< যাত্রাপুস্তক 9 >

1 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ইব্ৰীয়া লোকসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
ויאמר יהוה אל משה בא אל פרעה ודברת אליו כה אמר יהוה אלהי העברים שלח את עמי ויעבדני׃
2 কিন্তু এতিয়াও যদি তেওঁলোকক যাব দিয়াত অমান্তি হৈ তেওঁলোকক ধৰি ৰাখিব বিচাৰে,
כי אם מאן אתה לשלח ועודך מחזיק בם׃
3 তেনেহ’লে আপোনাৰ পথাৰত থকা পশুবোৰ, যেনে ঘোঁৰা, গাধ, উট, গৰু, মেৰ-ছাগ, আৰু ছাগলী জাকবোৰৰ ওপৰত যিহোৱাই হাত দিব; আৰু ইয়াৰ দ্বাৰাই ভয়ানক মহামাৰী হ’ব।
הנה יד יהוה הויה במקנך אשר בשדה בסוסים בחמרים בגמלים בבקר ובצאן דבר כבד מאד׃
4 কিন্তু যিহোৱাই ইস্ৰায়েলী লোকসকলৰ পশুবোৰ আৰু মিচৰীয়া লোকসকলৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব; তেতিয়া যিবোৰ পশু ইস্ৰায়েলী লোকসকলৰ নহয় সেইবোৰ মৰিব’।”
והפלה יהוה בין מקנה ישראל ובין מקנה מצרים ולא ימות מכל לבני ישראל דבר׃
5 যিহোৱাই সময় নিৰূপণ কৰি ক’লে, “কাইলৈ দেশত মই এই কাৰ্য কৰিম।”
וישם יהוה מועד לאמר מחר יעשה יהוה הדבר הזה בארץ׃
6 পাছদিনা যিহোৱাই সেই কাৰ্য কৰিলে। মিচৰৰ আটাইবোৰ পশু মৰিল; কিন্তু ইস্ৰায়েলী লোকসকলৰ পশুবোৰৰ এটাও নমৰিল।
ויעש יהוה את הדבר הזה ממחרת וימת כל מקנה מצרים וממקנה בני ישראל לא מת אחד׃
7 তেতিয়া ফৰৌণে বিচাৰ কৰি দেখিলে যে, ইস্ৰায়েলী লোকসকলৰ এটাও পশু মৰা নাই। তথাপিও ফৰৌণৰ মন কঠিন হল, আৰু তেওঁ লোক সকলক যাবলৈ এৰি নিদিলে।
וישלח פרעה והנה לא מת ממקנה ישראל עד אחד ויכבד לב פרעה ולא שלח את העם׃
8 তাৰ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ পৰা ছাঁই লোৱা, কিন্তু মোচি, তুমি ফৰৌণে চাই থকা সময়ত সেই ছাঁই ওপৰ ফাললৈ ছটিয়াই দিবা।
ויאמר יהוה אל משה ואל אהרן קחו לכם מלא חפניכם פיח כבשן וזרקו משה השמימה לעיני פרעה׃
9 তাতে, সেই ছাঁই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোহাঁ উঠিব।”
והיה לאבק על כל ארץ מצרים והיה על האדם ועל הבהמה לשחין פרח אבעבעת בכל ארץ מצרים׃
10 ১০ সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা ছাঁই লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই ছাঁই ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই ছাঁইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল।
ויקחו את פיח הכבשן ויעמדו לפני פרעה ויזרק אתו משה השמימה ויהי שחין אבעבעת פרח באדם ובבהמה׃
11 ১১ শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।
ולא יכלו החרטמים לעמד לפני משה מפני השחין כי היה השחין בחרטמם ובכל מצרים׃
12 ১২ তথাপি যিহোৱাই মোচিক কোৱাৰ দৰে, তেওঁ ফৰৌণৰ মন কঠিন কৰিলে, সেয়ে ফৰৌণে মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
ויחזק יהוה את לב פרעה ולא שמע אלהם כאשר דבר יהוה אל משה׃
13 ১৩ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
ויאמר יהוה אל משה השכם בבקר והתיצב לפני פרעה ואמרת אליו כה אמר יהוה אלהי העברים שלח את עמי ויעבדני׃
14 ১৪ কিয়নো গোটেই পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক আপুনি জানিবৰ বাবে, মই এইবাৰ তোমাৰ, তোমাৰ দাস আৰু তোমাৰ লোকসকলৰ ওপৰলৈ মোৰ সকলো মহামাৰী পঠিয়াম।”
כי בפעם הזאת אני שלח את כל מגפתי אל לבך ובעבדיך ובעמך בעבור תדע כי אין כמני בכל הארץ׃
15 ১৫ মই এতিয়ালৈকে তোমাৰ ওপৰত হাত দি, তোমাক আৰু তোমাৰ লোকসকলক মহামাৰীৰে প্ৰহাৰ কৰা হ’লে, তোমালোকে পৃথিৱীৰ পৰা উচ্ছন্ন হ’লাহেঁতেন।
כי עתה שלחתי את ידי ואך אותך ואת עמך בדבר ותכחד מן הארץ׃
16 ১৬ অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
ואולם בעבור זאת העמדתיך בעבור הראתך את כחי ולמען ספר שמי בכל הארץ׃
17 ১৭ এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই।
עודך מסתולל בעמי לבלתי שלחם׃
18 ১৮ শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম।
הנני ממטיר כעת מחר ברד כבד מאד אשר לא היה כמהו במצרים למן היום הוסדה ועד עתה׃
19 ১৯ সেয়ে তুমি এতিয়া মানুহ পঠিয়াই পথাৰত থকা তোমাৰ পশু আৰু যি সকলো আছে, সেই সকলো গোটাই নিৰাপদ স্থানত ৰাখা। যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব, সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত, সেইবিলাক মৰিব’।”
ועתה שלח העז את מקנך ואת כל אשר לך בשדה כל האדם והבהמה אשר ימצא בשדה ולא יאסף הביתה וירד עלהם הברד ומתו׃
20 ২০ তেতিয়া ফৰৌণৰ যি সকল দাসে যিহোৱাৰ বাক্য বিশ্বাস কৰিছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক বেগাই ঘৰলৈ আনিলে।
הירא את דבר יהוה מעבדי פרעה הניס את עבדיו ואת מקנהו אל הבתים׃
21 ২১ কিন্তু যি সকল লোকে যিহোৱাৰ বাক্য গুৰুত্বৰ ভাবে লোৱা নাছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক পথাৰতে থাকিব দিলে।
ואשר לא שם לבו אל דבר יהוה ויעזב את עבדיו ואת מקנהו בשדה׃
22 ২২ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “গোটেই মিচৰ দেশৰ মানুহ, পশু, আৰু পথাৰত থকা সকলো গছ-গছনিৰ ওপৰত শিলাবৃষ্টি হবলৈ তুমি আকাশৰ ফাললৈ চাই তোমাৰ হাত মেলা।”
ויאמר יהוה אל משה נטה את ידך על השמים ויהי ברד בכל ארץ מצרים על האדם ועל הבהמה ועל כל עשב השדה בארץ מצרים׃
23 ২৩ মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে।
ויט משה את מטהו על השמים ויהוה נתן קלת וברד ותהלך אש ארצה וימטר יהוה ברד על ארץ מצרים׃
24 ২৪ এইদৰে শিলাবৃষ্টি আৰু বিজুলী মিহলি হৈ ভয়ঙ্কৰ ৰূপ ল’লে। এনে শিলাবৃষ্টি মিচৰ দেশ স্থাপন হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল।
ויהי ברד ואש מתלקחת בתוך הברד כבד מאד אשר לא היה כמהו בכל ארץ מצרים מאז היתה לגוי׃
25 ২৫ গোটেই মিচৰ দেশৰ পথাৰত থকা মানুহ আৰু পশু সকলোকে শিলাবৃষ্টিয়ে বিনষ্ট কৰিলে। শিলাবৃষ্টিয়ে পথাৰৰ সকলো গছ-গছনি আৰু দেশৰ সকলো গছ ভাঙিলে।
ויך הברד בכל ארץ מצרים את כל אשר בשדה מאדם ועד בהמה ואת כל עשב השדה הכה הברד ואת כל עץ השדה שבר׃
26 ২৬ কেৱল ইস্ৰায়েলী লোকসকল বাস কৰা গোচন দেশতহে শিলাবৃষ্টি হোৱা নাছিল।
רק בארץ גשן אשר שם בני ישראל לא היה ברד׃
27 ২৭ তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।
וישלח פרעה ויקרא למשה ולאהרן ויאמר אלהם חטאתי הפעם יהוה הצדיק ואני ועמי הרשעים׃
28 ২৮ মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।”
העתירו אל יהוה ורב מהית קלת אלהים וברד ואשלחה אתכם ולא תספון לעמד׃
29 ২৯ মোচিয়ে তেওঁক ক’লে, “নগৰ ত্যাগ কৰাৰ পাছতেই মই যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহোৱাৰহে হয়, এই কথা আপুনি জানিবলৈ মেঘ-গৰ্জ্জন বন্ধ হ’ব, আৰু শিলাবৃষ্টিও নহ’ব।
ויאמר אליו משה כצאתי את העיר אפרש את כפי אל יהוה הקלות יחדלון והברד לא יהיה עוד למען תדע כי ליהוה הארץ׃
30 ৩০ কিন্তু আপুনি আৰু আপোনাৰ দাসসকলে যে এতিয়াও ঈশ্বৰ যিহোৱাক প্রকৃততে সন্মান কৰা নাই, সেই কথা মই জানো।”
ואתה ועבדיך ידעתי כי טרם תיראון מפני יהוה אלהים׃
31 ৩১ সেই সময়ত শণ সূতাৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ সূতাৰ ফুলবোৰ ফুলিছিল।
והפשתה והשערה נכתה כי השערה אביב והפשתה גבעל׃
32 ৩২ কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য।
והחטה והכסמת לא נכו כי אפילת הנה׃
33 ৩৩ মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি হ’বলৈ বন্ধ হ’ল।
ויצא משה מעם פרעה את העיר ויפרש כפיו אל יהוה ויחדלו הקלות והברד ומטר לא נתך ארצה׃
34 ৩৪ ফৰৌণে যেতিয়া বৰষুণ, শিলাবৃষ্টি, আৰু মেঘ-গৰ্জ্জন বন্ধ হোৱা দেখিলে, তেতিয়া তেওঁ আৰু তেওঁৰ দাসসকলে নিজৰ মন পুনৰ কঠিন কৰি পাপ কৰিলে।
וירא פרעה כי חדל המטר והברד והקלת ויסף לחטא ויכבד לבו הוא ועבדיו׃
35 ৩৫ এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰে, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।
ויחזק לב פרעה ולא שלח את בני ישראל כאשר דבר יהוה ביד משה׃

< যাত্রাপুস্তক 9 >