< যাত্রাপুস্তক 35 >

1 মোচিয়ে ইস্ৰায়েলৰ লোকসকলক গোট খুৱালে, আৰু তেওঁলোকক ক’লে, “আপোনালোকে পালন কৰিবলৈ যিহোৱাই দিয়া আজ্ঞা এইবোৰ।
ויקהל משה את כל עדת בני ישראל--ויאמר אלהם אלה הדברים אשר צוה יהוה לעשת אתם
2 ছয়দিন কাম কৰিব, কিন্তু সপ্তম দিনা আপোনালোকলৈ পবিত্ৰ দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব; যি কোনোৱে সেই দিনা কাম কৰিব, তাৰ নিশ্চয় প্ৰাণদণ্ড হ’ব।
ששת ימים תעשה מלאכה וביום השביעי יהיה לכם קדש שבת שבתון ליהוה כל העשה בו מלאכה יומת
3 বিশ্ৰাম দিনত আপোনালোকৰ কাৰো ঘৰত জুই নজ্বলাব।”
לא תבערו אש בכל משבתיכם ביום השבת
4 মোচিয়ে ইস্ৰায়েলৰ সকলো সমাজক কলে, “যিহোৱাই দিয়া আজ্ঞা এইবোৰ;
ויאמר משה אל כל עדת בני ישראל לאמר זה הדבר אשר צוה יהוה לאמר
5 যিহোৱাৰ বাবে আপোনালোকে উপহাৰ আনক। ইচ্ছাকৃত মনেৰে আনিব বিচাৰা উপহাৰসমূহ এইবোৰ; সোণ, ৰূপ আৰু পিতল;
קחו מאתכם תרומה ליהוה כל נדיב לבו יביאה את תרומת יהוה זהב וכסף ונחשת
6 নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, আৰু ছাগলীৰ নোম।
ותכלת וארגמן ותולעת שני ושש ועזים
7 ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, তহচ জন্তুৰ ছাল, আৰু চিটীম কাঠ।
וערת אילם מאדמים וערת תחשים ועצי שטים
8 প্ৰদীপৰ বাবে তেল, আৰু অভিষেক তেল আৰু সুগন্ধি ধূপৰ বাবে গন্ধদ্ৰব্য।
ושמן למאור ובשמים לשמן המשחה ולקטרת הסמים
9 এফোদ আৰু বুকুপতাৰ বাবে গোমেদক আৰু আন বহুমূলীয়া পাথৰ।
ואבני שהם--ואבני מלאים לאפוד ולחשן
10 ১০ আপোনালোকৰ মাজৰ প্ৰত্যেক দক্ষতাসম্পন্ন লোক আহক, আৰু যিহোৱাই আজ্ঞা কৰা সকলোকে তৈয়াৰ কৰক।
וכל חכם לב בכם יבאו ויעשו את כל אשר צוה יהוה
11 ১১ আবাসৰ তম্বু, আবৰণ, হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
את המשכן--את אהלו ואת מכסהו את קרסיו ואת קרשיו את בריחו את עמדיו ואת אדניו
12 ১২ চন্দুক আৰু তাৰ কানমাৰি, পাপাবৰণ আৰু আঁৰ কৰি ৰখা পৰ্দা।
את הארן ואת בדיו את הכפרת ואת פרכת המסך
13 ১৩ তেওঁলোকে মেজৰ সৈতে তাৰ খুটাবোৰ, আৰু তাৰ সকলো সঁজুলি, দৰ্শন-পিঠা;
את השלחן ואת בדיו ואת כל כליו ואת לחם הפנים
14 ১৪ দীপ্তিৰ বাবে দীপাধাৰ আৰু তাৰ প্রয়োজনীয় সামগ্রী, প্ৰদীপবোৰ, আৰু প্ৰদীপৰ বাবে তেল;
ואת מנרת המאור ואת כליה ואת נרתיה ואת שמן המאור
15 ১৫ ধূপ-বেদি আৰু তাৰ খুটাবোৰ, অভিষেকৰ তেল আৰু সুগন্ধি ধূপ, আবাসৰ প্রবেশ দুৱাৰত ওলমাবলৈ পৰ্দা।
ואת מזבח הקטרת ואת בדיו ואת שמן המשחה ואת קטרת הסמים ואת מסך הפתח לפתח המשכן
16 ১৬ হোমবলিৰ বাবে বেদি আৰু তাৰ পিতলৰ জালি, খুটাবোৰ আৰু তাৰ সামগ্রী, ডাঙৰ পাত্র আৰু তাৰ ভিত্তি আনিব।
את מזבח העלה ואת מכבר הנחשת אשר לו את בדיו ואת כל כליו את הכיר ואת כנו
17 ১৭ তেওঁলোকে চোতালত ওলমাবলৈ তাৰ খুঁটা, চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দাবোৰ,
את קלעי החצר את עמדיו ואת אדניה ואת מסך שער החצר
18 ১৮ আবাসৰ খুঁটা, চোতালৰ খুটাৰ সৈতে সেইবোৰৰ ৰচি।
את יתדת המשכן ואת יתדת החצר ואת מיתריהם
19 ১৯ তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।”
את בגדי השרד לשרת בקדש את בגדי הקדש לאהרן הכהן ואת בגדי בניו לכהן
20 ২০ তাৰ পাছত ইস্ৰায়েলৰ জাতিৰ সকলো লোক মোচিৰ আগৰ পৰা আঁতৰি গ’ল।
ויצאו כל עדת בני ישראל מלפני משה
21 ২১ যিসকলৰ হৃদয়ত প্রবৃত্তি আৰু মনত ইচ্ছা জন্মিল তেওঁলোকে যিহোৱাৰ বাবে উপহাৰ আনিলে। তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ, তম্বুৰ সম্পৰ্কীয় সকলো সামগ্রীৰ, আৰু পবিত্ৰ বস্ত্ৰৰ বাবে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে।
ויבאו כל איש אשר נשאו לבו וכל אשר נדבה רוחו אתו הביאו את תרומת יהוה למלאכת אהל מועד ולכל עבדתו ולבגדי הקדש
22 ২২ পুৰুষ আৰু স্ত্ৰী যিসকল লোকৰ ইচ্ছা জন্মিল, তেওঁলোক সকলোৱে ব্রোচ, কাণফুলি, আঙঠি, আৰু অলঙ্কাৰ, সকলো ধৰণৰ সোণৰ অলঙ্কাৰ আনিলে। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে সোণৰ উপহাৰ আনিলে।
ויבאו האנשים על הנשים כל נדיב לב הביאו חח ונזם וטבעת וכומז כל כלי זהב וכל איש אשר הניף תנופת זהב ליהוה
23 ২৩ যিসকল লোকৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, আৰু তহচ জন্তুৰ ছাল আছিল, তেওঁলোকে প্ৰতিজনে সেইবোৰ আনিলে।
וכל איש אשר נמצא אתו תכלת וארגמן ותולעת שני--ושש ועזים וערת אילם מאדמים וערת תחשים הביאו
24 ২৪ প্রতিজনে যিহোৱাৰ উদ্দেশ্যে ৰূপ বা পিতল উপহাৰস্বৰূপে আনিলে; আৰু যিসকলৰ চিটীম কাঠ আছিল, তেওঁলোক যিকোনো কাৰ্যত ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিলে।
כל מרים תרומת כסף ונחשת הביאו את תרומת יהוה וכל אשר נמצא אתו עצי שטים לכל מלאכת העבדה--הביאו
25 ২৫ প্রত্যেক দক্ষতাসম্পন্ন মহিলা নিজৰ হাতেৰে সূতা কাটি নীলা, বেঙুনীয়া, ৰঙা বৰণীয়া আৰু মিহি শণ সূতা আনিলে।
וכל אשה חכמת לב בידיה טוו ויביאו מטוה את התכלת ואת הארגמן את תולעת השני ואת השש
26 ২৬ সকলো মহিলাৰ যিসকলৰ হৃদয়ত উৎসাহ জন্মিছিল তেওঁলোকে ছাগলীৰ নোমৰ সূতা কাটিলে।
וכל הנשים--אשר נשא לבן אתנה בחכמה טוו את העזים
27 ২৭ মূখ্যলোক সকলে এফোদ আৰু বুকুপটাত লগাবলৈ গোমেদ আৰু আন পাথৰ আনিলে।
והנשאם הביאו--את אבני השהם ואת אבני המלאים לאפוד ולחשן
28 ২৮ তেওঁলোকে মছলা আৰু প্ৰদীপৰ বাবে তেল, অভিষেকৰ তেল, আৰু সুগন্ধি ধূপৰ বাবে সুগন্ধি দ্ৰব্য আনিলে।
ואת הבשם ואת השמן למאור--ולשמן המשחה ולקטרת הסמים
29 ২৯ ইস্ৰায়েলৰ সকলোলোকে ইচ্ছাকৃত ভাৱে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। প্রত্যেক পুৰুষ আৰু মহিলাই ইচ্ছাকৃতভাৱে উপহাৰ প্রদান কৰিলে। যিহোৱাই মোচিক যিসকলো কৰিবলৈ আজ্ঞা কৰিছিল, সেই সকলো উপহাৰ সামগ্রীৰ সহায়ত মোচিয়ে তৈয়াৰ কৰিলে।
כל איש ואשה אשר נדב לבם אתם להביא לכל המלאכה אשר צוה יהוה לעשות ביד משה--הביאו בני ישראל נדבה ליהוה
30 ৩০ তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, যিহোৱাই যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলৰ নাম কাঢ়ি মাতিলে।
ויאמר משה אל בני ישראל ראו קרא יהוה בשם בצלאל בן אורי בן חור למטה יהודה
31 ৩১ যিহোৱাই বচলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা, আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে।
וימלא אתו רוח אלהים בחכמה בתבונה ובדעת ובכל מלאכה
32 ৩২ তেওঁ সোণ, ৰূপ, আৰু পিতলৰ সামগ্রী তৈয়াৰ কৰি তাৰ ওপৰত কাৰুকাৰ্য কৰিব।
ולחשב מחשבת--לעשת בזהב ובכסף ובנחשת
33 ৩৩ পাথৰ কাটি খটাব পাৰে, আৰু কাঠেৰেও সকলো প্ৰকাৰ শিল্প কৰ্ম কৰিব পাৰে।
ובחרשת אבן למלאת ובחרשת עץ לעשות בכל מלאכת מחשבת
34 ৩৪ যিহোৱাই বচলেল আৰু অহলীয়াবক শিক্ষা দান কৰিবলৈ বিশেষ ক্ষমতা দিলে, অহলীয়াব হ’ল দান বংশৰ অহীচামকৰ পুত্ৰ।
ולהורת נתן בלבו הוא ואהליאב בן אחיסמך למטה דן
35 ৩৫ যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পিসুলভ নক্সাকাৰ।
מלא אתם חכמת לב לעשות כל מלאכת חרש וחשב ורקם בתכלת ובארגמן בתולעת השני ובשש וארג עשי כל מלאכה וחשבי מחשבת

< যাত্রাপুস্তক 35 >