< যাত্রাপুস্তক 32 >
1 ১ পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰোঁ। কিয়নো যি দেৱতবোৰে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ লগত কি হ’ল, সেই বিষয়ে আমি একো নাজানো।”
Cuando el pueblo vio que Moisés tardaba en bajar del monte, se reunió alrededor de Aarón y le dijeron: “Anda, haznos un dios que vaya delante de nosotros, ya que no sabemos que ha sido de ese Moisés, ese hombre que nos ha sacado de la tierra de Egipto.”
2 ২ তেতিয়া হাৰোণে তেওঁলোকক ক’লে, “আপোনালোকে আপোনালোকৰ ভাৰ্যা, পুত্র আৰু জীয়েক সকলৰ কাণৰ সোণৰ ফুলিবোৰ সোলোকাই মোৰ ওচৰলৈ আনক।”
Les respondió Aarón: “Quitad los pendientes de oro de las orejas de vuestras mujeres y de vuestros hijos y de vuestras hijas, y traédmelos.”
3 ৩ সকলো লোকে নিজৰ নিজৰ কাণৰ পৰা সোণৰ ফুলিবোৰ সোলোকাই হাৰোণৰ ওচৰলৈ আনিলে।
Y todos se quitaron los pendientes de oro que llevaban en las orejas, y los entregaron a Aarón.
4 ৪ হাৰোণে তেওঁলোকৰ পৰা সোণ ল’লে, আৰু সেইবোৰ সাঁচত ঢলি এটা দামুৰিৰ আকৃতিৰে সোণৰ দামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক’লে, “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।”
Y él, tomándolos de sus manos le dio forma con el buril e hizo así un becerro de fundición. Entonces ellos dijeron: “Este es tu Dios, oh Israel, el que te ha sacado de la tierra de Egipto.”
5 ৫ হাৰোণে যেতিয়া এইবোৰ দেখিলে, তেতিয়া সেই দামুৰিটোৰ আগত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; আৰু “কাইলৈ যিহোৱাৰ সন্মানৰ উদ্দেশ্যে উৎসৱ হ’ব”; এইবুলি তেওঁ ঘোষণা কৰিলে।
Viendo esto Aarón, erigió un altar ante el becerro e hizo esta proclamación: “Mañana habrá fiesta en honor de Yahvé.”
6 ৬ লোকসকলে তাৰ পাছ দিনা ৰাতিপুৱাতে উঠি হোম-বলি উৎসৰ্গ কৰিলে, আৰু মঙ্গলাৰ্থক বলি দিলে। তাৰ পাছত তেওঁলোকে ভোজন পান কৰিবলৈ বহিলে, আৰু ভোজন কৰাৰ পাছত উঠি আনন্দেৰে উৎসৱ পালন কৰিলে।
Y levantándose al día siguiente muy temprano, ofrecieron holocaustos y presentaron sacrificios pacíficos. Luego se sentó el pueblo a comer y beber, y después se levantaron a divertirse.
7 ৭ তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা; কাৰণ যি লোকসকলক তুমি মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোকে নিজেই নিজকে ভ্ৰষ্ট কৰিছে।
Entonces habló Yahvé a Moisés, y dijo: “¡Ve, baja! porque ha pecado tu pueblo que sacaste de la tierra de Egipto.
8 ৮ তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।”
Muy pronto se han apartado del camino que Yo les había prescrito. Se han hecho un becerro de fundición y se han postrado ante él; le han ofrecido sacrificios y han dicho: “Este es tu Dios, oh Israel, el que te ha sacado de la tierra de Egipto.”
9 ৯ যিহোৱাই মোচিক পুনৰ ক’লে, “মই সেই লোকসকলক দেখিলোঁ। চোৱা, তেওঁলোক ঠৰডিঙীয়া লোক।
Y dijo Yahvé a Moisés: “Veo que este pueblo es un pueblo de dura cerviz.
10 ১০ সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম। তাৰ পাছতহে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।”
Déjame ahora para que se encienda mi ira contra ellos y los consuma; de ti, en cambio, haré un gran pueblo.”
11 ১১ কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
Pero Moisés imploró a Yahvé, su Dios, diciendo: “¿Por qué, oh Yahvé, ha de encenderse tu ira contra tu pueblo, que Tú sacaste de la tierra de Egipto con gran poder y mano fuerte?
12 ১২ মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।
¿Por qué han de decir los egipcios: Para hacerles mal los ha sacado a fin de matarlos en las montañas, y extirparlos de sobre la faz de la tierra? Deja el ardor de tu ira y arrepiéntete del mal contra tu pueblo.
13 ১৩ আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।”
Acuérdate de Abrahán, de Isaac y de Israel, siervos tuyos, a los cuales por Ti mismo juraste, diciéndoles: Multiplicaré vuestra descendencia como las estrellas del cielo; y toda esta tierra que os tengo prometida, la daré a vuestros descendientes, y ellos la poseerán para siempre.”
14 ১৪ তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।
Y se arrepintió Yahvé del mal con que había amenazado a su pueblo.
15 ১৫ তাৰ পাছত মোচিয়ে ঘূৰি, সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্ব্বতৰ পৰা নামি আহিল। সেই ফলিৰ আগফালৰ আৰু পিছফালৰ দুয়ো পিঠিতে লিখা আছিল।
Se volvió Moisés y bajó del monte, con las dos tablas del Testimonio en su mano; tablas escritas por ambos lados; por una y otra cara estaban escritas.
16 ১৬ সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনীও ঈশ্বৰে নিজে লিখা আছিল।
Las tablas eran obra de Dios, y la escritura era escritura de Dios, grabada sobre las tablas.
17 ১৭ যিহোচূৱাই যেতিয়া লোকসকলৰ চিঞঁৰ শুনিলে, তেতিয়া তেওঁ মোচিক ক’লে, “ছাউনিত যুদ্ধৰ শব্দ হৈছে।”
Cuando Josué oyó la voz del pueblo que gritaba, dijo a Moisés: “Gritos de guerra hay en el campamento.”
18 ১৮ কিন্তু মোচিয়ে তেওঁক ক’লে, “এয়ে জয় ধ্বনিৰ শব্দ নহয়; আৰু পৰাজয়ী লোকসকলৰো শব্দ নহয়, কিন্তু গান গোৱাৰহে শব্দ মই শুনিবলৈ পাইছোঁ।”
Respondió él: “No son gritos de victoria, ni alaridos de derrota. Voz de canto es lo que oigo.”
19 ১৯ মোচিয়ে যেতিয়া তম্বুৰ ওচৰ চাপি আহিল, তেতিয়া তেওঁ সেই দামুৰিটোক দেখিলে, আৰু লোকসকলে তেতিয়া নাচি আছিল। তেওঁ ক্রোধাম্বিত হ’ল। তেওঁৰ হাতৰ পৰা সেই ফলি দুখন পৰি গ’ল; আৰু পৰ্ব্বতৰ তলত পৰি ভাঙি গ’ল।
Mas cuando Moisés estuvo cerca del campamento y vio el becerro y las danzas, se encendió su ira de tal manera que arrojó de su mano las tablas y las hizo pedazos al pie del monte.
20 ২০ লোকসকলে নিৰ্মাণ কৰা দামুৰিটো লৈ জুইত পুৰি দিলে। পুৰা দামুৰিটোক পিহি ধূলিৰ নিচিনা কৰি পানীত মিহলাই ইস্ৰায়েলী লোকসকলক পান কৰালে।
Luego tomó el becerro que habían hecho, lo quemó y lo molió hasta reducirlo a polvo, el cual esparció en el agua y se lo dio de beber a los hijos de Israel.
21 ২১ তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল, যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”
Y dijo Moisés a Aarón: “¿Qué te hizo este pueblo para que le hayas acarreado pecado tan grave?”
22 ২২ হাৰোণে ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ ক্ৰোধ প্ৰজ্বলিত নহওঁক; আপুনি এই লোকসকলক জানে, যে তেওঁলোক দুষ্ট কাৰ্যত কিমান আসক্ত।
Aarón respondió: “No se encienda la ira de mi señor. Tú mismo sabes que este pueblo es propenso al mal.
23 ২৩ তেওঁলোকে মোক ক’লে, ‘আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰক; কাৰণ যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি নাজানো’।
Me dijeron: ‘Haznos un dios que vaya delante de nosotros; ya que no sabemos qué ha sucedido a ese Moisés, ese hombre que nos ha sacado de la tierra de Egipto.’
24 ২৪ সেয়ে মই তেওঁলোকক ক’লোঁ, ‘যি কোনো লোকৰ সোণৰ অলঙ্কাৰ আছে, সেই সকলোবোৰ সোলোকাই দিয়ক’। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে, আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ; আৰু এই দামুৰি বাহিৰলৈ ওলাই আহিল।”
Yo les contesté: ‘Quien tenga oro, quíteselo.’ Me lo dieron y yo lo eché al fuego y salió este becerro.”
25 ২৫ মোচিয়ে দেখিলে যে, হাৰোণৰ লোকসকলৰ ওপৰত নিয়ন্ত্রণ হেৰাইছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলি, তেওঁলোক শত্রুবোৰৰ আগত হাঁহিয়াতৰ পাত্র হৈছে।
Entonces Moisés viendo al pueblo desenfrenado —pues Aarón les había dado rienda suelta, para que se alegrasen sus enemigos—,
26 ২৬ তেতিয়া মোচিয়ে তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ ক’লে, “যিজন যিহোৱাৰ ফলীয়া, তেওঁ মোৰ ওচৰলৈ আহক।” লেবীৰ সকলো লোক তেওঁৰ চাৰিওকাষে গোট খালে।
se puso a la puerta del campamento, y exclamo: “¡A mí los de Yahvé!” Y se reunieron con él todos los hijos de Leví.
27 ২৭ তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা, আৰু তম্বুৰ চাৰিওফালৰ এটা প্রবেশ দুৱাৰৰ পৰা আন প্রবেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই, বন্ধু আৰু চুবুৰীয়া সকলক বধ কৰা’।”
Y les dijo: “Así dice Yahvé, el Dios de Israel: Cíñase cada uno su espada sobre su muslo, y pasad y repasad por el campamento de puerta en puerta, y matad, cada uno a su hermano, a su amigo y a su pariente.”
28 ২৮ তেতিয়া লেবীয়া লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। সেইদিনা লোকসকলৰ মাজত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হ’ল।
Hicieron los hijos de Leví según la orden de Moisés; y perecieron en aquel día unos tres mil hombres del pueblo.
29 ২৯ মোচিয়ে লেবীয়া লোকসকলক ক’লে, “আজিৰ পৰা যিহোৱাই তোমালোকক তেওঁৰ সেৱাৰ বাবে উৎসৰ্গ কৰিলে; কাৰণ তোমালোক প্রতিজনে তোমালোকৰ ভাইসকলৰ বিৰুদ্ধে কাৰ্য কৰিলা, সেয়ে যিহোৱা তোমালোকক আজি আশীৰ্ব্বাদ কৰিলে।”
Y dijo Moisés: “Hoy os habéis consagrado a Yahvé, cada uno contra su hijo y su hermano; para que hoy recibáis bendición.”
30 ৩০ তাৰ পাছদিনা মোচিয়ে লোকসকলক ক’লে, “তোমালোকে মহাপাপ কৰিলা। মই এতিয়া যিহোৱাৰ ওচৰলৈ যাওঁ; যদি পাৰোঁ তেনেহ’লে মই তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম।”
Al día siguiente dijo Moisés al pueblo: “Habéis cometido un gran pecado. Subiré ahora a Yahvé; quizás podré obtener la remisión de vuestro pecado.”
31 ৩১ মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহাপাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
Y se volvió Moisés a Yahvé y dijo: “¡Ay! este pueblo ha cometido un pecado grande, fabricándose un dios de oro.
32 ৩২ তথাপি এতিয়া অনুগ্রহ কৰি তেওঁলোকক ক্ষমা কৰক; কিন্তু যদি আপুনি ক্ষমা নকৰে, তেনেহ’লে আপুনি লিখা আপোনাৰ পুস্তকৰ পৰা মোৰ নাম বাহিৰ কৰি দিয়ক।”
Pero ahora, perdona su pecado; y si no, bórrame de tu libro que has escrito.”
33 ৩৩ যিহোৱাই মোচিক ক’লে, “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, সেই জনৰ নামহে মই মোৰ পুস্তকৰ পৰা বাহিৰ কৰিম।
Yahvé respondió a Moisés: “Al que haya pecado contra Mí, a este le borraré de mi libro.
34 ৩৪ এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।”
Por ahora ve y conduce al pueblo adonde te he dicho. He aquí que mi Ángel irá delante de ti, mas en el día de mi visitación los castigaré por su pecado.”
35 ৩৫ তাৰ পাছত যিহোৱাই লোকসকলৰ ওপৰত মহামাৰী পঠাই আঘাত কৰিলে; কিয়নো লোকসকলে হাৰোণক দামুৰি নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল।
Así hirió Yahvé al pueblo por haber hecho el becerro por manos de Aarón.