< যাত্রাপুস্তক 28 >
1 ১ পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলী লোকসকলৰ মাজৰ পৰা তোমাৰ ককায়েক হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক তুমি নিজে মাতি আনিবা।
А ти вземи при себе си измежду израилтяните брата си Аарона и синовете му с него, за да Ми свещенодействуат; Аарона, и Аароновите синове Надава, Авиуда, Елеазара и Итамара.
2 ২ তোমাৰ ককায়েৰা হাৰোণৰ বস্ত্র মোৰ উদ্দেশ্যে পবিত্ৰ কৰি সংৰক্ষিত কৰি ৰাখিবা।
И да направиш свети одежди на брата си Аарона, за слава и великолепие.
3 ৩ মোৰ অৰ্থে পুৰোহিতৰ কাৰ্য কৰিবলৈ হাৰোণক পবিত্ৰকৃত কৰিবলৈ মই দিয়া জ্ঞানৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নিপূণ লোকসকলক তেওঁৰ বস্ত্ৰ যুগুত কৰিবলৈ তুমি আজ্ঞা কৰিবা।
И кажи на всичките умни мъже, които Аз изпълних с дух на мъдрост, да направят одежди на Аарона за освещение, та да Ми свещенодействува.
4 ৪ তেওঁলোকে তৈয়াৰ কৰিব লগীয়া বস্ত্ৰ এইবোৰ: এটা বুকুপটা, এফোদ, চোলা, হাতে বোৱা কোট চোলা, পাগুৰি, আৰু টঙালি। তেওঁলোকে এইসকলো বস্ত্র তৈয়াৰ কৰি পবিত্ৰ কৰিব; আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, তোমাৰ ককায়েক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ’ব।
Ето одеждите, които ще направиш: нагръдник и ефод, мантия и пъстротъкан хитон, митра и пояс; и да направят свети одежди на брата ти Аарона и на синовете му, за да Ми свещенодействуват.
5 ৫ শিল্পকাৰে সোণালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা ব্যৱহাৰ কৰিব লাগিব।
И те нека приемат от людете приносите им от злато, синьо, мораво, червено, и препреден висон.
6 ৬ তেওঁলোকে সোণালী আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া ঊল, আৰু মিহি পকোৱা শণ সূতাৰে সেই এফোদ বস্ত্ৰ তৈয়াৰ কৰিব। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব।
Да направят ефодът изкусна изработка от злато, синьо, мораво, червено и препреден висон.
7 ৭ এফোদৰ ওপৰৰ দুয়ো কান্ধৰ চুকত লগাবলৈ দুপাত স্কন্ধপটি থাকিব।
На двата му края да има две презрамки, които да се връзват за да се държи заедно.
8 ৮ এফোদৰ দৰেই কঁকালত বান্ধিবৰ বাবে এডাল টঙালি এফোদৰ সৈতে সোণোৱালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, ও পকোৱা মিহি শণ সূতাৰে তৈয়াৰ কৰা হ’ব।
И препаската върху ефода, която ще е над него, да бъде еднаква с него по направата му и част от самия ефод, от злато, синьо, мораво, червено и препреден висон.
9 ৯ তুমি দুটা গোমেদক বাখৰ ল’বা, আৰু তাৰ ওপৰত ইস্ৰায়েলৰ বাৰ জন পুত্ৰৰ নাম খোদিত কৰাবা।
Да вземеш и два ониксови камъка, и да изрежеш на тях имената на синовете на Израиля,
10 ১০ তেওঁলোকৰ জন্মৰ ক্ৰম অনুসাৰে ছয় জনৰ নাম এটা বাখৰত আৰু বাকী ছয় জনৰ নাম আন এটা বাখৰৰ ওপৰত ক্ষোদিত কৰাবা।
шест от имената на единия камък, и имената на останалите шестима на другия камък, по реда на раждането им.
11 ১১ পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম ক্ষোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটোৱাব লাগিব।
С изкуството на кеменорезец, както се изрязва печат, да изрежеш на двата камъка имената на синовете на Израиля.; и да ги вложиш в златни гнездица.
12 ১২ ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণীয় বাখৰ হ’বলৈ, তুমি সেই দুটা বাখৰ এফোদৰ দুয়ো কান্ধত লগাবা। সেয়ে হাৰোণে তেওঁৰ দুয়ো কান্ধত তেওঁলোকৰ নাম সোঁৱৰণৰ অৰ্থে যিহোৱাৰ সাক্ষাতে বহন কৰিব।
И да туриш тия два камъка на презрамките на ефода, камъни за спомен на израилтяните; и Аарон ще носи имената им за спомен пред Господа на двете си рамена.
13 ১৩ তুমি নিশ্চয়কৈ সেই বাখৰ দুটা লগাবলৈ সোণ ব্যৱহাৰ কৰিবা।
И да направиш златни гнездица,
14 ১৪ দুটা পকোৱা ৰচিৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বাখৰ লগোৱা সোণত লগাই দিবা।
и двете верижки от чисто злато - изплетени от венцеобразна работа да ги направиш, и да закрепиш плетените верижки в гнездицата им.
15 ১৫ তুমি সিদ্ধান্ত ল’বলৈ এটা বুকুপটা তৈয়াৰ কৰিবা। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব; এফোদ বস্ত্ৰৰ দৰে তাক প্রস্তুত কৰিবা। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰ লগত সোণেৰে তৈয়াৰ কৰিবা।
Да направиш съдебния нагръдник изкусна изработка; според направата на ефода да го направиш; от златно, синьо, мораво, червено и препреден висон да го направиш.
16 ১৬ তুমি বুকুপতাৰ চাৰিওদিশ সমানে দুতৰপীয়াকৈ ভাজ কৰিবা। সেয়ে দীঘলে এবেগেত আৰু পথালিয়েও এবেগেত হ’ব।
Да бъде четвъртит, двоен, една педя дълъг и една педя широк.
17 ১৭ বুকুপতাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱাবা। তাৰ প্ৰথম শাৰীত এটা ৰুবী, এটা পোখৰাজ, আৰু এটা ৰক্তমণি।
И да закрепиш на него камъни, четири реда камъни, ред сард, топаз и смарагд да е първият ред,
18 ১৮ দ্বিতীয় শাৰীত এটা মৰকত, এটা নীলকান্ত, আৰু এটা হীৰা।
вторият ред: антракс, сапфир и адамант;
19 ১৯ তৃতীয় শাৰীত এটা নীলকান্তমণি, এটা আকীক, আৰু এটা নীলা।
третият ред: лигирий, агат и аметист;
20 ২০ আৰু চতুৰ্থ শাৰীত এটা পান্না, গোমেদক, আৰু জ্যাসপাৰ। এই সকলোবোৰ সোণৰ ওপৰত খটোৱাব লাগিব।
а четвъртият ред: хрисолит, оникс и яспис; да бъдат закрепени в златните си гнездица.
21 ২১ এই পাথৰবোৰ ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ’ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত বাৰ ফৈদ অনুসাৰে ক্ষোদিত কৰা হ’ব লাগিব।
Камъните да бъдат дванадесет, според имената на синовете на Израиля, според техните имена, както се изрязва печат; да бъдат за дванадесетте племена, всеки камък според името му.
22 ২২ বুকুপটাত লগাবলৈ, তুমি পকোৱা ৰচীৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰিবা।
И на нагръдника да направиш изплетени верижки, венцеобразна работа от чисто злато.
23 ২৩ তুমি বুকুপটাৰ বাবে সোণৰ দুটা আঙঠি গঢ়াই, সেই দুটা আঙঠি বুকুপটাৰ দুই মুৰত লগাবা।
И да направиш на нагръдника две златни колелца и да туриш двете колелца на двата края на нагръдника.
24 ২৪ সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই চুকত লগাবা।
Тогава да провреш двете венцеобразни златни верижки през двете колелца на краищата на нагръдника.
25 ২৫ শিকলি দুডালৰ দুই মুৰ, পাথৰ খটোৱা সোণত লগাবা। তাৰ পাছত এফোদৰ আগফালৰ কান্ধৰ ওপৰত লগাবা।
А другите два края на двете венцеобразни верижки да свържеш с двете гнездица, и да ги туриш на презрамките на ефода откъм външната му страна.
26 ২৬ তুমি সোণৰ দুটা আঙঠি গঢ়াবা, আৰু বুকুপটাৰ দুই মুৰত, এফোদৰ সন্মুখত থকা ভিতৰ দাঁতিত লগাবা।
Да направиш още две златни колелца; които да туриш на другите два края на нагръдника, на оная му страна, която е откъм вътрешната страна на ефода.
27 ২৭ তুমি আৰু দুটা সোণৰ আঙঠি গঢ়াবা, আৰু এফোদৰ আগফালে থকা দুপাত স্কন্ধপটিৰ তল ভাগত লগাবা। অৱশেষত এফোদৰ বাবে বোৱা টঙালি বান্ধিবলৈ ইয়াৰ ওপৰত লগাবা।
Да направиш и други две златни колелца, които да туриш отдолу на двете презрамки на ефода, откъм вътрешната му страна, там гдето се събират краищата му, над изкусно изработената препаска на ефода.
28 ২৮ বুকুপটা যেন এফোদৰ বোৱা টঙালিৰ ওপৰত থাকে, আৰু এফোদৰ পৰা এৰাই নাযায়, সেই বাবে নীলা বৰণীয়া ফিতাৰে সেই বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিবা।
И да връзват нагръдника през колелцата му за колелцата на ефода със син ширит, за да бъде над изкусно изработената препаска на ефода, и за да се не отделя нагръдникът от ефода.
29 ২৯ হাৰোণ যেতিয়া পবিত্ৰ স্থানলৈ যাব, তেতিয়া তেওঁ হৃদয়ত সিদ্ধান্ত ল’বলৈ, ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম নিজৰ বুকুপটাত কঢ়িয়াব।
Така Аарон, когато влиза в светото място, ще носи, винаги имената на синовете на Израиля върху съдебния нагръдник на сърцето си, за спомен пред Господа.
30 ৩০ সেই সিদ্ধান্ত লোৱা বুকুপটাত ঊৰীম আৰু তুম্মীম লগাবা। হাৰোণে যি সময়ত যিহোৱাৰ আগলৈ যাব, সেই সময়ত হাৰোণৰ বুকুৰ ওপৰত সেইবোৰ থাকিব। যিহোৱাৰ আগত হাৰোণে ইস্ৰায়েলীসকলৰ বাবে সিদ্ধান্ত ল’বলৈ সেইবোৰ সদায় নিজৰ বুকুত কঢ়িয়াব।
На съдебния нагръдник да положиш и Урима и Тумима, които да бъдат на Аароновото сърце когато влиза пред Господа; и Аарон да носи винаги съда на израилтяните на сърцето си пред Господа.
31 ৩১ তুমি এফোদৰ চোলা সম্পূৰ্ণ বেঙুনীয়া ৰঙৰ কাপোৰেৰে তৈয়াৰ কৰিবা।
Да направиш мантията на ефода цяла от синьо.
32 ৩২ তাৰ সোঁ মাজত, মুৰ সুমুৱাবলৈ এটা বাট থাকিব। সেয়ে নাফালিবলৈ মুৰ সোমোৱা অংশৰ চাৰিওফাল সিপিনীয়ে বোৱা হ’ব লাগিব।
В средата на върха й да има отвор, какъвто е отворът на бронята; и ще има тъкана обтока около отвора си, за да се не съдира.
33 ৩৩ তুমি তাৰ তল দাঁতিৰ চাৰিওফালে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে ডালিমৰ চানেকী তুলিবা, আৰু তাৰ মাজে মাজে চাৰিওফালে সোণৰ জুনুকা থাকিব।
И по полите й да направиш нарове от синьо, мораво и червено наоколо по полите й, и златни звънци наоколо памежду им,
34 ৩৪ সেই এফোদৰ তল দাঁতিত চাৰিওফালে এটা সোণৰ জুনুকা এটা ডালিম, আৰু এটা সোণৰ জুনুকা এটা ডালিম এইদৰে থাকিব।
златен звънец и нар, златен звънец и нар, наоколо по полите на мантията.
35 ৩৫ হাৰোণে যেতিয়া পৰিচৰ্যা কৰিব, তেতিয়া সেই বস্ত্র পিন্ধিব। তেওঁ যেতিয়া যিহোৱাৰ পবিত্র-স্থানত যিহোৱাৰ আগলৈ যাব, আৰু ওলাই আহিব, তেতিয়া সেই জুনুকাৰ শব্দ শুনা যাব। এইদৰে কৰাত তেওঁৰ মৃত্যু নহ’ব।
И Аарон да я носи, когато служи, та звънтенето й да се чува когато влиза в светото място пред Господа, и когато излиза, за да не умре.
36 ৩৬ তুমি শুদ্ধ সোণৰ এচটা পতা গঢ়িবা, আৰু মোহৰত খোদিত কৰাৰ দৰে সেই পতাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ” এই কথা ক্ষোদিত কৰিবা।
Да направиш и плочица от злато, на която да ирежеш, както се изрязва печат, Свет Господу.
37 ৩৭ তুমি সেই পতা নীলা বৰণীয়া ফিতাৰে পাগুৰিৰ আগফালে লগাবা।
Да я туриш на син ширит, за да бъде на митрата; в предната страна на митрата да бъде;
38 ৩৮ সেয়ে হাৰোণৰ কপালত থাকিব। ইস্ৰায়েলীসকলে পবিত্র কৰি উৎসৰ্গ কৰা পবিত্ৰ দানত থকা যিকোনো দোষ হাৰোণে বব। তেওঁলোক যেন যিহোৱাৰ আগত গ্ৰহণীয় হোৱা, সেইবাবে পাগুৰি সদায় তেওঁৰ কপালৰ ওপৰত থাকিব।
така да бъде на Аароновото чело, когато носи Аарон нечестието на светите неща, които израилтяните ще посвещават във всичките си свети приноси; та да бъде винаги на челото му, за да бъдат те приемани пред Господа.
39 ৩৯ তুমি মিহি শণ সূতাৰে কোট চোলা আৰু পাগুৰি তৈয়াৰ কৰিবা, আৰু এটা ফুল বছা টঙালিও তৈয়াৰ কৰিবা।
И да направиш пъстротъкания хитон от висон, да направиш митра от висон и да направиш - везана работа.
40 ৪০ হাৰোণৰ পুত্ৰসকলৰ বাবে কোট চোলা, টঙালি, আৰু পাগুৰি তেওঁলোকৰ মৰ্য্যদা আৰু শোভাৰ বাবে তৈয়াৰ কৰিবা।
А на Аароновите синове да направиш хитони, и пояси да им направиш, и гъжви да им направиш, за слава и великолепие.
41 ৪১ তোমাৰ ককায়েক হাৰোণ, আৰু তেওঁৰ সৈতে তেওঁৰ পুত্ৰসকলক সেইবোৰ পিন্ধিবা, আৰু মোৰ পৰিচৰ্যাৰ বাবে পুৰোহিতৰ কাৰ্য কৰিবলৈ তুমি তেওঁলোকক পবিত্ৰ কৰি অভিষিক্ত কৰিবা, আৰু পুৰোহিত পদত নিযুক্ত কৰিবা।
С тия одежди да облечеш брата си Аарона и синовете му с него, и да ги помажеш, за да ги посветиш и да ги осветиш, за да Ми свещенодействуват.
42 ৪২ তেওঁলোকৰ গোপনীয় অংশ ঢাকিবলৈ, কঁকালৰ পৰা কৰঙণলৈকে তুমি তেওঁলোকলৈ শণ সূতাৰ বস্ত্র তৈয়াৰ কৰিবা।
Да им направиш и ленени, гащи, които да покриват голотата на тялото им; нека покриват бедрата им от кръста надолу;
43 ৪৩ যেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকল সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাব, বা পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ বেদীৰ ওচৰ চাপিব, তেতিয়া তেওঁলোকে যেন সেইবস্ত্র পৰিধান কৰে। তেওঁলোকে নিশ্চয়কৈ এইদৰে কৰিব লাগিব যাতে তেওঁলোকে পাপৰ ভাৰ বব লগা নহয় আৰু তেওঁলোকৰ মৃত্যু নহয়। এয়ে হাৰোণ আৰু তেওঁৰ ভাবি বংশৰ পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।
и нека ги носят Аарон и синовете му, когато влизат в скинията за срещане, или когато пристъпват при олтара за да служат в светото място, да не би да се навлекат грях да да умрат. Това да е за вечен закон за него и за потомството му подир него.