< যাত্রাপুস্তক 22 >
1 ১ কোনো লোকে যদি গৰু বা মেৰ-ছাগ চুৰ কৰি বধ কৰে অথবা বিক্রী কৰে, তেনেহ’লে তেওঁ এটা গৰুৰ সলনি পাঁচটা গৰু, আৰু এটা মেৰ-ছাগৰ সলনি চাৰিটা মেৰ-ছাগ দিব লাগিব।
Ha valaki lop ökröt vagy bárányt és levágja azt, vagy eladja: öt marhát fizessen az ökörért és még juhot a bárányért.
2 ২ চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব।
Ha a betörésen rajta érik a tolvajt és úgy megverik, hogy meghal, nincs miatta vérbűn;
3 ৩ কিন্তু যদি সিন্ধি দিয়াৰ আগতে সূৰ্য উদয় হয়, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত হত্যাকাৰীজন দোষী হ’ব। চোৰে অৱশ্যে ক্ষতিপূৰণ কৰিবই লাগিব। তেওঁৰ যদি একো নাথাকে, তেনেহ’লে চোৰি কাৰ্যৰ বাবে তেওঁ নিজে বেচা যাব।
ha rásütött a nap, vérbűn van miatta. Fizessen (a tolvaj), ha pedig nincs neki, adassék el az ő lopásáért.
4 ৪ চোৰে চুৰ কৰা গৰু, গাধ, বা মেৰ-ছাগ, যদি তেওঁৰ হাতত জীয়াই থকা পোৱা যায়, তেনেহ’লে তেওঁ তাৰ পৰিৱৰ্তে দুগুণ দিব লাগিব।
Ha megtalálják kezében a lopott dolgot, akár ökröt, akár szamarat vagy juhot élve, kétszerannyit fizessen.
5 ৫ কোনো লোকে যদি শস্য-ক্ষেত্ৰত বা দ্ৰাক্ষাবাৰীত পশু চৰায় বা নিজৰ পশু মেলি দিওঁতে যদি আনৰ পথাৰত গৈ চৰে, তেনেহ’লে তেওঁ নিজৰ পথাৰৰ উত্তম শস্য, বা নিজৰ দ্ৰাক্ষাবাৰীৰ উত্তম ফল দি ক্ষতিপূৰণ কৰিব লাগিব।
Ha lelegeltet valaki mezőt vagy szőlőt, rábocsátja ugyanis marháját és legelteti másnak a mezején: mezejének legjavából és szőlőjének legjavából fizessen.
6 ৬ জুই বিস্তাৰিত হৈ কাঁইটনিত লাগি যদি কোনো লোকৰ দমাই থোৱা শস্য, বা পথাৰৰ শস্য, বা পথাৰ গ্রাস কৰে, তেনেহ’লে যি জনে সেই জুই লগাবলৈ আৰম্ভ কৰিছিল, তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
Ha tűz támad és ér töviseket és fölemészt asztagot, vagy lábán álló gabonát, vagy mezőt, fizesse meg az, aki a tüzet gyújtotta.
7 ৭ কোনো লোকে যদি ধন বা বস্তু আন লোকৰ হাতত থ’বলৈ দিয়ে, আৰু সেয়ে যদি সেই লোকৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে চোৰ ধৰা পৰিলে, চোৰে তাৰ দুগুণ লাগিব দিব।
Ha ad valaki felebarátjának pénzt vagy edényeket megőrzés végett és ellopták annak a férfiúnak a házából: ha megtalálják a tolvajt, fizessen kétszerannyit;
8 ৮ কিন্তু যদি চোৰ ধৰা নপৰে, তেনেহ’লে চুবুৰীয়াৰ সম্পতিৰ ওপৰত তেওঁ হাত দিছে নে নাই সেই কথা প্রমান কৰিবলৈ ঘৰৰ গৰাকী বিচাৰকৰ্ত্তাৰ ওচৰলৈ যাব লাগিব।
de ha nem találják meg a tolvajt, lépjen oda a ház ura a bíróhoz, hogy nem nyújtotta ki kezét felebarátja jószága után.
9 ৯ কোনো বস্তুৰ বাবে হোৱা সকলো বিবাদ, যেনে গৰু, গাধ, মেৰ-ছাগ বা কাপোৰ আদি যি কোনো হেৰোৱা বস্তুৰ বিষয়ে “এই বস্তু মোৰ” বুলি কোৱা দুয়ো পক্ষৰ লোক বিচাৰকৰ্ত্তাৰ ওচৰলৈ আহিব লাগিব। এই বিষয়ত বিচাৰকৰ্ত্তাই যিজনক দোষী সাব্যস্ত কৰিব, তেওঁ তেওঁৰ চুবুৰীয়াক তাৰ দুগুণ দিব লাগিব।
Minden vétség ügyében, akár ökör, akár szamár, akár juh, akár ruha, akár elveszett dolog, amelyre azt mondja (a károsult), hogy ez az, a bíró elé jöjjön mindkettőjük ügye; akit elmarasztalnak a bírák, az fizessen kétszerannyit az ő felebarátjának.
10 ১০ কোনো লোকে যদি নিজৰ চুবুৰীয়াক এটা গাধ বা গৰু, বা মেৰ-ছাগ বা আন কোনো পশু ৰাখিবলৈ দিয়ে, আৰু কোনোৱে নেদেখাকৈ সেই পশু মৰে, বা আঘাত পায়, অথবা কোনোৱে যদি লৈ যায়,
Ha ad valaki felebarátjának szamarat, vagy ökröt, vagy juhot, vagy bármi barmot megőrzés végett és ez elhullott, vagy megsérült, vagy elfogatott és senki sem látta,
11 ১১ তেনেহ’লে মই চুবুৰীয়াৰ বস্তুত হাত দিয়া নাই, এই বুলি এজনে আন জনৰ আগত যিহোৱাৰ নামেৰে শপত খাব। পশুৰ গৰাকীয়ে সেই শপতত মান্তি হ’ব লাগিব; আৰু আন জনে তাৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
Az Örökkévalóra tett eskü legyen kettőjük között, hogy nem nyújtotta ki kezét felebarátja jószága után; és ezt fogadja el annak gazdája és ő ne fizessen.
12 ১২ কিন্তু যদি সেই পশু তেওঁৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে তেওঁ তাৰ গৰাকীক ক্ষতিপূৰণ দিব লাগিব।
De ha ellopják tőle, fizesse meg gazdájának.
13 ১৩ যদি কোনো জন্তুৱে সেই পশুটো ছিন্ন বিছিন্ন কৰি টুকুৰা কৰে, তেনেহ’লে আনজনে প্ৰমাণৰ বাবে পশুটোক আনিব লাগে। তেওঁ ছিৰা পশুৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
Ha széttépetett, hozza el azt tanú gyanánt; a széttépettet ne fizesse meg.
14 ১৪ কোনো লোকে যদি চুবুৰীয়াৰ কোনো পশু ধাৰত আনে, আৰু গৰাকী নথকা অৱস্থাত সেই পশুটোৱে আঘাত পায়, বা মৰে, তেনেহ’লে তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
Ha pedig kölcsönkér valaki felebarátjától (barmot) és ez megsérül vagy elhull, gazdája pedig nincs vele, fizesse meg.
15 ১৫ কিন্তু যদি গৰাকী পশুটোৰ লগত থাকে, তেনেহ’লে তেওঁ ক্ষতিপূৰণ দিব নালাগিব; পশুটো যদি ভাড়াত অনা হয়, তেনেহ’লে তাৰ বাবে ভাড়াৰ মূল্য দিব লাগিব।
Ha gazdája vele van, ne fizesse meg; ha bérelt volt, bérébe megy.
16 ১৬ কোনো লোকে যদি তেওঁলৈ বাগ্দান নকৰা কুমাৰী যুৱতীৰ সৈতে শয়ন কৰে, তেনেহ’লে ইয়াৰ বাবে তেওঁ অৱশ্যেই যুৱতী গৰাকীৰ গা ধন দি তেওঁক নিজৰ ভাৰ্যা কৰি ল’ব লাগিব।
Ha valaki elcsábít hajadont, ki nincs eljegyezve és vele marad, jegybérrel vegye el magának feleségül;
17 ১৭ যদি যুৱতী গৰাকীৰ পিতৃয়ে সেই লোকজনলৈ বিয়া দিবলৈ অসন্মত হয়, তেনেহ’লে তেওঁ যুৱতী গৰাকীৰ কুমাৰীত্বৰ গা-ধন অনুসাৰে ধন দিব লাগিব।
ha vonakodik az atyja, hogy neki adja, akkor mérjen le ezüstöt a hajadonok jegybére szerint.
18 ১৮ তোমালোকে মায়াকৰ্ম কৰা সকলক জীয়াই থাকিব নিদিবা।
Varázslónőt ne hagyj életben.
19 ১৯ পশুৰ সৈতে যৌন সম্পৰ্ক কৰা লোকক অৱশ্যে প্ৰাণদণ্ড দিয়া হ’ব।
Mindenki, ki barommal hál, ölessék meg.
20 ২০ যি জনে যিহোৱাৰ বাহিৰে আন কোনো দেৱতাৰ আগত বলিদান কৰে, তেওঁ নিঃশেষে বিনষ্ট হ’ব।
Aki isteneknek áldoz, pusztíttassék el; kivéve az Örökkévalónak egyedül.
21 ২১ তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।
Az idegent el ne nyomd és ne szorongasd őt, mert idegenek voltatok ti Egyiptom országában.
22 ২২ তোমালোকে বিধৱা আৰু পিতৃহীন সন্তানক বেয়া ব্যৱহাৰ নকৰিবা।
Egy özvegyet és árvát se sanyargassatok.
23 ২৩ তেওঁলোকক যদি তোমালোকে কষ্ট দিয়া, আৰু তেওঁলোকে যদি মোৰ আগত কাতৰোক্তি কৰে, তেনেহ’লে মই যিহোৱাই অৱশ্যে তেওঁলোকৰ কাতৰোক্তি শুনিম।
Mert ha sanyargatod őt, hogyha kiált majd hozzám, meg fogom hallgatni jajkiáltását;
24 ২৪ মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু মই তোমালোকক তৰোৱালেৰে বধ কৰিম। তোমালোকৰ ভাৰ্যাসকল বিধৱা, আৰু সন্তান সকল পিতৃহীন হ’ব।
és fölgerjed haragom és megöllek benneteket karddal és a ti feleségeitek lesznek özvegyek és gyermekeitek árvák.
25 ২৫ তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহ’বা।
Ha pénzt kölcsönzöl népemnek, a szegénynek melletted, ne légy irányában, mint a hitelező; ne vessetek rá kamatot.
26 ২৬ তোমালোকে যদি কেতিয়াবা তোমালোকৰ চুবুৰীয়াৰ পৰা কাপোৰ বন্ধকত লোৱা, তেনেহ’লে বেলি মাৰ যোৱাৰ আগেয়ে তাক ঘূৰাই দিব লাগিব।
Ha zálogba veszed felebarátod ruháját, a naplemente előtt add vissza neki;
27 ২৭ কাৰণ সেই কাপোৰখন তেওঁৰ একমাত্র গা ঢকা কাপোৰ; সেই খন নহ’লে তেওঁ কিহত শুব? তেওঁ যেতিয়া মোৰ আগত কাতৰোক্তি কৰিব, তেতিয়া মই তেওঁৰ কাতৰোক্তি শুনিম; কাৰণ মই দয়ালু।
mert az az egyedüli takarója, az ruhája testének, miben háljon? És lesz, ha kiált hozzám, meghallgatom, mert könyörületes vagyok én.
28 ২৮ তোমালোকৰ ঈশ্বৰ যি মই, মোক নিন্দা নকৰিবা, নাইবা তোমালোকৰ শাসনকৰ্ত্তাক শাও নিদিবা।
Bírákat ne átkozz és fejedelmet néped között ne szidalmazz.
29 ২৯ তোমালোকৰ শস্য, বা পেয় দ্ৰব্যৰ পৰা উৎসৰ্গ কৰিবলৈ তোমালোকে পলম কৰিব নালাগে। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰক মোৰ অৰ্থে দিব লাগিব।
Gabonád és folyadékod adományát ne késleltesd; fiaid elsőszülöttét add nekem.
30 ৩০ তোমালোকৰ গৰু আৰু মেৰ-ছাগৰ জাকৰ ক্ষেত্রতো সেইদৰেই কৰিবা। সেই পশুবোৰ সাত দিন নিজৰ মাকৰ লগত থাকিব, কিন্তু অষ্টম দিনা তোমালোকে সেইবোৰ মোক দিব লাগিব।
Így tegyél ökröddel, juhoddal; hét napig maradjon az anyjánál, nyolcadik nap add nekem.
31 ৩১ তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ লোক হ’বা। সেয়ে পথাৰত জন্তুৱে ছিৰা ছিৰ কৰা যিকোনো মাংস তোমালোকে নাখাবা; তাৰ পৰিৱৰ্তে কুকুৰৰ আগত পেলাই দিবা।
Szent emberek legyetek nekem; a mezőn széttépettnek húsát ne egyétek, a kutyának vessétek azt.