< যাত্রাপুস্তক 30 >

1 তুমি ধূপ জ্বলাবৰ বাবে চিটীম কাঠেৰে এটা বেদী সাজিবা।
«مذبحی از چوب اقاقیا برای سوزاندن بخور بساز.
2 সেয়ে এহাত দীঘল, এহাত বহল হ’ব; আৰু সেই বেদীৰ চাৰিওদিশ সমান হ’ব। ওখই দুহাত; তাৰ শিংবোৰ একে ডোখৰ কাঠেৰে হ’ব লাগিব।
این مذبح باید به شکل چهارگوش و به طول و عرض نیم متر و بلندی یک متر باشد، و شاخهایش با مذبح یکپارچه باشد.
3 তুমি বেদীটোৰ ওপৰত, চাৰিও ফালে আৰু শিংবোৰত শুদ্ধ সোণৰ পতা মাৰি আৱৰণ কৰিবা। তাৰ চাৰিওফালৰ কিনাৰত সোণ লগাবা।
روکش مذبح و شاخهای آن از طلای خالص باشد. قابی دور تا دور آن از طلا درست کن.
4 তুমি সোণৰ দুটা আঙঠি গঢ়াই, কিনাৰৰ তলত দুই কাষৰ দুই চুকৰ ওপৰত লগাবা। বেদীটো বৈ নিবলৈ আঙঠি দুটা কানমাৰি সুমুউৱাৰ ঠাই হ’ব।
در دو طرف مذبح، زیر قاب طلایی، دو حلقه از طلا برای قرار گرفتن چوبها بساز تا با آنها مذبح را حمل کنند.
5 সেই কানমাৰি চিটীম কাঠেৰে সাজিবা, আৰু তাত সোণৰ পতা মাৰিবা।
این چوبها باید از درخت اقاقیا تهیه شوند و روکش طلا داشته باشند.
6 তুমি ধূপবেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ পৰ্দাৰ আগফালে ৰাখিব লাগিব। সেই পৰ্দা সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণৰ ওচৰত থাকিব। সেই ঠাইতে মই তোমালোকৰ সৈতে সাক্ষাৎ কৰিম।
مذبح بخور را بیرون پرده‌ای که روبروی صندوق عهد قرار گرفته بگذار. من در آنجا با تو ملاقات خواهم کرد.
7 হাৰোণে প্রতি ৰাতিপুৱা সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূপ জ্বলাব।
هر روز صبح که هارون، روغن داخل چراغها می‌ریزد و آنها را آماده می‌کند، باید بر آن مذبح، بخور خوشبو بسوزاند.
8 গধূলিও প্ৰদীপ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব। সেয়ে তোমালোকৰ পুৰুষানুক্ৰমে যিহোৱাৰ সন্মুখত নিত্য ধূপদাহ হ’ব।
هر روز عصر نیز که چراغها را روشن می‌کند باید در حضور خداوند بخور بسوزاند. این عمل باید مرتب نسل اندر نسل انجام شود.
9 তোমালোকে তাৰ ওপৰত সাধাৰণ ধূপ, বা হোম বলি, বা ভক্ষ্য নৈবেদ্য উৎসৰ্গ নকৰিবা, আৰু তাৰ ওপৰত পেয় নৈবেদ্যও নাঢালিবা।
بخور غیر مجاز، قربانی سوختنی و هدیهٔ آردی روی آن تقدیم نکنید و هدیهٔ نوشیدنی بر آن نریزید.
10 ১০ বছৰত এবাৰ হাৰোণে তাৰ শিংবোৰ পবিত্রকৃত কৰিব। তোমালোকৰ পুৰুষানুক্ৰমে প্ৰায়শ্চিত্তাৰ্থক পাপ-বলিৰ তেজেৰে তেওঁ বছৰত এবাৰ পবিত্রকৃত কৰিব। এই বেদী যিহোৱাৰ উদ্দেশ্যে অতি পবিত্ৰ হ’ব।
«هارون باید سالی یکبار با پاشیدن خون قربانی گناه، بر شاخهای مذبح، آن را تقدیس نماید. این عمل باید هر سال مدام نسل اندر نسل انجام شود، چون این مذبح برای خداوند بسیار مقدّس است.»
11 ১১ যিহোৱাই মোচিক কলে,
سپس خداوند به موسی فرمود:
12 ১২ “তুমি যেতিয়া ইস্ৰায়েলৰ জনসংখ্যা গণনা কৰিবা, তেতিয়া তেওঁলোকৰ প্ৰতিজনে যিহোৱাৰ উদ্দেশ্যে নিজৰ নিজৰ প্ৰাণৰ অৰ্থে মুক্তি ধন দিব লাগিব। তুমি তোমাৰ পাছত তেওঁলোকৰ গণনা কৰিব লাগিব। তুমি তেওঁলোকক গণনা কৰিবা, তাতে তেওঁলোকৰ মাজত মহামাৰী নহ’ব।
«هر موقع بنی‌اسرائیل را سرشماری می‌کنی هر کسی که شمرده می‌شود، باید برای جان خود به من فدیه دهد تا هنگام سرشماری بلایی بر قوم نازل نشود.
13 ১৩ প্রতিজন লোকে গণনা কৰা সময়ত আধা চেকল ৰূপ দিব লাগিব। তেওঁ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। আধা চেকলত বিশ গেৰা হয়; সেই আধা চেকল যিহোৱাৰ উদ্দেশ্যে দিবলগা উপহাৰ।
فدیه‌ای که او باید بپردازد نیم مثقال نقره برحسب مثقال عبادتگاه است که باید به من تقدیم شود.
14 ১৪ বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোক প্রতিজনে গণনা কৰা সময়ত, যিহোৱালৈ উপহাৰ দিব লাগিব।
تمام افراد بیست ساله و بالاتر باید سرشماری شوند و این هدیه را به من بدهند.
15 ১৫ তোমালোকে প্ৰাণৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সেই উপহাৰ দিয়াৰ সময়ত, ধনী লোকসকলে আধা চেকলতকৈ অধিক নিদিব, আৰু দুখীয়া লোকসকলে তাতকৈ কম নিদিব।
کسی که ثروتمند است از این مقدار بیشتر ندهد و آن که فقیر است کمتر ندهد، چون این کفاره را برای جانهای خود به من می‌دهند.
16 ১৬ তুমি ইস্ৰায়েলী লোকসকলৰ পৰা সেই প্ৰায়শ্চিত্তৰ ধন ল’ব লাগিব, আৰু সেই ধন সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ অৰ্থে দিব লাগিব। তোমালোকৰ প্ৰাণৰ প্ৰায়শ্চিত্তৰ বাবে সেয়ে ইস্ৰায়েলী লোকসকলৰ সোঁৱৰণৰ অৰ্থে যিহোৱাৰ আগত থাকিব।”
پول کفاره را که از بنی‌اسرائیل می‌گیری، برای تعمیر و نگهداری خیمهٔ ملاقات صرف کن. پرداخت این فدیه باعث می‌شود که من به یاد بنی‌اسرائیل باشم و جان ایشان را حفظ کنم.»
17 ১৭ যিহোৱাই মোচিক কলে,
سپس خداوند به موسی فرمود:
18 ১৮ “প্রক্ষালনৰ বাবে তুমি পিতলৰ এটা প্ৰক্ষালন-পাত্ৰ গঢ়াবা, আৰু তাত পিতলৰ খুৰা লগাবা। তুমি সেই প্রক্ষালন পাত্র সাক্ষাৎ কৰা তম্বু আৰু হোম বেদীৰ মাজত থবা; আৰু তুমি ইয়াৰ ভিতৰত পানী ভৰাই ৰাখিবা।
«حوضی از مفرغ با پایه‌ای مفرغین برای شستشو بساز. آن را بین خیمهٔ ملاقات و مذبح بگذار و از آب پر کن.
19 ১৯ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তাত থকা পানী লৈ নিজৰ হাত ভৰি ধুব।
هارون و پسرانش باید دست و پای خود را با این آب بشویند.
20 ২০ তেওঁলোকে যেতিয়া সাক্ষাৎ কৰা তম্বুত সোমাব, বা যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ, তেওঁৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ দগ্ধ কৰিবলৈ বেদীৰ ওচৰলৈ যাব, তেতিয়া তেওঁলোকৰ যেন মৃত্যু নহয়, সেই কাৰণে তেওঁলোকে নিজৰ হাত ভৰি ধুব।
وقتی آنها می‌خواهند به خیمه ملاقات وارد شوند و نیز وقتی بر مذبح، هدیهٔ مخصوص به من تقدیم می‌کنند، باید با این آب شستشو کنند تا نمیرند.
21 ২১ তেওঁলোকৰ মৃত্যু নহবলৈ তেওঁলোকৰ নিজৰ হাত ভৰি ধুব লাগিব। এয়ে তেওঁ আৰু তেওঁৰ বংশৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব।”
آنها باید دستها و پاهای خود را با این آب بشویند و گرنه خواهند مرد. هارون و پسرانش و نسلهای آیندهٔ آنها باید این دستورها را همیشه رعایت کنند.»
22 ২২ যিহোৱাই মোচিক ক’লে,
خداوند به موسی فرمود:
23 ২৩ “তুমি নিজৰ বাবে বিশেষ বিশেষ সুগন্ধি দ্ৰব্য, অৰ্থাৎ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে, পাঁচশ চেকল গন্ধৰস, আৰু দুশ পঞ্চাশ চেকল সুগন্ধি ডালচেনি, দুশ পঞ্চাশ চেকল সুগন্ধি বচ,
«این مواد خوشبوی مخصوص را تهیه کن: شش کیلوگرم مُر خالص، سه کیلوگرم دارچین خوشبو، سه کیلوگرم نی معطر،
24 ২৪ পাঁচ শ চেকল তেজপাত, আৰু এক হিন জিতগছৰ তেল ল’বা।
شش کیلوگرم سلیخه (که همگی به مثقال عبادتگاه وزن شده‌اند). آنگاه چهار لیتر روغن زیتون روی آنها بریز،
25 ২৫ সেইবোৰেৰে তুমি অভিষেকৰ অৰ্থে পবিত্ৰ তেল, অৰ্থাৎ সুগন্ধি দ্ৰব্য ব্যৱসায়ীয়ে তৈয়াৰ কৰা অনুসাৰে সুগন্ধি তেল যুগুত কৰিবা। সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।
و از ترکیب آنها روغن مقدّس مسح درست کن.
26 ২৬ তুমি সাক্ষাৎ কৰা তম্বু, সাক্ষ্য ফলিৰ নিয়ম চন্দুক,
سپس این روغن را برای مسح خیمهٔ ملاقات، صندوق عهد،
27 ২৭ মেজ আৰু তাৰ সকলো সঁজুলি, দীপাধাৰ আৰু তাৰ সঁজুলিবোৰ, ধূপ বেদী,
میز با تمام ظروف آن، چراغدان با تمام وسایل آن، مذبح بخور،
28 ২৮ হোমবেদি আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা সেই অভিষেক তেলেৰে অভিষেক কৰিবা।”
مذبح هدیهٔ سوختنی و هر چه که متعلق به آن است، حوض و پایه‌های آن به کار ببر.
29 ২৯ সেই সকলোকে অভিষেক কৰি পবিত্ৰ কৰিবা; তাতে সেই সকলো বস্তু মোৰ বাবে পবিত্ৰ আৰু সংৰক্ষিত হ’ব। সেইবোৰৰ সংস্পৰ্শত যি লোক আহিব, তেৱোঁ পবিত্ৰ হ’ব।
آنها را تقدیس کن تا کاملاً مقدّس شوند و هر کسی نتواند به آن دست بزند.
30 ৩০ মোৰ উদ্দেশ্যে পুৰোহিত কাৰ্য কৰিবলৈ, তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক অভিষেক কৰি তেওঁলোকক পবিত্ৰ কৰিবা।
با روغنی که درست می‌کنی هارون و پسرانش را مسح نموده، تقدیس کن تا کاهنان من باشند.
31 ৩১ তুমি ইস্ৰায়েলী লোকসকলক কবা, “তোমালোকৰ পুৰুষানুক্ৰমে মোৰ বাবে সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।
به بنی‌اسرائیل بگو که این روغن در نسلهای شما روغن مسح مقدّس من خواهد بود.
32 ৩২ মানুহৰ গাত সেই তেল ব্যৱহাৰ কৰা নহ’ব। সেই তেলৰ সূত্র অনুসাৰে, সেই তেলৰ দৰে আন কোনো তেল প্রস্তুত কৰা নহ’ব; কাৰণ সেয়ে মোৰ বাবে পবিত্ৰ কৰি সংৰক্ষিত কৰা তেল।
نباید این روغن را روی افراد معمولی بریزید و حق ندارید شبیه آن را درست کنید، چون مقدّس است و شما هم باید آن را مقدّس بدانید.
33 ৩৩ যি কোনোৱে এই তেলৰ দৰে আন সুগন্ধি প্রস্তুত কৰিব, বা যি কোনোৱে গাত তাৰ অলপো লগাব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
اگر کسی از این روغن درست کند و یا اگر بر شخصی که کاهن نیست بمالد، از میان قوم اسرائیل منقطع خواهد شد.»
34 ৩৪ যিহোৱাই মোচিক ক’লে, “তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা।
سپس خداوند به موسی فرمود: «برای ساختن بخور از این مواد خوشبو به مقدار مساوی استفاده کن: میعه، اظفار، قنه و کندر خالص.
35 ৩৫ সেইবোৰৰ দ্বাৰাই সুগন্ধি-দ্ৰব্য ব্যৱসায়ীৰ সূত্র অনুসাৰে লোণ মিহলোৱা এক নিৰ্মল পবিত্ৰ সুগন্ধি ধূপ যুগুত কৰা।
با استفاده از روش سازندگان بخور، از ترکیب این مواد خوشبو با نمک، بخور خالص و مقدّس درست کن.
36 ৩৬ সেই ধূপ গুড়ি কৰি মিহি কৰিবা, যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম, সেই সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ সন্মুখত তাক থবা। সেয়ে তোমালোকলৈ অতি পবিত্ৰ হ’ব।
قدری از آن را بکوب و در خیمۀ ملاقات پیش صندوق عهد، جایی که با تو ملاقات می‌کنم بگذار. این بخور کاملاً مقدّس خواهد بود.
37 ৩৭ তুমি যি সুগন্ধি ধূপ প্রস্তুত কৰিবা, সেই সূত্র অনুসাৰে তোমালোকৰ বাবে ধূপ প্রস্তুত নকৰিবা। সেয়ে তোমাৰ মানত যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
هرگز بخوری با این ترکیب برای خود درست نکنید، چون این بخور از آن من است و باید آن را مقدّس بشمارید.
38 ৩৮ যি কোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
هر کس بخوری مانند این بخور برای خودش تهیه کند، از میان قوم اسرائیل منقطع خواهد شد.»

< যাত্রাপুস্তক 30 >