< যাত্রাপুস্তক 26 >
1 ১ তুমি দহখন পৰ্দাৰে আবাস যুগুত কৰিবা; সেই পৰ্দাৰ কাপোৰ কেইখন পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সাৰে তৈয়াৰ কৰিবা।
Uczynisz też przybytek z dziesięciu zasłon ze skręconego bisioru, z błękitnej [tkaniny] oraz z purpury i karmazynu, [na których] wyhaftujesz cherubiny.
2 ২ প্ৰত্যেক খন পৰ্দা আঁঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল, এইদৰে সকলোবোৰ পৰ্দা একে জোখৰ হ’ব লাগিব।
Długość jednej zasłony [ma wynosić] dwadzieścia osiem łokci, a szerokość jednej zasłony – cztery łokcie. Wszystkie zasłony będą miały jednakowe wymiary.
3 ৩ পাঁচখন পৰ্দা ইখনৰ লগত সিখন একেলগে জোৰা দিব লাগিব, আৰু আন পাঁচখন পৰ্দাও একেদৰে যোৰা দিব লাগিব।
Pięć zasłon będzie spiętych jedna z drugą; także [drugie] pięć zasłon będzie spiętych jedna z drugą.
4 ৪ প্ৰথম জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত নীলা বৰণীয়া জৰীৰ পাক লগাবা।
I uczynisz błękitne pętle na brzegu jednej zasłony, gdzie skraje mają się spinać. Uczynisz je też na brzegu drugiej zasłony, gdzie skraje mają się spinać.
5 ৫ সেই প্ৰথম খন পৰ্দাৰ কিনাৰত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ কিনাৰতো পঞ্চাশটা জৰীৰ পাক লগাবা। এইদৰে কৰিবা যাতে, জৰীৰ পাক দুশাৰী মুখামুখি হ’ব।
Pięćdziesiąt pętli uczynisz na jednej zasłonie i pięćdziesiąt pętli uczynisz na brzegu drugiej zasłony, w miejscu, gdzie ma być spięta z drugą. Pętle będą jedna naprzeciw drugiej.
6 ৬ সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই সেই হাঁকোটাৰে কাপোৰ দুখন ইখনৰ সৈতে সিখনক বান্ধিবা; সেইদৰে কৰিলে আবাস একলগ হ’ব।
Uczynisz też pięćdziesiąt złotych haczyków i złączysz jedną zasłonę z drugą [tymi] haczykami. I tak przybytek będzie stanowił jedną [całość].
7 ৭ সেই আবাস ঢাকিবলৈ তম্বুৰ দৰে ছাগলীৰ নোমেৰে পৰ্দা যুগুত কৰিবা। তুমি এঘাৰখন পৰ্দা যুগুত কৰিব লাগিব।
Uczynisz też zasłony z koziej sierści do przykrycia przybytku z wierzchu. Uczynisz jedenaście takich zasłon.
8 ৮ প্ৰতিখন পৰ্দা দীঘলে ত্রিশ হাত আৰু বহলে চাৰি হাত হ’ব; সেই এঘাৰখন পৰ্দা একে জোখৰ হ’ব লাগিব।
Długość jednej zasłony [ma wynosić] trzydzieści łokci, a szerokość jednej zasłony – cztery łokcie. Wszystkie jedenaście zasłon [będzie mieć] jednakowe wymiary.
9 ৯ পাঁচখন পৰ্দা ইখনৰ লগত সিখনক জোৰা লগাবা, আৰু আন ছয়খন পৰ্দাও ইখনৰ লগত সিখনক জোৰা লগাবা। তুমি ষষ্ঠ পৰ্দাখন দুতৰপিয়া কৰি তম্বুৰ সন্মুখত থবা।
I zepniesz pięć zasłon osobno, a sześć zasłon osobno. Szóstą zasłonę złożysz we dwoje na przodzie namiotu.
10 ১০ প্ৰথম জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু সেই দৰে জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিতো পঞ্চাশটা জৰীৰ পাক লগাবা।
Uczynisz też pięćdziesiąt pętli na brzegu jednej zasłony, na końcu, gdzie ma być spięta, i pięćdziesiąt pętli z brzegu [drugiej] zasłony do spinania drugiego [brzegu].
11 ১১ পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে জৰীৰ পাক যোৰা দি তম্বু ল’গ লগাবা। তাৰ পাছত তম্বুৰ ঢাকনিৰ দৰে একেলগে যোৰা দিবা, সেয়ে এটাৰ দৰে হ’ব।
Uczynisz też pięćdziesiąt miedzianych haczyków i włożysz haczyki w pętle, i zepniesz namiot, aby stanowił jedną [całość].
12 ১২ সেই তম্বুৰ পৰ্দা কেইখনৰ পৰা ওলমি থকা আধা কাপোৰ আবাসৰ পাছফালে ওলমি থাকিব লাগিব।
A część, która zbywa z zasłon namiotu, [to jest] pozostała połowa zasłony, będzie zwisać z tyłu przybytku.
13 ১৩ তম্বুৰ পৰ্দা কেইখনৰ এফালে এহাত দীঘল, আৰু আনফালে এহাত দীঘল হ’ব লাগিব। তম্বুৰ বাকী থকা পৰ্দাৰ দীঘল অংশ আবাসৰ এটা ফালে ওলমি থাকিব লাগিব, আৰু আন ফালৰ ওলমি থকা অংশ আবাস ঢাকি ৰাখিব।
A łokieć z jednej i łokieć z drugiej strony, który zbywa z długości zasłon namiotu, będzie wisiał po obu stronach przybytku, po jednej i drugiej, żeby go okrywać.
14 ১৪ তুমি ৰঙা ৰং কৰা মেৰ-ছাগ পোৱালীৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ যুগুত কৰিবা। তাৰ ওপৰত আন এটা আবৰণ মিহি ছালেৰে যুগুত কৰিবা।
Uczynisz też przykrycie na namiot ze skór baranich farbowanych na czerwono i przykrycie ze skór borsuczych na wierzch.
15 ১৫ তুমি আবাসৰ বাবে চিটীম কাঠৰ থিয়কৈ তক্তা যুগুত কৰিবা।
Uczynisz też do przybytku prosto stojące deski z drewna akacjowego.
16 ১৬ প্রতিখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল হ’ব।
Długość jednej deski [ma wynosić] dziesięć łokci, a szerokość jednej deski – półtora łokcia.
17 ১৭ প্ৰতিখন তক্তাত একে ধৰণৰ দুটা ভাগ ওলাই থকা হ’ব লাগিব; যাতে ইখন তক্তা সিখন তক্তাৰ লগত যোৰা দিব পাৰি। আবাসৰ কাৰণে এইদৰেই তক্তা তৈয়াৰ কৰিবা।
Jedna deska [będzie miała] dwa czopy, ułożone jeden naprzeciw drugiego. Tak uczynisz przy wszystkich deskach przybytku.
18 ১৮ তুমি আবাসৰ বাবে তক্তা যুগুত কৰোঁতে, বিশখন তক্তা দক্ষিণ দিশৰ বাবে তৈয়াৰ কৰিবা।
Uczynisz więc deski do przybytku: dwadzieścia desek na stronę południową, ku południu.
19 ১৯ সেই বিশখন তক্তাৰ তলত চল্লিশটা ৰূপৰ চুঙী লগাবা, এখন তক্তাৰ তলত দুটা স্তম্ভমূলৰ বাবে দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটা দুটাকৈ স্তম্ভমূলৰ বাবে দুটাকৈ চুঙী লগাবা।
Uczynisz też czterdzieści srebrnych podstawek pod [tych] dwadzieścia desek; dwie podstawki pod jedną deskę do dwóch jej czopów, także do drugiej deski dwie podstawki do dwóch jej czopów.
20 ২০ তুমি আবাসৰ দ্বিতীয় ফালৰ উত্তৰদিশত বিশখন তক্তা তৈয়াৰ কৰিব লাগিব।
Na drugim boku przybytku od strony północnej [uczynisz] dwadzieścia desek.
21 ২১ আৰু সেইবোৰত চল্লিশটা ৰূপৰ চুঙী লগাবা; প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটাকৈ চুঙী থাকিব।
A do nich czterdzieści srebrnych podstawek: dwie podstawki pod jedną deskę i dwie podstawki pod drugą deskę.
22 ২২ আবাসৰ পশ্চিমদিশে পাছফালৰ বাবে ছয়খন তক্তা তৈয়াৰ কৰিবা।
A na zachodnią stronę przybytku uczynisz sześć desek.
23 ২৩ তুমি আবাসৰ পাছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিবা।
Uczynisz dwie deski jako narożniki przybytku po obydwu stronach.
24 ২৪ প্ৰত্যেক তক্তা তলৰ ফালে খোলা হৈ থাকিব, কিন্তু ওপৰফালে একেডাল আঙঠিতে যোৰা লাগি থাকিব। এইদৰেই পিছফালৰ দুয়োটা চুকৰ বাবেও হ’ব।
Będą one złączone od spodu, będą także złączone u góry do jednego pierścienia. Tak będzie przy tych obu, będą dla dwóch narożników.
25 ২৫ তাত আঠখন তক্তা ৰূপৰ চুঙীৰ সৈতে একেলগে থাকিব লাগিব। সৰ্ব্বমুঠ ষোল্লটা চুঙী হ’ব লাগিব। প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনখন তক্তাৰ তলতো দুটা চুঙী থাকিব। এইদৰে বাকিবোৰ তক্তাতো থাকিব লাগিব।
I tak będzie osiem desek, a ich srebrnych podstawek szesnaście, dwie podstawki pod jedną deską i dwie podstawki pod drugą deską.
26 ২৬ তুমি আবাসৰ এটা ফালৰ তক্তাৰ বাবে চিটীম কাঠৰ ছয়ডাল পথালি ডাং বনাবা।
Uczynisz też drążki z drewna akacjowego: [będzie ich] pięć do desek jednej strony przybytku;
27 ২৭ আবাসৰ আনফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিমদিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল; চিটীম কাঠৰ পথলি ডাং বনাবা।
Pięć także drążków do desek drugiej strony przybytku, a także pięć drążków do desek zachodniej strony przybytku.
28 ২৮ তক্তাৰ মাজত থকা ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যাব।
Środkowy drążek w połowie wysokości desek będzie przechodzić od jednego końca do drugiego.
29 ২৯ সেই তক্তাবোৰত সোণৰ পতা মাৰিবা, আৰু ডাংবোৰ সুমুউৱাবলৈ, সোণৰ চক্র গঢ়াবা; আৰু ডাংবোৰতো সোণৰ পতা মাৰিবা।
Deski pokryjesz złotem i uczynisz do nich złote pierścienie, przez które mają przechodzić drążki. Drążki też pokryjesz złotem.
30 ৩০ তোমাক পৰ্ব্বতত আবাসৰ যি আচনি দেখুউৱা হৈছিল, তুমি সেইদৰেই তাক তৈয়াৰ কৰিবা।
Wystawisz więc przybytek według wzoru, który ci ukazano na górze.
31 ৩১ তুমি নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা যুগুত কৰিবা। সেই পৰ্দা নিপুণ শিল্পকাৰে কৰূবৰ নক্সাৰে তৈয়াৰ কৰিব লাগিব।
Uczynisz też zasłonę z błękitnej [tkaniny], purpury, karmazynu i skręconego bisioru; na niej wyhaftujesz cherubiny.
32 ৩২ তুমি সেই পৰ্দাবোৰ, সোণৰ পতা মৰা চিটীম কাঠৰ চাৰিটা খুটাৰ ওপৰত ওলমাই দিবা। সেই খুটাবোৰৰ হাঁকোটা সোণৰ হ’ব লাগিব, আৰু সেই খুঁটা ৰূপৰ চাৰিটা চুঙীৰ ওপৰত থাকিব।
I zawiesisz ją na czterech słupach [z drewna] akacjowego pokrytych złotem – ich haki też będą złote – [stojących] na czterech srebrnych podstawkach.
33 ৩৩ তুমি পৰ্দাবোৰ হাঁকোটাবোৰত ওলমাবা; আৰু তাৰ ভিতৰলৈ নিয়ম চন্দুকৰ সাক্ষ্য ফলি আনিবা। সেই পৰ্দাই পবিত্ৰ-স্থান আৰু অতি পবিত্ৰ-স্থানৰ মাজত প্ৰভেদ ৰাখিব।
A zasłonę zawiesisz na haczykach i wniesiesz za zasłonę arkę świadectwa, a [ta] zasłona będzie oddzielać wam Miejsce Święte od Najświętszego.
34 ৩৪ তুমি অতি পবিত্ৰ-স্থানত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থ’বা।
Położysz też przebłagalnię na arce świadectwa w Miejscu Najświętszym.
35 ৩৫ মেজখন পৰ্দাৰ বাহিৰত ৰাখিবা, মেজৰ বিপৰীতে আবাসৰ দক্ষিণ ফালে দীপাধাৰ ৰাখিবা, আৰু মেজখন উত্তৰফালে থ’ব লাগিব।
A przed zasłoną postawisz stół, a naprzeciw stołu, po południowej stronie przybytku – świecznik, a stół postawisz po stronie północnej.
36 ৩৬ তম্বুৰ প্রবেশ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে ফুল বছা এখন পৰ্দা যুগুত কৰিবা।
Uczynisz też do wejścia namiotu zasłonę z błękitnej [tkaniny], purpury, karmazynu i skręconego bisioru, haftowaną.
37 ৩৭ সেই পৰ্দা ওলমাবলৈ চিটীম কাঠৰ পাঁচটা খুঁটা যুগুত কৰিবা, আৰু সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাঁকোটা সোণৰ হ’ব; আৰু সেইবোৰৰ বাবে পিতলৰ পাঁচটা চুঙী সাঁচত ঢালিবা।
A do [tej] zasłony uczynisz pięć słupów [z drewna] akacjowego, które pokryjesz złotem, i ich haki będą złote. I ulejesz do nich pięć miedzianych podstawek.