< যাত্রাপুস্তক 24 >
1 ১ যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।
Kisha Yahweh akamwabia Musa, “Njoo juu kwangu -wewe, Aruni, Nadabu, Abihu, na wazee sabini wa Israeli, na kuniabudu kwa mbali.
2 ২ কেৱল মোচিহে মোৰ ওচৰলৈ আহিব। আন লোকসকল ওচৰলৈ আহিব নালাগে; বা লোকসকল তেওঁৰ লগত ওপৰলৈ উঠি আহিব নালাগে।”
Musa peke yake anaweza kuja karibu yangu. Wengine hawapaswi kuja karibu, wala watu kuja juu na yeye.”
3 ৩ তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
Musa akaenda juu na kuwaambia watu maneno yote ya Yahweh na amri zake. Watu wote wakajibu kwa sauti moja na kusema, “Tutafanya maneno yote Yahweh aliyo tuamuru.”
4 ৪ তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।
Kisha Musa akaandika chini maneno yote ya Yahweh. Asubui mapema, Musa akajenga madhabahu chini ya mguu wa mlima na kupanga nguzo kumi na mbili za mawe, ili mawe yawakilishe makabila kumi na mbili ya Israeli.
5 ৫ তেওঁ ইস্ৰায়েলী লোকসকলৰ মাজৰ কিছুমান যুৱকক যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে।
Aliwatuma vijana Wakiisraeli kutoa sadaka ya kuteketeza na kutoa dhabihu za ng'ombe za sadaka ya ushirika kwa Yahweh.
6 ৬ মোচিয়ে তেজৰ আধা অংশ, কেইটামান চৰিয়াত থলে, আৰু বাকি আধা অংশ বেদীৰ ওপৰত ছটিয়াই দিলে।
Musa allichukuwa nusu ya damu na kuweka kwenye mabeseni; alinyunyuzia nusu ingine kwenye madhabahu.
7 ৭ তেওঁ নিয়ম-পুস্তকখন ল’লে লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি সকলো কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”
Alichukuwa kitabu cha agano na kuwasomea kwa nguvu watu. Walisema, “Tutafanya yote Yahweh aliyo sema. Tutakuwa watiifu.”
8 ৮ তাৰ পাছত মোচিয়ে সেই তেজ লৈ, লোকসকলৰ ওপৰত ছটিয়াই দিলে। মোচিয়ে ক’লে, “যিহোৱাই এই সকলো বাক্যৰ সৈতে আপোনালোকক দিয়া প্রতিজ্ঞাৰ যি নিয়ম স্থাপন কৰিলে, এয়ে সেই নিয়মৰ তেজ।”
Kisha Musa akachukuwa damu na kunyunyiza kwa watu. Alisema, “Hii ni damu ya agano Yahweh alilo lifanya nanyi kwa kuwapa hii ahadi kwa maneno yote haya.”
9 ৯ তাৰ পাছত মোচি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ মাজৰ সত্তৰ জন পৰিচাৰক পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল।
Kisha Musa, Aruni, Nadabu, Abihu, na wazee sabini wa Israeli wakaenda juu ya mlima.
10 ১০ তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।
Walimuona Mungu wa Israeli.
11 ১১ ঈশ্বৰে ক্রোধেৰে ইস্ৰায়েলী মুখ্যলোক সকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।
Chini ya miguu yake kulikuwa na sakafu iliyo jengwa kwa jiwe la yakuti samawi, safi kama mbingu yenyewe. Mungu hakugusa na mkono kwa hasira viongozi Waisraeli. Walimuona Mungu, na wakanywa na kula.
12 ১২ যিহোৱাই মোচিক কলে, “তুমি পৰ্ব্বতলৈ মোৰ ওচৰলৈ উঠি আহাঁ, আৰু তাতে থাকা। মই লিখা ব্যৱস্থা আৰু আজ্ঞাৰ শিলৰ ফলি মই তোমাক দিম; যাতে সেইবোৰ তুমি তেওঁলোকক শিকাব পাৰা।”
Yahweh akamwambia Musa, “Njoo juu kwangu mlimani na ubaki pale. Nitakupa saani za mawe na sheria na amri nilizo ziandika, ili uwafundishe.”
13 ১৩ তেতিয়া মোচিয়ে আৰু তেওঁৰ পৰিচাৰক যিহোচূৱাক লগত লৈ ঈশ্বৰৰ পৰ্ব্বতলৈ উঠি গ’ল।
Hivyo Musa akaenda na msaidizi wake Yoshua na kwenda juu mlima wa Mungu.
14 ১৪ মোচিয়ে পৰিচাৰক সকলক ক’লে, “আমি আপোনালোকৰ ওচৰলৈ উভটি নহালৈকে, আপোনালোক ইয়াতে থাকক। হাৰোণ আৰু হূৰ আপোনালোকৰ লগত আছে। কোনো জনৰ যদি কিবা বিবাদ থাকে, তেওঁক তেওঁলোকৰ ওচৰলৈ যাব দিব।”
Musa akawaambia wazee, “Baki hapa na mtusubiri hadi tutakapo warudia. Aruni na Huri wapo nanyi. Kama kuna mtu mwenye malalamiko, acha awaende.”
15 ১৫ সেই বুলি কৈ, মোচি পৰ্ব্বতলৈ উঠি গ’ল, আৰু মেঘে পৰ্ব্বত ঢাকি ধৰিলে।
Hivyo Musa akaenda juu ya mlima, na wingu likafunika.
16 ১৬ সেই চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।
Utukufu wa Yahweh ukabaki juu ya Mlima wa Sinai, na wingu likafunika kwa siku sita. Siku ya saba alimuita Musa kutoka ndani ya wingu.
17 ১৭ ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।
Utukufu wa Yahweh ulikuwa kama moto ulao juu ya mlima kwenye macho ya Waisraeli.
18 ১৮ মোচি মেঘৰ মাজত সোমাই পৰ্ব্বতলৈ উঠি গ’ল। মোচি সেই পৰ্ব্বততে চল্লিশ দিন আৰু চল্লিশ ৰাতি থাকিল।
Musa akaingia kwenye wingu na kwenda juu ya mlima. Alikuwa mlimani siku arobaini na usiku arobaini.