< যাত্রাপুস্তক 34 >

1 যিহোৱাই মোচিক ক’লে, “তুমি প্রথম ফলিৰ দৰে দুখন শিলৰ ফলি কাটা। তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল, সেই সকলো কথা, মই পুনৰ এই দুখন ফলিত লিখিম।
و خداوند به موسی گفت: «دو لوح سنگی مثل اولین برای خود بتراش، وسخنانی را که بر لوح های اول بود و شکستی براین لوح‌ها خواهم نوشت.۱
2 তুমি ৰাতিপুৱাতে যুগুত হৈ চীনয় পৰ্ব্বতলৈ উঠি আহিবা। পৰ্ব্বতৰ ওপৰত মোৰ ওচৰত উপস্থিত হ’বা।
و بامدادان حاضر شوو صبحگاهان به کوه سینا بالا بیا، و در آنجا نزد من بر قله کوه بایست.۲
3 আন কোনো লোক তোমাৰ লগত নাহিব; আৰু গোটেই পৰ্ব্বতত কোনো লোক যেন দেখা পোৱা নাযায়। গৰু মেৰ-ছাগৰ জাকোবোৰো যেন পৰ্ব্বতৰ আগত চৰি নাথাকে।”
و هیچکس با تو بالا نیاید، وهیچکس نیز در تمامی کوه دیده نشود، و گله ورمه نیز به طرف این کوه چرا نکند.»۳
4 সেয়ে মোচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি, যিহোৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চীনয় পৰ্ব্বতলৈ গ’ল। যিহোৱাই নিৰ্দেশ দিয়া অনুসাৰে শিলৰ সেই ফলি দুখনো লগত লৈ গ’ল।
پس موسی دو لوح سنگی مثل اولین تراشید و بامدادان برخاسته، به کوه سینا بالا آمد، چنانکه خداوند اورا امر فرموده بود، و دو لوح سنگی را به‌دست خود برداشت.۴
5 যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
و خداوند در ابر نازل شده، درآنجا با وی بایستاد، و به نام خداوند ندا درداد.۵
6 যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
وخداوند پیش روی وی عبور کرده، ندا درداد که «یهوه، یهوه، خدای رحیم و رئوف و دیرخشم وکثیر احسان و وفا،۶
7 হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞা লঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা। তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে। তৃতীয় চতুৰ্থ পুৰুষলৈকে তেওঁলোকৰ সন্তানক পিতৃৰ অপৰাধৰ প্ৰতিফল দিওঁতা।”
نگاه دارنده رحمت برای هزاران، و آمرزنده خطا و عصیان و گناه، لکن گناه را هرگز بی‌سزا نخواهد گذاشت، بلکه خطایای پدران را بر پسران و پسران پسران ایشان تا پشت سوم و چهارم خواهد گرفت.»۷
8 তেতিয়া মোচিয়ে বেগাই মাটিলৈ মূৰ দোঁৱাই প্ৰণিপাত কৰিলে,
و موسی به زودی رو به زمین نهاده، سجده کرد.۸
9 তাৰ পাছত মোচিয়ে কলে, “হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেনেহ’লে বিনয় কৰিছোঁ আমাৰ লগত যাওঁক। কিয়নো এইলোক ঠৰডিঙীয়া লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি, আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক।”
و گفت: «ای خداوند اگر فی الحقیقه منظور نظر تو شده‌ام، مستدعی آنکه خداوند در میان ما بیاید، زیرا که این قوم گردنکش می‌باشند، پس خطا و گناه ما رابیامرز و ما را میراث خود بساز.»۹
10 ১০ যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
گفت: «اینک عهدی می‌بندم و در نظرتمامی قوم تو کارهای عجیب می‌کنم، که درتمامی جهان و در جمیع امتها کرده نشده باشد، وتمامی این قومی که تو در میان ایشان هستی، کارخداوند را خواهند دید، زیراکه این کاری که با توخواهم کرد، کاری هولناک است.۱۰
11 ১১ মই তোমাক যি আজ্ঞা দিছোঁ আজি তাক পালন কৰা। মই ইমোৰীয়া, কনানীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলক তোমাৰ আগৰ পৰা খেদি বাহিৰ কৰিম।
آنچه را من امروز به تو امر می‌فرمایم، نگاه دار. اینک من ازپیش روی تو اموریان و کنعانیان و حتیان و فرزیان و حویان و یبوسیان را خواهم راند.۱۱
12 ১২ সাৱধান, তোমালোক যি দেশলৈ গৈ আছা, সেই দেশত নিবাস কৰা লোকসকলৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। যদি কৰা, তেনেহ’লে সেয়ে তোমাৰ মাজত ফান্দস্বৰূপ হ’ব।
با حذرباش که با ساکنان آن زمین که تو بدانجا می‌روی، عهد نبندی، مبادا در میان شما دامی باشد.۱۲
13 ১৩ তাৰ পৰিৱৰ্তে, তোমালোক তেওঁলোকৰ যজ্ঞবেদিবোৰ ভাঙিব লাগিব। তেওঁলোকৰ স্তম্ভবোৰ গুড়ি কৰিবা, আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা।
بلکه مذبحهای ایشان را منهدم سازید، و بتهای ایشان را بشکنید و اشیریم ایشان را قطع نمایید.۱۳
14 ১৪ তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
زنهارخدای غیر را عبادت منما، زیرا یهوه که نام اوغیور است، خدای غیور است.۱۴
15 ১৫ তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্রণ কৰিব।
زنهار با ساکنان آن زمین عهد مبند، والا از عقب خدایان ایشان زنا می کنند، و نزد خدایان ایشان قربانی می‌گذرانند، و تو را دعوت می‌نمایند و از قربانی های ایشان می‌خوری.۱۵
16 ১৬ সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।
و از دختران ایشان برای پسران خود می‌گیری، و چون دختران ایشان از عقب خدایان خود زنا کنند، آنگاه پسران شما را درپیروی خدایان خود مرتکب زنا خواهند نمود.۱۶
17 ১৭ তুমি নিজৰ বাবে কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা।
خدایان ریخته شده برای خویشتن مساز.۱۷
18 ১৮ তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা। মই তোমালোকক আজ্ঞা দিয়াৰ দৰে আবীব মাহৰ নিৰূপিত কালত সাত দিন ধৰি খমীৰ নিদিয়া পিঠা খাবা। কিয়নো সেই আবীব মাহতে তুমি মিচৰ দেশৰ পৰা ওলাই আহিলা।
عید فطیر را نگاه دار، و هفت روز نان فطیرچنانکه تو را امر فرمودم، در وقت معین در ماه ابیب بخور، زیراکه در ماه ابیب از مصر بیرون آمدی.۱۸
19 ১৯ প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।
هر‌که رحم را گشاید، از آن من است وهر‌که نخست زاده ذکور از مواشی تو، چه از گاوچه از گوسفند،۱۹
20 ২০ তোমালোকে প্রথমে জগা গাধ কিনিব খোজা যদি এটা মেৰ-ছাগ দিব লাগিব; কিন্তু যদি কিনি লব নোখোজা, তেনেহ’লে তোমালোকে গাধটোৰ ডিঙি নিশ্চয় ভাঙিব লাগিব। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰসকলক তোমালোক কিনি ল’ব লাগিব। কোনো এজনো শুদা হাতে মোৰ আগত উপস্থিত নহ’বা।
و برای نخست زاده الاغ، بره‌ای فدیه بده، و اگر فدیه ندهی، گردنش را بشکن و هرنخست زاده‌ای از پسرانت را فدیه بده. و هیچکس به حضور من تهی‌دست حاضر نشود.۲۰
21 ২১ তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
شش روز مشغول باش، و روز هفتمین، سبت را نگاه دار. در وقت شیار و در حصاد، سبت را نگاه دار.۲۱
22 ২২ তোমালোক সপ্তাহৰ পৰ্ব্ব পালন কৰিবা। ঘেঁহু কটাৰ প্ৰথম ফল এই পৰ্ব্বত ব্যৱহাৰ কৰিবা, আৰু বছৰৰ শেষত ফল চপোৱাৰ পৰ্ব্ব পালন কৰিবা।
و عید هفته‌ها را نگاه دار، یعنی عید نوبر حصادگندم و عید جمع در تحویل سال.۲۲
23 ২৩ বছৰত তিনিবাৰ তোমালোকৰ পুৰুষসকল ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব।
سالی سه مرتبه همه ذکورانت به حضور خداوند یهوه، خدای اسرائیل، حاضر شوند.۲۳
24 ২৪ মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম, আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে।
زیرا که امتها رااز پیش روی تو خواهم راند، و حدود تو را وسیع خواهم گردانید، و هنگامی که در هر سال سه مرتبه می‌آیی تا به حضور یهوه، خدای خودحاضر شوی، هیچکس زمین تو را طمع نخواهدکرد.۲۴
25 ২৫ তোমালোকে মোৰ নৈবেদ্য হিচাপে তেজ উৎসৰ্গ কৰোঁতে তাৰ লগত খমীৰ নিদিবা। নিস্তাৰ-পৰ্ব্বত উৎস্বৰ্গিত মাংস পাছদিনা ৰাতিপুৱালৈকে নাৰাখিবা।
خون قربانی مرا با خمیرمایه مگذران، و قربانی عید فصح تا صبح نماند.۲۵
26 ২৬ তোমালোকে নিজৰ খেতিৰ প্ৰথম ফলৰ উত্তম ভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। তোমালোকে ছাগলী পোৱালিক তাৰ মাকৰ গাখীৰ দি নিসিজাবা।”
نخستین نوبرزمین خود را به خانه یهوه، خدای خود، بیاور. وبزغاله را در شیر مادرش مپز.»۲۶
27 ২৭ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তোমাক মই যি সকলো কথা কলোঁ, সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইস্ৰায়েলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ।”
و خداوند به موسی گفت: «این سخنان را تو بنویس، زیرا که به حسب این سخنان، عهد با تو و با اسرائیل بسته‌ام.»۲۷
28 ২৮ মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।
و چهل روز و چهل شب آنجا نزدخداوند بوده، نان نخورد و آب ننوشید و اوسخنان عهد، یعنی ده کلام را بر لوحها نوشت.۲۸
29 ২৯ মোচি যেতিয়া সেই দুখন ফলি লৈ চীনয় পৰ্ব্বতৰ পৰা নামি আহিল, তেতিয়া যিহোৱাৰ লগত কথা পতাৰ পাছত তেওঁৰ চেহেৰা যে উজ্জ্বল হৈ আছিল, সেই কথা মোচিয়ে নিজে জনা নাছিল।
و چون موسی از کوه سینا بزیر می‌آمد، ودو لوح سنگی در دست موسی بود، هنگامی که ازکوه بزیر می‌آمد، واقع شد که موسی ندانست که به‌سبب گفتگوی با او پوست چهره وی می‌درخشید.۲۹
30 ৩০ হাৰোণ আৰু ইস্ৰায়েলৰ সকলো লোকে মোচিৰ চেহেৰা উজ্জ্বল দেখি, তেওঁলোকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিলে।
اما هارون و جمیع بنی‌اسرائیل موسی را دیدند که اینک پوست چهره اومی درخشد. پس ترسیدند که نزدیک او بیایند.۳۰
31 ৩১ কিন্তু মোচিয়ে তেওঁলোকক মাতিলে, তেতিয়া হাৰোণ আৰু সমাজৰ মূখ্যলোক সকল তেওঁৰ ওচৰলৈ ওভটি আহিল। তেতিয়া মোচিয়ে তেওঁলোকৰ লগত কথা পাতিলে।
و موسی ایشان را خواند، و هارون و همه سرداران جماعت نزد او برگشتند، و موسی بدیشان سخن گفت.۳۱
32 ৩২ তাৰ পাছত, ইস্ৰায়েলৰ লোকসকল মোচিৰ ওচৰ চাপিলে। তেওঁ চীনয় পৰ্ব্বতত যিহোৱাই যিবোৰ আজ্ঞা দিছে সেই সকলো তেওঁলোকক ক’লে।
و بعد از آن همه بنی‌اسرائیل نزدیک آمدند، و آنچه خداوند درکوه سینا بدو گفته بود، بدیشان امر فرمود.۳۲
33 ৩৩ মোচিয়ে যেতিয়া তেওঁলোকৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া মোচিয়ে নিজৰ চেহেৰা ওৰণি লৈ ঢাকি ল’লে।
وچون موسی از سخن‌گفتن با ایشان فارغ شد، نقابی بر روی خود کشید.۳۳
34 ৩৪ মোচিয়ে যেতিয়াই যিহোৱাৰ লগত কথা পাতিবলৈ তেওঁৰ সন্মুখলৈ গৈছিল, তেতিয়া সেই ওৰণি গুচাইছিল। কিন্তু ঘূৰি অহাৰ লগে লগে তেওঁ পুনৰ ওৰণি লৈছিল। তেওঁ যি সকলো নিৰ্দেশ পাইছিল, সেই সকলো তম্বুৰ বাহিৰলৈ আহি ইস্ৰায়েলৰ লোকসকলক কৈছিল।
و چون موسی به حضورخداوند داخل می‌شد که با وی گفتگو کند، نقاب را برمی داشت تا بیرون آمدن او. پس بیرون آمده، آنچه به وی امر شده بود، به بنی‌اسرائیل می‌گفت.۳۴
35 ৩৫ তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁৰ চেহেৰাত এটা উজ্জ্বলতা দেখা পাইছিল। কিন্তু মোচিয়ে যিহোৱাৰ লগত কথা পাতিবলৈ পুনৰ ভিতৰলৈ নোযোৱালৈকে, নিজৰ চেহেৰা ওৰণিৰে ঢাকি লৈছিল।
و بنی‌اسرائیل روی موسی را می‌دیدند که پوست چهره او می‌درخشد. پس موسی نقاب را به روی خود باز می‌کشید، تا وقتی که برای گفتگوی او می‌رفت.۳۵

< যাত্রাপুস্তক 34 >