< যাত্রাপুস্তক 31 >
1 ১ তাৰ পাছত যিহোৱাই মোচিক ক’লে,
耶和华晓谕摩西说:
2 ২ “চোৱা, মই যিহূদা ফৈদৰ পৰা হূৰ, হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলক নাম কাঢ়ি মাতিলোঁ।
“看哪,犹大支派中,户珥的孙子、乌利的儿子比撒列,我已经提他的名召他。
3 ৩ মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।
我也以我的灵充满了他,使他有智慧,有聪明,有知识,能做各样的工,
4 ৪ সোণ, ৰূপ, আৰু পিতলত শিল্পিসুলভ নক্সাৰে কাম কৰিব।
能想出巧工,用金、银、铜制造各物,
5 ৫ তেওঁ পাথৰ কটা, পাথৰ খটোৱা আৰু কাঠৰ কাম, এই সকলো প্রকাৰৰ শিল্পকৰ্ম কৰে।
又能刻宝石,可以镶嵌,能雕刻木头,能做各样的工。
6 ৬ চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়ে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।
我分派但支派中、亚希撒抹的儿子亚何利亚伯与他同工。凡心里有智慧的,我更使他们有智慧,能做我一切所吩咐的,
7 ৭ সাক্ষাৎ কৰা তম্বু, সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণ, আৰু তম্বুৰ সকলো আচবাবপত্র।
就是会幕和法柜,并其上的施恩座,与会幕中一切的器具,
8 ৮ মেজ আৰু তাৰ সামগ্রী, শুদ্ধ সোণৰ দীপাধাৰাৰ সৈতে তাৰ সকলো সামগ্রী, ধূপবেদী,
桌子和桌子的器具,精金的灯台和灯台的一切器具并香坛,
9 ৯ হোমবেদিৰ সৈতে সকলো সামগ্রী, প্ৰক্ষালন-পাত্ৰৰ সৈতে তাৰ খুৰা।
燔祭坛和坛的一切器具,并洗濯盆与盆座,
10 ১০ এই সকলো বোৱা বস্ত্রৰ লগত সংযুক্ত কৰা হৈছিল। পুৰোহিতৰ পৰিচৰ্যাৰ বাবে পুৰোহিত হাৰোণ আৰু তেওঁৰ পুত্ৰসকল বাবে এই সকলো পবিত্ৰ বস্ত্ৰ।
精工做的礼服,和祭司亚伦并他儿子用以供祭司职分的圣衣,
11 ১১ অভিষেক তেল, আৰু পবিত্ৰ স্থানৰ বাবে মধুৰ সুগন্ধি ধূপ। মই যিদৰে তোমাক আজ্ঞা কৰিলোঁ, সেইদৰেই শিল্পকাৰ সকলে সকলো বস্তু তৈয়াৰ কৰিব।”
膏油和为圣所用馨香的香料。他们都要照我一切所吩咐的去做。”
12 ১২ যিহোৱাই মোচিক ক’লে,
耶和华晓谕摩西说:
13 ১৩ “তুমি ইস্ৰায়েলী লোকসকলক কোৱা, ‘তোমালোকে নিশ্চয় মোৰ বিশ্ৰাম-দিন পালন কৰিব লাগিব। ময়েই যে তোমালোকৰ যিহোৱা, ইয়াক যেন তোমালোকে বুজি পোৱা, সেই বাবে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এয়ে এক চিন হ’ব।
“你要吩咐以色列人说:‘你们务要守我的安息日;因为这是你我之间世世代代的证据,使你们知道我—耶和华是叫你们成为圣的。
14 ১৪ সেয়ে তোমালোকে বিশ্ৰাম-দিন পালন কৰিব লাগিব; কিয়নো তোমালোকৰ বাবে সেয়ে পবিত্ৰ দিন। যিজনে সেই দিন অপবিত্ৰ কৰিব, অৱশ্যেই তেওঁৰ প্ৰাণ দণ্ড হ’ব; কিয়নো যিকোনোৱে সেই দিনা কাম কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
所以你们要守安息日,以为圣日。凡干犯这日的,必要把他治死;凡在这日做工的,必从民中剪除。
15 ১৫ ছয়দিন কাম কৰিব লাগিব, কিন্তু সপ্তম দিন সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন; সেই বিশ্ৰাম দিনত যি কোনোৱে কাম কৰিব, তাৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
六日要做工,但第七日是安息圣日,是向耶和华守为圣的。凡在安息日做工的,必要把他治死。’
16 ১৬ এই হেতুকে ইস্ৰায়েলী লোকসকলে চিৰস্থায়ী বিধিৰূপে পুৰুষানুক্ৰমে মানি চলিবলৈ এই বিশ্ৰাম দিন পালন কৰিবা।
故此,以色列人要世世代代守安息日为永远的约。
17 ১৭ মোৰ আৰু ইস্ৰায়েলী লোকসকলৰ মাজত এয়ে চিৰস্থায়ী চিন হ’ব; কাৰণ যিহোৱাই ছয়দিনতে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি সপ্তম দিনা বিশ্ৰাম কৰিবৰ বাবে বিশ্রাম লৈছিল’।”
这是我和以色列人永远的证据;因为六日之内耶和华造天地,第七日便安息舒畅。”
18 ১৮ যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।
耶和华在西奈山和摩西说完了话,就把两块法版交给他,是 神用指头写的石版。