< যাত্রাপুস্তক 39 >
1 ১ তেওঁলোকে, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে, পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবৰ বাবে নিপুণৰূপে বোৱা মিহি বস্ত্ৰ, আৰু হাৰোণৰ বাবে পবিত্ৰ বস্ত্ৰ যুগুত কৰিলে।
Bộ áo lễ thánh của A-rôn mặc trong lúc thừa hành chức vụ tại Nơi Thánh được các tay thợ khéo may đúng theo kiểu mẫu Chúa Hằng Hữu truyền cho Môi-se, đủ các màu sắc xanh, tím, và đỏ.
2 ২ তেওঁ সোণ, আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এফোদ বস্ত্ৰখন যুগুত কৰিলে।
Họ chế tạo e-phót bằng vàng, sợi chỉ xanh, chỉ tím, chỉ đỏ.
3 ৩ তেওঁলোকে সোণ পিটি পতা কৰি, কাটি মিহি গুনা তৈয়াৰ কৰি নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰ কাপোৰত নিপুণ শিল্পকাৰ্য্যৰ দ্বাৰাই কাম কৰালে।
Họ cán mỏng vàng, cắt thành sợi để thêu dặm vào với chỉ xanh, tím, và đỏ trên vải gai mịn, và như thế, họ chế tạo ê-phót một cách vô cùng tinh vi.
4 ৪ তেওঁলোকে ওপৰৰ দুয়োফালে এফোদৰ কান্ধত লগাবলৈ স্কন্ধপটি যুগুত কৰিলে।
Ê-phót được nối liền nhau ở bên trên bằng hai cầu vai, bên dưới có dây thắt lưng.
5 ৫ এফোদৰ কঁকালত বান্ধিবৰ বাবে তাৰ লগত নিপুণৰূপে বোৱা কাপোৰৰ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে টঙালি প্রস্তুত কৰিলে। যিহোৱাই মোচিক আজ্ঞা কৰাৰ দৰে তেওঁলোকে সেই সকলো কৰিলে।
Thắt lưng cũng được may bằng vải gai mịn, thêu kim tuyến, chỉ xanh, tím, và đỏ vô cùng tinh vi cũng như ê-phót, đúng theo kiểu mẫu Chúa Hằng Hữu truyền cho Môi-se.
6 ৬ তেওঁলোকে মোহৰ কটাৰ দৰে কটা, ইস্ৰায়েলৰ বাৰজন পুত্ৰৰ নাম থকা, সোণত খটোৱাবলৈ গোমেদ পাথৰ যুগুত কৰিলে।
Họ cắt các viên bạch ngọc, khắc tên các con trai Ít-ra-ên lên theo lối khắc con dấu để tưởng niệm con cháu Ít-ra-ên;
7 ৭ সেয়ে ইস্ৰায়েলৰ পুত্ৰসকলৰ সোঁৱৰণীয় পাথৰ স্বৰূপে তাক এফোদৰ স্কন্ধপটিৰ ওপৰত লগালে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই কৰিলে।
rồi đem khảm trong khung vàng, đính nơi hai cầu vai của ê-phót các viên ngọc đúng theo điều Chúa Hằng Hữu đã phán dặn Môi-se.
8 ৮ এফোদ তৈয়াৰ কৰাৰ দৰে, তেওঁ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে নিপুণ শিল্পকাৰ্যেৰে বুকুপটা যুগুত কৰিলে।
Bảng đeo ngực cũng như ê-phót được may bằng vải gai mịn thêu kim tuyến, chỉ xanh, tím, và đỏ vô cùng tinh vi.
9 ৯ এই বুকুপটা চাৰিচুকীয়া আছিল। তেওঁলোকে বুকুপটাটো দুতৰপ কৰিলে; সেয়ে দীঘে এবেগেত, বহলে এবেগেত আছিল।
Bảng này hình vuông, mỗi cạnh một gang tay, may bằng hai lớp vải.
10 ১০ তেওঁলোকে তাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱালে। প্ৰথম শাৰীত ৰুবী, পীতমণি, আৰু মৰকত;
Trên bảng đeo ngực có gắn bốn hàng ngọc. Hàng thứ nhất gồm: Hồng mã não, hoàng ngọc, và ngọc lục bảo.
11 ১১ দ্বিতীয় শাৰীত পদ্মৰাগ, নীলকান্ত, আৰু হীৰা;
Hàng thứ hai gồm: Bích ngọc, lam ngọc, và kim cương.
12 ১২ তৃতীয় শাৰীত পেৰোজ, যিষ্ম, আৰু কটাহেলা;
Hàng thứ ba gồm: Ngọc phong tín, ngọc mã não, và ngọc thạch anh tím.
13 ১৩ আৰু চতুৰ্থ শাৰীত বৈদূৰ্য্য, গোমেদক আৰু সূৰ্যকান্ত আছিল; এই সকলো পাথৰ সোণত খটোৱা হ’ল।
Hàng thứ tư gồm: Lục ngọc thạch, bạch ngọc, và vân ngọc.
14 ১৪ এই পাথৰ ইস্ৰায়েলৰ বাৰজন পুত্রৰ নাম অনুসাৰে, একাদিক্রমে ডাঙৰৰ পৰা সৰুলৈকে লিখা হ’ল; মোহৰৎ খোদিত কৰা দৰে প্ৰত্যেক পাথৰত বাৰ ফৈদৰ বাবে এজন এজন পুত্ৰৰ নাম ক্ষুদিত কৰা হ’ল।
Trên mười hai viên ngọc này họ khắc tên mười hai đại tộc Ít-ra-ên theo lối khắc con dấu.
15 ১৫ তেওঁলোকে ৰছীৰ দৰে পকোৱা মালাৰ নিচিনা দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বুকুপটাত লগাই দিলে।
Họ làm hai sợi dây chuyền xoắn trôn ốc bằng vàng ròng.
16 ১৬ তেওঁলোকে সোণৰ দুটা আঙঠি তৈয়াৰ কৰি, বুকুপটাৰ দুই মূৰত সেই আঙঠি দুটা লগালে।
Họ cũng làm hai cái khuôn thảm và hai cái khoen bằng vàng, rồi gắn hai khoen đó vào hai cái góc của bảng đeo ngực.
17 ১৭ মালাৰ দৰে গঁথা সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই মুৰত থকা আঙঠি দুটাত লগালে।
Mỗi dây chuyền có một đầu nối với hai khoen vàng gắn trên đầu bảng đeo ngực,
18 ১৮ মালাৰ দৰে গঁথা শিকলি দুডালৰ দুই মূৰ সোণৰ খাপ দুটাত লগালে, এফোদৰ আগফালে স্কন্ধপটি দুটাৰ ওপৰত লগালে।
đầu kia nối với hai khung vàng trên hai cầu vai ê-phót.
19 ১৯ সোণৰ দুটা আঙঠি গঢ়াই, বুকুপটাৰ দুই মূৰত এফোদৰ সন্মুখত থকা ভিতৰৰ দাঁতিত লগালে।
Họ làm thêm bốn khoen vàng nữa, hai khoen gắn ở góc trong bên dưới bảng đeo ngực, gần ê-phót.
20 ২০ তাৰ পাছত আৰু দুটা আঙঠি গঢ়াই, এফোদৰ স্কন্ধপটি দুটাৰ তল ভাগত তাৰ আগফালে, জোৰা দিয়া ঠাইৰ ওচৰত, এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত তাক লগালে।
Hai khoen kia gắn vào phần dưới của hai cầu vai ê-phót, về phía trước, gần chỗ nối với vạt trước ê-phót, bên trên thắt lưng.
21 ২১ বুকুপটা এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত যেন থাকে, আৰু এফোদৰ পৰা যেন এৰাই নাযায়, সেই বাবে তেওঁলোকে নীলা ফিতাৰে বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
Họ dùng dây màu xanh nối các khoen này với nhau, như vậy bảng đeo ngực sẽ nằm bên trên dây thắt lưng đã được dệt một cách tinh vi đẹp đẽ, và sẽ không rời khỏi ê-phót, đúng theo điều Chúa Hằng Hữu phán dặn Môi-se.
22 ২২ বচলেলে এফোদৰ চোলা সিপিনীয়ে বোৱা, সম্পূৰ্ণ বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰ কৰিলে।
Áo khoác ngoài ê-phót được dệt toàn màu xanh.
23 ২৩ সেই চোলাত মুৰ সুমুৱাবলৈ সোঁ মাজত খোলা আছিল। সেয়ে নাফালিবৰ বাবে, ডিঙিৰ চাৰিওফালটো চিলোৱা হৈছিল।
Giữa áo có một lỗ để tròng đầu, giống như cổ của áo giáp, quanh cổ được viền cẩn thận cho khỏi rách.
24 ২৪ তেওঁলোকে সেই চোলাৰ তল দাঁতিত, নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা, আৰু পকোৱা মিহি শণ সূতাৰে ডালিমৰ নক্সা তুলিলে।
Họ dùng chỉ xanh, tím, đỏ và chỉ gai thắt trái lựu, kết dọc theo gấu áo này.
25 ২৫ তেওঁলোকে শুদ্ধ সোণৰ জুণুকা গঢ়াই, সেই জুণুকাবোৰ ডালিমৰ মাজে মাজে চোলাৰ তলৰ দাঁতিৰ চাৰিওফালে লগাই দিলে।
Họ cũng làm chuông nhỏ bằng vàng ròng, kết xen kẽ với trái lựu trên gấu áo.
26 ২৬ পৰিচৰ্যা কৰোঁতে, পিন্ধিবলৈ চোলাৰ তল দাঁতিত এটা জুণুকা এটা ডালিম, এটা জুণুকা এটা ডালিম এই দৰে চোলাৰ চাৰিওফালে লগাই দিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
Áo này sẽ được A-rôn mặc khi phụng sự Chúa Hằng Hữu, theo điều Ngài dạy Môi-se.
27 ২৭ তেওঁলোকে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বাবে মিহি শণ সূতাৰে কোট চোলা প্রস্তুত কৰিলে।
Họ cũng dùng sợi gai mịn dệt áo dài cho A-rôn và các con trai người.
28 ২৮ মিহি শণ সূতাৰ পাগুৰি, পকোৱা মিহি শণ সূতাৰে কপালত বন্ধা কাপোৰ, মিহি শণ সূতাৰে গুপ্তাঙ্গ ঢাকিবলৈ কাপোৰ প্রস্তত কৰিলে।
Họ còn dệt khăn, mũ, quần lót ngắn, toàn bằng sợi gai mịn.
29 ২৯ পকোৱা মিহি শণ সূতা আৰু নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতাৰে, শিল্পকাৰে ফুল বছা টঙালি যুগুত কৰিলে।
Dây thắt lưng bằng vải gai mịn được thêu xanh, tím, và đỏ, như Chúa Hằng Hữu đã phán dặn Môi-se.
30 ৩০ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে শুদ্ধ সোণৰ পবিত্ৰ মুকুট যুগুত কৰিলে, আৰু মোহৰত খোদিতকৰাৰ দৰে তাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ”, এই বচন ক্ষুদিত কৰিলে।
Họ làm một thẻ vàng ròng, và khắc trên thẻ này theo lối khắc con dấu dòng chữ: “THÁNH CHO CHÚA HẰNG HỮU.”
31 ৩১ তেওঁলোকে পাগুৰিৰ ওপৰত মুকুট বান্ধিবলৈ, নীলা বৰণীয়া ফিতা লগালে।
Họ dùng dây màu xanh buộc thẻ vào khăn đội đầu, như điều Chúa Hằng Hữu phán dặn Môi-se.
32 ৩২ এই দৰে সাক্ষাৎ কৰা তম্বুৰ আবাসৰ সকলো কাৰ্য কৰি শেষ কৰিলে, যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই ইস্ৰায়েলৰ লোকসকলে সকলো কাৰ্য কৰিলে।
Vậy, công việc Đền Tạm tức là Lều Hội Kiến hoàn tất đúng theo mọi điều Chúa Hằng Hữu dặn bảo Môi-se.
33 ৩৩ তেওঁলোকে মোচিৰ ওচৰলৈ সেই আবাস লৈ গ’ল; তম্বু, আৰু তাৰ সকলো সামগ্রী, তাৰ হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
Họ đem tất cả mọi thứ đến cho Môi-se: Lều và đồ phụ tùng, móc, khung, thanh ngang, trụ, và lỗ trụ;
34 ৩৪ ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালৰ আৱৰণ, তহচ জন্তুৰ ছালৰ আৱৰণ, আৰু আঁৰ কৰি ৰখা পৰ্দা,
lớp da chiên nhuộm đỏ và da dê; các bức màn che trước Hòm;
35 ৩৫ সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু তাৰ কানমাৰি, আৰু পাপাবৰণ।
Hòm Giao Ước với đòn khiêng;
36 ৩৬ মেজ, তাৰ সকলো সঁজুলি, আৰু দৰ্শন-পিঠা;
nắp chuộc tội trên Hòm; bàn và đồ phụ tùng; Bánh Thánh;
37 ৩৭ শুদ্ধ সোণৰ দীপাধাৰ আৰু শাৰী পাতি ৰখা প্ৰদীপবোৰ, তাৰ সকলো সঁজুলি, আৰু প্ৰদীপৰ বাবে তেল;
chân đèn bằng vàng ròng, đồ phụ tùng, và dầu thắp;
38 ৩৮ সোণৰ বেদি, অভিষেক কৰা তেল, সুগন্ধি ধূপ, আৰু তম্বুৰ দুৱাৰৰ বাবে পৰ্দা।
bàn thờ bằng vàng; dầu xức thánh và hương thơm; bức màn che cửa đền;
39 ৩৯ পিতলৰ বেদি তাৰ লগৰ পিতলৰ জালি, তাৰ কানমাৰি, আৰু তাৰ সকলো সঁজুলি। প্ৰক্ষালন-পাত্ৰ, আৰু তাৰ খুৰা।
bàn thờ bằng đồng; rá đồng, đòn khiêng, và đồ phụ tùng; bồn rửa và chân bồn;
40 ৪০ চোতালৰ পৰ্দাবোৰ, তাৰ খুঁটা আৰু চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দা, তাৰ ৰছী আৰু তম্বুৰ খুটি, আৰু সাক্ষাৎ কৰা তম্বুৰ বাবে আবাসৰ কাৰ্যৰ সকলো সজুলি।
các bức màn che quanh hành lang; dây và đinh; cùng với tất cả đồ phụ tùng dùng trong công việc Đền Tạm;
41 ৪১ পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ নিপুণৰূপে প্রস্তুত কৰা মিহি বস্ত্ৰ, আৰু পুৰোহিত কৰ্ম কৰিবলৈ হাৰোণ পুৰোহিতৰ পবিত্ৰ বস্ত্ৰ, আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ।
bộ áo lễ của Thầy Tế lễ A-rôn và các con trai người mặc trong lúc thi hành chức vụ trong Nơi Thánh.
42 ৪২ যি যি কৰ্ম কৰিবলৈ যিহোৱাই মোচিক আজ্ঞা কৰিছিল, সেই সকলোকে ইস্ৰায়েলৰ লোকসকলে কৰিলে।
Người Ít-ra-ên thực hiện mọi điều gì Chúa Hằng Hữu đã phán dặn Môi-se.
43 ৪৩ তাৰ পাছত মোচিয়ে সেই সকলো কাম চোৱা চিতা কৰি সেই কাম সম্পূৰ্ন হোৱা দেখিলে। যিহোৱাৰ আজ্ঞা অনুসাৰেই সকলোকে কৰিলে; সেয়ে মোচিয়ে তেওঁলোকক আশীৰ্ব্বাদ কৰিলে।
Sau khi xem xét kiểm tra lại mọi vật, Môi-se thấy họ làm đúng theo lời Chúa Hằng Hữu đã phán dạy, nên chúc phước cho họ.