< যাত্রাপুস্তক 8 >
1 ১ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা যে, ‘যিহোৱাই এইদৰে কৈছে: মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া।
Derpå sagde HERREN til Moses: "Gå til Farao og sig til ham: Så siger HERREN: Lad mit Folk rejse, for at de kan dyrke mig!
2 ২ তুমি যদি তেওঁলোকক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে মই তোমাৰ দেশৰ সকলো ঠাইত ভেকুলীৰে উপদ্ৰৱ কৰিম।
Men hvis du vægrer dig ved at lade dem rejse, se, da vil jeg plage hele dit Land med Frøer;
3 ৩ নদী ভেকুলীৰে পৰিপূৰ্ণ হ’ব; সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঁঠালিত, বিচনাত, আৰু তোমাৰ দাসসকলৰ ঘৰতো সোমাব। এনেকি তোমাৰ লোকসকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব।
Nilen skal vrimle af Frøer, og de skal kravle op og trænge ind i dit Hus og dit Sovekammer og på dit Leje og i dine Tjeneres og dit Folks Huse, i dine Bagerovne og dine Dejgtruge;
4 ৪ ভেকুলীয়ে তোমাক, তোমাৰ লোকসকলক, আৰু তোমাৰ দাসসকলক আক্রমণ কৰিব’।”
ja på dig selv og dit Folk og alle dine Tjenere skal Frøerne kravle op."
5 ৫ যিহোৱাই মোচিক ক’লে, “তুমি হাৰোণক কোৱা, ‘নদী, নিজৰা আৰু বিলৰ ওপৰলৈ তুমি তোমাৰ হাত দাঙি লাখুটিৰে প্রহাৰ কৰি মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনা’।”
Da sagde HERREN til Moses: "Sig til Aron: Ræk din Hånd med Staven ud over Floderne, Kanalerne og Dammene og få Frøerne til at kravle op over Ægypten!"
6 ৬ তেতিয়া হাৰোণে মিচৰ দেশৰ সকলো পানীৰ ওপৰত নিজৰ হাত মেলিলে, আৰু ভেকুলীবোৰ উঠি আহি, গোটেই মিচৰ দেশখনক চানি ধৰিলে।
Og Aron rakte sin Hånd ud over Ægyptens Vande. Da kravlede Frøerne op og fyldte Ægypten.
7 ৭ কিন্তু শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে, আৰু মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনিলে।
Men Koglerne gjorde det samme ved Hjælp af deres hemmelige Kunster og fik Frøerne til at kravle op over Ægypten.
8 ৮ তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোকসকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰক। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”
Da lod Farao Moses og Aron kalde og sagde: "Gå i Forbøn hos HERREN, at han skiller mig og mit Folk af med Frøerne, så vil jeg lade Folket rejse, at de kan ofre til HERREN."
9 ৯ তেতিয়া মোচিয়ে ফৰৌণক ক’লে, “ভেকুলীবোৰ আপোনাৰ দাস আৰু আপোনাৰ ঘৰবোৰৰ পৰা নাইকিয়া হৈ কেৱল যেন নদীতহে থাকে, সেইবাবে আপোনাৰ লোকসকলৰ অৰ্থে প্রাৰ্থনা কৰি ক’বৰ বাবে আপুনি নিৰূপিত সময়ৰ সুযোগ পাইছে।”
Moses svarede Farao: "Du behøver kun at befale over mig! Til hvilken Tid skal jeg gå i Forbøn for dig, dine Tjenere og dit Folk om at få Frøerne bort fra dig og dine Huse, så de kun bliver tilbage i Nilen?"
10 ১০ তেতিয়া ফৰৌণে তেওঁক ক’লে, “কাইলৈ।” মোচিয়ে তেওঁৰ কথা শুনি ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোনো নাই, ইয়াক যেন আপুনি জানিব পাৰে, সেই বাবে আপুনি কোৱাৰ দৰেই হওক।
Han svarede: "I Morgen!" Da sagde han: "Det skal ske, som du siger, for at du kan kende, at der ingen er som HERREN vor Gud;
11 ১১ ভেকুলীবোৰ আপোনাৰ, আপোনাৰ ঘৰ, দাস, আৰু লোকসকলৰ পৰাও গুচি যাব। সেইবোৰ কেৱল নদীতহে থাকিব।”
Frøerne skal vige bort fra dig, dine Huse, dine Tjenere og dit Folk; kun i Nilen skal de blive tilbage."
12 ১২ মোচি আৰু হাৰোণ ৰজা ফৰৌণৰ সন্মুখৰ পৰা আঁতৰি গ’ল। পাছত ফৰৌণৰ বিৰুদ্ধে যিহোৱাই অনা ভেকুলীবোৰৰ কাৰণে মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
Moses og Aron gik nu bort fra Farao, og Moses råbte til HERREN om at bortrydde Frøerne, som han havde sendt over Farao;
13 ১৩ তাতে যিহোৱাই মোচিৰ নিবেদন শুনিলে; আৰু ঘৰ, চোতাল, আৰু পথাৰবোৰত ভেকুলীবোৰ মৰিল।
og HERREN gjorde, som Moses bad: Frøerne døde i Husene, i Gårdene og på Markerne,
14 ১৪ তেতিয়া লোকসকলে সেইবোৰ গোটাই দ’ম দ’ম কৰিলে; আৰু গোটেই দেশ দুৰ্গন্ধময় হ’ল।
og man samlede dem sammen i Dynger, så Landet kom til at stinke deraf.
15 ১৫ কিন্তু ফৰৌণে ভেকুলীৰ উপদ্রৱৰ পৰা সকাহ পোৱা দেখি, যিহোৱাই কোৱাৰ দৰে, ফৰৌণে পুনৰ নিজৰ মন কঠিন কৰি মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
Men da Farao så, at han havde fået Luft, forhærdede han sit Hjerte og hørte ikke på dem, således som HERREN havde sagt.
16 ১৬ যিহোৱাই মোচিক ক’লে, “হাৰোণক কোৱা যে, ‘গোটেই মিচৰ দেশত পৃথিৱীৰ ধূলি ওকণী হ’বৰ বাবে তুমি নিজৰ লাখুটি দাঙি ধুলিত প্ৰহাৰ কৰা’।”
Derpå sagde HERREN til Moses: "Sig til Aron: Ræk din Stav ud og slå Støvet på Jorden med den, så skal det blive til Myg i hele Ægypten!"
17 ১৭ তেতিয়া তেওঁলোকে সেইদৰে কৰিলে; হাৰোণে নিজৰ লাখুটি লৈ, হাত দাঙি দেশৰ ধুলিত প্ৰহাৰ কৰিলে, আৰু মানুহ আৰু পশুবোৰতো ওকণী হ’ল। গোটেই মিচৰ দেশৰ ধুলিবোৰ ওকণী হ’ল।
Og de gjorde således; Aron udrakte sin Hånd med Staven og slog Støvet på Jorden dermed. Da kom der Myg over Mennesker og Dyr; alt Støvet på Jorden blev til Myg i hele Ægypten.
18 ১৮ শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই ওকণী উৎপন্ন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে কৰিব নোৱাৰিলে। দেশত মানুহ আৰু পশুবোৰতো ওকণী হ’ল।
Koglerne søgte nu også ved Hjælp af deres hemmelige Kunster at fremkalde Myg, men de magtede det ikke. Og Myggene kom over Mennesker og Dyr.
19 ১৯ তেতিয়া শাস্ত্ৰজ্ঞসকলে ফৰৌণক ক’লে, “এই কৰ্ম, ঈশ্বৰৰ আঙুলিৰ দ্বাৰাই কৰা কৰ্ম।” কিন্তু যিহোৱাই কোৱাৰ দৰে, ফৰৌণৰ মন পুনৰ কঠিন হ’ল, সেয়ে তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
Da sagde Koglerne til Farao: "Det er Guds Finger!" Men Faraos Hjerte blev forhærdet, så han ikke hørte på dem, således som HERREN havde sagt.
20 ২০ যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌণে পানীৰ ওচৰলৈ যোৱাৰ সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক’বা, যিহোৱাই এইদৰে কৈছে: ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া।
Derpå sagde HERREN til Moses: "Træd i Morgen tidlig frem for Farao, når han begiver sig ned til Vandet, og sig til ham: Så siger HERREN: Lad mit Folk rejse, for at de kan dyrke mig!
21 ২১ কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ’লে মই তোমাৰ, তোমাৰ দাসসকলৰ, লোকসকলৰ আৰু ঘৰবোৰৰ ভিতৰলৈকে জাকে জাকে ডাঁহ পঠাম; তেতিয়া মিচৰীয়াসকলৰ ঘৰ, এনেকি তেওঁলোকে বাস কৰা ভূমিও ডাঁহৰ জাকেৰে পৰিপূৰ্ণ হ’ব।
Men hvis du ikke lader mit Folk rejse, se, da sender jeg Bremser over dig, dine Tjenere, dit Folk og dine Huse, og Ægypternes Huse skal blive fulde af Bremser, ja endog Jorden, de bor på;
22 ২২ কিন্তু সেই দিনা গোচন দেশত বাস কৰা মোৰ লোকসকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো ডাঁহৰ জাক নহ’ব। পৃথিৱীৰ মাজত ময়েই যে যিহোৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব।
men med Gosens Land, hvor mit Folk bor, vil jeg til den Tid gøre en Undtagelse, så der ingen Bremser kommer, for at du kan kende, at jeg HERREN er i Landet;
23 ২৩ এইদৰে মোৰ লোকসকলৰ, আৰু তোমাৰ লোকসকলৰ মাজত মই প্ৰভেদ জন্মাম। মোৰ পৰাক্রমৰ কাৰ্য কাইলৈ সম্পন্ন হ’ব’।”
og jeg vil sætte Skel mellem mit Folk og dit Folk; i Morgen skal dette Tegn ske!"
24 ২৪ যিহোৱাই সেইদৰেই কৰিলে। ফৰৌণ আৰু তেওঁৰ দাসসকলৰ ঘৰত জাকে জাকে ডাঁহবোৰ সোমাল। গোটেই মিচৰ দেশতে সেই ডাঁহৰ জাকৰ উৎপাতত ভূমি নষ্ট হ’ল।
Og HERREN gjorde således: Vældige Bremsesværme trængte ind i Faraos og hans Tjeneres Huse og i hele Ægypten, og Landet hærgedes af Bremserne.
25 ২৫ তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “তোমালোকে আমাৰ দেশতে তোমালোকৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰা।”
Da lod Farao Moses og Aron kalde og sagde: "Gå hen og bring eders Gud et Offer her i Landet!"
26 ২৬ মোচিয়ে ক’লে, “সেইদৰে কৰাটো আমাৰ বাবে উচিত নহয়; কাৰণ আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে কৰা বলিদান মিচৰীয়াসকলৰ বাবে ঘৃণনীয়। সেয়ে মিচৰীয়াসকলৰ সাক্ষাতে তেওঁলোকৰ ঘৃণনীয় বলিদান কৰিলে তেওঁলোকে আমাক শিল দলিয়াই নামাৰিব নে?
Men Moses sagde: "Det går ikke an at gøre således, thi til HERREN vor Gud ofrer vi, hvad der er Ægypterne en Vederstyggelighed; og når vi for Øjnene af Ægypterne ofrer, hvad der er dem en Vederstyggelighed, mon de da ikke stener os?
27 ২৭ নহয়! আমাৰ ঈশ্বৰ যিহোৱাই আমাক আজ্ঞা দিয়াৰ দৰে, তেওঁৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, আমাক তিনিদিনৰ বাট মৰুভূমিৰ মাজেৰে যাবলৈ দিয়ক।”
Lad os drage tre Dagsrejser ud i Ørkenen og ofre til HERREN vor Gud, således som han har pålagt os!"
28 ২৮ তাৰ পাছত ফৰৌণে ক’লে, “মৰুভূমিত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, মই তোমালোকক যাবলৈ অনুমতি দিছোঁ। কিন্তু তোমালোক বহুত দূৰলৈ নাযাবা। তোমালোকে মোৰ বাবে প্ৰাৰ্থনা কৰা।”
Farao sagde: "Jeg vil lade eder rejse hen og ofre til HERREN eders Gud i Ørkenen; kun må I ikke rejse for langt bort; men gå i Forbøn for mig!"
29 ২৯ তেতিয়া মোচিয়ে ক’লে, “মই আপোনাৰ ওচৰৰ পৰা যোৱাৰ পাছতে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম; যাতে ফৰৌণ, আৰু আপোনাৰ দাসসকল, আৰু লোকসকলক কাইলৈ ডাঁহৰ জাকবোৰে যেন এৰি গুচি যায়। কেৱল যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে ইস্রায়েলী লোকসকলক যাবলৈ দিয়াত আপুনি যেন পুনৰ প্ৰবঞ্চনা নকৰে।”
Moses svarede: "Se, så snart jeg kommer ud herfra, skal jeg gå i Forbøn hos HERREN, og Bremserne skal vige bort fra Farao, hans Tjenere og hans Folk i Morgen. Blot Farao så ikke igen narrer os og nægter at lade Folket rejse hen og ofre til HERREN!"
30 ৩০ তাৰ পাছত মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা ওলাই গৈ, যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
Derpå gik Moses bort fra Farao og gik i Forbøn hos HERREN.
31 ৩১ তেতিয়া যিহোৱাই মোচিয়ে কোৱাৰ দৰে কৰিলে: তেওঁ ফৰৌণ, তেওঁৰ দাসসকল, আৰু লোকসকলৰ পৰা ডাঁহৰ জাকবোৰ আতৰাই পঠালে। তাতে এটিও অবশিষ্ট নাথাকিল।
Og HERREN gjorde, som Moses bad, og Bremserne veg bort fra Farao, hans Tjenere og hans Folk; der blev ikke en eneste tilbage.
32 ৩২ তথাপিও ফৰৌণে সেইবাৰো মন কঠিন কৰিলে, আৰু তেওঁ লোকসকলক যাবলৈ এৰি নিদিলে।
Men Farao forhærdede også denne Gang sit Hjerte og lod ikke Folket rejse.