< যাত্রাপুস্তক 5 >
1 ১ এই ঘটনাৰ পাছত মোচি আৰু হাৰোণে গৈ ফৰৌণক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ, মোৰ লোকসকলক যাবলৈ দিয়া’।”
Post hæc ingressi sunt Moyses et Aaron, et dixerunt Pharaoni: Hæc dicit Dominus Deus Israël: Dimitte populum meum ut sacrificet mihi in deserto.
2 ২ ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”
At ille respondit: Quis est Dominus, ut audiam vocem ejus, et dimittam Israël? nescio Dominum, et Israël non dimittam.
3 ৩ তাৰ পাছত মোচি আৰু হাৰোণে ক’লে, “ইব্ৰীয়াসকলৰ ঈশ্বৰে আমাৰ লগত সাক্ষাত কৰিলে। আহক আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট যাওঁহক; যাতে তেওঁ আমাক মহামাৰী বা তৰোৱালেৰে আক্ৰমণ নকৰে।”
Dixeruntque: Deus Hebræorum vocavit nos, ut eamus viam trium dierum in solitudinem, et sacrificemus Domino Deo nostro: ne forte accidat nobis pestis aut gladius.
4 ৪ কিন্তু মিচৰৰ ৰজাই তেওঁলোকক ক’লে, “মোচি আৰু হাৰোণ, তোমালোকে কিয় লোক সকলক তেওঁলোকৰ কামৰ পৰা লৈ গৈছা?” এই বুলি লোকসকলক তেওঁ ক’লে, “তোমালোক কামলৈ ঘূৰি যোৱা।”
Ait ad eos rex Ægypti: Quare Moyses et Aaron sollicitatis populum ab operibus suis? ite ad onera vestra.
5 ৫ ফৰৌণে পুনৰ ক’লে, “বৰ্তমান আমাৰ দেশত অনেক ইস্ৰায়েলী লোক আছে, আৰু তোমালোকে তেওঁলোকৰ কাম বন্ধ কৰাইছা।”
Dixitque Pharao: Multus est populus terræ: videtis quod turba succreverit: quanto magis si dederitis eis requiem ab operibus?
6 ৬ সেই দিনাই ফৰৌণে লোক সকলৰ কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলক এই আজ্ঞা দি ক’লে,
Præcepit ergo in die illo præfectis operum et exactoribus populi, dicens:
7 ৭ “আগেয়ে দিয়াৰ দৰে তেওঁলোকক ইটা বনাবলৈ তোমালোকে নৰা আনি নিদিবা। তেওঁলোকে নিজেই গৈ নৰা বিচাৰি লওক।
Nequaquam ultra dabitis paleas populo ad conficiendos lateres, sicut prius: sed ipsi vadant, et colligant stipulas.
8 ৮ তেওঁলোকে আগেয়ে যিমান পৰিমাণৰ ইটা বনাইছিল, এতিয়াও তেওঁলোকক সিমানেই বনাবলৈ দিয়া। তাৰ অলপো কম গ্ৰহণ নকৰিব; কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে চিঞৰিছে আৰু ক’বলৈ ধৰিছে, ‘আমাক যাবলৈ অনুমতি দিয়ক আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবলৈ দিয়ক’।”
Et mensuram laterum, quam prius faciebant, imponetis super eos, nec minuetis quidquam: vacant enim, et idcirco vociferantur, dicentes: Eamus, et sacrificemus Deo nostro.
9 ৯ তেওঁলোকৰ ওপৰত কামৰ ভাৰ অধিক গধূৰ কৰি দিয়া হওক; যাতে তেওঁলোকে কামৰ মাজত ব্যস্ত থাকি বিভ্রান্তিজনক কথাত মন নিদিয়ে।
Opprimantur operibus, et expleant ea: ut non acquiescant verbis mendacibus.
10 ১০ তাৰ পাছত, কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলে বাহিৰলৈ ওলাই আহিল আৰু লোকসকলক তেওঁলোকে ক’লে, “ফৰৌণে এইদৰে কৈছে, ‘মই তোমালোকক এতিয়াৰ পৰা কোনো নৰা নিদিওঁ।
Igitur egressi præfecti operum et exactores ad populum, dixerunt: Sic dicit Pharao: Non do vobis paleas:
11 ১১ তোমালোক নিজে যোৱা আৰু য’ত বিচাৰি পোৱা, তাৰ পৰা নৰা বিচাৰি আনা; কিন্তু তোমালোকৰ কামৰ নিৰ্দ্দিষ্ট পৰিমাণ হ্রাস কৰা নহব।’”
ite, et colligite sicubi invenire poteritis, nec minuetur quidquam de opere vestro.
12 ১২ তেতিয়া লোক সকলে নৰা বিচাৰি জমা কৰিবলৈ মিচৰ দেশৰ চাৰিওফালে সিঁচৰতি হৈ গ’ল।
Dispersusque est populus per omnem terram Ægypti ad colligendas paleas.
13 ১৩ তথাপি কঠোৰ তত্বাৱধায়ক সকলে তেওঁলোকক তাড়না কৰি ক’লে, “তোমালোকক নৰা দিওঁতে, তোমালোকে যেনেকৈ কাম কৰিছিলা, এতিয়াও তেনেকৈ প্ৰতিদিনৰ নিৰূপিত কাম সম্পূৰ্ণ কৰা।”
Præfecti quoque operum instabant, dicentes: Complete opus vestrum quotidie, ut prius facere solebatis quando dabantur vobis paleæ.
14 ১৪ তাৰ পাছত ফৰৌণৰ কঠোৰ তত্বাৱধায়ক সকলে শ্রমিক সকলৰ ওপৰত নিযুক্ত কৰা ইস্ৰায়েলী মুখিয়াল সকলক প্ৰহাৰ কৰিলে। সেই তত্বাৱধায়ক সকলে তেওঁলোকক সুধিলে, “তোমালোকক নিৰূপিত কৰি দিয়া অনুপাতে আগৰ দৰে, কালি আৰু আজি তোমালোকে কিয় ইটা তৈয়াৰ কৰিব পৰা নাই?”
Flagellatique sunt qui præerant operibus filiorum Israël, ab exactoribus Pharaonis, dicentibus: Quare non impletis mensuram laterum sicut prius, nec heri, nec hodie?
15 ১৫ সেয়ে কাৰখানাত কাম কৰা ইস্ৰায়েলী কৰ্মচাৰী সকলে ফৰৌণৰ ওচৰলৈ আহিল; আৰু তেওঁক কাকুতি কৰি ক’লে, “আপোনাৰ দাস বিলাকৰ খেত্ৰত কিয় আপুনি এনে ব্যৱহাৰ কৰিছে?
Veneruntque præpositi filiorum Israël, et vociferati sunt ad Pharaonem dicentes: Cur ita agis contra servos tuos?
16 ১৬ আপোনাৰ দাস সকলক এতিয়া নৰা দিয়া হোৱা নাই, তথাপিও তেওঁলোকে আমাক কৈ আছে ‘ইটা তৈয়াৰ কৰা!’ এনেকি আমিও আপোনাৰ দাস সকলৰ দ্বাৰাই প্ৰহাৰিত হৈছোঁ। কিন্তু এয়া আপোনাৰ নিজৰ লোক সকলৰহে ভূল।”
paleæ non dantur nobis, et lateres similiter imperantur: en famuli tui flagellis cædimur, et injuste agitur contra populum tuum.
17 ১৭ কিন্তু ফৰৌণে ক’লে, “তোমালোক এলেহুৱা! তোমালোক সকলোৱে এলেহুৱা! তোমালোকে কৈছা, ‘আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক।’
Qui ait: Vacatis otio, et idcirco dicitis: Eamus, et sacrificemus Domino.
18 ১৮ সেয়ে এতিয়া কাম কৰিবলৈ ঘূৰি যোৱা। আপোনালোকক পুনৰ নৰা দিয়া নহব, কিন্তু তোমালোকে আগৰ পৰিমাণৰ সমানেই ইটা তৈয়াৰ কৰিব লাগিব।”
Ite ergo, et operamini: paleæ non dabuntur vobis, et reddetis consuetum numerum laterum.
19 ১৯ “তোমালোক প্ৰতিদিনে বনাব লগা ইটাৰ সংখ্যা অলপো কম কৰা নহব।” এই কথা কোৱাৰ পাছত, ইস্ৰায়েলী মুখিয়াল সকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে।
Videbantque se præpositi filiorum Israël in malo, eo quod diceretur eis: Non minuetur quidquam de lateribus per singulos dies.
20 ২০ তেওঁলোকে ফৰৌণৰ আগৰ পৰা ওলাই আহোঁতে ৰাজপ্রসাদৰ বাহিৰত ঠিয় হৈ থকা মোচি আৰু হাৰোণক লগ পালে।
Occurreruntque Moysi et Aaron, qui stabant ex adverso, egredientibus a Pharaone:
21 ২১ তেওঁলোকে মোচি আৰু হাৰোণক ক’লে, “যিহোৱাই আপোনালোকলৈ দৃষ্টি কৰি দণ্ড দিয়ক; কাৰণ আপোনালোকে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সাক্ষাতে আমাক দোষী কৰিলে। আমাক বধ কৰিবলৈ আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে।”
et dixerunt ad eos: Videat Dominus et judicet, quoniam fœtere fecistis odorem nostrum coram Pharaone et servis ejus, et præbuistis ei gladium, ut occideret nos.
22 ২২ তেতিয়া মোচিয়ে যিহোৱাৰ ওচৰত প্রাৰ্থনা কৰি ক’লে, “হে প্ৰভু, আপুনি এই লোক সকলক বিপদত কিয় পেলালে? মোৰ আগৰ ঠাইলৈ মোক কিয় পঠিয়ালে?
Reversusque est Moyses ad Dominum, et ait: Domine, cur afflixisti populum istum? quare misisti me?
23 ২৩ মই যেতিয়াৰে পৰা আপোনাৰ নামেৰে ফৰৌণৰ আগত কথা ক’বলৈ উপস্থিত হলোঁ, তেতিয়াৰে পৰা তেওঁ এই লোক সকলক যন্ত্রণা দিছে; আৰু আপুনি নিজৰ লোক সকলক সমূলি উদ্ধাৰ কৰা নাই।”
ex eo enim quo ingressus sum ad Pharaonem ut loquerer in nomine tuo, afflixit populum tuum: et non liberasti eos.