< যাত্রাপুস্তক 35 >
1 ১ মোচিয়ে ইস্ৰায়েলৰ লোকসকলক গোট খুৱালে, আৰু তেওঁলোকক ক’লে, “আপোনালোকে পালন কৰিবলৈ যিহোৱাই দিয়া আজ্ঞা এইবোৰ।
Potem zebrał Mojżesz wszystko zgromadzenie synów Izraelskich, i mówił do nich: Te są rzeczy, które rozkazał Pan, abyście je czynili.
2 ২ ছয়দিন কাম কৰিব, কিন্তু সপ্তম দিনা আপোনালোকলৈ পবিত্ৰ দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব; যি কোনোৱে সেই দিনা কাম কৰিব, তাৰ নিশ্চয় প্ৰাণদণ্ড হ’ব।
Przez sześć dni odprawowana będzie robota; ale dzień siódmy będzie wam święty, sabbat odpocznienia Pańskiego; kto by weń robił robotę, umrze.
3 ৩ বিশ্ৰাম দিনত আপোনালোকৰ কাৰো ঘৰত জুই নজ্বলাব।”
Nie rozniecicie ognia we wszystkich mieszkaniach waszych w dzień sabbatu.
4 ৪ মোচিয়ে ইস্ৰায়েলৰ সকলো সমাজক কলে, “যিহোৱাই দিয়া আজ্ঞা এইবোৰ;
Rzekł też Mojżesz do wszystkiego zgromadzenia synów Izraelskich, mówiąc: Tać jest rzecz, którą przykazał Pan mówiąc:
5 ৫ যিহোৱাৰ বাবে আপোনালোকে উপহাৰ আনক। ইচ্ছাকৃত মনেৰে আনিব বিচাৰা উপহাৰসমূহ এইবোৰ; সোণ, ৰূপ আৰু পিতল;
Złóżcie od siebie podarek Panu: każdy, kto jest ochotnego serca, przyniesie ten podarek Panu, złoto, i srebro, i miedź.
6 ৬ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, আৰু ছাগলীৰ নোম।
I hijacynt, i szarłat, i karmazyn dwa kroć farbowany, i biały jedwab, i sierść kozią;
7 ৭ ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, তহচ জন্তুৰ ছাল, আৰু চিটীম কাঠ।
Skóry też baranie czerwono farbowane i skóry borsukowe, i drzewo sytym;
8 ৮ প্ৰদীপৰ বাবে তেল, আৰু অভিষেক তেল আৰু সুগন্ধি ধূপৰ বাবে গন্ধদ্ৰব্য।
I oliwę do świecenia, i rzeczy wonne na olejek pomazywania, i dla kadzenia wonnego;
9 ৯ এফোদ আৰু বুকুপতাৰ বাবে গোমেদক আৰু আন বহুমূলীয়া পাথৰ।
Kamienie też onychiny, i kamienie do osadzania naramiennika i napierśnika.
10 ১০ আপোনালোকৰ মাজৰ প্ৰত্যেক দক্ষতাসম্পন্ন লোক আহক, আৰু যিহোৱাই আজ্ঞা কৰা সকলোকে তৈয়াৰ কৰক।
A wszyscy dowcipnego serca między wami przyjdą, i robić będą, cokolwiek rozkazał Pan:
11 ১১ আবাসৰ তম্বু, আবৰণ, হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
Przybytek, namiot jego, i przykrycie jego, haczyki jego, i deski jego, drągi jego, słupy jego, i podstawki jego;
12 ১২ চন্দুক আৰু তাৰ কানমাৰি, পাপাবৰণ আৰু আঁৰ কৰি ৰখা পৰ্দা।
Skrzynie i drążki jej, ubłagalnią, i oponę do zasłony,
13 ১৩ তেওঁলোকে মেজৰ সৈতে তাৰ খুটাবোৰ, আৰু তাৰ সকলো সঁজুলি, দৰ্শন-পিঠা;
Stół i drążki jego, ze wszystkiem naczyniem jego, i chleby pokładne;
14 ১৪ দীপ্তিৰ বাবে দীপাধাৰ আৰু তাৰ প্রয়োজনীয় সামগ্রী, প্ৰদীপবোৰ, আৰু প্ৰদীপৰ বাবে তেল;
I świecznik do świecenia z naczyniem jego, i lampy jego, i oliwę do świecenia.
15 ১৫ ধূপ-বেদি আৰু তাৰ খুটাবোৰ, অভিষেকৰ তেল আৰু সুগন্ধি ধূপ, আবাসৰ প্রবেশ দুৱাৰত ওলমাবলৈ পৰ্দা।
Ołtarz także do kadzenia z drążkami jego, i olejek pomazywania, i kadzenia wonne, i zasłonę do drzwi przybytku;
16 ১৬ হোমবলিৰ বাবে বেদি আৰু তাৰ পিতলৰ জালি, খুটাবোৰ আৰু তাৰ সামগ্রী, ডাঙৰ পাত্র আৰু তাৰ ভিত্তি আনিব।
Ołtarz do całopalenia, i kratę jego miedzianą, drążki jego, i wszystkie naczynia jego, wannę z stolcem jej.
17 ১৭ তেওঁলোকে চোতালত ওলমাবলৈ তাৰ খুঁটা, চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দাবোৰ,
Opony do sieni, słupy jej, i podstawki jej, i zasłony do drzwi u sieni.
18 ১৮ আবাসৰ খুঁটা, চোতালৰ খুটাৰ সৈতে সেইবোৰৰ ৰচি।
Kołki do przybytku i kołki do sieni z sznurami jej.
19 ১৯ তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।”
Szaty służebne do usługiwania w świątnicy, szaty święte Aaronowi kapłanowi, i szaty synom jego, dla sprawowania urzędu kapłańskiego
20 ২০ তাৰ পাছত ইস্ৰায়েলৰ জাতিৰ সকলো লোক মোচিৰ আগৰ পৰা আঁতৰি গ’ল।
Wyszło tedy wszystko zgromadzenie synów Izraelskich od obliczności Mojżeszowej.
21 ২১ যিসকলৰ হৃদয়ত প্রবৃত্তি আৰু মনত ইচ্ছা জন্মিল তেওঁলোকে যিহোৱাৰ বাবে উপহাৰ আনিলে। তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ, তম্বুৰ সম্পৰ্কীয় সকলো সামগ্রীৰ, আৰু পবিত্ৰ বস্ত্ৰৰ বাবে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে।
I przyszedł każdy mąż, którego pobudziło serce jego, i każdy, w którym dobrowolny był duch jego, przynieśli podarek Panu do robienia namiotu zgromadzenia, i do wszelkiej potrzeby jego, i na szaty święte.
22 ২২ পুৰুষ আৰু স্ত্ৰী যিসকল লোকৰ ইচ্ছা জন্মিল, তেওঁলোক সকলোৱে ব্রোচ, কাণফুলি, আঙঠি, আৰু অলঙ্কাৰ, সকলো ধৰণৰ সোণৰ অলঙ্কাৰ আনিলে। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে সোণৰ উপহাৰ আনিলে।
Przychodzili tedy mężowie z niewiastami, każdy, kto był ochotnego serca, przynosili zapony, i nausznice, i pierścienie, i manele, i wszelakie naczynia złote, i ktokolwiek przynosił ofiarę złotą Panu.
23 ২৩ যিসকল লোকৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, আৰু তহচ জন্তুৰ ছাল আছিল, তেওঁলোকে প্ৰতিজনে সেইবোৰ আনিলে।
Każdy też co miał hijacynt, i szarłat, i karmazyn dwa kroć farbowany, i biały jedwab, i sierść kozią, i skóry baranie czerwono farbowane, i skóry borsukowe, przynosili.
24 ২৪ প্রতিজনে যিহোৱাৰ উদ্দেশ্যে ৰূপ বা পিতল উপহাৰস্বৰূপে আনিলে; আৰু যিসকলৰ চিটীম কাঠ আছিল, তেওঁলোক যিকোনো কাৰ্যত ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিলে।
Ktokolwiek ofiarował podarek srebra i miedzi, przynosili na ofiarę Panu, każdy też, co miał drzewo sytym, na wszelaką potrzebę ku usłudze przynosili.
25 ২৫ প্রত্যেক দক্ষতাসম্পন্ন মহিলা নিজৰ হাতেৰে সূতা কাটি নীলা, বেঙুনীয়া, ৰঙা বৰণীয়া আৰু মিহি শণ সূতা আনিলে।
I wszystkie niewiasty dowcipnego serca rękami swemi przędły, a przynosiły co naprzędły, hijacynt, i szarłat, karmazyn dwa kroć farbowany, i biały jedwab.
26 ২৬ সকলো মহিলাৰ যিসকলৰ হৃদয়ত উৎসাহ জন্মিছিল তেওঁলোকে ছাগলীৰ নোমৰ সূতা কাটিলে।
A wszystkie niewiasty których pobudziło serce ich umiejętne, przędły sierść kozią.
27 ২৭ মূখ্যলোক সকলে এফোদ আৰু বুকুপটাত লগাবলৈ গোমেদ আৰু আন পাথৰ আনিলে।
Przełożeni zasię przynosili kamienie onychiny, i kamienie do osadzania naramiennika i napierśnika.
28 ২৮ তেওঁলোকে মছলা আৰু প্ৰদীপৰ বাবে তেল, অভিষেকৰ তেল, আৰু সুগন্ধি ধূপৰ বাবে সুগন্ধি দ্ৰব্য আনিলে।
Także rzeczy wonne i oliwę do świecenia, i na olejek pomazywania i na wonne kadzenia.
29 ২৯ ইস্ৰায়েলৰ সকলোলোকে ইচ্ছাকৃত ভাৱে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। প্রত্যেক পুৰুষ আৰু মহিলাই ইচ্ছাকৃতভাৱে উপহাৰ প্রদান কৰিলে। যিহোৱাই মোচিক যিসকলো কৰিবলৈ আজ্ঞা কৰিছিল, সেই সকলো উপহাৰ সামগ্রীৰ সহায়ত মোচিয়ে তৈয়াৰ কৰিলে।
Każdy mąż i niewiasta, w których ochotne serce było do ofiarowania, na każdą robotę, którą rozkazał Pan czynić przez Mojżesza, przynosili synowie Izraelscy ofiarę dobrowolną Panu.
30 ৩০ তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, যিহোৱাই যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলৰ নাম কাঢ়ি মাতিলে।
Zatem rzekł Mojżesz do synów Izraelskich: Oto, wezwał Pan z imienia Besaleela, syna Urowego, syna Churowego, z pokolenia Judy,
31 ৩১ যিহোৱাই বচলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা, আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে।
I napełnił go Duchem Bożym, mądrością, i umiejętnością wszelkiego rzemiosła;
32 ৩২ তেওঁ সোণ, ৰূপ, আৰু পিতলৰ সামগ্রী তৈয়াৰ কৰি তাৰ ওপৰত কাৰুকাৰ্য কৰিব।
I ku dowcipnemu wymyślaniu, cokolwiek może być urobione ze złota, i z srebra, i z miedzi;
33 ৩৩ পাথৰ কাটি খটাব পাৰে, আৰু কাঠেৰেও সকলো প্ৰকাৰ শিল্প কৰ্ম কৰিব পাৰে।
Do rzezania kamienia ku osadzeniu, i na wyrobienie drzewa, do czynienia wszelakiej roboty zmyślnej.
34 ৩৪ যিহোৱাই বচলেল আৰু অহলীয়াবক শিক্ষা দান কৰিবলৈ বিশেষ ক্ষমতা দিলে, অহলীয়াব হ’ল দান বংশৰ অহীচামকৰ পুত্ৰ।
Dał nadto do serca jego, aby uczyć mógł inszych, on, i Acholijab, syn Achysamechów z pokolenia Dan.
35 ৩৫ যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পিসুলভ নক্সাকাৰ।
Napełnił je mądrością serca, aby robili wszelakie rzemiosło ciesielskie, i haftarskie, i tkackie z hijacyntu, i z szarłatu, z karmazynu dwa kroć farbowanego, i z białego jedwabiu tkacką robotą, aby robili każdą robotę dowcipnie wymyślając.