< যাত্রাপুস্তক 3 >
1 ১ মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল।
Wakati huu Musa aliendelea kuchunga mifugo ya Yethro baba mkwe wake, kuhani wa Midiani. Musa aliliongoza kundi la mifugo kuelekea upande wa mbali wa jangwa mpaka kufika Horebu, mlima wa Mungu.
2 ২ সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
Akiwa pale malaika wa Yahwe akamtokea kama mwali wa moto katika kichaka. Musa aliangalia, na tazama, kichaka kiliwaka moto lakini hakikuteketea.
3 ৩ তেতিয়া মোচিয়ে ক’লে, “মই এফলীয়া হৈ যাওঁ, আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই?”
Musa akasema, “Nitageuka ili nione kitaku hiki cha ajabu, kwa nini kichaka hakiteketei.”
4 ৪ যেতিয়া যিহোৱাই দেখিলে যে, তেওঁক চাবলৈ মোচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক’লে, “হে মোচি, হে মোচি।” তেওঁ ক’লে, “চাওঁক, মই ইয়াতে আছোঁ।”
Yahwe alipoona ya kuwa amegeuka upande ili aone, Mungu alimwita kutoka katika kile kichaka na kusema, “Musa, Musa.” Musa akasema, “Mimi hapa.”
5 ৫ যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
Mungu akasema, “Usinikaribie! Vua viatu katika miguu yako, kwa kuwa mahali uliposimama ni mahali palipowekwa wakfu kwa ajili yangu.”
6 ৬ তেওঁ পুনৰ ক’লে, “মই তোমাৰ পূর্বপুৰুসকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
Aliongeza kusema, “Mimi ni Mungu wa baba yako, Mungu wa Abrahamu, Mungu wa Isaka, na Mungu wa Yakobo.” Kisha Musa akaufunika uso wake, kwa kuwa aliogopa kumwangalia Mungu.
7 ৭ যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
Yahwe akasema, “Hakika nimeyaona mateso ya watu wangu walioko Misri. Nimesikia kelele zao kwa sababu ya mabwana wao, kwa kuwa nayajua mateso yao.
8 ৮ মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোলবৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
Nimekuja chini kuwaokoa dhidi ya mamlaka ya Wamisri na kuwatoa katika nchi ile na kuwaleta katika nchi nzuri, pana, nchi ijaayo maziwa na asali; kwenye ukanda wa Wakanaani, Wahiti, Waamori, Waperizi, Wahivi, na Wayebusi.
9 ৯ এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।
Sasa kilio cha watu wa Israeli kimenifikia mimi. Zaidi sana, Mimi nimeyaona mateso ambayo Wamisri wanawatesa.
10 ১০ সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”
Sasa basi, nitakutuma wewe kwa Farao ili upate kuwatoa watu wangu, wana wa Israeli, kutoka katika nchi ya Misri.”
11 ১১ কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”
Lakini Musa akamwambia Mungu, “Mimi ni nani hata niende kwa Farao na kuwatoa Waisraeli kutoka Misri?”
12 ১২ ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”
Mungu akamjibu, “Hakika nitakuwa pamoja nawe. Hii itakuwa ishara kwako ya kuwa nimekutuma. Utakapokuwa umewatoa watu kutoka Misri, mtaniabubu mimi katika mlima huu.”
13 ১৩ মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?”
Musa akamwambia Mungu, “Nikienda kwa Waisraeli na kuwaambia, 'Mungu wa baba zenu amenituma mimi kwenu,' na kisha wakiniambia, 'jina lake nani?' nitawaambia nini?”
14 ১৪ ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
Mungu akamwambia Musa, “MIMI NIPO AMBAYE NIPO.” Mungu akasema, “Ni lazima uwaambie Waisraeli, “MIMI NIPO amenituma kwenu.”
15 ১৫ ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
Pia Mungu akamwambia Musa, “Lazima uwaambie Waisraeli, 'Yahwe, Mungu wa baba zenu, Mungu wa Abrahamu, Mungu wa Isaka, na Mungu wa Yakobo amenituma mimi kwenu. Hili ndio jina langu milele, na hivi ndivyo nitakavyokumbukwa na vizazi vyote.'
16 ১৬ তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
Nenda ukawakusanye wazee wa Israeli pamoja. Waambie, 'Yahwe, Mungu wa baba zenu, Mungu wa Abrahamu, wa Isaka na Yakobo, amenitokea mimi na kusema, “Hakika nimewatazama na nimeona yale mliyotendewa huko Misri.
17 ১৭ মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।
Nimeahidi kuwatoa ninyi katika mateso ya Misri na kuwaleta katika nchi ya Wakanaani, Wahiti, Wamwori, Waperizi, Wahivi, na Wayebusi. Nchi ijaayo maziwa na asali.”
18 ১৮ তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’
Watakusikiliza. Wewe pamoja na wazee wa Israeeli itawapasa kwenda kwa mfalme wa Misri, na imewapasa kumwambia, 'Yahwe, Mungu wa Waebrania amekutana nasi. Hivyo tuache sisi twende safari ya siku tatu katika jangwa ili tupate kutoa sadaka kwa Yahwe Mungu wetu.'
19 ১৯ কিন্তু মই জানো, যেতিয়ালৈকে মিচৰৰ ৰজাক বাধ্য কৰোঁৱা নহয়, তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব।
Lakini nafahamu ya kuwa mfalme wa Misri hatawaacha ninyi mwende, isipokuwa kwa kulazimishwa.
20 ২০ মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
Nitainua mkono wangu na kuwapiga Wamisri kwa miujiza yote nitakayoifanya kati yao. Baada ya hayo, atawaacha mwende.
21 ২১ মই মিচৰীয়াসকলৰ পৰা তোমালোকক অনুগ্ৰহপ্ৰাপ্ত কৰিম। সেয়ে তোমালোকে যোৱা সময়ত শুদা-হাতে যাব লগা নহ’ব।
Nitawapa watu hawa kufadhiliwa kutoka kwa Wamisri ili muondokapo msiende mikono mitupu.
22 ২২ প্ৰতি গৰাকী মহিলাই নিজৰ ওচৰ-চুবুৰীয়া, আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মহিলা সকলৰ পৰা ৰূপ আৰু সোণৰ অলঙ্কাৰ আৰু বস্ত্ৰ খুজিবা; আৰু তোমালোকে সেইবোৰ নিজৰ লৰা-ছোৱালীক পিন্ধাবা; এই দৰে তোমালোকে মিচৰীয়া সকলক লুট কৰিবা।”
Kila mwanamke ataomba kwa jirani yake Mmisri na kwa kila mwanamke akaaye kwenye nyumba ya jirani yake, vyombo vya fedha na vya dhahabu na nguo. Nanyi mtawavika watoto wenu wa kiume na binti zenu. Kwa njia hii mtawateka nyara Wamisri.”