< যাত্রাপুস্তক 38 >
1 ১ বচলেলে চিটীম কাঠেৰে পাঁচ হাত দীঘল, পাঁচ হাত বহল, আৰু তিনি হাত ওখকৈ চাৰিওদিশ আৰু চাৰিওটা চুক সমানকৈ হোমবলিৰ অৰ্থে বেদি সাজিলে।
Sodann fertigte er den Brandopferaltar aus Akazienholz an, fünf Ellen lang und fünf Ellen breit, viereckig und drei Ellen hoch.
2 ২ তেওঁ তাৰ চাৰিওটা চুক ষাঁড় গৰুৰ শিঙৰ আকৃতিত সাজিলে। সেই শিংবোৰ বেদিৰ সৈতে একে ডোখৰ কাঠেৰেই সাজিলে; আৰু তাত পিতলৰ পতা মাৰিলে।
Seine Hörner aber brachte er an seinen vier Ecken an, so, daß seine Hörner ein Ganzes mit ihm bildeten, und überzog ihn mit Kupfer.
3 ৩ তেওঁ বেদিৰ সকলো সামগ্রী যেনে, ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা, চৰিয়া, মাংস খোঁচ যাঠি, আৰু জুই ধৰা পাত্ৰ, এই সকলো সামগ্রী পিতলেৰে গঢ়ালে।
Sodann fertigte er alle zum Altar gehörenden Geräte an, die Töpfe, Schaufeln, Becken, Gabeln und Pfannen; alle zu ihm gehörenden Geräte fertigte er aus Kupfer an.
4 ৪ তেওঁ বেদিৰ বাবে পিতলৰ জালি গঢ়ালে, আৰু বেদিৰ তলৰ পৰা ওপৰলৈকে আধা অংশত সেই জাল লগালে।
Ferner fertigte er für den Altar ein Gitterwerk an, ein Netzwerk aus Kupfer, unterhalb des um den Altar laufenden Simses bis zu seiner halben Höhe.
5 ৫ কানমাৰি সুমুৱাবলৈ, চাৰিটা আঙঠি সাঁচত ঢালিলে, আৰু পিতলৰ সেই জালিৰ চাৰি চুকত লগালে।
Sodann goß er vier Ringe für die vier Ecken des kupfernen Gitterwerks zur Aufnahme der Stangen.
6 ৬ বচলেলে চিটীম কাঠেৰে মাৰি সাজিলে, আৰু তাত পিতলৰ পতা মাৰিলে।
Die Stangen aber fertigte er aus Akazienholz an und überzog sie mit Kupfer;
7 ৭ বেদি বৈ নিবৰ বাবে, তেওঁ তাৰ কাষত থকা আঙঠিত কানমাৰি সুমুৱালে; তেওঁ সেই বেদি তক্তাৰে ফোঁপোলাকৈ নিৰ্মান কৰিলে।
sodann zog er die Stangen durch die Ringe an den Seiten des Altars, damit man ihn vermittelst derselben tragen könne. Aus Brettern, so daß er inwendig hohl war, fertigte er ihn an.
8 ৮ যি মহিলাসকলে সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰত সেৱা কৰিছিল, সেই মহিলাসকলৰ পিতলৰ দৰ্পণেৰে বচলেলে ডাঙৰ প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুঁটা গঢ়ালে।
Sodann fertigte er das Becken aus Kupfer an und sein Gestelle aus Kupfer - aus den Spiegeln der dienstthuenden Weiber, die am Eingange des Offenbarungszeltes Dienst thaten.
9 ৯ তেওঁ চোতালখনো যুগুত কৰিলে। চোতালৰ দক্ষিণ দিশে পকোৱা মিহি শণ সূতাৰে এশ হাত দীঘল পৰ্দা যুগুত কৰিলে।
Sodann stellte er den Vorhof her: für die nach Süden gewendete Seite Vorhofumhänge aus gezwirntem Byssus, hundert Ellen lang,
10 ১০ বিশটা খুটাৰ পৰা পৰ্দাবোৰ ওলমোৱা হৈছিল, আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল। খুটাবোৰৰ হাঁকোটা আৰু শলি ৰূপৰ আছিল।
dazu zwanzig Säulen nebst ihren zwanzig kupfernen Füßen; die Nägel der Säulen und die zugehörigen Ringe waren aus Silber.
11 ১১ একেদৰেই উত্তৰদিশৰ বাবেও পৰ্দা যুগুত কৰিলে। সেইবোৰো এশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা বিশটা; আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল, আৰু সেই খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
Für die Westseite aber Umhänge in der Länge von fünfzig Ellen, dazu zehn Säulen nebst ihren zehn Füßen; die Nägel der Säulen und die zugehörigen Ringe waren aus Silber.
12 ১২ আৰু পশ্চিম দিশৰ পৰ্দা পঞ্চাশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা দহটা, আৰু খুটাবোৰৰ চুঙী দহটা আছিল; আৰু খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
Für die nach Osten gewendete Seite fünfzig Ellen;
13 ১৩ চোতালখনৰ পূৱদিশও পঞ্চাশ হাত দীঘল আছিল।
Umhänge in der Länge von fünfzehn Ellen für die eine Seite, dazu drei Säulen nebst ihren drei Füßen,
14 ১৪ প্রবেশ দুৱাৰৰ এটা কাষৰ পৰ্দা পোন্ধৰ হাত দীঘল আছিল; আৰু সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
und ebenso für die andere Seite Umhänge in der Länge von fünfzehn Ellen, dazu drei Säulen nebst ihren drei Füßen,
15 ১৫ চোতালৰ প্রবেশ দুৱাৰৰ আন কাষতো একেদৰে পোন্ধৰ হাত দীঘল পৰ্দা আছিল। সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
und ebenso für die andere Seite Umhänge in der Länge von fünfzehn Ellen, dazu drei Säulen nebst ihren drei Füßen.
16 ১৬ চোতালৰ চাৰিওদিশৰ পৰ্দাবোৰ পকোৱা মিহি শণ সূতাৰে তৈয়াৰী আছিল।
Alle Vorhofumhänge ringsum waren aus gezwirntem Byssus,
17 ১৭ খুটাবোৰৰ চুঙীবোৰ পিতলেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ বাবে হাঁকোটা আৰু মাৰিবোৰ ৰূপেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ মুৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল; আৰু চোতালৰ আটাইবোৰ খুটাতে ৰূপৰ মাৰি লগোৱা হৈছিল।
die Füße der Säulen aus Kupfer, ihre Nägel aus Silber und der Überzug ihrer Köpfe aus Silber; es waren aber alle Säulen des Vorhofs mit silbernen Ringen versehen.
18 ১৮ চোতালৰ দুৱাৰৰ পৰ্দাবোৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে বোৱা, আৰু শিল্পকাৰে ফুল বাছি তৈয়াৰ কৰিছিল। পৰ্দাখন আছিল দীঘলে বিশ হাত, আৰু ওখই পাঁচ হাত, চোতালৰ বাকী পৰ্দাবোৰৰ জোখৰ আছিল।
Der Vorhang aber des Vorhofsthores war Buntwirker-Arbeit aus blauem und rotem Purpur, Karmesin und gezwirntem Byssus, zwanzig Ellen lang und fünf Ellen hoch, entsprechend den Umhängen des Vorhofs.
19 ১৯ পৰ্দাৰ বাবে চাৰিটা খুঁটা; আৰু চাৰিটা পিতলৰ চুঙী; আৰু সেইবোৰৰ হাঁকোটা ৰূপৰ আছিল। খুটাৰ ওপৰভাগ আৰু মাৰী বোৰ ৰূপেৰে তৈয়াৰী।
Die zugehörigen vier Säulen aber nebst ihren vier Füßen waren aus Kupfer, die Nägel daran aus Silber und ebenso der Überzug ihrer Köpfe und die Ringe an ihnen aus Silber.
20 ২০ আবাসৰ আৰু চোতালৰ চাৰিওফালৰ খুটাবোৰ পিতলৰ আছিল।
Alle Pflöcke aber der Wohnung und des Vorhofs ringsum waren aus Kupfer.
21 ২১ মোচিৰ নিৰ্দেশ অনুসাৰে, সাক্ষ্য ফলি থকা আবাসৰ সকলো বস্তুৰ সংখ্যাৰ বৃত্তান্ত লিখিবলৈ পুৰোহিত হাৰোণৰ পুত্ৰ ঈথামৰে লেবীয়া সকলক আদেশ দিলে।
Folgendes ist die Berechnung der Kosten der Wohnung, der Wohnung des Gesetzes, welche auf Befehl Moses vorgenommen wurde mittels Dienstleistung der Leviten unter der Leitung Ithamars, des Sohnes Aarons, des Priesters.
22 ২২ যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলে, যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে সকলোকে কৰিলে।
Bezaleel aber, der Sohn Uris, des Sohnes Hurs aus dem Stamme Juda, fertigte alles an, was Jahwe Mose befohlen hatte,
23 ২৩ দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াব তেওঁৰ সহায়কাৰী আছিল, তেওঁ এজন দক্ষতাসম্পন্ন লোক আৰু নিপুণ শিল্পকাৰ আছিল। তেওঁ নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বাছিব জনা লোক আছিল।
und mit ihm Oholiab, der Sohn Ahisamachs vom Stamme Dan, als Schmied und Zimmermann, sowie als Kunstwirker und als Buntwirker in rotem und blauem Purpur, Karmesin und Byssus.
24 ২৪ পবিত্র স্থানৰ প্রকল্পৰ বাবে ব্যৱহাৰ হোৱা সকলো উপহাৰৰ সোণ পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে ঊনত্ৰিশ কিক্কৰ আৰু সাত শ ত্ৰিশ চেকল আছিল।
Anlangend das gesamte Gold, das bei der Anfertigung verarbeitet wurde, bei allen Arbeiten zur Anfertigung des Heiligtums, so betrug das als Weihegabe gespendete Gold 29 Talente und 730 Sekel heiliges Gewicht;
25 ২৫ সমাজৰ দ্বাৰাই দিয়া ৰূপৰ ওজন পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে এশ কিক্কৰ আৰু এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল আছিল।
das infolge der Musterung der Gemeinde eingehende Silber 100 Talente und 1775 Sekel heiliges Gewicht,
26 ২৬ বা বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকপিয়ল অনুসাৰে ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন লোকৰ প্ৰতিজনে এক এক বেকা, অৰ্থাৎ পবিত্ৰ স্থানৰ চেকল অনুসাৰে আধা চেকলকৈ ৰূপ দিছিল।
je ein Halbsekel, die Hälfte eines Sekels heiliges Gewicht, von jedem Kopfe, von allen, die der Musterung unterlagen, von zwanzig Jahren an und darüber, 603550 Mann.
27 ২৭ এশ কিক্কৰ ৰূপ পবিত্ৰ স্থান আৰু পৰ্দাৰ চুঙীৰ বাবে খৰচ কৰা হ’ল। প্ৰত্যেক চুঙীত এক কিক্কৰকৈ এশ চুঙীৰ বাবে এশ কিক্কৰ ৰূপ খৰচ কৰা হ’ল।
Die hundert Talente Silber wurden verwendet zum Gießen der Füße des Heiligtums und der Füße des Vorhangs, hundert Talente zu hundert Füßen, zu jedem Fuß ein Talent.
28 ২৮ এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল ৰূপেৰে তেওঁ খুটাবোৰৰ হাঁকোটা তৈয়াৰ কৰিছিল। সেইবোৰৰ মুৰত, ৰূপৰ পতা মাৰিছিল, আৰু সেইবোৰৰ বাবে মাৰী তৈয়াৰ কৰা হৈছিল।
Aus den 1775 Sekeln aber fertigte er Nägel für die Säulen an, überzog ihre Köpfe und versah sie mit Ringen.
29 ২৯ উপহাৰৰ পৰা পোৱা পিতলৰ ওজন সত্তৰ কিক্কৰ দুই হাজাৰ চাৰিশ চেকল আছিল।
Das als Weihegabe gespendete Kupfer betrug siebzig Talente und 2400 Sekel.
30 ৩০ এইবোৰেৰে তেওঁ সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, পিতলৰ বেদি, পিতলৰ জালিকটা, আৰু বেদিৰ সকলো সামগ্রী তৈয়াৰ কৰিছিল।
Daraus fertigte er die Füße der Thüre des Offenbarungszeltes an, den kupfernen Altar samt dem kupfernen Gitterwerk an ihm und allen Altargeräten,
31 ৩১ চোতালৰ বাবে চুঙী, চোতালৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, আবাসৰ বাবে সকলো খুঁটা, আৰু চোতালৰ বাবে সকলো খুঁটা গঢ়ালে।
dazu die Füße des Vorhofs ringsum und die Füße des Vorhofthores, sowie alle Pflöcke der Wohnung und alle Pflöcke des Vorhofs ringsum.