< এজেকিয়েল 1 >
1 ১ ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ।
Tsiku lachisanu la mwezi wachinayi, chaka cha makumi atatu, ine ndinali pakati pa amʼndende mʼmbali mwa mtsinje wa Kebara. Tsono kumwamba kunatsekuka ndipo ndinaona maonekedwe a Mulungu mʼmasomphenya.
2 ২ পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা, যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ সময়ত,
Pa tsiku lachisanu la mwezi, chaka chachisanu Yehoyakini ali mʼndende,
3 ৩ কলদীয়াসকলৰ দেশত, কবাৰ নদীৰ পাৰত, বুজীৰ পুত্ৰ পুৰোহিত যিহিষ্কেলৰ ওচৰলৈ যিহোৱাৰ বাক্য পৰাক্ৰমেৰে আহিল আৰু সেই ঠাইত যিহোৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ’ল।
Yehova anayankhula ndi wansembe Ezekieli, mwana wa Buzi, mʼmbali mwa mtsinje wa Kebara mʼdziko la Ababuloni. Dzanja la Yehova linali pa iye kumeneko.
4 ৪ তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল।
Ndinayangʼana ndipo ndinangoona mphepo yamkuntho ikubwera kuchokera kumpoto. Panali mtambo waukulu wozunguliridwa ndi kuwala ndipo moto unali lawilawi kuchokera mu mtambowo. Pakati pa motowo pankaoneka ngati mkuwa wonyezimira.
5 ৫ তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ’ল। তেওঁলোকৰ আকৃতি এনেকুৱা: তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল।
Mʼkatikati mwa motowo munali zinthu zinayi zamaonekedwe a nyama. Thupi lawo limaoneka ngati la munthu
6 ৬ কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল।
koma chilichonse chinali ndi nkhope zinayi ndiponso mapiko anayi.
7 ৭ তেওঁলোকৰ ভৰি পোন, কিন্তু তেওঁলোকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা আছিল; যি চিকুণ কৰা পিতলৰ দৰে জিলিকিছিল।
Miyendo yake inali yowongoka; mapazi ake anali a ziboda ngati phazi la mwana wangʼombe. Ndipo zibodazo zinkawala ngati mkuwa wonyezimira.
8 ৮ তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিওজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল:
Mʼmunsi mwa mapiko awo kumbali zonse zinayi, nyamazo zinali ndi manja a munthu. Zonse zinayi zinali ndi nkhope ndi mapiko,
9 ৯ তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনো ফালে নুঘূৰিছিল; তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল।
ndipo mapiko awowo anakhudzana. Chilichonse chimapita molunjika kutsogolo; sizimatembenuka pamene zimayenda.
10 ১০ তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল।
Nkhope zawo zimaoneka motere: Chilichonse chinali ndi nkhope ya munthu, ndipo mbali ya kumanja chilichonse chinali ndi nkhope zinayi zosiyana motere: nkhope ya munthu, nkhope ya mkango ku dzanja lamanja, nkhope ya ngʼombe ku dzanja lamanzere, ndipo kumbuyo kwake nkhope ya chiwombankhanga.
11 ১১ তেওঁলোকৰ মুখ সেইদৰেই আছিল আৰু তেওঁলোকৰ ডেউকাৰ ওপৰ অংশ পৃথকে বহল হৈ গৈছিল, এইদৰে প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰৰ লগত লগ লাগি থাকে আৰু দুখন দুখন ডেউকাই তেওঁলোকৰ শৰীৰটো ঢাকি ৰাখে।
Ndi mʼmene zinalili nkhope zawo. Mapiko awo anali otambasukira mmwamba. Chamoyo chilichonse chinali ndi mapiko awiri okhudzana ndi mapiko a chinzake. Chinalinso ndi mapiko ena awiri ophimbira thupi lake.
12 ১২ তেওঁলোক প্ৰতিজনে পোনে পোনে ওলাই গৈছিল, এইদৰে যি ফালে আত্মাই তেওঁলোকক যাবলৈ আদেশ দিয়ে, তেওঁলোক সেই ফালেই নুঘূৰাকৈ গুচি যায়।
Zamoyozo zinkayenda molunjika kutsogolo. Kulikonse kumene mzimu umazitsogolera kupita, nazonso zimapita kumeneko, osatembenuka pamene zikupita.
13 ১৩ সেই জীৱিত প্ৰাণী কেইজনৰ ৰূপ জ্বলি থকা জুইৰ আঙঠা আৰু এঙাৰবোৰৰ নিচিনা; উজ্জ্বল অগ্নিও তেওঁলোকৰ মাজত ঘূৰি ফুৰিছিল আৰু তাত অত্যন্ত বজ্রপাত পৰিছিল।
Pakati pa zamayozo panali chinthu chooneka ngati makala oyaka kapena miyuni yoyaka. Moto umayendayenda pakati pa zamayozo; wowala kwambiri, ndipo mphenzi zimatuluka pakati pawo.
14 ১৪ সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰ আৰু তললৈ অহা-যোৱা কৰে, সেই জীৱিত প্ৰাণী কেইজনৰ গমন বিজুলীৰ চমকৰ দৰে দেখা যায়।
Zamoyozo zinkathamanga uku ndi uko ngati kungʼanima kwa mphenzi.
15 ১৫ মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁলোকৰ চাৰিখন মুখৰ প্ৰতিখনৰ বাবে তেওঁলোকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ।
Pamene ndinali kuyangʼana zamoyozo, ndinangoona mikombero ndipo pansi pambali pa chamoyo chilichonse panali mkombero umodzi.
16 ১৬ সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা আৰু সেইবোৰ বৈদূৰ্য্য মণিৰে কৰা যেন দেখা যায়; সেই চাৰিওটা একে প্ৰকাৰৰ। সেইবোৰৰ আভা আৰু সেইবোৰৰ গঠন দেখিলে চক্রৰ মাজত থকা চক্র যেন দেখা যায়।
Maonekedwe a mikomberoyo anali ngati mwala wonyezimira. Mikombero yonse inali yofanana ndipo mapangidwe awo anali ngati wongolowanalowana.
17 ১৭ যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে।
Mikombero ija poyenda inkatha kupita mbali iliyonse yomwe zamoyozo zinayangʼana popanda kutembenuka.
18 ১৮ চকাৰ আঙঠিবোৰ ওখ আৰু ভয়ঙ্কৰ; আৰু সেইবোৰ আঙঠিবোৰৰ চাৰিওফালে চকুৰে ভৰা।
Marimu a mikomberoyo anali aatali ndi ochititsa mantha ndipo marimu onse anayi anali ndi maso ponseponse.
19 ১৯ যেতিয়া প্ৰাণী কেইজন যায়, তেতিয়া চক্র কেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু যেতিয়া প্ৰাণী কেইজনে মাটিৰ পৰা ওপৰলৈ উঠে, তেতিয়া চক্ৰ কেইটাও ওপৰলৈ উঠে।
Zamoyozo zinkati zikamayenda, mikomberoyo imayendanso mʼmbali mwake; ndipo zamoyozo zinkati zikamakwera mmwamba, mikomberoyo imakweranso.
20 ২০ আত্মাই য’লৈকে যাব খোজে, ত’লৈকে তেওঁলোকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁলোকৰ ওচৰতে ওপৰলৈ উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
Kulikonse kumene mzimu wake unkazitsogolera, zamoyozo zinkapita komweko. Ndipo mikombero ija inkapita nawo pamodzi popeza kuti mzimu wa zamoyozo ndiwo umayendetsa mikombero ija.
21 ২১ তেওঁলোক গ’লে, সেইবোৰো যায়; তেওঁলোক ৰৈ গ’লে, সেইবোৰো ৰয়; আৰু তেওঁলোক মাটিৰ পৰা দাং খালে, চক্ৰ কেইটাও তেওঁলোকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
Zamoyo zija zinkati zikamayenda mikombero imayendanso. Zamoyozo zimati zikayima, nayonso mikombero inkayima. Zamoyozo zinkati zikawuluka, mikomberonso imawuluka nazo pamodzi chifukwa mzimu wa zamoyo zija ndiwo umayendetsa mikombero ija.
22 ২২ আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিক বৰণৰ, তেওঁলোকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল।
Pamwamba pa mitu ya zamoyozo panali chinthu chonga thambo, lowala ndipo kunyezimira kwake ngati galasi loyangʼanitsa ku dzuwa, loyalidwa pamwamba pa mitu yake.
23 ২৩ চন্দ্ৰতাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।
Zamoyozo zinatambalitsa mapiko ake mʼmunsi mwa thambo lija, mapiko ake ena kumakhudzana, mapiko awiri kumaphimba thupi lake.
24 ২৪ তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্য-সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ; তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়।
Pamene zamoyo zimayenda ndimamva phokoso la mapiko ake, ngati mkokomo wa madzi ambiri, ngati liwu la Wamphamvuzonse, ngati phokoso la gulu lankhondo. Zimati zikayima zinkagwetsa mapiko ake.
25 ২৫ তেওঁলোকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়; তেওঁলোক ৰৈ থকা সময়ত, তেওঁলোকে নিজ নিজ ডেউকা চপায়।
Ndipo panamveka mawu kuchokera pamwamba pa thambo la pa mitu ya zamoyo zija. Nthawi iyi nʼkuti zamoyozo zitayima ndi kugwetsa pansi mapiko ake.
26 ২৬ তেওঁলোকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ এখন সিংহাসনৰ আকৃতিৰ দৰে এটা বস্তু আছিল; সেই বস্তুটোৰ ওপৰৰ ওখত এজন মানুহৰ আকৃতিৰ নিচিনা এটা মূৰ্তি আছিল।
Pamwamba pa thambo la pa mitu yake panali chinthu chimene chimaoneka ngati mpando waufumu wopangidwa ndi mwala wa safiro, ndipo pamwamba pa mpando waufumuwo panali chinthu chooneka ngati munthu.
27 ২৭ আৰু তেওঁৰ কঁকালত যেন বস্তুটোৰ পৰা ওপৰলৈ, মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ দৰে জুইৰ আকৃতি যেন দেখিলোঁ; আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তললৈ জুইৰ আকৃতি যেন দেখিলোঁ আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল।
Ndinaona kuti mmwamba mwa chiwuno chake munali ngati chitsulo chowala konsekonse ngati moto. Mʼmunsi mwa chiwuno chake munalinso ngati moto wokhawokha. Kuwala kwa mphamvu kunamuzungulira munthuyo.
28 ২৮ বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱৰ দৰে পদাৰ্থটোৰ ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।
Kuwalako kunali ndi maonekedwe a utawaleza mʼmitambo tsiku limene kwagwa mvula. Umu ndi mmene ulemerero wa Yehova umaonekera. Pamene ndinawuona ndinagwa pansi ndipo ndinamva mawu akundiyankhula.