< যাত্রাপুস্তক 9 >
1 ১ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ইব্ৰীয়া লোকসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
Kenaka Yehova anati kwa Mose, “Pita kwa Farao ndipo ukamuwuze kuti Yehova, Mulungu wa Ahebri akuti alole anthu anga apite kuti akandipembedze.
2 ২ কিন্তু এতিয়াও যদি তেওঁলোকক যাব দিয়াত অমান্তি হৈ তেওঁলোকক ধৰি ৰাখিব বিচাৰে,
Koma ngati ukana kuti apite ndi kupitiriza kuwaletsa,
3 ৩ তেনেহ’লে আপোনাৰ পথাৰত থকা পশুবোৰ, যেনে ঘোঁৰা, গাধ, উট, গৰু, মেৰ-ছাগ, আৰু ছাগলী জাকবোৰৰ ওপৰত যিহোৱাই হাত দিব; আৰু ইয়াৰ দ্বাৰাই ভয়ানক মহামাৰী হ’ব।
dzanja la Yehova lidzakantha ziweto zako zimene zili ku munda, pamodzi ndi akavalo, abulu, ngamira, ngʼombe, nkhosa ndi mbuzi ndi mliri woopsa kwambiri.
4 ৪ কিন্তু যিহোৱাই ইস্ৰায়েলী লোকসকলৰ পশুবোৰ আৰু মিচৰীয়া লোকসকলৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব; তেতিয়া যিবোৰ পশু ইস্ৰায়েলী লোকসকলৰ নহয় সেইবোৰ মৰিব’।”
Koma Yehova adzasiyanitsa pakati pa ziweto za Israeli ndi ziweto za Igupto, kotero kuti palibe chiweto nʼchimodzi chomwe cha Aisraeli chimene chidzafe.”
5 ৫ যিহোৱাই সময় নিৰূপণ কৰি ক’লে, “কাইলৈ দেশত মই এই কাৰ্য কৰিম।”
Yehova anayika nthawi ndipo anati, “Yehova adzachita zimenezi mmawa mʼdziko muno.”
6 ৬ পাছদিনা যিহোৱাই সেই কাৰ্য কৰিলে। মিচৰৰ আটাইবোৰ পশু মৰিল; কিন্তু ইস্ৰায়েলী লোকসকলৰ পশুবোৰৰ এটাও নমৰিল।
Ndipo mmawa mwake Yehova anachitadi zimenezi. Ziweto zonse za Aigupto zinafa, koma palibe chiweto ndi chimodzi chomwe cha Aisraeli chomwe chinafa.
7 ৭ তেতিয়া ফৰৌণে বিচাৰ কৰি দেখিলে যে, ইস্ৰায়েলী লোকসকলৰ এটাও পশু মৰা নাই। তথাপিও ফৰৌণৰ মন কঠিন হল, আৰু তেওঁ লোক সকলক যাবলৈ এৰি নিদিলে।
Farao anatuma anthu kuti akafufuze ndipo anapeza kuti palibe chiweto chilichonse cha Aisraeli chomwe chinafa. Komabe mtima wake sunagonje ndipo iye sanalole kuti anthu apite.
8 ৮ তাৰ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ পৰা ছাঁই লোৱা, কিন্তু মোচি, তুমি ফৰৌণে চাই থকা সময়ত সেই ছাঁই ওপৰ ফাললৈ ছটিয়াই দিবা।
Kenaka Yehova anati kwa Mose ndi Aaroni, “Tapani phulusa la pa moto lodzaza dzanja ndipo Mose aliwaze mmwamba pamaso pa Farao.
9 ৯ তাতে, সেই ছাঁই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোহাঁ উঠিব।”
Phulusalo lidzasanduka fumbi pa dziko lonse la Igupto. Tsono fumbilo lidzasanduka zithupsa zomaphulika nʼkukhala zilonda pa munthu aliyense ndi pa nyama zomwe mʼdziko lonse la Igupto.”
10 ১০ সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা ছাঁই লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই ছাঁই ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই ছাঁইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল।
Kotero anatenga phulusa la pa moto ndi kuyima pamaso pa Farao. Mose analiwaza mmwamba, ndipo panabuka zotupa zophulika zokha pa munthu aliyense ndi pa ziweto.
11 ১১ শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।
Amatsenga sanathe kumuyandikira Mose chifukwa nawonso anali ndi zithupsa monga mmene analili Aigupto ena onse.
12 ১২ তথাপি যিহোৱাই মোচিক কোৱাৰ দৰে, তেওঁ ফৰৌণৰ মন কঠিন কৰিলে, সেয়ে ফৰৌণে মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
Koma Yehova anawumitsa mtima wa Farao ndipo iye sanamvere Mose ndi Aaroni monga momwe Yehova anamuwuzira Mose.
13 ১৩ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
Kenaka Yehova anati kwa Mose, “Mawa mmawa upite ukakumane ndi Farao maso ndi maso ndipo ukamuwuze kuti Yehova Mulungu wa Ahebri akuti ulole anthu anga apite kuti akandipembedze.
14 ১৪ কিয়নো গোটেই পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক আপুনি জানিবৰ বাবে, মই এইবাৰ তোমাৰ, তোমাৰ দাস আৰু তোমাৰ লোকসকলৰ ওপৰলৈ মোৰ সকলো মহামাৰী পঠিয়াম।”
Ngati suwalola, tsopano ndidzagwetsa miliri yanga yonse pa iwe ndi nduna zako ndiponso pa anthu ako, kuti udziwe kuti palibe wina wofanana nane pa dziko lonse lapansi.
15 ১৫ মই এতিয়ালৈকে তোমাৰ ওপৰত হাত দি, তোমাক আৰু তোমাৰ লোকসকলক মহামাৰীৰে প্ৰহাৰ কৰা হ’লে, তোমালোকে পৃথিৱীৰ পৰা উচ্ছন্ন হ’লাহেঁতেন।
Pakuti ndikanakhala nditatukula kale dzanja langa ndikupheratu iwe pamodzi ndi anthu ako onse pa dziko lapansi.
16 ১৬ অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
Koma ndakuyika kukhala mfumu ndi cholinga choti ndionetse mphamvu zanga kwa iwe ndiponso kuti dzina langa litchuke pa dziko lonse lapansi.
17 ১৭ এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই।
Komabe iwe ukudzitukumula pa anthu anga osawalola kuti atuluke.
18 ১৮ শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম।
Nʼchifukwa chake mawa, nthawi ngati ino, ndidzagwetsa matalala amphamvu amene sanagwepo pa Igupto, kuyambira pachiyambi mpaka lero.
19 ১৯ সেয়ে তুমি এতিয়া মানুহ পঠিয়াই পথাৰত থকা তোমাৰ পশু আৰু যি সকলো আছে, সেই সকলো গোটাই নিৰাপদ স্থানত ৰাখা। যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব, সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত, সেইবিলাক মৰিব’।”
Tsopano lamula kuti ziweto zanu zonse ndi zinthu zonse zomwe zili ku minda kuti zilowetsedwe mʼkhola, chifukwa matalala adzagwera munthu aliyense ndi chiweto chilichonse chimene sichidzalowetsedwa mʼkhola ndipo zimene zidzakhala zili ku munda zidzafa.”
20 ২০ তেতিয়া ফৰৌণৰ যি সকল দাসে যিহোৱাৰ বাক্য বিশ্বাস কৰিছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক বেগাই ঘৰলৈ আনিলে।
Nduna za Farao zinachita mantha ndi mawu a Yehova, ndipo zinalowetsa antchito awo ndi ziweto zawo mʼnyumba.
21 ২১ কিন্তু যি সকল লোকে যিহোৱাৰ বাক্য গুৰুত্বৰ ভাবে লোৱা নাছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক পথাৰতে থাকিব দিলে।
Koma iwo amene ananyozera mawu a Yehova anasiya akapolo ndi ziweto zawo panja.
22 ২২ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “গোটেই মিচৰ দেশৰ মানুহ, পশু, আৰু পথাৰত থকা সকলো গছ-গছনিৰ ওপৰত শিলাবৃষ্টি হবলৈ তুমি আকাশৰ ফাললৈ চাই তোমাৰ হাত মেলা।”
Kenaka Yehova anati kwa Mose, “Kweza dzanja lako kumwamba kuti matalala agwe pa dziko lonse la Igupto, pa munthu aliyense, pa ziweto ndi pa zonse zomera mʼminda ya Igupto.”
23 ২৩ মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে।
Mose ataloza ndodo yake kumwamba, Yehova anatumiza mabingu ndi matalala ndi ziphaliwali zongʼanima pa nthaka. Kotero Yehova anagwetsa matalala pa dziko la Igupto.
24 ২৪ এইদৰে শিলাবৃষ্টি আৰু বিজুলী মিহলি হৈ ভয়ঙ্কৰ ৰূপ ল’লে। এনে শিলাবৃষ্টি মিচৰ দেশ স্থাপন হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল।
Matalala anagwa ndipo ziphaliwali zinangʼanima. Inali mphepo ya mkuntho yoopsa kwambiri imene sinakhaleponso mʼdziko lonse la Igupto chiyambire pamene Aigupto anakhala mtundu woyima pa okha.
25 ২৫ গোটেই মিচৰ দেশৰ পথাৰত থকা মানুহ আৰু পশু সকলোকে শিলাবৃষ্টিয়ে বিনষ্ট কৰিলে। শিলাবৃষ্টিয়ে পথাৰৰ সকলো গছ-গছনি আৰু দেশৰ সকলো গছ ভাঙিলে।
Matalala anawononga dziko lonse la Igupto, munthu aliyense pamodzi ndi ziweto. Matalala aja anawononga zomera zonse za mʼmunda ndi kukhadzula mtengo uliwonse.
26 ২৬ কেৱল ইস্ৰায়েলী লোকসকল বাস কৰা গোচন দেশতহে শিলাবৃষ্টি হোৱা নাছিল।
Ku malo kokhako kumene matalala sanafikeko ndi dera la Goseni kumene kunali Aisraeli.
27 ২৭ তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।
Kenaka Farao anayitanitsa Mose ndi Aaroni nati kwa iwo, “Tsopano ndachimwa, Yehova ndi wolungama, ine ndi anthu anga ndife olakwa.
28 ২৮ মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।”
Upemphere kwa Mulungu chifukwa mabingu ndi matalala atikwana. Ine ndidzakulolani kuti mupite. Simuyenera kukhalabe kuno.”
29 ২৯ মোচিয়ে তেওঁক ক’লে, “নগৰ ত্যাগ কৰাৰ পাছতেই মই যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহোৱাৰহে হয়, এই কথা আপুনি জানিবলৈ মেঘ-গৰ্জ্জন বন্ধ হ’ব, আৰু শিলাবৃষ্টিও নহ’ব।
Mose anayankha, “Ndikangotuluka mu mzinda muno, ine ndidzakweza manja anga kwa Yehova ndi kupemphera. Mabingu ndi matalalawa adzaleka ndipo inu mudzadziwa kuti Yehova ndiye akulamulira dziko lapansi.
30 ৩০ কিন্তু আপুনি আৰু আপোনাৰ দাসসকলে যে এতিয়াও ঈশ্বৰ যিহোৱাক প্রকৃততে সন্মান কৰা নাই, সেই কথা মই জানো।”
Koma ine ndikudziwa kuti inu ndi nduna zanu simukuopabe Yehova Mulungu.”
31 ৩১ সেই সময়ত শণ সূতাৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ সূতাৰ ফুলবোৰ ফুলিছিল।
Thonje ndi barele zinawonongeka, popeza barele anali atakhwima ndi thonje linali ndi maluwa.
32 ৩২ কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য।
Koma tirigu ndi mchewere sizinawonongeke chifukwa zimakhwima mochedwa.
33 ৩৩ মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি হ’বলৈ বন্ধ হ’ল।
Mose anasiyana ndi Farao natuluka mu mzindawo. Iye anakweza manja ake kwa Yehova. Mabingu ndi matalala zinaleka, ndipo mvula inalekeratu kugwa mʼdzikolo.
34 ৩৪ ফৰৌণে যেতিয়া বৰষুণ, শিলাবৃষ্টি, আৰু মেঘ-গৰ্জ্জন বন্ধ হোৱা দেখিলে, তেতিয়া তেওঁ আৰু তেওঁৰ দাসসকলে নিজৰ মন পুনৰ কঠিন কৰি পাপ কৰিলে।
Farao ataona kuti mvula, matalala ndi mabingu zaleka, anachimwanso. Iye ndi nduna zake anawumitsanso mitima yawo.
35 ৩৫ এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰে, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।
Choncho Farao sanalole kuti Aisraeli apite monga momwe Yehova anamuwuzira Mose.