< যাত্রাপুস্তক 3 >
1 ১ মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল।
А Моисей пасеше овците на тъста си Иотора, мадиамския жрец; и като докара овците в задната страна на пустинята, дойде на Божията планина Хорив.
2 ২ সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
И ангел Господен му се яви в огнен пламък изсред една къпина; и Моисей погледна, и ето къпината гореше в огън, а къпината не изгаряше.
3 ৩ তেতিয়া মোচিয়ে ক’লে, “মই এফলীয়া হৈ যাওঁ, আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই?”
И Моисей си рече: Да свърна и да погледам това велико явление, защо къпината не изгаря.
4 ৪ যেতিয়া যিহোৱাই দেখিলে যে, তেওঁক চাবলৈ মোচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক’লে, “হে মোচি, হে মোচি।” তেওঁ ক’লে, “চাওঁক, মই ইয়াতে আছোঁ।”
А като видя Господ, че свърна да прегледа, Бог го извика изсред къпината и рече: Моисее, Моисее! И Той каза: Ето ме.
5 ৫ যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
И рече: Да се не приближиш тука; изуй обущата от нозете си, защото мястото, на което стоиш, е света земя.
6 ৬ তেওঁ পুনৰ ক’লে, “মই তোমাৰ পূর্বপুৰুসকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
Рече още: Аз съм Бог на баща ти, Бог Авраамов, Бог Исааков, и Бог Яковов. А Моисей затули лицето си, защото се боеше да погледне към Бога.
7 ৭ যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
И рече Господ: Наистина видях страданието на людете Ми, които са в Египет, и чух вика им поради настойниците им; защото познах неволите им.
8 ৮ মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোলবৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
И слязох за да ги избавя от ръката на египтяните, и да ги заведа от оная земя, в земя добра и пространна, в земя гдето текат мляко и мед, в земята на ханаанците, хетейците, аморейците, ферезейците, евейците и евусейците.
9 ৯ এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।
И сега, ето, вика на израилтяните стигна до Мене; още видях и притеснението, с което ги притесняват египтяните.
10 ১০ সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”
Ела, прочее, сега, и ще те изпратя при Фараона, за да изведеш людете Ми израилтяните из Египет.
11 ১১ কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”
А Моисей рече Богу: Кой съм аз та да ида при Фараона, и да изведа израилтяните из Египет?
12 ১২ ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”
И рече му Бог: Аз непременно ще бъда с теб, и ето ти знака, че аз те изпратих; когато изведеш людете из Египет, ще послужите Богу на тая планина.
13 ১৩ মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?”
А Моисей рече Богу: Ето, когато отида при израилтяните и им река: Бог на бащите ви ме изпрати при вас, и те ми кажат: Как Му е името? що да им кажа?
14 ১৪ ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
И Бог рече на Моисея: Аз съм Оня, Който съм. Рече още: Така ще кажеш на израилтяните, Оня, Който съм, ме изпрати при вас.
15 ১৫ ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
При това, Бог рече още на Моисея: Така ще кажеш на Израилтяните: Господ Бог на бащите ви, Бог Авраамов, Бог Исааков, и Бог Яковов, ме изпрати при вас. Това е Името Ми до века, и това е Името Ми из род в род.
16 ১৬ তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
Иди, събери Израилевите старейшини и кажи им: Господ Бог на бащите ви Бог Авраамов, Исааков, и Яковов, ми се яви и рече: Наистина ви посетих и видях онова, което ви правят в Египет;
17 ১৭ মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।
и рече: Отсред страданието ви в Египет ще ви заведа в земята на ханаанците, на хетейците, на аморейците, на ферезейците, на евейците и на евусейците, в земята гдето текат мляко и мед.
18 ১৮ তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’
И те ще послушат думите ти; и ще отидеш ти с Израилевите старейшини, при египетския цар, и ще му речете: Иеова, Бог на евреите, ни срещна; и тъй, остави ни, молим ти се, да отидем на тридневен път в пустинята, за да принесем жертва на Иеова нашия Бог.
19 ১৯ কিন্তু মই জানো, যেতিয়ালৈকে মিচৰৰ ৰজাক বাধ্য কৰোঁৱা নহয়, তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব।
Но зная аз че, египетският цар не ще ви остави да отидете, нито даже под силна ръка.
20 ২০ মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
А като издигна ръката Си, ще поразя Египет с всичките Мои чудеса, които ще направя всред него; подир това той ще ви пусне.
21 ২১ মই মিচৰীয়াসকলৰ পৰা তোমালোকক অনুগ্ৰহপ্ৰাপ্ত কৰিম। সেয়ে তোমালোকে যোৱা সময়ত শুদা-হাতে যাব লগা নহ’ব।
И ще дам на тия люде благоволението на египтяните, та, когато тръгнете, няма да отидете празни;
22 ২২ প্ৰতি গৰাকী মহিলাই নিজৰ ওচৰ-চুবুৰীয়া, আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মহিলা সকলৰ পৰা ৰূপ আৰু সোণৰ অলঙ্কাৰ আৰু বস্ত্ৰ খুজিবা; আৰু তোমালোকে সেইবোৰ নিজৰ লৰা-ছোৱালীক পিন্ধাবা; এই দৰে তোমালোকে মিচৰীয়া সকলক লুট কৰিবা।”
но всяка жена ще поиска от съседката си от квартирантката си сребърни вещи, златни вещи и облекла; и ще облечете с тях синовете и дъщерите си, и ще оберете египтяните.