< যাত্রাপুস্তক 3 >

1 মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল।
و اما موسی گله پدر زن خود، یترون، کاهن مدیان را شبانی می‌کرد، و گله را بدان طرف صحرا راند و به حوریب که جبل الله باشد آمد.۱
2 সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
وفرشته خداوند در شعله آتش از میان بوته‌ای بروی ظاهر شد، و چون او نگریست، اینک آن بوته به آتش مشتعل است اما سوخته نمی شود.۲
3 তেতিয়া মোচিয়ে ক’লে, “মই এফলীয়া হৈ যাওঁ, আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই?”
وموسی گفت: «اکنون بدان طرف شوم، و این امرغریب را ببینم، که بوته چرا سوخته نمی شود.»۳
4 যেতিয়া যিহোৱাই দেখিলে যে, তেওঁক চাবলৈ মোচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক’লে, “হে মোচি, হে মোচি।” তেওঁ ক’লে, “চাওঁক, মই ইয়াতে আছোঁ।”
چون خداوند دید که برای دیدن مایل بدان سومی شود، خدا از میان بوته به وی ندا درداد و گفت: «ای موسی! ای موسی!» گفت: «لبیک.»۴
5 যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
گفت: «بدین جا نزدیک میا، نعلین خود را از پایهایت بیرون کن، زیرا مکانی که در آن ایستاده‌ای زمین مقدس است.»۵
6 তেওঁ পুনৰ ক’লে, “মই তোমাৰ পূর্বপুৰুসকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
و گفت: «من هستم خدای پدرت، خدای ابراهیم، و خدای اسحاق، وخدای یعقوب.» آنگاه موسی روی خود راپوشانید، زیرا ترسید که به خدا بنگرد.۶
7 যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
وخداوند گفت: «هر آینه مصیبت قوم خود را که درمصرند دیدم، و استغاثه ایشان را از دست سرکاران ایشان شنیدم، زیرا غمهای ایشان رامی دانم.۷
8 মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোলবৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
و نزول کردم تا ایشان را از دست مصریان خلاصی دهم، و ایشان را از آن زمین به زمین نیکو و وسیع برآورم، به زمینی که به شیر وشهد جاری است، به مکان کنعانیان و حتیان و اموریان و فرزیان و حویان و یبوسیان.۸
9 এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।
و الان اینک استغاثه بنی‌اسرائیل نزد من رسیده است، وظلمی را نیز که مصریان بر ایشان می‌کنند، دیده‌ام.۹
10 ১০ সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”
پس اکنون بیا تا تو را نزد فرعون بفرستم، و قوم من، بنی‌اسرائیل را از مصر بیرون آوری.»۱۰
11 ১১ কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”
موسی به خدا گفت: «من کیستم که نزدفرعون بروم، و بنی‌اسرائیل را از مصر بیرون آورم؟»۱۱
12 ১২ ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”
گفت: «البته با تو خواهم بود. و علامتی که من تو را فرستاده‌ام، این باشد که چون قوم را ازمصر بیرون آوردی، خدا را بر این کوه عبادت خواهید کرد.»۱۲
13 ১৩ মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?”
موسی به خدا گفت: «اینک چون من نزد بنی‌اسرائیل برسم، و بدیشان گویم خدای پدران شما مرا نزد شما فرستاده است، و ازمن بپرسند که نام او چیست، بدیشان چه گویم؟»۱۳
14 ১৪ ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
خدا به موسی گفت: «هستم آنکه هستم.» وگفت: «به بنی‌اسرائیل چنین بگو: اهیه (هستم ) مرانزد شما فرستاد.»۱۴
15 ১৫ ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
و خدا باز به موسی گفت: «به بنی‌اسرائیل چنین بگو، یهوه خدای پدران شما، خدای ابراهیم و خدای اسحاق و خدای یعقوب، مرا نزد شما فرستاده، این است نام من تا ابدالاباد، و این است یادگاری من نسلا بعد نسل.۱۵
16 ১৬ তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
برو ومشایخ بنی‌اسرائیل را جمع کرده، بدیشان بگو: یهوه خدای پدران شما، خدای ابراهیم و اسحاق و یعقوب، به من ظاهر شده، گفت: هر آینه از شماو از آنچه به شما در مصر کرده‌اند، تفقد کرده‌ام،۱۶
17 ১৭ মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।
و گفتم شما را از مصیبت مصر بیرون خواهم آورد، به زمین کنعانیان و حتیان و اموریان وفرزیان و حویان و یبوسیان، به زمینی که به شیر وشهد جاری است.۱۷
18 ১৮ তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’
و سخن تو را خواهندشنید، و تو با مشایخ اسرائیل، نزد پادشاه مصر بروید، و به وی گویید: یهوه خدای عبرانیان ما راملاقات کرده است. و الان سفر سه روزه به صحرابرویم، تا برای یهوه خدای خود قربانی بگذرانیم.۱۸
19 ১৯ কিন্তু মই জানো, যেতিয়ালৈকে মিচৰৰ ৰজাক বাধ্য কৰোঁৱা নহয়, তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব।
و من می‌دانم که پادشاه مصر شما را نمی گذاردبروید، و نه هم به‌دست زورآور.۱۹
20 ২০ মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
پس دست خود را دراز خواهم کرد، و مصر را به همه عجایب خود که در میانش به ظهور می‌آورم خواهم زد، و بعد از آن شما را رها خواهد کرد.۲۰
21 ২১ মই মিচৰীয়াসকলৰ পৰা তোমালোকক অনুগ্ৰহপ্ৰাপ্ত কৰিম। সেয়ে তোমালোকে যোৱা সময়ত শুদা-হাতে যাব লগা নহ’ব।
و این قوم را در نظر مصریان مکرم خواهم ساخت، و واقع خواهد شد که چون بروید تهی‌دست نخواهید رفت.۲۱
22 ২২ প্ৰতি গৰাকী মহিলাই নিজৰ ওচৰ-চুবুৰীয়া, আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মহিলা সকলৰ পৰা ৰূপ আৰু সোণৰ অলঙ্কাৰ আৰু বস্ত্ৰ খুজিবা; আৰু তোমালোকে সেইবোৰ নিজৰ লৰা-ছোৱালীক পিন্ধাবা; এই দৰে তোমালোকে মিচৰীয়া সকলক লুট কৰিবা।”
بلکه هر زنی از همسایه خود و مهمان خانه خویش آلات نقره و آلات طلا و رخت خواهد خواست، و به پسران ودختران خود خواهید پوشانید، و مصریان راغارت خواهید نمود.»۲۲

< যাত্রাপুস্তক 3 >