< যাত্রাপুস্তক 29 >

1 মোৰ পৰিচৰ্যাৰ বাবে পুৰোতহিৰ কাৰ্য কৰিবলৈ, এতিয়া তুমি তেওঁলোকক পবিত্ৰ কৰিবৰ বাবে এই কাৰ্য কৰিবা; এটা নিৰ্ঘূণী দমৰা আৰু দুটা নিঘূণী মতা মেৰ-ছাগ ল’বা।
«و این است کاری که بدیشان می‌کنی، برای تقدیس نمودن ایشان تا بجهت من کهانت کنند: یک گوساله و دو قوچ بی‌عیب بگیر،۱
2 খমিৰ নিদিয়া পিঠা, তেল মিহলোৱা খমীৰ নিদিয়া পিঠা, আৰু তেল সনা খমীৰ নিদিয়া পাতল পিঠা ল’বা। সেইবোৰ মিহি আটাগুড়িৰে তৈয়াৰ কৰিবা।
و نان فطیر و قرصهای فطیر سرشته به روغن ورقیقهای فطیر مسح شده به روغن. آنها را از آردنرم گندم بساز.۲
3 এটা পাচিত সেইবোৰ ৰাখিবা; আৰু সেই পাচিৰ সৈতে দমৰা আৰু দুটা মেৰ-ছাগ উপহাৰ দিবা।
و آنها را در یک سبد بگذار و آنهارا در سبد با گوساله و دو قوچ بگذران.۳
4 হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলক তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত আনি তেওঁলোকৰ গা ধুৱাবা।
و هارون و پسرانش را نزد دروازه خیمه اجتماع آورده، ایشان را به آب غسل ده،۴
5 তুমি সেই বস্ত্রবোৰ, হাৰোণৰ কোট চোলা, এফোদ বস্ত্র, এফোদ আৰু বুকুপটা, আৰু এফোদৰ নিপুণৰূপে বোৱা টঙালি ল’বা আৰু তেওঁক পিন্ধাবা।
و آن رختها را گرفته، هارون را به پیراهن و ردای ایفود و ایفود وسینه بند آراسته کن و زنار ایفود را بر وی ببند.۵
6 তেওঁৰ মুৰত পাগুৰি পিন্ধাই তাৰ ওপৰত পবিত্ৰ মুকুট লগাবা।
وعمامه را بر سرش بنه و افسر قدوسیت را برعمامه بگذار،۶
7 তাৰ পাছত অভিষেক কৰা তেল ল’বা, আৰু তেওঁৰ মুৰত বাকি, তেওঁক অভিষেক কৰিবা।
و روغن مسح را گرفته، برسرش بریز و او را مسح کن.۷
8 তুমি তেওঁৰ পুত্ৰসকলক আনিবা; আৰু কোট চোলা পিন্ধাবা।
و پسرانش را نزدیک آورده، ایشان را به پیراهنها بپوشان.۸
9 হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কঁকালত টঙালি বান্ধিবা, আৰু তেওঁলোকৰ মুৰত পাগুৰি মাৰি দিবা। পুৰোহিত পদৰ কার্য এক চিৰস্থায়ী বিধিৰ দ্বাৰাই তেওঁলোকৰ অধিকাৰত থাকিব। এইদৰেই তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক মোৰ পৰিচৰ্যাৰ বাবে পবিত্রকৃত কৰিবা।
و بر ایشان، یعنی هارون و پسرانش کمربندها ببند و عمامه هارا بر ایشان بگذار و کهانت برای ایشان فریضه ابدی خواهد بود. پس هارون و پسرانش راتخصیص نما.۹
10 ১০ তুমি সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ সেই দমৰাটো লৈ আনিবা; তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে দমৰাটোৰ মুৰত হাত দিব লাগিব।
و گوساله را پیش خیمه اجتماع برسان، و هارون و پسرانش دستهای خود را بر سرگوساله بگذارند.۱۰
11 ১১ তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত সেই দমৰাটো বধ কৰিবা।
و گوساله را به حضورخداوند نزد در خیمه اجتماع ذبح کن.۱۱
12 ১২ তুমি বধ কৰা দমৰাটোৰ কিছু অংশ তেজ লৈ, আঙুলিৰে বেদীৰ শিঙত লগাবা, আৰু বাকী তেজখিনি বেদীৰ ভিত্তিমূলত বাকি দিবা।
و ازخون گوساله گرفته، بر شاخهای مذبح به انگشت خود بگذار، و باقی خون را بر بنیان مذبح بریز.۱۲
13 ১৩ তাৰ প্রতিটো অংশত থকা তেল, কলিজাৰ ওপৰত থকা তেলীয়া ভাগ, ঘিলা দুটা, আৰু সেই দুটাৰ ওপৰত থকা তেল লৈ, বেদীত জ্বলাবা।
و همه پیه را که احشا را می‌پوشاند، و سفیدی که بر جگر است، و دو گرده را با پیهی که برآنهاست، گرفته، بر مذبح بسوزان.۱۳
14 ১৪ কিন্তু সেই দমৰা টোৰ মাংস আৰু তাৰ লগতে ছাল আৰু গোবৰ তম্বুৰ বাহিৰফালে জুইত পুৰি ভষ্ম কৰি দিবা; সেয়ে পাপাৰ্থক বলি হ’ব।
اما گوشت گوساله را و پوست و سرگینش را بیرون از اردو به آتش بسوزان، زیرا قربانی گناه است.۱۴
15 ১৫ তুমি এটা মেৰ-ছাগ পোৱালিও লগত ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
«و یک قوچ بگیر و هارون و پسران، دستهای خود را بر سر قوچ بگذارند.۱۵
16 ১৬ তুমি সেই মেৰ-ছাগটো বধ কৰিবা। তাৰ পাছত সেই বধ কৰা মেৰ-ছাগটোৰ তেজ লৈ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
و قوچ راذبح کرده، خونش را بگیر و گرداگرد مذبح بپاش.۱۶
17 ১৭ তুমি মেৰ-ছাগটো কাটি টুকুৰা টুকুৰ কৰিবা। তাৰ ভিতৰৰ অংশ আৰু ঠেংবোৰ ধুবা; ধুই মাংসৰ টুকুৰাবোৰৰ সৈতে মুৰটো একেলগে বেদীৰ ওপৰত থবা।
و قوچ را به قطعه هایش ببر، و احشا وپاچه هایش را بشوی، و آنها را بر قطعه‌ها و سرش بنه.۱۷
18 ১৮ তাৰ পাছত সম্পূৰ্ণ মেৰ-ছাগটো বেদীত জ্বলাই দিবা; সেয়ে মোৰ অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোম-বলি হ’ব। এয়ে মোৰ বাবে সুমধুৰ সুগন্ধ উৎপন্ন কৰিব; এয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
و تمام قوچ را بر مذبح بسوزان، زیرا برای خداوند قربانی سوختنی است، و عطر خوشبو، وقربانی آتشین برای خداوند است.۱۸
19 ১৯ তাৰ পাছত তুমি আনটো মেৰ-ছাগ পোৱালি ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
پس قوچ دوم را بگیر و هارون و پسرانش دستهای خود رابر سر قوچ بگذارند.۱۹
20 ২০ তুমি সেই মেৰ-ছাগ বধ কৰিবা আৰু তাৰ অলপমান তেজ লৈ, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ সোঁ কাণৰ অগ্রভাগত, তেওঁলোকৰ সোঁ হাতৰ বুঢ়া আঙুলি, আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাবা। তেজৰ বাকী থকা অংশ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
و قوچ را ذبح کرده، ازخونش بگیر و به نرمه گوش راست هارون، و به نرمه گوش پسرانش، و به شست دست راست ایشان، و به شست پای راست ایشان، بگذار، وباقی خون را گرداگرد مذبح بپاش.۲۰
21 ২১ তুমি বেদীৰ ওপৰত থকা তেজ, আৰু অভিষেক কৰা তেলৰ কিছু অংশ লৈ, হাৰোণৰ ওপৰত, তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দিবা। এইদৰে তেওঁ, তেওঁৰ বস্ত্ৰ, তেওঁৰ পুত্ৰ আৰু তেওঁলোকৰ বস্ত্ৰ পবিত্ৰীকৃত হ’ব।
و از خونی که بر مذبح است، و از روغن مسح گرفته، آن را برهارون و رخت وی و بر پسرانش و رخت پسرانش با وی بپاش، تا او و رختش و پسرانش ورخت پسرانش با وی تقدیس شوند.۲۱
22 ২২ তুমি মেৰ-ছাগটোৰ চৰ্বি, নেগুৰৰ চৰ্বি, ভিতৰৰ অংশত থকা চৰ্বি, কলিজাৰ ওপৰত থকা চৰ্বি, ঘিলা দুটা আৰু তাৰ ওপৰত থকা চৰ্বি, আৰু পাছফালৰ সোঁ কৰঙন ল’বা; কাৰণ সেয়ে মোৰ বাবে পুৰোহিতক পবিত্রকৃত কৰিবৰ বাবে লোৱা মেৰ-ছাগ।
پس پیه قوچ را، و دنبه و پیهی که احشا را می‌پوشاند، وسفیدی جگر، و دو گرده و پیهی که بر آنهاست، وساق راست را بگیر، زیرا که قوچ، قربانی تخصیص است.۲۲
23 ২৩ তুমি যিহোৱাৰ সন্মুখত থকা খমীৰ নিদিয়া পিঠাৰ সেই পাচিটোৰ পৰা এটা পিঠা, তেল মিহলোৱা এটা পিঠা, আৰু খমীৰ নিদিয়া এটা পাতল পিঠা ল’বা।
و یک گرده نان و یک قرص نان روغنی، و یک رقیق از سبد نان فطیر را که به حضور خداوند است،۲۳
24 ২৪ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ হাতত সেই সকলোকে দিবা। তেওঁলোকে যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিবৰ বাবে সেই পিঠাবোৰ ওপৰলৈ তুলি ধৰিব।
و این همه را به‌دست هارون و به‌دست پسرانش بنه، و آنها را برای هدیه جنبانیدنی به حضور خداوند بجنبان.۲۴
25 ২৫ তুমি তেওঁলোকৰ হাতত পৰা আহাৰ লৈ, সেইবোৰ হোমবলিৰ সৈতে সুঘ্ৰাণৰ অৰ্থে বেদীত জ্বলাই দিবা। ই যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
وآنها را از دست ایشان گرفته، برای قربانی سوختنی بر مذبح بسوزان، تا برای خداوند عطرخوشبو باشد، زیرا که این قربانی آتشین خداونداست.۲۵
26 ২৬ তুমি হাৰোণক পবিত্রকৰণৰ অৰ্থে লোৱা মেৰ-ছাগৰ বুকু ল’বা, আৰু ওপৰলৈ তুলি লৈ, যিহোৱাক দিয়াৰ দৰে উপহাৰ দিবা। তাৰ পাছত সেই অংশ তোমাৰ খোৱাৰ বাবে থবা।
و سینه قوچ قربانی تخصیص را که برای هارون است گرفته، آن را برای هدیه جنبانیدنی به حضور خداوند بجنبان. و آن حصه تو می‌باشد.۲۶
27 ২৭ মোলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ পবিত্রকৰণৰ যি মেৰ-ছাগটোৰ বুকু ওপৰলৈ তুলি ধৰিবা আৰু উপহাৰ দিয়া কৰঙণ, সেই দুয়োটাকে তুমি পবিত্ৰ কৰিবা।
و سینه جنبانیدنی و ساق رفیعه را که از قوچ قربانی تخصیص هارون و پسرانش جنبانیده، وبرداشته شد، تقدیس نمای.۲۷
28 ২৮ ইস্রায়েলী সকলৰ পৰা পোৱা হাৰোণ আৰু তেওঁৰ বংশৰ লোকসকলৰ এয়ে চিৰস্থায়ী বিধি হ’ব। কিয়নো সেয়ে উত্তোলনীয় উপহাৰ। ইস্ৰায়েলী লোকসকলৰ মঙ্গলাৰ্থক বলিৰ পৰা দিবলগীয়া এয়ে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উত্তোলনীয় উপহাৰ।
و آن از آن هارون و پسرانش از جانب بنی‌اسرائیل به فریضه ابدی خواهد بود، زیرا که هدیه رفیعه است و هدیه رفیعه از جانب بنی‌اسرائیل از قربانی های سلامتی ایشان برای خداوند خواهد بود.۲۸
29 ২৯ পবিত্র বস্ত্ৰ পিন্ধি অভিষিক্ত আৰু নিযুক্ত হ’বলৈ হাৰোণৰ পাছত তেওঁৰ পবিত্ৰ বস্ত্ৰ তেওঁৰ পুত্ৰসকলৰ বাবে হ’ব।
ورخت مقدس هارون بعد از او، از آن پسرانش خواهد بود، تا در آنها مسح و تخصیص شوند.۲۹
30 ৩০ তেওঁৰ পুত্ৰসকলৰ মাজৰ যি জনে তেওঁৰ সলনি পুৰোহিত হৈ পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ সাক্ষাৎ কৰা তম্বুত সোমাব, সেই জনেই সেই বস্ত্ৰ সাত দিন পিন্ধিব।
هفت روز، آن کاهن که جانشین او می‌باشد ازپسرانش و به خیمه اجتماع داخل شده، خدمت قدس را می‌کند، آنها را بپوشد.۳۰
31 ৩১ তুমি মোৰ উদ্দেশ্যে পুৰোহিতসকলক পবিত্রকৃত কৰিবলৈ, মেৰ-ছাগ পোৱালিটোৰ মাংস এক পবিত্ৰ স্থানত সিজাব লাগিব।
و قوچ قربانی تخصیص را گرفته، گوشتش را در قدس آب پزکن.۳۱
32 ৩২ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগ মাংস আৰু পাচিত থকা পিঠা ভোজন কৰিব লাগিব।
و هارون و پسرانش گوشت قوچ را با نانی که در سبد است، به در خیمه اجتماع بخورند.۳۲
33 ৩৩ মোৰ পৰিচৰ্যাৰ বাবে তেওঁলোকক পবিত্ৰ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰায়শ্চিত্ত হ’বলৈ, তেওঁলোকে মাংস আৰু পিঠা ভোজন কৰিব। কিন্তু আন কোনো লোকে সেইবোৰ ভোজন কৰিব নালাগে; কাৰণ সেই সকলো পবিত্ৰ বস্তু।
و آنانی که برای تخصیص و تقدیس خود بدین چیزها کفاره کرده شدند، آنها را بخورند، لیکن شخص اجنبی نخورد زیرا که مقدس است.۳۳
34 ৩৪ সেই নিযুক্তকৰণৰ মাংস আৰু পিঠাৰ পৰা যদি কিছু অৱশিষ্ট ৰাতিপুৱালৈকে থাকি যায়, তেনেহ’লে সেই অৱশিষ্ট ভাগ জুইত পুৰি ভস্ম কৰিব লাগিব। এইটো কোনেও ভোজন কৰিব নোৱাৰিব, কাৰণ সেয়ে মোৰ বাবে পবিত্রকৃত কৰি ৰখা।
و اگر چیزی از گوشت هدیه تخصیص و از نان، تاصبح باقی ماند، آن باقی را به آتش بسوزان، و آن را نخورند، زیرا که مقدس است.۳۴
35 ৩৫ মই তোমাক কৰিবলৈ দিয়া সকলো আজ্ঞা অনুসাৰে, হাৰোণ আৰু তেওঁৰ পুত্ৰসকললৈ কৰিবা। এনেকি তেওঁলোকক মোৰ বাবে পবিত্রকৃত কৰিবলৈ তুমি সাত দিন ল’বা।
«همچنان به هارون و پسرانش عمل نما، موافق آنچه به تو امر فرموده‌ام، هفت روز ایشان را تخصیص نما.۳۵
36 ৩৬ তুমি প্ৰায়শ্চিত্তৰ বাবে প্ৰতি দিনে পাপাৰ্থক বলিৰূপে এটা ভতৰা গৰু বলি দিবা। এইদৰে প্ৰায়শ্চিত্ত বেদীক শুচি কৰিবলৈ ইয়াকে কৰিব লাগিব। এই বেদী পবিত্ৰ কৰি ইয়াক অভিষেক কৰিবা, আৰু মোৰ বাবে পৃথক কৰি ৰাখিবা।
و گوساله قربانی گناه را هرروز بجهت کفاره ذبح کن. و مذبح را طاهر سازبه کفاره‌ای که بر آن می‌کنی، و آن را مسح کن تامقدس شود.۳۶
37 ৩৭ তুমি সাত দিন ধৰি প্ৰায়শ্চিত্ত কৰি বেদীক পবিত্ৰ কৰিবা। তাৰ পাছত সেই বেদী অতি পবিত্ৰ হ’ব। বেদীৰ সংস্পৰ্শত যি কোনোৱে আহিব, তেৱোঁ পবিত্ৰ হৈ যাব।
هفت روز برای مذبح کفاره کن، وآن را مقدس ساز، و مذبح، قدس اقداس خواهدبود. هر‌که مذبح را لمس کند، مقدس باشد.۳۷
38 ৩৮ সেই যজ্ঞবেদীৰ ওপৰত তুমি প্রতিদিনে সদায় এবছৰীয়া দুটা মেৰ-ছাগ পোৱালি বলি উৎসৰ্গ কৰিবা।
واین است قربانی هایی که بر مذبح باید گذرانید: دوبره یکساله. هر روز پیوسته۳۸
39 ৩৯ তাৰে এটা ৰাতিপুৱা, আনটো গধূলি উৎসৰ্গ কৰিবা।
یک بره را در صبح ذبح کن، و بره دیگر را در عصر ذبح نما.۳۹
40 ৪০ প্ৰথম মেৰ-ছাগ পোৱালিটোৰ লগত হিনৰ চাৰি ভাগৰ এভাগ খুন্দি উলিওৱা হিন তেল মিহলোৱা এক ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, আৰু পেয় নৈবেদ্যৰ বাবে হিনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস দিবা।
و ده‌یک از آرد نرم سرشته شده با یک ربع هین روغن کوبیده، و برای هدیه ریختنی، یک ربع هین شراب برای هر بره خواهد بود.۴۰
41 ৪১ দ্বিতীয় মেৰ-ছাগ পোৱালিটো গধূলি উৎসৰ্গ কৰিবা। ৰাতিপুৱাৰ ভক্ষ্য আৰু পেয় নৈবেদ্যৰ দৰেই কৰিবা; সেয়ে সুমধুৰ সুগন্ধ উৎপন্ন কৰি যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
و بره دیگر رادر عصر ذبح کن و برای آن موافق هدیه صبح وموافق هدیه ریختنی آن بگذران، تا عطر خوشبوو قربانی آتشین برای خداوند باشد.۴۱
42 ৪২ তোমাৰ সৈতে কথা পাতিবলৈ য’ত মই তোমাক সাক্ষাৎ কৰিম, সেই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত এয়ে তোমালোকৰ পুৰুষানুক্ৰমে সদায় কৰিবলগীয়া হোমবলি হ’ব।
این قربانی سوختنی دائمی، در نسلهای شما نزد دروازه خیمه اجتماع خواهد بود، به حضور خداوند، درجایی که با شما ملاقات می‌کنم تا آنجا به تو سخن گویم.۴۲
43 ৪৩ সেই ঠাইতে মই ইস্ৰায়েলী লোকসকলৰ সৈতে সাক্ষাৎ কৰিম; তাতে মোৰ প্ৰতাপৰ দ্বাৰাই সেই তম্বু পবিত্ৰকৃত হ’ব।
و در آنجا با بنی‌اسرائیل ملاقات می‌کنم، تا از جلال من مقدس شود.۴۳
44 ৪৪ মই সেই সাক্ষাৎ কৰা তম্বু আৰু যজ্ঞবেদী পবিত্ৰ কৰিম, আৰু মোৰ অৰ্থে পুৰোহিত কাৰ্য কৰিবলৈ হাৰোণক আৰু তেওঁৰ পুত্ৰসকলকো পবিত্ৰ কৰিম।
و خیمه اجتماع و مذبح را مقدس می‌کنم، و هارون وپسرانش را تقدیس می‌کنم تا برای من کهانت کنند.۴۴
45 ৪৫ মই ইস্ৰায়েলী লোকসকলৰ মাজত বাস কৰিম, আৰু তেওঁলোকৰ ঈশ্বৰ হম।
و در میان بنی‌اسرائیل ساکن شده، خدای ایشان می‌باشم.۴۵
46 ৪৬ তেতিয়া যিজন সৰ্বশক্তিমান ঈশ্বৰে তেওঁলোকৰ মাজত বাস কৰিবলৈ তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱা যে মই, সেই কথা তেওঁলোকে জানিব। ময়েই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।
و خواهند دانست که من یهوه، خدای ایشان هستم، که ایشان را از زمین مصر بیرون آورده‌ام، تا در میان ایشان ساکن شوم. من یهوه خدای ایشان هستم.۴۶

< যাত্রাপুস্তক 29 >