< যাত্রাপুস্তক 24 >
1 ১ যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।
Mojžíšovi pak řekl: Vstup k Hospodinu ty a Aron, Nádab a Abiu, a sedmdesáte z starších Izraelských, a klaněti se budete zdaleka.
2 ২ কেৱল মোচিহে মোৰ ওচৰলৈ আহিব। আন লোকসকল ওচৰলৈ আহিব নালাগে; বা লোকসকল তেওঁৰ লগত ওপৰলৈ উঠি আহিব নালাগে।”
Sám pak toliko Mojžíš vstoupí k Hospodinu, ale oni se nepřiblíží; aniž lid vstoupí s ním.
3 ৩ তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
Tedy přišel Mojžíš, a vypravoval lidu všecka slova Hospodinova a všecky soudy. I odpověděl všecken lid jedním hlasem, a řekli: Všecka slova, kteráž mluvil Hospodin, učiníme.
4 ৪ তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।
Napsal pak Mojžíš všecka slova Hospodinova, a vstav ráno, vzdělal oltář pod horou, a dvanácte sloupů podlé počtu dvanáctera pokolení Izraelského.
5 ৫ তেওঁ ইস্ৰায়েলী লোকসকলৰ মাজৰ কিছুমান যুৱকক যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে।
A poslal mládence z synů Izraelských, kteříž obětovali zápaly; a obětovali oběti pokojné Hospodinu, totiž voly.
6 ৬ মোচিয়ে তেজৰ আধা অংশ, কেইটামান চৰিয়াত থলে, আৰু বাকি আধা অংশ বেদীৰ ওপৰত ছটিয়াই দিলে।
I vzav Mojžíš polovici krve, vlil do medenic, a polovici druhou vylil na oltář.
7 ৭ তেওঁ নিয়ম-পুস্তকখন ল’লে লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি সকলো কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”
Vzav také knihu smlouvy, četl v uších lidu. Kteříž řekli: Cožkoli mluvil Hospodin, činiti a poslouchati budeme.
8 ৮ তাৰ পাছত মোচিয়ে সেই তেজ লৈ, লোকসকলৰ ওপৰত ছটিয়াই দিলে। মোচিয়ে ক’লে, “যিহোৱাই এই সকলো বাক্যৰ সৈতে আপোনালোকক দিয়া প্রতিজ্ঞাৰ যি নিয়ম স্থাপন কৰিলে, এয়ে সেই নিয়মৰ তেজ।”
Vzal také Mojžíš krev a pokropil lidu a řekl: Aj, krev smlouvy, kterouž učinil s vámi Hospodin při všech těchto věcech.
9 ৯ তাৰ পাছত মোচি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ মাজৰ সত্তৰ জন পৰিচাৰক পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল।
Potom vstoupili Mojžíš a Aron, Nádab a Abiu a sedmdesáte z starších Izraelských,
10 ১০ তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।
A viděli Boha Izraelského. A pod nohami jeho bylo jako dílo z kamene zafirového, a jako nebe, když jest jasné.
11 ১১ ঈশ্বৰে ক্রোধেৰে ইস্ৰায়েলী মুখ্যলোক সকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।
Na knížata pak synů Izraelských nevztáhl ruky své, ačkoli viděli Boha, a potom jedli i pili.
12 ১২ যিহোৱাই মোচিক কলে, “তুমি পৰ্ব্বতলৈ মোৰ ওচৰলৈ উঠি আহাঁ, আৰু তাতে থাকা। মই লিখা ব্যৱস্থা আৰু আজ্ঞাৰ শিলৰ ফলি মই তোমাক দিম; যাতে সেইবোৰ তুমি তেওঁলোকক শিকাব পাৰা।”
I řekl Hospodin Mojžíšovi: Vstup ke mně na horu a buď tam; a dám tobě tabule kamenné, zákon i přikázaní, kteráž jsem napsal, abys je učil.
13 ১৩ তেতিয়া মোচিয়ে আৰু তেওঁৰ পৰিচাৰক যিহোচূৱাক লগত লৈ ঈশ্বৰৰ পৰ্ব্বতলৈ উঠি গ’ল।
Tedy vstal Mojžíš a Jozue služebník jeho; i vstoupil Mojžíš na horu Boží.
14 ১৪ মোচিয়ে পৰিচাৰক সকলক ক’লে, “আমি আপোনালোকৰ ওচৰলৈ উভটি নহালৈকে, আপোনালোক ইয়াতে থাকক। হাৰোণ আৰু হূৰ আপোনালোকৰ লগত আছে। কোনো জনৰ যদি কিবা বিবাদ থাকে, তেওঁক তেওঁলোকৰ ওচৰলৈ যাব দিব।”
Starším pak řekl: Zůstaňte tuto, dokudž se nenavrátíme k vám. A teď Aron a Hur jsou s vámi, kdož by měl rozepři, k nim ať jde.
15 ১৫ সেই বুলি কৈ, মোচি পৰ্ব্বতলৈ উঠি গ’ল, আৰু মেঘে পৰ্ব্বত ঢাকি ধৰিলে।
Tedy vstoupil Mojžíš na horu, a přikryl oblak horu.
16 ১৬ সেই চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।
I přebývala sláva Hospodinova na hoře Sinai, a přikryl ji oblak za šest dní; a dne sedmého zavolal na Mojžíše z prostřed oblaku.
17 ১৭ ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।
A tvárnost slávy Hospodinovy byla jako spalující oheň na vrchu hory, před očima synů Izraelských.
18 ১৮ মোচি মেঘৰ মাজত সোমাই পৰ্ব্বতলৈ উঠি গ’ল। মোচি সেই পৰ্ব্বততে চল্লিশ দিন আৰু চল্লিশ ৰাতি থাকিল।
I všel Mojžíš do prostřed oblaku a vstoupil na horu. A byl Mojžíš na hoře čtyřidceti dní a čtyřidceti nocí.