< যাত্রাপুস্তক 37 >

1 তাৰ পাছত বচলেলে চিটীম কাঠৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল, আৰু ডেৰ হাত ওখকৈ নিয়ম চন্দুক নিৰ্মাণ কৰিলে।
Uczynił też Besaleel skrzynię z drzewa sytym, a była półtrzecia łokcia długość jej, a półtora łokcia szerokość jej, także półtora łokcia wysokość jej.
2 তেওঁ নিয়ম চন্দুকৰ বাহিৰে ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে, আৰু তাৰ চাৰিওফালৰ কিনাৰ বোৰত সোণ লগালে।
I powlókł ją złotem szczerem wewnątrz, i zewnątrz, i uczynił jej koronę złotą w około.
3 তেওঁ তাৰ খুটাৰ বাবে সোণৰ চাৰিটা চক্র গঢ়ালে। তাৰ এফালে দুটা আন ফালে দুটা এই দৰে তাৰ চাৰিটা খুৰাত লগালে।
Ulał też do niej cztery kolce złote do czterech węgłów jej: dwa kolce po jednej stronie jej, a dwa kolce po drugiej stronie jej.
4 আৰু তেওঁ চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে।
Uczynił i drążki z drzewa sytym, a powlókł je złotem.
5 তেওঁ চন্দুক বৈ নিবলৈ, সেই কানমাৰি চন্দুকৰ দুই কাষে থকা আঙঠি সুমুৱালে।
I przewlekł drążki przez kolce po stronach skrzyni, aby na nich noszona była skrzynia.
6 তেওঁ শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল আৰু ডেৰ হাত বহলকৈ এখন পাপাবৰণ সাজিলে।
Uczynił też ubłagalnią ze złota szczerego: półtrzecia łokcia długość jej, a półtora łokcia szerokość jej.
7 বচলেলে সোণ পিটাই দুটা সোণৰ কৰূব সাজিলে, আৰু পাপাবৰণৰ দুই মুৰত ৰাখিলে।
Urobił i dwa Cheruby złote, z ciągnionego złota urobił je na obu końcach ubłagalni.
8 এটা মুৰত এটা কৰূব আৰু আনটো মুৰত আন এটা কৰূব হ’ল। পাপাবৰণৰ দুই মুৰত একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিলে।
Cheruba jednego na jednym końcu, a Cheruba drugiego na drugim końcu; na ubłagalni uczynił Cheruby na obu końcach jej.
9 কৰূবে ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকি ধৰিলে; আৰু কৰূব দুটা মুখামুখি হৈ থাকিল; আৰু কৰূবৰ দৃষ্টি পাপাবৰণৰ মাজভাগত আছিল।
Którzy Cherubowie mieli rozciągnione skrzydła, z wierzchu zakrywając skrzydłami swemi ubłagalnią, a twarzy ich były jednemu ku drugiemu; ku ubłagalni były twarzy Cherubów.
10 ১০ তেওঁ দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ মেজ সাজি, তাত শুদ্ধ সোণৰ পতা মাৰিলে।
Przytem sprawił stół z drzewa sytym, dwa łokcie długość jego, i łokieć szerokość jego, a półtora łokcia wysokość jego.
11 ১১ মেজখনত তেওঁ সোণৰ পতা মাৰিলে, আৰু তাৰ ওপৰৰ চাৰিওফালৰ দাঁতিত সোণ লগালে।
I powlókł go złotem szczerem, i uczynił mu koronę złotą w około.
12 ১২ তাৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এটা কাঠৰ ফ্রেম যুগুত কৰিলে, আৰু ফ্রেমৰ চাৰিওকাষৰ দাঁতি সোণৰ কৰিলে।
Uczynił mu też listwę na dłoń w szerz w około; uczynił też i koronę złotą w około onej listwy.
13 ১৩ তেওঁ তাৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত ঢালিলে। সেই আঙঠি চাৰিটা খুঁটা থকা ঠাইৰ চাৰি চুকত লগালে।
I ulał do niego cztery kolce złote, które kolce przyprawił na czterech rogach, u czterech nóg jego.
14 ১৪ মেজ বৈ নিবলৈ, আৰু কানমাৰি সুমুৱাবলৈ সেই আঙঠি ফ্রেমৰ কাষত লগালে।
Na przeciwko onej listwie były kolce, w które zawłaczano drążki do noszenia stołu.
15 ১৫ তেওঁ মেজ বৈ নিবৰ কাৰণে চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিলে।
Porobił i drążki z drzewa sytym, i powlókł je złotem do noszenia stołu.
16 ১৬ মেজৰ ওপৰত থকা পাত্ৰবোৰ, অৰ্থাৎ তাৰ কাঁহি, চামুচ, বাটি, আৰু দ্ৰাক্ষাৰস ঢালিবলৈ জাৰ প্রস্তুত কৰিলে। সেই সকলো শুদ্ধ সোণেৰে গঢ়ালে।
Poczynił też naczynia do stołu należące, misy jego i przystawki jego, i kubki jego, i czasze do nalewania ofiar mokrych, z szczerego złota.
17 ১৭ তেওঁ শুদ্ধ সোণ হাতুৰিৰে পিটি এটা দীপাধাৰ সাজিলে; তাৰ খুৰা, গা ভাগ, তাত কটা বাটি, কলি, আৰু ফুল একে ডোখৰ সোণেৰে গঢ়িলে।
Urobił też świecznik ze złota szczerego, z ciągnionego złota uczynił świecznik ten, słupiec jego, i pręty jego, czaszki jego, gałki jego, i kwiaty jego z tegoż były.
18 ১৮ তাৰ এফালৰ পৰা তিনটা শাখা, আৰু আনফালৰ পৰা তিনটা শাখা, এই দৰে সেই দীপাধাৰৰ দুই ফালৰ পৰা ছটা শাখা ওলাল।
A sześć prętów wychodziło po stronach jego: trzy pręty z jednej strony świecznika, a trzy pręty z drugiej strony świecznika.
19 ১৯ তাৰ প্রথম শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল, আৰু আনটো শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল কৰিলে। দীপাধাৰৰ পৰা ওলোৱা ছয়োটা শাখাত একে দৰেই কৰিলে।
Trzy czaszki na kształt orzecha migdałowego na pręcie jednym, także gałka i kwiat; i trzy czaszki na kształt orzecha migdałowego na pręcie drugim, także gałka i kwiat; tak było na wszystkich sześciu prętach wychodzących z świecznika.
20 ২০ সেই দীপাধাৰৰ মাজভাগতো বাদামফুলৰ আকৃতিৰে চাৰিটা বাটি, তাৰ কলি আৰু ফুল কৰিলে।
Ale na świeczniku były cztery czaszki na kształt orzecha migdałowego, gałki jego i kwiaty jego.
21 ২১ সেই দীপাধাৰৰ প্রথম জোৰা শাখাৰ তলত একে ডোখৰ সোণতে এটা কলি আৰু আনটো শাখাৰ তলতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰে তৃতীয় শাখাতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰেই দ্বীপাধাৰৰ পৰা বহিৰ ওলোৱা ছয়োটা শাখাতে একেদৰে কৰা আছিল।
I była gałka pod dwiema prętami jego, także gałka pod drugiemi dwiema prętami jego, i zaś gałka pod innemi dwiema prętami jego; tak było pod sześcią prętów wychodzących z niego.
22 ২২ সেইবোৰৰ কলি আৰু সেইবোৰৰ ডাল একে ডোখৰ সোণতেই আছিল। সেই সকলোৱেই শুদ্ধ সোণ হাতুৰিৰে পিটি গঢ়োৱা হৈছিল।
Gałki ich i pręty ich z niego były; to wszystko ze złota całokowane było, ze złota szczerego.
23 ২৩ বচলেলে দীপাধাৰৰ সাতোটা প্ৰদীপ, চেপেনা আৰু তাৰ ট্রে শুদ্ধ সোণেৰে গঢ়ালে।
Uczynił też siedem lamp do niego, i nożyczki do nich i kaganki jego ze złota szczerego.
24 ২৪ সেই দীপাধাৰ আৰু তাৰ সকলো বস্তু এক কিক্কৰ শুদ্ধ সোণেৰে নিৰ্মান কৰিলে।
Z talentu złota szczerego uczynił go, i wszystko naczynie jego.
25 ২৫ বচলেলে চিটীম কাঠেৰে ধূপ-বেদি নিৰ্মান কৰিলে। সেই বেদি এহাত দীঘল, আৰু এহাত বহল; তাৰ চাৰিওফালৰ চাৰিওটা চুক সমান; তাৰ ওখই দুহাত; আৰু তাৰ শিং একে ডোখৰ কাঠেৰেই তৈয়াৰ কৰা হ’ল।
Uczynił też ołtarz do kadzenia z drzewa sytym, na łokieć wzdłuż, i na łokieć wszerz, czworograniasty, a na dwa łokcie wzwyż, a z niego wychodziły rogi jego.
26 ২৬ তেওঁ ধূপ বেদিত, ইয়াৰ ওপৰত, কাষত, আৰু শিংবোৰত শুদ্ধ সোণেৰে পতা মাৰিলে। তেওঁ চাৰিওফালৰ দাঁতিও সোণেৰে তৈয়াৰ কৰিলে।
I powlókł go złotem szczerem, wierzch jego, i ściany jego w około, i rogi jego; uczynił mu też koronę złotą w około.
27 ২৭ ধূপ বেদি বৈ নিবৰ বাবে কানমাৰি সুমুউৱাবলৈ, তেওঁ সোণৰ দুটা খাৰুৱা গঢ়ালে, আৰু দাঁতিৰ তলত দুয়ো ফালে লগালে।
Po dwu także kolcach złotych uczynił u niego, pod koroną jego, we dwu kątach jego, po obu stronach jego przez które przewłaczano drążki, aby był noszony na nich.
28 ২৮ তেওঁ চিটীম কাঠেৰে কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে।
Uczynił też drążki z drzewa sytym i powlókł je złotem.
29 ২৯ সুগন্ধিদ্ৰব্য তৈয়াৰ কৰা লোক সকলৰ দৰে, তেওঁ অভিষেকৰ পবিত্ৰ তেল, আৰু শুদ্ধ সুগন্ধি ধূপ যুগুত কৰিলে।
Uczynił też olejek pomazywania świętego, i kadzenie wonne, robotą aptekarską.

< যাত্রাপুস্তক 37 >