তেওঁলোকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ।
Now as I beheld the living creatures, behold one wheel at the bottom hard by the living creatures, at the four faces thereof.
16 ১৬ সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা আৰু সেইবোৰ বৈদূৰ্য্য মণিৰে কৰা যেন দেখা যায়; সেই চাৰিওটা একে প্ৰকাৰৰ। সেইবোৰৰ আভা আৰু সেইবোৰৰ গঠন দেখিলে চক্রৰ মাজত থকা চক্র যেন দেখা যায়।
The appearance of the wheels and their work was like unto the colour of a beryl; and they four had one likeness; and their appearance and their work was as it were a wheel within a wheel.
17 ১৭ যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে।
When they went, they went toward their four sides; they turned not when they went.
18 ১৮ চকাৰ আঙঠিবোৰ ওখ আৰু ভয়ঙ্কৰ; আৰু সেইবোৰ আঙঠিবোৰৰ চাৰিওফালে চকুৰে ভৰা।
As for their rings, they were high and they were dreadful; and they four had their rings full of eyes round about.
19 ১৯ যেতিয়া প্ৰাণী কেইজন যায়, তেতিয়া চক্র কেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু যেতিয়া প্ৰাণী কেইজনে মাটিৰ পৰা ওপৰলৈ উঠে, তেতিয়া চক্ৰ কেইটাও ওপৰলৈ উঠে।
And when the living creatures went, the wheels went hard by them; and when the living creatures were lifted up from the bottom, the wheels were lifted up.
20 ২০ আত্মাই য’লৈকে যাব খোজে, ত’লৈকে তেওঁলোকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁলোকৰ ওচৰতে ওপৰলৈ উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
Whithersoever the spirit was to go, as the spirit was to go thither, so they went; and the wheels were lifted up beside them; for the spirit of the living creature was in the wheels.
21 ২১ তেওঁলোক গ’লে, সেইবোৰো যায়; তেওঁলোক ৰৈ গ’লে, সেইবোৰো ৰয়; আৰু তেওঁলোক মাটিৰ পৰা দাং খালে, চক্ৰ কেইটাও তেওঁলোকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
When those went, these went, and when those stood, these stood; and when those were lifted up from the earth, the wheels were lifted up beside them; for the spirit of the living creature was in the wheels.
22 ২২ আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিক বৰণৰ, তেওঁলোকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল।
And over the heads of the living creatures there was the likeness of a firmament, like the colour of the terrible ice, stretched forth over their heads above.
23 ২৩ চন্দ্ৰতাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।
And under the firmament were their wings conformable the one to the other; this one of them had two which covered, and that one of them had two which covered, their bodies.
24 ২৪ তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্য-সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ; তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়।
And when they went, I heard the noise of their wings like the noise of great waters, like the voice of the Almighty, a noise of tumult like the noise of a host; when they stood, they let down their wings.
25 ২৫ তেওঁলোকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়; তেওঁলোক ৰৈ থকা সময়ত, তেওঁলোকে নিজ নিজ ডেউকা চপায়।
For, when there was a voice above the firmament that was over their heads, as they stood, they let down their wings.
26 ২৬ তেওঁলোকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ এখন সিংহাসনৰ আকৃতিৰ দৰে এটা বস্তু আছিল; সেই বস্তুটোৰ ওপৰৰ ওখত এজন মানুহৰ আকৃতিৰ নিচিনা এটা মূৰ্তি আছিল।
And above the firmament that was over their heads was the likeness of a throne, as the appearance of a sapphire stone; and upon the likeness of the throne was a likeness as the appearance of a man upon it above.
27 ২৭ আৰু তেওঁৰ কঁকালত যেন বস্তুটোৰ পৰা ওপৰলৈ, মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ দৰে জুইৰ আকৃতি যেন দেখিলোঁ; আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তললৈ জুইৰ আকৃতি যেন দেখিলোঁ আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল।
And I saw as the colour of electrum, as the appearance of fire round about enclosing it, from the appearance of his loins and upward; and from the appearance of his loins and downward I saw as it were the appearance of fire, and there was brightness round about him.
28 ২৮ বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱৰ দৰে পদাৰ্থটোৰ ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।
As the appearance of the bow that is in the cloud in the day of rain, so was the appearance of the brightness round about. This was the appearance of the likeness of the glory of the LORD. And when I saw it, I fell upon my face, and I heard a voice of one that spoke.

< এজেকিয়েল 1 >