< যাত্রাপুস্তক 25 >

1 যিহোৱাই মোচিক ক’লে,
Ubangiji ya ce wa Musa,
2 “মনৰ ইচ্ছাৰে প্রভাৱিত হোৱা প্রতিজন ইস্ৰায়েলী লোকৰ পৰা মোৰ অৰ্থে দান গ্রহণ কৰিবলৈ ক’বা। তুমি নিশ্চয়কৈ মোৰ অৰ্থে এই দান গ্রহণ কৰিবা।
“Ka faɗa wa Isra’ilawa su kawo mini hadaya. Za ka karɓi hadaya daga hannun kowane mutum wanda zuciyarsa ta yarda yă bayar.
3 তুমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিব লগা দান এইবোৰ: সোণ, ৰূপ, পিতল,
“Ga iri jerin kayan da za ka karɓo daga hannunsu, “zinariya, da azurfa, tagulla,
4 আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, ছাগলীৰ নোম,
shuɗi, shunayya da jan zare, lallausan lilin, da gashin akuya,
5 ৰঙা ৰং কৰা মেৰ-ছাগ পোৱালীৰ ছাল, গৰুৰ মিহি ছাল, চিটীম কাঠ,
fatun ragunan da aka wanke, fatun awaki masu kyau, itacen akashiya,
6 পবিত্র প্ৰদীপৰ বাবে তেল, অভিষেক তেলৰ বাবে মচলা, আৰু সুগন্ধি ধূপ,
mai domin fitila, kayan yaji domin man keɓewa da kuma turare mai ƙanshi,
7 এফোদ আৰু বুকুপতাত লগাবৰ বাবে গোমেদক আৰু আন বহুমূল্য বাখৰ।
da duwatsun Onis, da duwatsun da za a mammanne a efod da ƙyallen maƙalawa a ƙirji.
8 মই তেওঁলোকৰ মাজত বাস কৰিবৰ অৰ্থে, তেওঁলোকক মোৰ বাবে এটা ধৰ্মধাম নিৰ্মাণ কৰিবলৈ কোৱা।
“Sa’an nan ka sa su yi mini wuri mai tsarki, domin in zauna a cikinsu.
9 সেই আবাস আৰু তাৰ সকলো বস্তুৰ যি নমুনা মই তোমাক দেখুৱাম, তোমালোকে সেই নমুনাৰ দৰেই সকলো কৰিবা।
Ka ƙera wannan tabanakul da duk kayan da suke ciki da waje, daidai yadda zan nuna maka.
10 ১০ তেওঁলোকে চিটীম কাঠেৰে আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল আৰু ডেৰ হাত ওখকৈ এটা নিয়ম-চন্দুক সাজিব।
“Ka sa a yi akwatin alkawarin da itacen ƙirya, tsawonsa kamu biyu da rabi, fāɗinsa kamu ɗaya da rabi, tsayinsa kuma kamu ɗaya da rabi.
11 ১১ তুমি সেই নিয়ম চন্দুকৰ ভিতৰে বাহিৰে শুদ্ধ সোণৰ পতা মাৰিবা; আৰু তাৰ ওপৰৰ চাৰিওফালৰ সীমা সোণেৰে তৈয়াৰ কৰিবা।
Ka dalaye shi da zinariya zalla ciki da waje, za ka yi wa gefe-gefensa ado da gurun zinariya.
12 ১২ ইয়াৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত বনাবা, আৰু নিয়ম চন্দুকৰ এফালে দুটা, আৰু আন ফালে দুটা, এইদৰে চাৰিওটা খুৰাত লগাবা।
Ka kewaye akwatin da zoban zinariya huɗu ka kuma haɗa su da ƙafafunsa huɗu, zobai biyu a kowane gefe.
13 ১৩ তুমি চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা।
Sa’an nan ka yi sanduna da itacen ƙirya, ka dalaye su da zinariya.
14 ১৪ নিয়ম চন্দুক বৈ নিবৰ বাবে, সেই কানমাৰি নিয়ম-চন্দুকৰ দুয়ো ফালে থকা আঙঠিত সুমুৱাবা।
Ka sa sandunan a cikin zoban, a gefen akwatin domin ɗaukansa.
15 ১৫ সেই কানমাৰি নিয়ম-চন্দুকৰ আঙঠিৰ ভিতৰতে থাকিব লাগে, তাৰ পৰা উলিয়াব নালাগে।
Sanduna za su kasance a cikin waɗannan zoban akwatin alkawarin; ba za a cire su ba.
16 ১৬ মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম-চন্দুকৰ ভিতৰত ৰাখিবা।
Sa’an nan ka sa Shaidar da zan ba ka, a cikin akwatin.
17 ১৭ তাৰ পাছত তুমি শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল এখন পাপাবৰণ সাজিবা।
“Ka yi murfin kafara da zinariya zalla, tsawonsa kamu biyu da rabi, fāɗinsa kuma kamu ɗaya da rabi.
18 ১৮ তুমি সোণ পিটি দুটা কৰূব সাজিবা; পাপাবৰণৰ দুই মুৰত সেই কৰূব দুটা লগাবা।
Ka kuma yi kerubobi biyu da zinariyar da aka ƙera, ka sa a gefen nan biyu na murfin.
19 ১৯ এক মুৰত এটা কৰূব আৰু আন মুৰত আনটো কৰূব লগাবা; পাপাবৰণৰ দুই মুৰত তাৰে সৈতে একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিবা।
Ka yi kerubobi biyu, ɗaya a wannan gefe, ɗaya kuma a ɗayan gefen; za ka manne su a kan murfin, su zama abu ɗaya.
20 ২০ কৰূব দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকিব; সেই কেইটা মুখামুখি হৈ থাকিব; আৰু কৰূব দুটাৰ দৃষ্টি পাপাবৰণৰ মাজত থাকিব।
Kerubobin su kasance da fikafikansu a buɗe, domin su inuwantar da murfin, za su fuskanci juna, suna duba murfin.
21 ২১ তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থ’বা।
Ka sa murfin a bisa akwatin ka kuma sa allunan dokokin alkawarin da zan ba ka a ciki.
22 ২২ মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম।
Can, a bisa murfin da yake tsakanin kerubobi biyu da suke bisa akwatin alkawari na Shaida, zan sadu da kai, in kuma ba ka dukan umarnai domin Isra’ilawa.
23 ২৩ তুমি দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ এখন মেজ সাজিবা,
“Ka yi tebur da itacen ƙirya, tsawonsa kamu biyu, fāɗinsa kamu ɗaya, tsayinsa kuma kamu ɗaya da rabi.
24 ২৪ সেই মেজত শুদ্ধ সোণৰ পতা মাৰিবা, আৰু তাৰ চাৰিওফালে সোণৰ সীমা দিবা।
Ka dalaye shi da zinariya zalla ka kuma yi masa ado kewaye da gurun zinariya.
25 ২৫ সেই মেজৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এচটা কাঠ দি ফ্রেম বনাবা, আৰু সেই ফ্রেমৰ চাৰিও ফালে সোণৰ সীমা বনাবা।
Ka yi dajiya mai fāɗin tafin hannu, ka kuma yi wa dajiyar ado da gurun zinariya.
26 ২৬ সোণৰ চাৰিটা আঙঠি সাজি, সেই আঙঠি চাৰিটা খুৰা থকা মেজৰ চাৰি চুকত লগাবা।
Ka yi zoban zinariya huɗu domin teburin, ka daure su a kusurwoyi huɗu, inda ƙafafu huɗun suke.
27 ২৭ মেজ বৈ নিবলৈ কানমাৰি সুমুউৱাবলৈ ফ্রেমত আঙঠি লগাবা।
Zoban za su kasance kusa da dajiyar don riƙe sandunan da za a yi amfani don ɗaukar teburin.
28 ২৮ তুমি মেজ বৈ নিবৰ বাবে, চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা।
Ka yi sandunan da itacen ƙirya, ka dalaye su da zinariya, da sandunan ne za ku riƙa ɗaukan teburin.
29 ২৯ পেয় নৈবেদ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ কাঁহি, চামুচ, জাৰ আৰু বাটি গঢ়াবা। এই সকলোকে শুদ্ধ সোণেৰে গঢ়াবা।
Da zinariya zalla kuma za ka yi farantansa, da kwanoninsa na tuya, da butocinsa, da kwanoninsa domin zuban hadayu.
30 ৩০ তুমি সেই মেজৰ ওপৰত মোৰ আগত সদায় দৰ্শন-পিঠা ৰাখিবা।
Ka sa burodin Kasancewa a kan wannan tebur, yă kasance a gabana kullum.
31 ৩১ তুমি শুদ্ধ পিটা সোণৰ এটা দীপাধাৰ সাজিবা। দীপাধাৰৰ সৈতে তাৰ বাটিবোৰ, তাৰ তলৰ পাতবোৰ, আৰু ফুলবোৰ একেডোখৰ সোণেৰেই বনোৱা হ’ব লাগে।
“Ka yi wurin ajiye fitilar da zinariya zalla, ka kuma yi gindinsa tare da gorar jikinsa da ƙerarriyar zinariya; kwafunansa da suka yi kamar furanni, tohonsa da furanninsa su yi yadda za su zama ɗaya da shi.
32 ৩২ দীপাধাৰৰ কাষৰ পৰা ছয়ডাল শাখা ওলোৱা হ’ব লাগিব। তাৰে তিনি ডাল শাখা এফালৰ পৰা, আৰু আন তিনি ডাল শাখা আন ফালৰ পৰা ওলোৱা হ’ব লাগিব।
Wurin ajiye fitilar yă kasance da rassa shida, rassan nan za su miƙe daga kowane gefe na wurin ajiye fitilan, uku a gefe guda, uku kuma a ɗaya gefen.
33 ৩৩ তাৰ এটা শাখাত বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব লাগিব। আন শাখাতো বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব। দীপাধাৰৰ পৰা ওলোৱা ছয়টা ডালতে সেই একে দৰেই হ’ব।
Kwafuna uku masu siffar furanni almon, da toho, da kuma furannin za su kasance a rashe guda, uku a kan rashe na biye, haka kuma a kan saura rassan shida da suka miƙe daga wurin ajiye fitilan.
34 ৩৪ দীপাধাৰৰ মাজভাগতো বাদাম ফুলৰ আকৃতিৰে চাৰিটা বাটি, কলি, আৰু ফুল থাকিব।
A bisa wurin ajiye fitilan kuwa za a kasance da kwafuna huɗu masu siffar furannin almon, da toho, da furanni.
35 ৩৫ সেই দীপাধাৰৰ প্রথম যোৰ শাখাত একে ডোখৰ সোণেৰে এটা কলি, আৰু আন দ্বিতীয় যোৰ শাখাতো একে ডোখৰ সোণেৰে এটা কলি থাকিব।
Toho ɗaya zai kasance a ƙarƙashin rassa biyu na farkon da suka miƙe daga wurin ajiye fitilan, toho na biyu a ƙarƙashin rassa biyu na biye, toho na uku a ƙarƙashin rassa na uku, rassa shida ke nan duka.
36 ৩৬ সেইবোৰৰ কলি আৰু সেইবোৰৰ শাখাবোৰ একে ডোখৰ সোণেৰে হ’ব; আৰু সেই সকলোৱেই শুদ্ধ সোণ পিটি বনোৱা হ’ব।
Tohon da kuma rassan za su kasance ɗaya da wurin ajiye fitilan da aka yi da ƙerarriyar zinariya.
37 ৩৭ তুমি দীপাধাৰ আৰু ইয়াৰ সাতটা প্ৰদীপ সাজিবা। প্রদীপৰ পৰা পোহৰ ওলাবলৈ প্ৰদীপবোৰ দীপাধাৰত লগাবা।
“Sa’an nan ka yi fitilu bakwai, ka sa su a bisa wurin ajiye fitilan ta yadda za su haskaka wajen da suka fuskanta.
38 ৩৮ এঙাৰ ধৰা চেপেনা আৰু ট্রে শুদ্ধ সোণৰ হ’ব লাগিব।
Za a yi lagwaninsa da manyan farantansa da ƙerarriyar zinariya.
39 ৩৯ দীপাধাৰ আৰু দীপাধাৰৰ বাবে ব্যৱহাৰ কৰা সকলো বস্তু সাজিবলৈ এক কিক্কৰ শুদ্ধ সোণ ব্যৱহাৰ কৰিবা।
Da zinariya zalla na talenti ɗaya za ka yi wurin ajiye fitilan da waɗannan abubuwa duka.
40 ৪০ মই তোমাক পৰ্ব্বতত দেখুউৱা নমুনাৰ দৰেই সেই সকলো নিশ্চয় সাজিবা।”
Sai ka lura ka yi su daidai bisa ga fasalin da aka nuna maka a kan dutse.

< যাত্রাপুস্তক 25 >