< যাত্রাপুস্তক 40 >

1 তাৰ পাছত যিহোৱাই মোচিক কলে,
Potom mluvil Hospodin k Mojžíšovi, řka:
2 “তুমি নতুন বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা সাক্ষাৎ কৰা তম্বুৰ আবাস স্থাপন কৰিবা।
V den měsíce prvního, prvního dne téhož měsíce vyzdvihneš příbytek, stánek úmluvy.
3 তুমি তাৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুক ৰাখি পৰ্দাৰে সেই চন্দুক আঁৰ কৰি ৰাখিবা।
A postavíš tam truhlu svědectví a zastřeš ji oponou.
4 মেজ ভিতৰলৈ আনি তাক সজাই ৰাখিবা; আৰু দীপাধাৰ ভিতৰলৈ আনি, তাৰ ওপৰত প্ৰদীপবোৰ জ্বলাই দিবা।
Vneseš i stůl a zřídíš řád jeho, vneseš také svícen a rozsvítíš lampy jeho.
5 ধূপ জ্বলাবৰ বাবে সোণৰ বেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত ৰাখিবা, আৰু আবাসৰ দুৱাৰত পৰ্দাবোৰ লগাই দিবা।
Postavíš též oltář zlatý pro kadění naproti truhle svědectví, a zavěsíš zastření ve dveřích příbytku.
6 সাক্ষাৎ কৰা তম্বুৰ আবাসৰ দুৱাৰৰ সন্মুখত হোমবেদি ৰাখিবা।
Potom postavíš oltář k zápalům přede dveřmi příbytku stánku úmluvy.
7 সাক্ষাৎ কৰা তম্বু আৰু হোম-বেদিৰ মাজত প্ৰক্ষালন-পাত্ৰ থৈ, তাত পানী ভৰাবা।
Postavíš také umyvadlo mezi stánkem úmluvy a mezi oltářem, do něhož naleješ vody.
8 চাৰিওফালে চোতাল যুগুত কৰিবা, আৰু চোতালৰ দুৱাৰত পৰ্দাবোৰ লগাবা।
Naposledy vyzdvihneš síň vůkol a zavěsíš zastření brány síně.
9 তুমি অভিষেক কৰা তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি, তাক আৰু তাৰ সকলো বস্তু পবিত্ৰ কৰিবা; তাতে সেয়ে পবিত্ৰ হ’ব।
Tedy vezmeš olej pomazání a pomažeš příbytku a všech věcí, kteréž v něm jsou, a posvětíš ho i všech nádob jeho, a bude svatý.
10 ১০ তুমি হোম-বেদিটো আৰু তাৰ সকলো সঁজুলি অভিষেক কৰি, সেই বেদি পবিত্ৰ কৰিবা; তাতে সেই বেদি অতি পবিত্ৰ হ’ব।
Pomažeš i oltáře zápalu a všech nádob jeho a posvětíš oltáře, a budeť oltář svatý.
11 ১১ তুমি প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা অভিষেক কৰি তাক পবিত্ৰ কৰিবা।
Pomažeš také umyvadla a podstavku jeho, a posvětíš ho.
12 ১২ তুমি হাৰোণক আৰু তেওঁৰ পুত্রসকলক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ আনি, তেওঁলোকক পানীৰে গা ধুৱাবা।
A přistoupiti kážeš Aronovi i synům jeho ke dveřím stánku svědectví, a umyješ je vodou.
13 ১৩ হাৰোণক পবিত্ৰ বস্ত্ৰ পিন্ধাই, মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ তেওঁক অভিষেক কৰি পবিত্ৰ কৰিবা।
A oblečeš Arona v roucha svatá a pomažeš ho a posvětíš ho, aby úřad kněžský konal přede mnou.
14 ১৪ তেওঁৰ পুত্ৰসকলকো আনি, কোট চোলা পিন্ধাবা।
Synům také jeho přistoupiti kážeš, a zobláčíš je v sukně.
15 ১৫ তেওঁলোকৰ পিতৃক যেনেকৈ অভিষেক কৰিবা, তেনেকৈ, তেওঁলোকেও মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ পুত্রসকলক অভিষেক কৰিব। তাতে সেই অভিষেকেই তেওঁলোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী পুৰোহিত পদৰ চিন হ’ব।”
A pomažeš jich, tak jako jsi pomazal otce jejich, aby úřad kněžský konali přede mnou, aby jim bylo pomazání jejich toto k kněžství věčnému po rodech jejich.
16 ১৬ মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।
I učinil Mojžíš tak. Všecko, jakž mu rozkázal Hospodin, tak učinil.
17 ১৭ পাছে দ্বিতীয় বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা আবাস স্থাপন কৰা হ’ল।
I stalo se měsíce prvního léta druhého, prvního dne měsíce, že vyzdvižen jest příbytek.
18 ১৮ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাস স্থাপন কৰিবলৈ, তাৰ চুঙী বহুৱাই, তক্তা খুৱাই ডাং সুমুৱাই, আৰু তাৰ খুটাবোৰ তুলি,
Mojžíš tedy vyzdvihl příbytek a podložil podstavky jeho a postavil dsky jeho, a provlékl svlaky jeho, a vyzdvihl sloupy jeho.
19 ১৯ সেই আবাসৰ ওপৰত তম্বু তৰিলে, আৰু তাৰ ওপৰত তম্বুৰ আৱৰণ লগালে।
Potom postavil stánek v příbytku a dal přikrytí stánku svrchu na něj, jakož mu byl přikázal Hospodin.
20 ২০ পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষ-ফলি দুখন লৈ নিয়ম চন্দুকটোৰ ভিতৰত ভৰাই, চন্দুকত কানমাৰি লগাই, নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থৈ,
A vzav svědectví, vložil je do truhly, uvlékl také sochory k truhle a dal slitovnici svrchu na truhlu.
21 ২১ আৰু আবাসৰ ভিতৰলৈ নিয়ম চন্দুকটো আনি, আঁৰ কৰি ৰখা পৰ্দা লগাই, সাক্ষ-ফলিৰ নিয়ম চন্দুক ঢাকিলে।
I vnesl truhlu do příbytku a zavěsil oponu zastření, a zastřel truhlu svědectví, jakož byl přikázal Hospodin Mojžíšovi.
22 ২২ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ উত্তৰফালে পৰ্দাৰ বাহিৰত সাক্ষাৎ কৰা তম্বুত মেজ ৰাখিলে,
Postavil i stůl v stánku úmluvy k straně příbytku půlnoční, vně před oponou.
23 ২৩ তাৰ ওপৰত যিহোৱাৰ সন্মুখত পিঠা সজাই থলে।
A zřídil na něm zpořádaní chlebů před Hospodinem, jakž přikázal Hospodin Mojžíšovi.
24 ২৪ পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুত মেজৰ সন্মুখত আবাসৰ দক্ষিণফালে দীপাধাৰ ৰাখিলে।
A postavil svícen v stánku úmluvy naproti stolu, v straně příbytku ku poledni.
25 ২৫ যিহোৱাৰ সন্মুখত প্ৰদীপবোৰ জ্বলাই দিলে।
A rozsvítil lampy před Hospodinem, jakož přikázal Hospodin Mojžíšovi.
26 ২৬ পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ পৰ্দাৰ আগত সোণৰ বেদি ৰাখিলে।
Postavil také oltář zlatý v stánku úmluvy před oponou,
27 ২৭ তাৰ ওপৰত সুগন্ধি ধূপ জ্বলালে।
A kadil na něm kadidlem vonným, jakž přikázal Hospodin Mojžíšovi.
28 ২৮ পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ দুৱাৰৰ পৰ্দা লগালে,
Zavěsil také zastření dveří příbytku.
29 ২৯ আৰু সাক্ষাৎ কৰা তম্বুত আবাসৰ দুৱাৰৰ মুখত হোম-বেদি ৰাখি তাৰ ওপৰত হোমবলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলে।
A oltář zápalu postavil ke dveřům příbytku stánku úmluvy, a obětoval na něm oběti zápalné a suché, jakož přikázal Hospodin Mojžíšovi.
30 ৩০ পাছে যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ আৰু হোম-বেদিৰ মাজত, প্ৰক্ষালন-পাত্ৰ ৰাখি ধুবলৈ তাত পানী ভৰাই থলে।
A postavil umyvadlo mezi stánkem úmluvy a mezi oltářem, do něhož nalil vody k umývání.
31 ৩১ তাৰ পৰাই মোচি, হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলে নিজৰ নিজৰ হাত ভৰি ধোৱে।
A umýval z něho Mojžíš, Aron a synové jeho ruce své i nohy své.
32 ৩২ যেতিয়া তেওঁলোকে সাক্ষাৎ কৰা তম্বুত সোমায়, বা বেদিৰ ওচৰলৈ আহে, তেতিয়া ধোৱে।
Když vcházeli do stánku úmluvy, a když přistupovali k oltáři, umývali se, jakož přikázal Hospodin Mojžíšovi.
33 ৩৩ পাছে তেওঁ আবাসৰ আৰু হোমবেদিৰ চাৰিওফালে চোতাল যুগুত কৰিলে; আৰু চোতালৰ দুৱাৰত পৰ্দা লগালে। এইদৰে মোচিয়ে কাৰ্য সমাপ্ত কৰিলে।
Naposledy vyzdvihl síň vůkol příbytku a oltáře, a zavěsil zastření brány síně. A tak dokonal Mojžíš dílo to.
34 ৩৪ তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিলে।
Tedy přikryl oblak stánek úmluvy, a sláva Hospodinova naplnila příbytek.
35 ৩৫ মোচিয়ে সাক্ষাৎ কৰা তম্বুত সোমাব নোৱাৰিলে; কিয়নো মেঘ তাৰ ওপৰত আছিল, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিছিল।
A nemohl Mojžíš vjíti do stánku úmluvy; nebo byl nad ním oblak, a sláva Hospodinova naplnila příbytek.
36 ৩৬ পাছে আবাসৰ ওপৰৰ পৰা মেঘ উঠিলে, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰে।
Když pak odnášel se oblak s příbytku, brali se synové Izraelští po všech taženích svých.
37 ৩৭ কিন্তু আবাসৰ ওপৰৰ পৰা যদি মেঘ আঁতৰি নাযায়, তেতিয়ালৈকে তেওঁলোকে যাত্ৰা নকৰে।
Pakli se neodnášel oblak, nehýbali se až do dne, v němž se zdvihl.
38 ৩৮ কিয়নো গোটেই ইস্ৰায়েল বংশৰ চকুৰ আগত, তেওঁলোকৰ আটাই যাত্ৰাত, দিনত যিহোৱাৰ মেঘ আবাসৰ ওপৰত আছিল, আৰু ৰাতি অগ্নি আবাসৰ ভিতৰত আছিল।
A byl oblak Hospodinův nad příbytkem ve dne, a oheň býval v noci na něm, před očima všeho domu Izraelského ve všech taženích jejich.

< যাত্রাপুস্তক 40 >