< যাত্রাপুস্তক 23 >

1 তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা।
לא תשא שמע שוא אל תשת ידך עם רשע להית עד חמס׃
2 তোমালোকে কু-কৰ্ম কৰিবলৈ জনসাধাৰণক অনুসৰণ নকৰিবা; নাইবা অন্যায় বিচাৰ কৰিবলৈ জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত নলবা।
לא תהיה אחרי רבים לרעת ולא תענה על רב לנטת אחרי רבים להטת׃
3 তোমালোকে কোনো দৰিদ্র লোকৰ বিচাৰত তেওঁৰ পক্ষ নল’বা।
ודל לא תהדר בריבו׃
4 তোমালোকৰ শত্ৰুৰ গৰু বা গাধ বাট হেৰুওৱা দেখিলে, তোমালোকে অৱশ্যে তাক তেওঁৰ ওচৰলৈ উভতাই লৈ যাবা।
כי תפגע שור איבך או חמרו תעה השב תשיבנו לו׃
5 তোমালোকে যদি তোমালোকক ঘৃণা কৰা কোনো লোকৰ মালবাহী গাধক বস্তুৰ ভৰত মাটিত পৰা দেখা, তেনেহ’লে সেই লোকজনক তোমালোকে এৰি থৈ নাযাবা। তেওঁৰ গাধ, লগতে তেওঁকো নিশ্চয় সহায় কৰিবা।
כי תראה חמור שנאך רבץ תחת משאו וחדלת מעזב לו עזב תעזב עמו׃
6 তোমালোকে কোনো দৰিদ্ৰ লোকৰ বিচাৰত তেওঁৰ প্রতি অন্যায় বিচাৰ নকৰিবা।
לא תטה משפט אבינך בריבו׃
7 মিছা অভিযোগ দিওঁতে আনলোকৰ সৈতে সহযোগ নকৰিবা, নিৰ্দ্দোষী বা ধাৰ্মিক লোকক হত্যা নকৰিবা; কাৰণ মই দুষ্টলোকক নিৰ্দ্দোষী নকৰিম।
מדבר שקר תרחק ונקי וצדיק אל תהרג כי לא אצדיק רשע׃
8 তোমালোকে ভেটী নলবা; কাৰণ ভেঁটীয়ে, ভেঁটীলোৱা সকলক অন্ধ কৰে, আৰু ধাৰ্মিক সকলৰ কথা বিপথগামী কৰে।
ושחד לא תקח כי השחד יעור פקחים ויסלף דברי צדיקים׃
9 তোমালোকে বিদেশী লোকক উপদ্ৰৱ নকৰিবা; কাৰণ তোমোলোকো মিচৰ দেশত বিদেশী হৈ আছিলা, সেয়ে বিদেশী লোকৰ মনৰ কথা তোমালোকে জানিব লাগে।
וגר לא תלחץ ואתם ידעתם את נפש הגר כי גרים הייתם בארץ מצרים׃
10 ১০ তোমালোকে তোমালোকৰ মাটিত ছয় বছৰৰ বাবে গুটি সিঁচিবা, আৰু তাত উৎপন্ন হোৱা শস্য চপাবা।
ושש שנים תזרע את ארצך ואספת את תבואתה׃
11 ১১ কিন্তু সপ্তম বছৰত, সেই মাটি ছন পৰি থাকিবলৈ দিবা; সেয়ে তোমালোকৰ মাজৰ দৰিদ্ৰ লোকসকলে খাবলৈ পাব। তেওঁলোকে যি এৰিব, তাক বনৰীয়া পশুবোৰে খাব। এইদৰেই তোমালোকৰ দ্ৰাক্ষাবাৰী আৰু জিতগছৰ বাৰীৰ ক্ষেত্রতো কৰিবা।
והשביעת תשמטנה ונטשתה ואכלו אביני עמך ויתרם תאכל חית השדה כן תעשה לכרמך לזיתך׃
12 ১২ তোমালোকে ছয় দিন নিজৰ কাম কৰিবা, কিন্তু সপ্তম দিনা বিশ্রাম কৰিবা। এইদৰে কৰিবা; যাতে তোমালোকৰ গৰু, গাধ, তোমালোকৰ দাসীৰ পুত্র আৰু যিকোনো বিদেশী লোকে বিশ্রাম ল’ব পাৰিব আৰু সতেজতা লাভ কৰিব।
ששת ימים תעשה מעשיך וביום השביעי תשבת למען ינוח שורך וחמרך וינפש בן אמתך והגר׃
13 ১৩ মই তোমালোকক যি সকলো কথা কলোঁ, সেই সকলো কথাত মনোযোগ দিবা। তোমালোকে আন দেৱতাবোৰৰ নাম উল্লেখ নকৰিবা, নাইবা তোমালোকৰ মুখৰ পৰা সেইবোৰৰ নাম শুনা নাযাওক।
ובכל אשר אמרתי אליכם תשמרו ושם אלהים אחרים לא תזכירו לא ישמע על פיך׃
14 ১৪ তোমালোকে প্রতি বছৰত তিনিবাৰ মোৰ অৰ্থে উৎসৱ পালন কৰিবলৈ নিৰ্দ্দিষ্ট স্থানলৈ আহিব লাগিব।
שלש רגלים תחג לי בשנה׃
15 ১৫ তোমালোকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিবা। মই দিয়া আজ্ঞা অনুসাৰে, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। সেই সময়তে এই উদ্দেশ্যৰ কাৰণে নিৰ্দ্দিষ্ট কৰা আবীব মাহত মোৰ সন্মুখত উপস্থিত হ’বা। কাৰণ এই মাহতে তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা। কিন্তু তোমালোকে শুদা হাতে মোৰ ওচৰত উপস্থিত হ’ব নালাগে।
את חג המצות תשמר שבעת ימים תאכל מצות כאשר צויתך למועד חדש האביב כי בו יצאת ממצרים ולא יראו פני ריקם׃
16 ১৬ তোমালোকে শস্য দোৱাৰ উৎসৱ, অৰ্থাৎ পথাৰত যি গুটি সিঁচিলা, সেই পৰিশ্রমৰ প্ৰথম ফলৰ উৎসৱ পালন কৰিব লাগিব; আৰু বছৰৰ শেষত তোমালোকে উৎপন্ন কৰা খেতিৰ ফল চপোৱা সময়ত, ফল চপোৱা উৎসৱ পালন কৰিব লাগিব।
וחג הקציר בכורי מעשיך אשר תזרע בשדה וחג האסף בצאת השנה באספך את מעשיך מן השדה׃
17 ১৭ তোমালোকৰ পুৰুষসকলে প্রতি বছৰে তিনি বাৰ, যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব।
שלש פעמים בשנה יראה כל זכורך אל פני האדן יהוה׃
18 ১৮ তোমালোকে খমীৰ দিয়া পিঠাৰে সৈতে বলিৰ তেজ মোলৈ উৎসৰ্গ নকৰিবা। মোৰ উৎসৱৰ সময়ত বলিদান কৰা পশুৰ চৰ্বি গোটেই ৰাতিৰ পৰা ৰাতিপুৱালৈকে অৱশিষ্ট থাকিব নালাগে।
לא תזבח על חמץ דם זבחי ולא ילין חלב חגי עד בקר׃
19 ১৯ তোমালোকৰ মাটিৰ প্ৰথম ফলৰ উত্তম ভাগ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰৰ লগত নিসিজাবা।
ראשית בכורי אדמתך תביא בית יהוה אלהיך לא תבשל גדי בחלב אמו׃
20 ২০ যাত্রা পথত তোমালোকক সুৰক্ষা দান কৰিবলৈ, আৰু মই যি ঠাই তোমালোকৰ বাবে যুগুত কৰিছোঁ, সেই ঠাইলৈ তোমালোকক লৈ যাবলৈ, মই তোমালোকৰ আগে আগে এজন দূত পঠাম।
הנה אנכי שלח מלאך לפניך לשמרך בדרך ולהביאך אל המקום אשר הכנתי׃
21 ২১ তেওঁলৈ মনোযোগী হ’বা আৰু তেওঁক মানি চলিবা। তেওঁক উত্তেজিত নকৰিবা, কাৰণ তেওঁ তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। মোৰ নাম তেওঁত আছে।
השמר מפניו ושמע בקלו אל תמר בו כי לא ישא לפשעכם כי שמי בקרבו׃
22 ২২ তোমালোকে যদি নিশ্চয়ে তেওঁৰ কথা শুনা, আৰু মই যি কলোঁ সেই সকলোকে কৰা, তেনেহ’লে মই তোমালোকৰ শত্ৰুবোৰৰ শত্ৰু আৰু প্রতিদ্বন্দীৰ প্রতিদ্বন্দী হম।
כי אם שמע תשמע בקלו ועשית כל אשר אדבר ואיבתי את איביך וצרתי את צרריך׃
23 ২৩ মোৰ দূত তোমালোকৰ আগে আগে যাব, আৰু ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, কনানীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ দেশলৈ তোমালোকক লৈ যাব। মই তেওঁলোকক ধ্বংস কৰিম।
כי ילך מלאכי לפניך והביאך אל האמרי והחתי והפרזי והכנעני החוי והיבוסי והכחדתיו׃
24 ২৪ তোমালোকে তেওঁলোকৰ দেৱতাবোৰৰ আগত প্ৰণিপাত নকৰিবা, সেৱা পূজাও নকৰিবা বা তেওঁলোকে কৰা কাৰ্যৰ দৰে কোনো কাৰ্য নকৰিবা। তাৰ পৰিৱৰ্তে সেইবোৰক সম্পূৰ্ণকৈ বিনষ্ট কৰিবা, আৰু তেওঁলোকৰ শিলৰ স্তম্ভবোৰ একেবাৰে ভাঙি গুড়ি কৰি পেলাবা।
לא תשתחוה לאלהיהם ולא תעבדם ולא תעשה כמעשיהם כי הרס תהרסם ושבר תשבר מצבתיהם׃
25 ২৫ তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম।
ועבדתם את יהוה אלהיכם וברך את לחמך ואת מימיך והסרתי מחלה מקרבך׃
26 ২৬ তোমালোকৰ দেশত কোনো মহিলাৰ গৰ্ভপাত নহ’ব, আৰু কোনো বাঁজী হৈ নাথাকিব। মই তোমালোকক দীর্ঘায়ু দিম।
לא תהיה משכלה ועקרה בארצך את מספר ימיך אמלא׃
27 ২৭ তোমালোক যি দেশলৈ যাবা সেই দেশৰ লোকসকলৰ মনত মই মোৰ ভয় জন্মাম। তোমালোকে যি লোকসকলক ল’গ পাবা, সেই লোকসকলক মই বধ কৰিম। মই তোমালোকৰ সকলো শত্ৰুবোৰক তোমালোকৰ ভয়ত তোমালোকৰ পৰা দূৰ কৰিম।
את אימתי אשלח לפניך והמתי את כל העם אשר תבא בהם ונתתי את כל איביך אליך ערף׃
28 ২৮ মই তোমালোকৰ আগেয়ে কোদো পঠাম; সেয়ে সেইবোৰে হিব্বীয়া, কনানীয়া, আৰু হিত্তীয়া সকলক তোমালোকৰ আগৰ পৰা খেদি পঠিয়াব।
ושלחתי את הצרעה לפניך וגרשה את החוי את הכנעני ואת החתי מלפניך׃
29 ২৯ দেশ যেন পৰিত্যক্ত নহয়, আৰু তোমালোকৰ বিৰুদ্ধে বনৰীয়া জন্তুবোৰ যেন বৃদ্ধি নাপায়, সেই বাবে মই একে বছৰতে তেওঁলোকক তোমালোকৰ আগৰ পৰা খেদি নপঠিয়াম।
לא אגרשנו מפניך בשנה אחת פן תהיה הארץ שממה ורבה עליך חית השדה׃
30 ৩০ তাৰ পৰিৱৰ্তে তোমালোক বৃদ্ধি পাই দেশ অধিকাৰ নকৰা মানে, মই তেওঁলোকক তোমালোকৰ আগৰ পৰা অলপ অলপকৈ বাহিৰলৈ খেদি থাকিম।
מעט מעט אגרשנו מפניך עד אשר תפרה ונחלת את הארץ׃
31 ৩১ মই চূফ সাগৰৰ পৰা পলেষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা।
ושתי את גבלך מים סוף ועד ים פלשתים וממדבר עד הנהר כי אתן בידכם את ישבי הארץ וגרשתמו מפניך׃
32 ৩২ তোমালোকে তেওঁলোকৰ সৈতে, বা তেওঁলোকৰ দেৱতাবোৰৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা।
לא תכרת להם ולאלהיהם ברית׃
33 ৩৩ তেওঁলোকে তোমালোকৰ দেশত বাস কৰিব নোৱাৰিব; বাস কৰিলে, তেওঁলোকে তোমালোকক মোৰ বিৰুদ্ধে পাপ কৰাব। কিয়নো তুমি যদি তেওঁলোকৰ দেৱতাবোৰক পূজা কৰা, তেনেহ’লে নিশ্চয়ে তোমালোকলৈ সেয়ে ফান্দস্বৰূপ হ’ব।
לא ישבו בארצך פן יחטיאו אתך לי כי תעבד את אלהיהם כי יהיה לך למוקש׃

< যাত্রাপুস্তক 23 >