< যাত্রাপুস্তক 34 >
1 ১ যিহোৱাই মোচিক ক’লে, “তুমি প্রথম ফলিৰ দৰে দুখন শিলৰ ফলি কাটা। তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল, সেই সকলো কথা, মই পুনৰ এই দুখন ফলিত লিখিম।
I reèe Gospod Mojsiju: isteši sebi dvije ploèe od kamena kao što su bile prve, da napišem na tijem ploèama rijeèi koje su bile na prvijem ploèama, koje si razbio.
2 ২ তুমি ৰাতিপুৱাতে যুগুত হৈ চীনয় পৰ্ব্বতলৈ উঠি আহিবা। পৰ্ব্বতৰ ওপৰত মোৰ ওচৰত উপস্থিত হ’বা।
I budi gotov za sjutra da rano izaðeš na goru Sinajsku, i staneš preda me na vrh gore.
3 ৩ আন কোনো লোক তোমাৰ লগত নাহিব; আৰু গোটেই পৰ্ব্বতত কোনো লোক যেন দেখা পোৱা নাযায়। গৰু মেৰ-ছাগৰ জাকোবোৰো যেন পৰ্ব্বতৰ আগত চৰি নাথাকে।”
Ali neka niko ne ide s tobom, i niko neka se ne pokaže na svoj gori, ni ovce ni goveda da ne pasu blizu gore.
4 ৪ সেয়ে মোচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি, যিহোৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চীনয় পৰ্ব্বতলৈ গ’ল। যিহোৱাই নিৰ্দেশ দিয়া অনুসাৰে শিলৰ সেই ফলি দুখনো লগত লৈ গ’ল।
I istesa Mojsije dvije ploèe od kamena kao što su bile prve, i ustavši rano izaðe na goru Sinajsku, kao što mu zapovjedi Gospod, i uze u ruku svoju dvije ploèe kamene.
5 ৫ যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
A Gospod siðe u oblaku, i stade ondje s njim, i povika po imenu: Gospod.
6 ৬ যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
Jer prolazeæi Gospod ispred njega vikaše: Gospod, Gospod, Bog milostiv, žalostiv, spor na gnjev i obilan milosrðem i istinom.
7 ৭ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞা লঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা। তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে। তৃতীয় চতুৰ্থ পুৰুষলৈকে তেওঁলোকৰ সন্তানক পিতৃৰ অপৰাধৰ প্ৰতিফল দিওঁতা।”
Koji èuva milost tisuæama, prašta bezakonja i nepravde i grijehe, koji ne pravda krivoga, i pohodi grijehe otaèke na sinovima i na unucima do treæega i èetvrtoga koljena.
8 ৮ তেতিয়া মোচিয়ে বেগাই মাটিলৈ মূৰ দোঁৱাই প্ৰণিপাত কৰিলে,
A Mojsije brže savi glavu do zemlje i pokloni se,
9 ৯ তাৰ পাছত মোচিয়ে কলে, “হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেনেহ’লে বিনয় কৰিছোঁ আমাৰ লগত যাওঁক। কিয়নো এইলোক ঠৰডিঙীয়া লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি, আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক।”
I reèe: ako sam našao milost pred tobom, Gospode, neka ide Gospod posred nas, jer je narod tvrdovrat; i oprosti nam bezakonje naše i grijeh naš, i uzmi nas za našljedstvo.
10 ১০ যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
A on reèe: evo postavljam zavjet; pred cijelim narodom tvojim uèiniæu èudesa, koja nijesu uèinjena nigdje na zemlji ni u kom narodu, i vidjeæete djelo Gospodnje sav narod, meðu kojim si, jer æe biti strašno što æu ja uèiniti s tobom.
11 ১১ মই তোমাক যি আজ্ঞা দিছোঁ আজি তাক পালন কৰা। মই ইমোৰীয়া, কনানীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলক তোমাৰ আগৰ পৰা খেদি বাহিৰ কৰিম।
Drži što ti danas zapovjedam; evo, ja æu izagnati ispred tebe Amoreje i Hananeje i Heteje i Ferezeje i Jeveje i Jevuseje.
12 ১২ সাৱধান, তোমালোক যি দেশলৈ গৈ আছা, সেই দেশত নিবাস কৰা লোকসকলৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। যদি কৰা, তেনেহ’লে সেয়ে তোমাৰ মাজত ফান্দস্বৰূপ হ’ব।
Èuvaj se da ne hvataš vjere s onima koji žive u zemlji u koju æeš doæi, da ti ne budu zamka usred tebe.
13 ১৩ তাৰ পৰিৱৰ্তে, তোমালোক তেওঁলোকৰ যজ্ঞবেদিবোৰ ভাঙিব লাগিব। তেওঁলোকৰ স্তম্ভবোৰ গুড়ি কৰিবা, আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা।
Nego oltare njihove oborite, i likove njihove izlomite, i gajeve njihove isijecite.
14 ১৪ তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
Jer ne valja da se klanjaš drugomu bogu: jer se Gospod zove revnitelj, Bog je revnitelj.
15 ১৫ তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্রণ কৰিব।
Nemoj hvatati vjere s onima koji žive u onoj zemlji, da ne bi èineæi preljubu za bogovima svojim i prinoseæi žrtvu bogovima svojim pozvali te, i ti jeo žrtve njihove.
16 ১৬ সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।
I da ne bi kæerima njihovijem ženio sinove svoje, i da ne bi kæeri njihove èineæi preljubu za bogovima svojim uèinile da sinovi tvoji èine preljubu za bogovima njihovijem.
17 ১৭ তুমি নিজৰ বাবে কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা।
Livenih bogova ne gradi sebi.
18 ১৮ তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা। মই তোমালোকক আজ্ঞা দিয়াৰ দৰে আবীব মাহৰ নিৰূপিত কালত সাত দিন ধৰি খমীৰ নিদিয়া পিঠা খাবা। কিয়নো সেই আবীব মাহতে তুমি মিচৰ দেশৰ পৰা ওলাই আহিলা।
Praznik prijesnijeh hljebova drži; sedam dana jedi prijesne hljebove, kao što sam ti zapovjedio, na vrijeme, mjeseca Aviva, jer si toga mjeseca izašao iz Misira.
19 ১৯ প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।
Sve što otvora matericu moje je, i svako muško u stoci tvojoj što otvora matericu, goveèe ili sitna stoka.
20 ২০ তোমালোকে প্রথমে জগা গাধ কিনিব খোজা যদি এটা মেৰ-ছাগ দিব লাগিব; কিন্তু যদি কিনি লব নোখোজা, তেনেহ’লে তোমালোকে গাধটোৰ ডিঙি নিশ্চয় ভাঙিব লাগিব। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰসকলক তোমালোক কিনি ল’ব লাগিব। কোনো এজনো শুদা হাতে মোৰ আগত উপস্থিত নহ’বা।
Ali magare koje otvori matericu otkupi jagnjetom ili jaretom; ako li ga ne bi otkupio, slomi mu vrat; i svakoga prvenca izmeðu sinova svojih otkupi; i da se niko ne pokaže prazan preda mnom.
21 ২১ তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
Šest dana radi, a u sedmi dan poèini, i od oranja i od žetve poèini.
22 ২২ তোমালোক সপ্তাহৰ পৰ্ব্ব পালন কৰিবা। ঘেঁহু কটাৰ প্ৰথম ফল এই পৰ্ব্বত ব্যৱহাৰ কৰিবা, আৰু বছৰৰ শেষত ফল চপোৱাৰ পৰ্ব্ব পালন কৰিবা।
Praznuj praznik sedmica, prvina žetve pšeniène, i praznik berbe na svršetku godine.
23 ২৩ বছৰত তিনিবাৰ তোমালোকৰ পুৰুষসকল ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব।
Tri puta u godini da se svako muško izmeðu vas pokaže pred Gospodom Bogom Izrailjevim.
24 ২৪ মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম, আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে।
Jer æu izagnati narode ispred tebe, i meðe tvoje raširiæu, i niko neæe poželjeti zemlje tvoje, kad staneš dolaziti da se pokažeš pred Gospodom Bogom svojim tri puta u godini.
25 ২৫ তোমালোকে মোৰ নৈবেদ্য হিচাপে তেজ উৎসৰ্গ কৰোঁতে তাৰ লগত খমীৰ নিদিবা। নিস্তাৰ-পৰ্ব্বত উৎস্বৰ্গিত মাংস পাছদিনা ৰাতিপুৱালৈকে নাৰাখিবা।
Nemoj prinositi krvi od žrtve moje uz hljebove kisele, i da ne prenoæi do jutra žrtva praznika pashe.
26 ২৬ তোমালোকে নিজৰ খেতিৰ প্ৰথম ফলৰ উত্তম ভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। তোমালোকে ছাগলী পোৱালিক তাৰ মাকৰ গাখীৰ দি নিসিজাবা।”
Prvine od prvoga roda zemlje svoje donesi u kuæu Gospoda Boga svojega; nemoj kuhati jareta u mlijeku majke njegove.
27 ২৭ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তোমাক মই যি সকলো কথা কলোঁ, সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইস্ৰায়েলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ।”
I reèe Gospod Mojsiju: napiši sebi te rijeèi; jer po tijem rijeèima uèinih zavjet s tobom i s Izrailjem.
28 ২৮ মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।
I Mojsije osta ondje kod Gospoda èetrdeset dana i èetrdeset noæi, hljeba ne jeduæi ni vode pijuæi; i napisa Gospod na ploèe rijeèi zavjeta, deset rijeèi.
29 ২৯ মোচি যেতিয়া সেই দুখন ফলি লৈ চীনয় পৰ্ব্বতৰ পৰা নামি আহিল, তেতিয়া যিহোৱাৰ লগত কথা পতাৰ পাছত তেওঁৰ চেহেৰা যে উজ্জ্বল হৈ আছিল, সেই কথা মোচিয়ে নিজে জনা নাছিল।
I kad Mojsije slažaše s gore Sinajske, i držaše u ruci dvije ploèe svjedoèanstva slazeæi s gore, ne znaðaše da mu koža na licu posta svijetla dokle govoraše s njim.
30 ৩০ হাৰোণ আৰু ইস্ৰায়েলৰ সকলো লোকে মোচিৰ চেহেৰা উজ্জ্বল দেখি, তেওঁলোকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিলে।
I vidje Aron i svi sinovi Izrailjevi Mojsija, a to mu se svijetli koža na licu, i ne smješe pristupiti k njemu.
31 ৩১ কিন্তু মোচিয়ে তেওঁলোকক মাতিলে, তেতিয়া হাৰোণ আৰু সমাজৰ মূখ্যলোক সকল তেওঁৰ ওচৰলৈ ওভটি আহিল। তেতিয়া মোচিয়ে তেওঁলোকৰ লগত কথা পাতিলে।
Ali ih zovnu Mojsije, i vratiše se k njemu Aron i svi glavari u zboru, i govori s njima Mojsije.
32 ৩২ তাৰ পাছত, ইস্ৰায়েলৰ লোকসকল মোচিৰ ওচৰ চাপিলে। তেওঁ চীনয় পৰ্ব্বতত যিহোৱাই যিবোৰ আজ্ঞা দিছে সেই সকলো তেওঁলোকক ক’লে।
Potom pristupiše svi sinovi Izrailjevi, i zapovjedi im sve što mu kaza Gospod na gori Sinajskoj.
33 ৩৩ মোচিয়ে যেতিয়া তেওঁলোকৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া মোচিয়ে নিজৰ চেহেৰা ওৰণি লৈ ঢাকি ল’লে।
A kad im Mojsije izgovori, zastrije lice svoje pokrivalom.
34 ৩৪ মোচিয়ে যেতিয়াই যিহোৱাৰ লগত কথা পাতিবলৈ তেওঁৰ সন্মুখলৈ গৈছিল, তেতিয়া সেই ওৰণি গুচাইছিল। কিন্তু ঘূৰি অহাৰ লগে লগে তেওঁ পুনৰ ওৰণি লৈছিল। তেওঁ যি সকলো নিৰ্দেশ পাইছিল, সেই সকলো তম্বুৰ বাহিৰলৈ আহি ইস্ৰায়েলৰ লোকসকলক কৈছিল।
Ali kad Mojsije dolažaše pred Gospoda da s njim govori, skidaše pokrivalo dokle ne bi izašao; a izašavši kazivaše sinovima Izrailjevijem što mu se zapovjedaše.
35 ৩৫ তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁৰ চেহেৰাত এটা উজ্জ্বলতা দেখা পাইছিল। কিন্তু মোচিয়ে যিহোৱাৰ লগত কথা পাতিবলৈ পুনৰ ভিতৰলৈ নোযোৱালৈকে, নিজৰ চেহেৰা ওৰণিৰে ঢাকি লৈছিল।
Tada viðahu sinovi Izrailjevi lice Mojsijevo, gdje se svijetli koža na licu njegovu, te Mojsije opet zastiraše pokrivalom lice svoje dokle ne bi opet ušao da govori s njim.