< যাত্রাপুস্তক 33 >
1 ১ যিহোৱাই মোচিক ক’লে, “ইয়াৰ পৰা যোৱা, যি দেশ তোমাৰ বংশক দিম বুলি মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত শপত কৰিছিলোঁ, সেই দেশলৈ, মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা লোকসকলৰ সৈতে তুমি যোৱা।
Jahve reče Mojsiju: “Idi! Putuj odavde, ti i narod koji si izveo iz zemlje egipatske, u zemlju za koju sam se zakleo Abrahamu, Izaku i Jakovu da ću je dati njihovim potomcima.
2 ২ মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলক খেদিম।
Pred tobom ću poslati anđela; istjerat ću Kanaance, Amorejce, Hetite, Perižane, Hivijce i Jebusejce.
3 ৩ গাখীৰ আৰু মৌজোল বৈ থকা দেশলৈ যোৱা। কিন্তু মই তোমালোকৰ লগত নাযাওঁ; কাৰণ তোমালোক ঠৰডিঙীয়া লোক। মই হয়তো বাটতে তোমালোকক বিনষ্ট কৰিব পাৰোঁ।”
Idite u zemlju kojom teče mlijeko i med. Ja s vama neću poći - jer ste narod tvrde šije - da vas putem ne istrijebim.”
4 ৪ লোকসকলে যেতিয়া সেই সমস্যাৰ কথা শুনিলে, তেতিয়া তেওঁলোকে শোক কৰিলে; আৰু কোনো এজনেও অলঙ্কাৰ পৰিধান নকৰিলে।
Kad narod ču ove oštre riječi, poče tugovati. I nitko više ne stavi na se svoga nakita.
5 ৫ যিহোৱাই মোচিক কৈছিল, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কোৱা, ‘তোমালোক ঠৰডিঙীয়া লোক। মই যদি তোমালোকৰ মাজলৈ এক মুহূৰ্তৰ বাবেও যাওঁ, তেনেহ’লে মই তোমালোকক বিনষ্ট কৰিম। সেয়ে তোমালোকৰ লগত মই কি কৰিব লাগে, সেই বিষয়ে যেতিয়ালৈকে মই সিদ্ধান্ত নলওঁ, তেতিয়ালৈকে তোমালোকে নিজৰ অলঙ্কাৰ খুলি ৰাখিব’।”
Jer reče Jahve Mojsiju: “Kaži Izraelcima: 'Vi ste narod tvrde šije. Kad bih ja s vama išao samo čas, uništio bih vas. Stoga skinite svoj nakit, a ja ću vidjeti što ću s vama učiniti.'”
6 ৬ তেতিয়া ইস্ৰায়েলী লোকসকলে হোৰেব পৰ্ব্বতৰ পৰাই নিজৰ অলঙ্কাৰবোৰ পৰিধান নকৰিলে।
Tako su od brda Horeba Izraelci bili bez nakita.
7 ৭ মোচিয়ে তম্বুৰ কাপোৰ এটা লৈ, তম্বুৰ বাহিৰত কিছু দূৰত তৰিলে; আৰু তাৰ নাম সাক্ষাৎ কৰা তম্বু ৰাখিলে। যিহোৱাক বিচাৰা প্ৰতিজনে তম্বুৰ বাহিৰত থকা সেই সাক্ষাৎ কৰা তম্বুলৈ যায়।
Mojsije uze Šator i razape ga izvan tabora, daleko od tabora. I nazva ga Šator sastanka. Tko bi se god htio obratiti Jahvi, pošao bi k Šatoru sastanka, koji se nalazio izvan tabora.
8 ৮ মোচি যেতিয়া সেই তম্বুৰ ভিতৰলৈ যায়, তেতিয়া সকলো লোকে উঠি প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হয়। মোচিয়ে যেতিয়ালৈকে সেই তম্বুত নোসোমায়, তেতিয়ালৈকে লোকসকলে মোচিক চাই থাকে।
Kad bi god Mojsije pošao u Šator, sav bi se narod digao; svatko bi stajao kod ulaza u svoj šator i gledao za Mojsijem dok ne bi ušao u Šator.
9 ৯ মোচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ-স্তম্ভ নামি আহি তম্বুৰ প্রবেশ দুৱাৰত স্থিতি লয়, আৰু যিহোৱাই মোচিৰে সৈতে কথা পাতে।
A kad bi Mojsije ušao u Šator, stup bi se oblaka spustio i ostajao na ulazu u Šator dok je Jahve s Mojsijem razgovarao.
10 ১০ লোকসকলে যেতিয়াই তম্বুৰ প্রবেশ দুৱাৰত মেঘ-স্তম্ভ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে।
Videći kako stup oblaka stoji na ulazu Šatora, sav bi se narod tada dizao i svatko bi se duboko klanjao na vratima svoga šatora.
11 ১১ যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।
Tako bi Jahve razgovarao s Mojsijem licem u lice, kao što čovjek govori s prijateljem. Mojsije bi se poslije vratio u tabor, ali se njegov pomoćnik Jošua, sin Nunov, mlađarac, iz Šatora ne bi micao.
12 ১২ মোচিয়ে যিহোৱাক ক’লে, “চাওক, আপুনি এই লোকসকলক লৈ মোক যাত্রা কৰিব কৈছে; কিন্তু মোৰ লগত যি জনক পঠাব, তেওঁৰ বিষয়ে আপুনি মোক জানিব দিয়া নাই। আপুনি কৈছিল, মই নামৰ দ্বাৰাই তোমাক জানো, আৰু তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পালা।
Mojsije oslovi Jahvu: “Vidi, ti si meni rekao: 'Povedi ovaj narod', ali mi nisi objavio koga ćeš sa mnom poslati. Još si mi rekao: 'Znam te po imenu, i ti uživaš moju blagonaklonost.'
13 ১৩ এতিয়া মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পালোঁ, তেনেহ’লে বিনয় কৰিছোঁ, মই যেন আপোনাক জানি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, সেই বাবে মোক আপোনাৰ পথ দেখাওক; আৰু এই লোকসকল যে আপোনাৰেই লোক ইয়াকো সোঁৱৰণ কৰক।”
Stoga, ako uživam tvoju blagonaklonost, objavi mi svoje putove da te shvatim i da dalje uživam tvoju blagonaklonost. Promisli također da je ova svjetina tvoj narod.”
14 ১৪ তেতিয়া যিহোৱাই উত্তৰ দিলে, “মই স্বয়ং তোমাৰ লগত যাম, আৰু মই তোমাক বিশ্ৰাম দিম।”
“Ja ću osobno s tobom poći”, odgovori Jahve, “i počinak ti priuštiti.”
15 ১৫ মোচিয়ে তেওঁক ক’লে, “যদি আপুনি স্বয়ং মোৰ লগত নাযায়, তেনেহ’লে আমাক ইয়াৰ পৰা লৈ নাযাব।
“Ako ti ne pođeš”, nadoda Mojsije, “odavde nas i ne izvodi.
16 ১৬ নহ’লে আমি কি দৰে বুজি পাম যে, আপোনাৰ দৃষ্টিত মই আৰু আপোনাৰ লোকসকলে অনুগ্ৰহ পাইছো ইয়াক কিহৰ দ্বাৰাই জনা যাব? আপুনি আমাৰ লগত যোৱাৰ দ্বাৰায়েই মই আৰু আপোনাৰ লোকসকল পৃথিৱীত থকা সকলো জাতিৰ পৰা পার্থক্য হ’ব।”
TÓa kako će se znati da uživamo tvoju naklonost, ja i tvoj narod? Po tome što ideš s nama. Time ćemo se samo razlikovati ja i tvoj narod među svim narodima koji su na licu zemlje.”
17 ১৭ যিহোৱাই মোচিক ক’লে, “এই যি কথা তুমি ক’লা, তাকো মই কৰিম। কিয়নো তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পাইছা, আৰু মই তোমাক তোমাৰ নামে সৈতে জানো।”
“I ovo što si zatražio, učinit ću”, odgovori Jahve Mojsiju. “TÓa ti uživaš moju blagonaklonost jer te po imenu poznajem.”
18 ১৮ তেতিয়া মোচিয়ে ক’লে, “বিনয় কৰিছোঁ মোক আপোনাৰ প্ৰতাপ দেখাওক।”
“Pokaži mi svoju slavu”, zamoli Mojsije.
19 ১৯ যিহোৱাই ক’লে, “মই তোমাৰ ওচৰেৰে মোৰ সকলো ধাৰ্মিকতা গমন কৰাম, আৰু তোমাৰ আগত মোৰ নাম ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজোঁ, তাক মই অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজোঁ, তাক মই দয়া কৰিম।”
“Dopustit ću da ispred tebe prođe sav moj sjaj”, odgovori, “i pred tobom ću izustiti svoje ime Jahve. Bit ću milostiv kome hoću da milostiv budem; smilovat ću se komu hoću da se smilujem.
20 ২০ কিন্তু যিহোৱাই পুনৰ ক’লে, “তুমি মোৰ চেহেৰা দেখা নোপোৱা; কাৰণ কোনো মানুহে মোক দেখাৰ পাছত জীয়াই নাথাকে।”
A ti”, doda, “moga lica ne možeš vidjeti, jer ne može čovjek mene vidjeti i na životu ostati.
21 ২১ যিহোৱাই ক’লে, “চোৱা, মোৰ ওচৰত এটা শিল আছে, আৰু তুমি সেই শিলটোৰ ওপৰত থিয় হ’বা।
Evo mjesta ovdje uza me”, nastavi Jahve. “Stani na pećinu!
22 ২২ তোমাৰ আগেদি যেতিয়া মোৰ প্ৰতাপ গমন কৰিব, তেতিয়া মই তোমাক শিলটোৰ ফাটত থম, আৰু মোৰ গমন শেষ নোহোৱালৈকে মোৰ হাতেৰে তোমাক ঢাকি ধৰিম।
Dok moja slava bude prolazila, stavit ću te u pukotinu pećine i svojom te rukom zakloniti dok ne prođem.
23 ২৩ তাৰ পাছত মই তোমাৰ ওপৰৰ পৰা হাত গুচাম, আৰু তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাপাবা।”
Onda ću ja svoju ruku maknuti, pa ćeš me s leđa vidjeti. Ali se lice moje ne može vidjeti.”