< যাত্রাপুস্তক 30 >
1 ১ তুমি ধূপ জ্বলাবৰ বাবে চিটীম কাঠেৰে এটা বেদী সাজিবা।
और तू ख़ुशबू जलाने के लिए कीकर की लकड़ी की एक क़ुर्बानगाह बनाना।
2 ২ সেয়ে এহাত দীঘল, এহাত বহল হ’ব; আৰু সেই বেদীৰ চাৰিওদিশ সমান হ’ব। ওখই দুহাত; তাৰ শিংবোৰ একে ডোখৰ কাঠেৰে হ’ব লাগিব।
उसकी लम्बाई एक हाथ और चौड़ाई एक हाथ हो, वह चौखुन्टी रहे और उसकी ऊँचाई दो हाथ हो और उसके सींग उसी टुकड़े से बनाए जाएँ।
3 ৩ তুমি বেদীটোৰ ওপৰত, চাৰিও ফালে আৰু শিংবোৰত শুদ্ধ সোণৰ পতা মাৰি আৱৰণ কৰিবা। তাৰ চাৰিওফালৰ কিনাৰত সোণ লগাবা।
और तू उसकी ऊपर की सतह और चारों पहलूओं को जो उसके चारों ओर हैं, और उसके सींगों को ख़ालिस सोने से मढ़ना और उसके लिए चारों ओर एक ज़रीन ताज बनाना।
4 ৪ তুমি সোণৰ দুটা আঙঠি গঢ়াই, কিনাৰৰ তলত দুই কাষৰ দুই চুকৰ ওপৰত লগাবা। বেদীটো বৈ নিবলৈ আঙঠি দুটা কানমাৰি সুমুউৱাৰ ঠাই হ’ব।
और तू उस ताज के नीचे उसके दोनों पहलुओं में सोने के दो कड़े उसकी दोनों तरफ़ बनाना। वह उसके उठाने की चोबों के लिए ख़ानों का काम देंगे।
5 ৫ সেই কানমাৰি চিটীম কাঠেৰে সাজিবা, আৰু তাত সোণৰ পতা মাৰিবা।
और चोबें कीकर की लकड़ी की बना कर उनको सोने से मंढना।
6 ৬ তুমি ধূপবেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ পৰ্দাৰ আগফালে ৰাখিব লাগিব। সেই পৰ্দা সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণৰ ওচৰত থাকিব। সেই ঠাইতে মই তোমালোকৰ সৈতে সাক্ষাৎ কৰিম।
और तू उसको उस पर्दे के आगे रखना जो शहादत के सन्दूक के सामने है; वह सरपोश के सामने रहे जो शहादत के सन्दूक के ऊपर है, जहाँ मैं तुझ से मिला करूँगा।
7 ৭ হাৰোণে প্রতি ৰাতিপুৱা সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূপ জ্বলাব।
“इसी पर हारून ख़ुशबूदार ख़ुशबू जलाया करे, हर सुबह चराग़ों को ठीक करते वक़्त ख़ुशबू जलाएँ।
8 ৮ গধূলিও প্ৰদীপ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব। সেয়ে তোমালোকৰ পুৰুষানুক্ৰমে যিহোৱাৰ সন্মুখত নিত্য ধূপদাহ হ’ব।
और ज़वाल और गु़रूब के बीच भी जब हारून चरागों को रोशन करे तब ख़ुशबू जलाए, यह ख़ुशबू ख़ुदावन्द के सामने तुम्हारी नसल — दर — नसल हमेशा जलाया जाए।
9 ৯ তোমালোকে তাৰ ওপৰত সাধাৰণ ধূপ, বা হোম বলি, বা ভক্ষ্য নৈবেদ্য উৎসৰ্গ নকৰিবা, আৰু তাৰ ওপৰত পেয় নৈবেদ্যও নাঢালিবা।
और तुम उस पर और तरह की ख़ुशबू न जलाना, न उस पर सोख़्तनी क़ुर्बानी और नज़र की क़ुर्बानी चढ़ाना और कोई तपावन भी उस पर न तपाना।
10 ১০ বছৰত এবাৰ হাৰোণে তাৰ শিংবোৰ পবিত্রকৃত কৰিব। তোমালোকৰ পুৰুষানুক্ৰমে প্ৰায়শ্চিত্তাৰ্থক পাপ-বলিৰ তেজেৰে তেওঁ বছৰত এবাৰ পবিত্রকৃত কৰিব। এই বেদী যিহোৱাৰ উদ্দেশ্যে অতি পবিত্ৰ হ’ব।
और हारून साल में एक बार उसके सींगों पर कफ़्फ़ारा दे। तुम्हारी नसल — दर — नसल साल में एक बार इस ख़ता की क़ुर्बानी के ख़ून से जो कफ़्फ़ारे के लिए हो, उसके लिए कफ़्फ़ारा दिया जाए। यह ख़ुदावन्द के लिए सबसे ज़्यादा पाक है।”
और ख़ुदावन्द ने मूसा से कहा,
12 ১২ “তুমি যেতিয়া ইস্ৰায়েলৰ জনসংখ্যা গণনা কৰিবা, তেতিয়া তেওঁলোকৰ প্ৰতিজনে যিহোৱাৰ উদ্দেশ্যে নিজৰ নিজৰ প্ৰাণৰ অৰ্থে মুক্তি ধন দিব লাগিব। তুমি তোমাৰ পাছত তেওঁলোকৰ গণনা কৰিব লাগিব। তুমি তেওঁলোকক গণনা কৰিবা, তাতে তেওঁলোকৰ মাজত মহামাৰী নহ’ব।
“जब तू बनी — इस्राईल का शुमार करे तो जितनों का शुमार हुआ हो वह फ़ी — मर्द शुमार के वक़्त अपनी जान का फ़िदिया ख़ुदावन्द के लिए दें, ताकि जब तू उनका शुमार कर रहा हो उस वक़्त कोई वबा उनमें फैलने न पाए।
13 ১৩ প্রতিজন লোকে গণনা কৰা সময়ত আধা চেকল ৰূপ দিব লাগিব। তেওঁ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। আধা চেকলত বিশ গেৰা হয়; সেই আধা চেকল যিহোৱাৰ উদ্দেশ্যে দিবলগা উপহাৰ।
हर एक जो निकल — निकल कर शुमार किए हुओं में मिलता जाए, वह मक़दिस की मिस्काल के हिसाब से नीम मिस्काल दे। मिस्काल बीस जीरहों की होती है। यह नीम मिस्काल ख़ुदावन्द के लिए नज़र है।
14 ১৪ বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোক প্রতিজনে গণনা কৰা সময়ত, যিহোৱালৈ উপহাৰ দিব লাগিব।
जितने बीस बरस के या इससे ज़्यादा उम्र के निकल निकल कर शुमार किए हुओं में मिलते जाएँ, उनमें से हर एक ख़ुदावन्द की नज़्र दे।
15 ১৫ তোমালোকে প্ৰাণৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সেই উপহাৰ দিয়াৰ সময়ত, ধনী লোকসকলে আধা চেকলতকৈ অধিক নিদিব, আৰু দুখীয়া লোকসকলে তাতকৈ কম নিদিব।
जब तुम्हारी जानों के कफ़्फ़ारे के लिए ख़ुदावन्द की नज़्र दी जाए, तो दौलतमन्द नीम मिस्काल से ज़्यादा न दे और न ग़रीब उससे कम दे।
16 ১৬ তুমি ইস্ৰায়েলী লোকসকলৰ পৰা সেই প্ৰায়শ্চিত্তৰ ধন ল’ব লাগিব, আৰু সেই ধন সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ অৰ্থে দিব লাগিব। তোমালোকৰ প্ৰাণৰ প্ৰায়শ্চিত্তৰ বাবে সেয়ে ইস্ৰায়েলী লোকসকলৰ সোঁৱৰণৰ অৰ্থে যিহোৱাৰ আগত থাকিব।”
और तू बनी — इस्राईल से कफ़्फ़ारे की नक़्दी लेकर उसे ख़ेमा — ए — इजितमा'अ के काम में लगाना। ताकि वह बनी — इस्राईल की तरफ़ से तुम्हारी जानों के कफ़्फ़ारे के लिए ख़ुदावन्द के सामने यादगार हो।”
फिर ख़ुदावन्द ने मूसा से कहा,
18 ১৮ “প্রক্ষালনৰ বাবে তুমি পিতলৰ এটা প্ৰক্ষালন-পাত্ৰ গঢ়াবা, আৰু তাত পিতলৰ খুৰা লগাবা। তুমি সেই প্রক্ষালন পাত্র সাক্ষাৎ কৰা তম্বু আৰু হোম বেদীৰ মাজত থবা; আৰু তুমি ইয়াৰ ভিতৰত পানী ভৰাই ৰাখিবা।
“तू धोने के लिए पीतल का एक हौज़ और पीतल ही की उसकी कुर्सी बनाना, और उसे ख़ेमा — ए — इजितमा'अ और क़ुर्बानगाह के बीच में रख कर उसमें पानी भर देना।
19 ১৯ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তাত থকা পানী লৈ নিজৰ হাত ভৰি ধুব।
और हारून और उसके बेटे अपने हाथ पाँव उससे धोया करें।
20 ২০ তেওঁলোকে যেতিয়া সাক্ষাৎ কৰা তম্বুত সোমাব, বা যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ, তেওঁৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ দগ্ধ কৰিবলৈ বেদীৰ ওচৰলৈ যাব, তেতিয়া তেওঁলোকৰ যেন মৃত্যু নহয়, সেই কাৰণে তেওঁলোকে নিজৰ হাত ভৰি ধুব।
ख़ेमा — ए — इजितमा'अ में दाख़िल होते वक़्त पानी से धो लिया करें ताकि हलाक न हों, या जब वह क़ुर्बानगाह के नज़दीक ख़िदमत के लिए या'नी ख़ुदावन्द के लिए सोख़्तनी क़ुर्बानी पेश करने को आएँ,
21 ২১ তেওঁলোকৰ মৃত্যু নহবলৈ তেওঁলোকৰ নিজৰ হাত ভৰি ধুব লাগিব। এয়ে তেওঁ আৰু তেওঁৰ বংশৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব।”
तो अपने — अपने हाथ पाँव धो लें ताकि मर न जाएँ। यह उसके और उसकी औलाद के लिए नसल — दर — नसल हमेशा की रिवायत हो।”
22 ২২ যিহোৱাই মোচিক ক’লে,
और ख़ुदावन्द ने मूसा से कहा,
23 ২৩ “তুমি নিজৰ বাবে বিশেষ বিশেষ সুগন্ধি দ্ৰব্য, অৰ্থাৎ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে, পাঁচশ চেকল গন্ধৰস, আৰু দুশ পঞ্চাশ চেকল সুগন্ধি ডালচেনি, দুশ পঞ্চাশ চেকল সুগন্ধি বচ,
कि तू मक़दिस की मिस्काल के हिसाब से ख़ास — ख़ास खु़शबूदार मसाल्हे लेना; या'नी अपने आप निकला हुआ मुर्र पाँच सौ मिस्काल, और उसका आधा या'नी ढाई सौ मिस्काल दारचीनी, और ख़ुशबूदार अगर ढाई सौ मिस्काल,
24 ২৪ পাঁচ শ চেকল তেজপাত, আৰু এক হিন জিতগছৰ তেল ল’বা।
और तज पाँच सौ मिस्काल, और जैतून का तेल एक हीन;
25 ২৫ সেইবোৰেৰে তুমি অভিষেকৰ অৰ্থে পবিত্ৰ তেল, অৰ্থাৎ সুগন্ধি দ্ৰব্য ব্যৱসায়ীয়ে তৈয়াৰ কৰা অনুসাৰে সুগন্ধি তেল যুগুত কৰিবা। সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।
और तू उनसे मसह करने का पाक तेल बनाना, या'नी उनकी गन्धी की हिकमत के मुताबिक़ मिला कर एक ख़ुशबूदार रौग़न तैयार करना। यही मसह करने का पाक तेल होगा।
26 ২৬ তুমি সাক্ষাৎ কৰা তম্বু, সাক্ষ্য ফলিৰ নিয়ম চন্দুক,
इसी से तू ख़ेमा — ए — इजितमा'अ को, और शहादत के सन्दूक को,
27 ২৭ মেজ আৰু তাৰ সকলো সঁজুলি, দীপাধাৰ আৰু তাৰ সঁজুলিবোৰ, ধূপ বেদী,
और मेज़ को उसके बर्तन के साथ, और शमा'दान को उसके बर्तन के साथ, और ख़ुशबू जलाने की क़ुर्बानगाह को
28 ২৮ হোমবেদি আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা সেই অভিষেক তেলেৰে অভিষেক কৰিবা।”
और सोख़्तनी क़ुर्बानी पेश करने के मज़बह को उसके सब बर्तन के साथ, और हौज़ को और उसकी कुर्सी को मसह करना;
29 ২৯ সেই সকলোকে অভিষেক কৰি পবিত্ৰ কৰিবা; তাতে সেই সকলো বস্তু মোৰ বাবে পবিত্ৰ আৰু সংৰক্ষিত হ’ব। সেইবোৰৰ সংস্পৰ্শত যি লোক আহিব, তেৱোঁ পবিত্ৰ হ’ব।
और तू उनको पाक करना ताकि वह निहायत पाक हो जाएँ, जो कुछ उनसे छू जाएगा वह पाक ठहरेगा।
30 ৩০ মোৰ উদ্দেশ্যে পুৰোহিত কাৰ্য কৰিবলৈ, তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক অভিষেক কৰি তেওঁলোকক পবিত্ৰ কৰিবা।
“और तू हारून और उसके बेटों को मसह करना और उनको पाक करना ताकि वह मेरे लिए काहिन की ख़िदमत को अन्जाम दें।
31 ৩১ তুমি ইস্ৰায়েলী লোকসকলক কবা, “তোমালোকৰ পুৰুষানুক্ৰমে মোৰ বাবে সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।
और तू बनी — इस्राईल से कह देना, 'यह तेल मेरे लिए तुम्हारी नसल दर नसल मसह करने का पाक तेल होगा।
32 ৩২ মানুহৰ গাত সেই তেল ব্যৱহাৰ কৰা নহ’ব। সেই তেলৰ সূত্র অনুসাৰে, সেই তেলৰ দৰে আন কোনো তেল প্রস্তুত কৰা নহ’ব; কাৰণ সেয়ে মোৰ বাবে পবিত্ৰ কৰি সংৰক্ষিত কৰা তেল।
यह किसी आदमी के जिस्म पर न डाला जाए, और न तुम कोई और रौग़न इसकी तरकीब से बनाना; इस लिए के यह पाक है और तुम्हारे नज़दीक पाक ठहरे।
33 ৩৩ যি কোনোৱে এই তেলৰ দৰে আন সুগন্ধি প্রস্তুত কৰিব, বা যি কোনোৱে গাত তাৰ অলপো লগাব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
जो कोई इसकी तरह कुछ बनाए या इसमें, से कुछ किसी अजनबी पर लगाए वह अपनी कौम में से काट डाला जाए।”
34 ৩৪ যিহোৱাই মোচিক ক’লে, “তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা।
और ख़ुदावन्द ने मूसा से कहा, “तू ख़ुशबूदार मसाल्हे मुर्र और मस्तकी और लौन और खु़शबूदार मसाल्हे के साथ ख़ालिस लुबान वज्न में बराबर — बराबर लेना,
35 ৩৫ সেইবোৰৰ দ্বাৰাই সুগন্ধি-দ্ৰব্য ব্যৱসায়ীৰ সূত্র অনুসাৰে লোণ মিহলোৱা এক নিৰ্মল পবিত্ৰ সুগন্ধি ধূপ যুগুত কৰা।
और नमक मिलाकर उनसे गन्धी की हिकमत के मुताबिक़ ख़ुशबूदार रोग़न की तरह साफ़ और पाक ख़ुशबू बनाना।
36 ৩৬ সেই ধূপ গুড়ি কৰি মিহি কৰিবা, যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম, সেই সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ সন্মুখত তাক থবা। সেয়ে তোমালোকলৈ অতি পবিত্ৰ হ’ব।
और इसमें से कुछ ख़ूब बारीक पीस कर ख़ेमा — ए — इजितमा'अ में शहादत के सन्दूक़ के सामने जहाँ मैं तुझ से मिला करूँगा रखना। यह तुम्हारे लिए निहायत पाक ठहरे।
37 ৩৭ তুমি যি সুগন্ধি ধূপ প্রস্তুত কৰিবা, সেই সূত্র অনুসাৰে তোমালোকৰ বাবে ধূপ প্রস্তুত নকৰিবা। সেয়ে তোমাৰ মানত যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
और जो ख़ुशबू तू बनाए उसकी तरकीब के मुताबिक़ तुम अपने लिए कुछ न बनाना। वह ख़ुशबू तेरे नज़दीक ख़ुदावन्द के लिए पाक हो।
38 ৩৮ যি কোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
जो कोई सूघने के लिए भी उसकी तरह कुछ बनाए वह अपनी क़ौम में से काट डाला जाए।”