< যাত্রাপুস্তক 36 >
1 ১ সেয়ে পবিত্ৰ-স্থানৰ সকলো কাৰ্য ভালদৰে কৰিবলৈ, যিহোৱাই বচলেল আৰু অহলীয়াৰ সৈতে আন যি সকলো লোকক দক্ষতা আৰু বুজিব পৰা শক্তি দিলে, সেই সকলো জ্ঞানী লোকে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিব।”
“Bê-sa-lê, Ô-hô-li-áp cùng với những người khác được Chúa Hằng Hữu phú cho tài năng và sự thông minh, để thực hiện công tác xây cất Đền Tạm, và chế tạo các dụng cụ như Chúa Hằng Hữu đã phán dạy.”
2 ২ তাৰ পাছত মোচিয়ে বচলেল আৰু অহলীয়াবৰ সৈতে যিহোৱাই যিসকল লোকক দক্ষতা দিছিল, আৰু ইচ্ছাকৃত ভাৱে তেওঁলোকৰ লগত কাম কৰিবলৈ আহিছিল, তেওঁলোকক মাতিলে।
Vậy, Môi-se gọi Bê-sa-lê, Ô-hô-li-áp, và tất cả nghệ nhân khác đến làm việc.
3 ৩ তেওঁলোকে, পবিত্ৰ-স্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে ইস্ৰায়েলী লোকসকলে আনি দিয়া সকলো উপহাৰ মোচিৰ পৰা গ্রহণ কৰিলে। লোকসকলে প্ৰতি ৰাতিপুৱা মোচিৰ আগত ইচ্ছাকৃত ভাৱে দান আনিছিল।
Môi-se trao cho họ các vật liệu dân chúng hiến dâng như của lễ thánh để hoàn tất Đền Tạm. Nhưng dân chúng vẫn cứ tiếp tục đem dâng thêm vào mỗi buổi sáng.
4 ৪ সেয়ে পবিত্ৰ স্থানত কাম কৰি থকা সকলো দক্ষতাসম্পন্ন লোকসকল কামৰ পৰা আহিল।
Cuối cùng các người thợ phải ngưng công việc xây cất.
5 ৫ তেওঁলোকে মোচিক ক’লে, “যিহোৱাই যিবোৰ কাম কৰিবলৈ আজ্ঞা দিছিল, সেই কাৰ্যৰ বাবে প্রয়োজনীয় বস্তুতকৈ লোকসকলে অধিক বস্তু আনি আছে।”
Họ đến gặp Môi-se và nói: “Các vật liệu dân chúng đem dâng để thực hiện công tác Chúa Hằng Hữu ấn định hiện dư nhiều quá.”
6 ৬ সেয়ে মোচিয়ে নিৰ্দেশ দিলে যে, তম্বুত থকা লোকসকলে পবিত্ৰ-স্থানৰ কাৰ্যৰ বাবে আৰু উপহাৰ আনিব নালাগে। তেতিয়া লোকসকলে উপহাৰ অনা বন্ধ কৰিলে।
Vì vậy, Môi-se ra lệnh cho người đi báo cho toàn dân hay rằng: “Mọi người nam cũng như nữ, không ai được đem dâng vật liệu làm Đền Tạm nữa. Chúng ta đã có đủ vật liệu!” Đến lúc bị cấm như vậy, người ta mới thôi.
7 ৭ কিয়নো সকলো কাৰ্য কৰিবৰ অর্থে তেওঁলোকৰ যথেষ্ট বস্তু আছিল, এনেকি প্রয়োজনতকৈ অধিক আছিল।
Dân chúng hiến dâng vật liệu nhiều hơn sự cần dùng để hoàn thành toàn bộ công việc.
8 ৮ সেয়ে তেওঁলোকৰ মাজত শিল্পকাৰ্য কৰা লোকসকলে আবাসৰ কাৰ্য আৰম্ভ কৰিলে। তেওঁলোকে পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে দহখন পৰ্দা তৈয়াৰ কৰিলে। তেওঁলোকে পৰ্দাৰ ওপৰত কৰূবৰ ছবি আঁকিলে। এই কাৰ্য অতি নিপূণ শিল্পকাৰ বচলেলৰ কাম আছিল।
Một số thợ khéo trong nhóm xây dựng Đền Tạm bắt đầu dệt mười bức màn bằng chỉ gai mịn, dùng chỉ xanh, tím, và đỏ, thêu hình chê-ru-bim vô cùng tinh vi.
9 ৯ প্ৰত্যেকখন পৰ্দাই সমান জোখৰ আছিল, আঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল।
Mười bức màn đều bằng nhau, dài 12,9 mét, rộng 1,8 mét.
10 ১০ তাৰ পাছত বচলেলে পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন পাঁচখনো ইখনক সিখনৰ লগত জোৰা দিলে।
Họ nối từng năm bức màn lại với nhau thành hai tấm lớn.
11 ১১ তেওঁ নীলা জৰীৰ পাক প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত লগালে, আৰু দ্বিতীয়তে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিতো নীলা জৰীৰ পাক দিলে।
Họ dùng chỉ xanh kết các vòng dọc theo đường biên của hai tấm lớn,
12 ১২ সেই প্ৰথমখন পৰ্দাৰ পঞ্চাশটা আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে। সেই জৰীৰ পাক দুশাৰী মুখামুখকৈ লগালে।
năm mươi vòng mỗi bên, đối diện nhau.
13 ১৩ তেওঁ সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে পৰ্দা দুখন ইখনক সিখনৰ লগত বান্ধিলে; আৰু এইদৰে সেই আবাস একলগ কৰি এটা কৰা হ’ল।
Người ta làm năm mươi cái móc bằng vàng, cài vào các vòng chỉ, như vậy hai tấm lớn được kết lại thành nóc Đền Tạm.
14 ১৪ সেই আবাসৰ ওপৰৰ তম্বুৰ বাবে ছাগলীৰ নোমেৰে কাপোৰ যুগুত কৰিলে। তেওঁ এঘাৰখন পৰ্দা যুগুত কৰিলে।
Họ cũng dệt mười một bức màn bằng lông dê để phủ lên trên nóc Đền Tạm.
15 ১৫ প্ৰতিখন পৰ্দা সমান জোখৰ আছিল, দীঘলে ত্ৰিশ হাত, আৰু বহলে চাৰি হাত।
Mười một bức màn này đều bằng nhau, dài 13,8 mét, rộng 1,8 mét.
16 ১৬ তেওঁ পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন ছয়খন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে।
Năm bức màn lông dê nối lại thành một tấm lớn; còn lại sáu bức kia nối thành một tấm lớn thứ hai.
17 ১৭ প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু তেনেকুৱাই জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে।
Người ta làm năm mươi cái vòng dọc theo đường biên của mỗi tấm lớn.
18 ১৮ বচলেলে প্রথম আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাবোৰ লগলগাই তম্বু একে লগ কৰিবৰ অৰ্থে পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়ালে।
Họ dùng năm mươi cái móc đồng nối hai tấm lớn lại với nhau.
19 ১৯ ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ আৰু তাৰ ওপৰতো তহচ জন্তুৰ ছালেৰে আৰু এটা আবৰণ যুগুত কৰিলে।
Lớp trên cùng của nóc đền làm bằng da chiên nhuộm đỏ và da dê.
20 ২০ বচলেলে আবাসৰ বাবে চিটীম কাঠেৰে থিয়কৈ দিয়া তক্তা যুগুত কৰিলে।
Gỗ keo được dùng để làm vách Đền Tạm, dựng thẳng đứng.
21 ২১ তাৰ এখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল আছিল।
Mỗi tấm ván dài 4,6 mét, rộng 0,69 mét,
22 ২২ প্ৰতিখন তক্তাত তেওঁ একে জোখৰ দুটাকৈ ওলোৱা অংশ কৰিলে; এইদৰে তাৰ আবাসৰ সকলো তক্তা কৰিলে।
có hai cái mộng để ghép vào các lỗ mộng.
23 ২৩ এইদৰে আবাসৰ বাবে যি তক্তা প্রস্তুত কৰিলে তাৰে বিশখন তক্তা দক্ষিণ ফালৰ বাবে যুগুত কৰিলে।
Vách phía nam gồm hai mươi tấm ván;
24 ২৪ বচলেলে সেই বিশখন তক্তাৰ তলত ৰূপৰ চল্লিশটা চুঙী গঢ়ালে; এখন তক্তাৰ তলত তাৰ দুটা খুটাৰ বাবে দুটা চুঙী, আৰু আন আন তক্তাৰ তলতো দুটাকৈ চুঙী গঢ়ালে।
dưới mỗi tấm có hai lỗ mộng bằng bạc, cộng bốn mươi lỗ mộng.
25 ২৫ আবাসৰ দ্বিতীয় ফালৰ উত্তৰ দিশে বিশখন তক্তা যুগুত কৰিলে,
Vách phía bắc Đền Tạm cũng gồm hai mươi tấm ván,
26 ২৬ আৰু সেইবোৰৰ বাবে ৰূপৰ চল্লিশটা চুঙী গঢ়ালে। এখন তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটাকৈ চুঙী লগালে।
dưới mỗi tấm có hai lỗ mộng bạc, cộng bốn mươi lỗ mộng.
27 ২৭ আবাসৰ পিছফালৰ পশ্চিম দিশৰ বাবে ছয় খন তক্তা যুগুত কৰিলে।
Vách phía tây tức là phía sau Đền Tạm gồm sáu tấm ván,
28 ২৮ আবাসৰ পিছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিলে।
thêm vào hai tấm nữa ở hai góc phía sau.
29 ২৯ প্ৰত্যেক তক্তাৰ তলৰফাল খোলা ৰাখিলে, কিন্তু ওপৰফালে আঙঠিৰে একলগ কৰা হ’ল। দুয়োটা চুকৰ বাবে দুয়োখন তক্তা এইদৰে কৰা হ’ল।
Các tấm ván này sẽ được ghép vào nhau bằng móc cài cả dưới lẫn trên.
30 ৩০ ৰূপৰ চুঙীৰে সৈতে আঠখন তক্তা আছিল। সেইবোৰৰ বাবে ৰূপৰ চুঙী সৰ্বমুঠ ষোল্লটা, প্ৰত্যেক তক্তাৰ তলত দুটাকৈ চুঙী লগোৱা হ’ল।
Vậy, vách phía tây có tám tấm ván và mười sáu lỗ mộng bằng bạc, hai lỗ mỗi tấm.
31 ৩১ বচলেলে আবাসৰ এফালৰ তক্তাৰ বাবে পাঁচডাল,
Họ cũng làm thanh ngang cho vách Đền Tạm cũng bằng gỗ keo,
32 ৩২ আৰু আবাসৰ আন ফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিম দিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল চিটীম কাঠৰ পথালি ডাং যুগুত কৰিলে।
mỗi phía năm thanh, vách phía tây cũng có năm thanh.
33 ৩৩ কিন্তু মাজৰ ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যোৱাকৈ কৰিলে।
Thanh chính giữa nằm giữa vách, chạy dài từ đầu này chí đầu kia của đền.
34 ৩৪ সেই তক্তাবোৰত সোণৰ পতা মাৰিলে, আৰু ডাংবোৰ সুমুৱাবলৈ, সেইবোৰত সোণৰ আঙঠি গঢ়ালে; আৰু ডাং বোৰতো সোণৰ পতা মাৰিলে।
Người ta bọc vàng các tấm ván vách và các thanh ngang, làm các vòng vàng để xỏ thanh ngang.
35 ৩৫ বচলেলে নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা তৈয়াৰ কৰিলে। সেই পৰ্দাত নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সা তৈয়াৰ কৰা হ’ল।
Người ta may một bức màn bằng vải gai mịn, rồi dùng chỉ xanh, tím, và đỏ thêu hình chê-ru-bim vô cùng tinh vi.
36 ৩৬ পৰ্দাৰ বাবে চিটীম কাঠৰ চাৰিটা খুঁটা বনাই, সেইবোৰত সোণৰ পতা মাৰিলে। খুটাৰ বাবে সোণৰ হাঁকোটা গঢ়ালে, আৰু ৰূপৰ চাৰিটা চুঙী সাঁচত ঢালিলে।
Màn được móc vào bốn móc vàng của bốn trụ gỗ keo bọc vàng, trụ được dựng trên lỗ trụ bằng bạc.
37 ৩৭ তেওঁ তম্বুৰ দুৱাৰৰ বাবে নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে বোৱা, শিল্পকাৰে ফুল বছা এখন পৰ্দা যুগত কৰিলে।
Người ta cũng làm một bức màn che cửa đền bằng vải gai mịn, thêu chỉ xanh, tím, và đỏ rất tinh vi.
38 ৩৮ পৰ্দাৰ বাবে পাঁচোটা খুঁটা আৰু সেইবোৰৰ হাঁকোটা বনালে। খুটাবোৰৰ ওপৰভাগত আৰু মাৰিবোৰত সোণৰ পতা মাৰিলে। সেইবোৰৰ বাবে পাঁচটা পিতলৰ চুঙী তৈয়াৰ কৰিলে।
Màn này được treo bằng năm móc vàng trên năm trụ cây keo bọc vàng. Các lỗ trụ này đều bằng đồng.