< যাত্রাপুস্তক 22 >

1 কোনো লোকে যদি গৰু বা মেৰ-ছাগ চুৰ কৰি বধ কৰে অথবা বিক্রী কৰে, তেনেহ’লে তেওঁ এটা গৰুৰ সলনি পাঁচটা গৰু, আৰু এটা মেৰ-ছাগৰ সলনি চাৰিটা মেৰ-ছাগ দিব লাগিব।
כִּ֤י יִגְנֹֽב־אִישׁ֙ שׁ֣וֹר אוֹ־שֶׂ֔ה וּטְבָח֖וֹ א֣וֹ מְכָר֑וֹ חֲמִשָּׁ֣ה בָקָ֗ר יְשַׁלֵּם֙ תַּ֣חַת הַשּׁ֔וֹר וְאַרְבַּע־צֹ֖אן תַּ֥חַת הַשֶּֽׂה׃
2 চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব।
אִם־בַּמַּחְתֶּ֛רֶת יִמָּצֵ֥א הַגַּנָּ֖ב וְהֻכָּ֣ה וָמֵ֑ת אֵ֥ין ל֖וֹ דָּמִֽים׃
3 কিন্তু যদি সিন্ধি দিয়াৰ আগতে সূৰ্য উদয় হয়, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত হত্যাকাৰীজন দোষী হ’ব। চোৰে অৱশ্যে ক্ষতিপূৰণ কৰিবই লাগিব। তেওঁৰ যদি একো নাথাকে, তেনেহ’লে চোৰি কাৰ্যৰ বাবে তেওঁ নিজে বেচা যাব।
אִם־זָרְחָ֥ה הַשֶּׁ֛מֶשׁ עָלָ֖יו דָּמִ֣ים ל֑וֹ שַׁלֵּ֣ם יְשַׁלֵּ֔ם אִם־אֵ֣ין ל֔וֹ וְנִמְכַּ֖ר בִּגְנֵבָתֽוֹ׃
4 চোৰে চুৰ কৰা গৰু, গাধ, বা মেৰ-ছাগ, যদি তেওঁৰ হাতত জীয়াই থকা পোৱা যায়, তেনেহ’লে তেওঁ তাৰ পৰিৱৰ্তে দুগুণ দিব লাগিব।
אִֽם־הִמָּצֵא֩ תִמָּצֵ֨א בְיָד֜וֹ הַגְּנֵבָ֗ה מִשּׁ֧וֹר עַד־חֲמ֛וֹר עַד־שֶׂ֖ה חַיִּ֑ים שְׁנַ֖יִם יְשַׁלֵּֽם׃ ס
5 কোনো লোকে যদি শস্য-ক্ষেত্ৰত বা দ্ৰাক্ষাবাৰীত পশু চৰায় বা নিজৰ পশু মেলি দিওঁতে যদি আনৰ পথাৰত গৈ চৰে, তেনেহ’লে তেওঁ নিজৰ পথাৰৰ উত্তম শস্য, বা নিজৰ দ্ৰাক্ষাবাৰীৰ উত্তম ফল দি ক্ষতিপূৰণ কৰিব লাগিব।
כִּ֤י יַבְעֶר־אִישׁ֙ שָׂדֶ֣ה אוֹ־כֶ֔רֶם וְשִׁלַּח֙ אֶת־בְּעִיר֔וֹ וּבִעֵ֖ר בִּשְׂדֵ֣ה אַחֵ֑ר מֵיטַ֥ב שָׂדֵ֛הוּ וּמֵיטַ֥ב כַּרְמ֖וֹ יְשַׁלֵּֽם׃ ס
6 জুই বিস্তাৰিত হৈ কাঁইটনিত লাগি যদি কোনো লোকৰ দমাই থোৱা শস্য, বা পথাৰৰ শস্য, বা পথাৰ গ্রাস কৰে, তেনেহ’লে যি জনে সেই জুই লগাবলৈ আৰম্ভ কৰিছিল, তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
כִּֽי־תֵצֵ֨א אֵ֜שׁ וּמָצְאָ֤ה קֹצִים֙ וְנֶאֱכַ֣ל גָּדִ֔ישׁ א֥וֹ הַקָּמָ֖ה א֣וֹ הַשָּׂדֶ֑ה שַׁלֵּ֣ם יְשַׁלֵּ֔ם הַמַּבְעִ֖ר אֶת־הַבְּעֵרָֽה׃ ס
7 কোনো লোকে যদি ধন বা বস্তু আন লোকৰ হাতত থ’বলৈ দিয়ে, আৰু সেয়ে যদি সেই লোকৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে চোৰ ধৰা পৰিলে, চোৰে তাৰ দুগুণ লাগিব দিব।
כִּֽי־יִתֵּן֩ אִ֨ישׁ אֶל־רֵעֵ֜הוּ כֶּ֤סֶף אֽוֹ־כֵלִים֙ לִשְׁמֹ֔ר וְגֻנַּ֖ב מִבֵּ֣ית הָאִ֑ישׁ אִם־יִמָּצֵ֥א הַגַּנָּ֖ב יְשַׁלֵּ֥ם שְׁנָֽיִם׃
8 কিন্তু যদি চোৰ ধৰা নপৰে, তেনেহ’লে চুবুৰীয়াৰ সম্পতিৰ ওপৰত তেওঁ হাত দিছে নে নাই সেই কথা প্রমান কৰিবলৈ ঘৰৰ গৰাকী বিচাৰকৰ্ত্তাৰ ওচৰলৈ যাব লাগিব।
אִם־לֹ֤א יִמָּצֵא֙ הַגַּנָּ֔ב וְנִקְרַ֥ב בַּֽעַל־הַבַּ֖יִת אֶל־הָֽאֱלֹהִ֑ים אִם־לֹ֥א שָׁלַ֛ח יָד֖וֹ בִּמְלֶ֥אכֶת רֵעֵֽהוּ׃
9 কোনো বস্তুৰ বাবে হোৱা সকলো বিবাদ, যেনে গৰু, গাধ, মেৰ-ছাগ বা কাপোৰ আদি যি কোনো হেৰোৱা বস্তুৰ বিষয়ে “এই বস্তু মোৰ” বুলি কোৱা দুয়ো পক্ষৰ লোক বিচাৰকৰ্ত্তাৰ ওচৰলৈ আহিব লাগিব। এই বিষয়ত বিচাৰকৰ্ত্তাই যিজনক দোষী সাব্যস্ত কৰিব, তেওঁ তেওঁৰ চুবুৰীয়াক তাৰ দুগুণ দিব লাগিব।
עַֽל־כָּל־דְּבַר־פֶּ֡שַׁע עַל־שׁ֡וֹר עַל־חֲ֠מוֹר עַל־שֶׂ֨ה עַל־שַׂלְמָ֜ה עַל־כָּל־אֲבֵדָ֗ה אֲשֶׁ֤ר יֹאמַר֙ כִּי־ה֣וּא זֶ֔ה עַ֚ד הָֽאֱלֹהִ֔ים יָבֹ֖א דְּבַר־שְׁנֵיהֶ֑ם אֲשֶׁ֤ר יַרְשִׁיעֻן֙ אֱלֹהִ֔ים יְשַׁלֵּ֥ם שְׁנַ֖יִם לְרֵעֵֽהוּ׃ ס
10 ১০ কোনো লোকে যদি নিজৰ চুবুৰীয়াক এটা গাধ বা গৰু, বা মেৰ-ছাগ বা আন কোনো পশু ৰাখিবলৈ দিয়ে, আৰু কোনোৱে নেদেখাকৈ সেই পশু মৰে, বা আঘাত পায়, অথবা কোনোৱে যদি লৈ যায়,
כִּֽי־יִתֵּן֩ אִ֨ישׁ אֶל־רֵעֵ֜הוּ חֲמ֨וֹר אוֹ־שׁ֥וֹר אוֹ־שֶׂ֛ה וְכָל־בְּהֵמָ֖ה לִשְׁמֹ֑ר וּמֵ֛ת אוֹ־נִשְׁבַּ֥ר אוֹ־נִשְׁבָּ֖ה אֵ֥ין רֹאֶֽה׃
11 ১১ তেনেহ’লে মই চুবুৰীয়াৰ বস্তুত হাত দিয়া নাই, এই বুলি এজনে আন জনৰ আগত যিহোৱাৰ নামেৰে শপত খাব। পশুৰ গৰাকীয়ে সেই শপতত মান্তি হ’ব লাগিব; আৰু আন জনে তাৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
שְׁבֻעַ֣ת יְהוָ֗ה תִּהְיֶה֙ בֵּ֣ין שְׁנֵיהֶ֔ם אִם־לֹ֥א שָׁלַ֛ח יָד֖וֹ בִּמְלֶ֣אכֶת רֵעֵ֑הוּ וְלָקַ֥ח בְּעָלָ֖יו וְלֹ֥א יְשַׁלֵּֽם׃
12 ১২ কিন্তু যদি সেই পশু তেওঁৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে তেওঁ তাৰ গৰাকীক ক্ষতিপূৰণ দিব লাগিব।
וְאִם־גָּנֹ֥ב יִגָּנֵ֖ב מֵעִמּ֑וֹ יְשַׁלֵּ֖ם לִבְעָלָֽיו׃
13 ১৩ যদি কোনো জন্তুৱে সেই পশুটো ছিন্ন বিছিন্ন কৰি টুকুৰা কৰে, তেনেহ’লে আনজনে প্ৰমাণৰ বাবে পশুটোক আনিব লাগে। তেওঁ ছিৰা পশুৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
אִם־טָרֹ֥ף יִטָּרֵ֖ף יְבִאֵ֣הוּ עֵ֑ד הַטְּרֵפָ֖ה לֹ֥א יְשַׁלֵּֽם׃ פ
14 ১৪ কোনো লোকে যদি চুবুৰীয়াৰ কোনো পশু ধাৰত আনে, আৰু গৰাকী নথকা অৱস্থাত সেই পশুটোৱে আঘাত পায়, বা মৰে, তেনেহ’লে তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
וְכִֽי־יִשְׁאַ֥ל אִ֛ישׁ מֵעִ֥ם רֵעֵ֖הוּ וְנִשְׁבַּ֣ר אוֹ־מֵ֑ת בְּעָלָ֥יו אֵין־עִמּ֖וֹ שַׁלֵּ֥ם יְשַׁלֵּֽם׃
15 ১৫ কিন্তু যদি গৰাকী পশুটোৰ লগত থাকে, তেনেহ’লে তেওঁ ক্ষতিপূৰণ দিব নালাগিব; পশুটো যদি ভাড়াত অনা হয়, তেনেহ’লে তাৰ বাবে ভাড়াৰ মূল্য দিব লাগিব।
אִם־בְּעָלָ֥יו עִמּ֖וֹ לֹ֣א יְשַׁלֵּ֑ם אִם־שָׂכִ֣יר ה֔וּא בָּ֖א בִּשְׂכָרֽוֹ׃ ס
16 ১৬ কোনো লোকে যদি তেওঁলৈ বাগ্দান নকৰা কুমাৰী যুৱতীৰ সৈতে শয়ন কৰে, তেনেহ’লে ইয়াৰ বাবে তেওঁ অৱশ্যেই যুৱতী গৰাকীৰ গা ধন দি তেওঁক নিজৰ ভাৰ্যা কৰি ল’ব লাগিব।
וְכִֽי־יְפַתֶּ֣ה אִ֗ישׁ בְּתוּלָ֛ה אֲשֶׁ֥ר לֹא־אֹרָ֖שָׂה וְשָׁכַ֣ב עִמָּ֑הּ מָהֹ֛ר יִמְהָרֶ֥נָּה לּ֖וֹ לְאִשָּֽׁה׃
17 ১৭ যদি যুৱতী গৰাকীৰ পিতৃয়ে সেই লোকজনলৈ বিয়া দিবলৈ অসন্মত হয়, তেনেহ’লে তেওঁ যুৱতী গৰাকীৰ কুমাৰীত্বৰ গা-ধন অনুসাৰে ধন দিব লাগিব।
אִם־מָאֵ֧ן יְמָאֵ֛ן אָבִ֖יהָ לְתִתָּ֣הּ ל֑וֹ כֶּ֣סֶף יִשְׁקֹ֔ל כְּמֹ֖הַר הַבְּתוּלֹֽת׃ ס
18 ১৮ তোমালোকে মায়াকৰ্ম কৰা সকলক জীয়াই থাকিব নিদিবা।
מְכַשֵּׁפָ֖ה לֹ֥א תְחַיֶּֽה׃ ס
19 ১৯ পশুৰ সৈতে যৌন সম্পৰ্ক কৰা লোকক অৱশ্যে প্ৰাণদণ্ড দিয়া হ’ব।
כָּל־שֹׁכֵ֥ב עִם־בְּהֵמָ֖ה מ֥וֹת יוּמָֽת׃ ס
20 ২০ যি জনে যিহোৱাৰ বাহিৰে আন কোনো দেৱতাৰ আগত বলিদান কৰে, তেওঁ নিঃশেষে বিনষ্ট হ’ব।
זֹבֵ֥חַ לָאֱלֹהִ֖ים יָֽחֳרָ֑ם בִּלְתִּ֥י לַיהוָ֖ה לְבַדּֽוֹ׃
21 ২১ তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।
וְגֵ֥ר לֹא־תוֹנֶ֖ה וְלֹ֣א תִלְחָצֶ֑נּוּ כִּֽי־גֵרִ֥ים הֱיִיתֶ֖ם בְּאֶ֥רֶץ מִצְרָֽיִם׃
22 ২২ তোমালোকে বিধৱা আৰু পিতৃহীন সন্তানক বেয়া ব্যৱহাৰ নকৰিবা।
כָּל־אַלְמָנָ֥ה וְיָת֖וֹם לֹ֥א תְעַנּֽוּן׃
23 ২৩ তেওঁলোকক যদি তোমালোকে কষ্ট দিয়া, আৰু তেওঁলোকে যদি মোৰ আগত কাতৰোক্তি কৰে, তেনেহ’লে মই যিহোৱাই অৱশ্যে তেওঁলোকৰ কাতৰোক্তি শুনিম।
אִם־עַנֵּ֥ה תְעַנֶּ֖ה אֹת֑וֹ כִּ֣י אִם־צָעֹ֤ק יִצְעַק֙ אֵלַ֔י שָׁמֹ֥עַ אֶשְׁמַ֖ע צַעֲקָתֽוֹ׃
24 ২৪ মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু মই তোমালোকক তৰোৱালেৰে বধ কৰিম। তোমালোকৰ ভাৰ্যাসকল বিধৱা, আৰু সন্তান সকল পিতৃহীন হ’ব।
וְחָרָ֣ה אַפִּ֔י וְהָרַגְתִּ֥י אֶתְכֶ֖ם בֶּחָ֑רֶב וְהָי֤וּ נְשֵׁיכֶם֙ אַלְמָנ֔וֹת וּבְנֵיכֶ֖ם יְתֹמִֽים׃ פ
25 ২৫ তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহ’বা।
אִם־כֶּ֣סֶף ׀ תַּלְוֶ֣ה אֶת־עַמִּ֗י אֶת־הֶֽעָנִי֙ עִמָּ֔ךְ לֹא־תִהְיֶ֥ה ל֖וֹ כְּנֹשֶׁ֑ה לֹֽא־תְשִׂימ֥וּן עָלָ֖יו נֶֽשֶׁךְ׃
26 ২৬ তোমালোকে যদি কেতিয়াবা তোমালোকৰ চুবুৰীয়াৰ পৰা কাপোৰ বন্ধকত লোৱা, তেনেহ’লে বেলি মাৰ যোৱাৰ আগেয়ে তাক ঘূৰাই দিব লাগিব।
אִם־חָבֹ֥ל תַּחְבֹּ֖ל שַׂלְמַ֣ת רֵעֶ֑ךָ עַד־בֹּ֥א הַשֶּׁ֖מֶשׁ תְּשִׁיבֶ֥נּוּ לֽוֹ׃
27 ২৭ কাৰণ সেই কাপোৰখন তেওঁৰ একমাত্র গা ঢকা কাপোৰ; সেই খন নহ’লে তেওঁ কিহত শুব? তেওঁ যেতিয়া মোৰ আগত কাতৰোক্তি কৰিব, তেতিয়া মই তেওঁৰ কাতৰোক্তি শুনিম; কাৰণ মই দয়ালু।
כִּ֣י הִ֤וא כְסוּתוֹ֙ לְבַדָּ֔הּ הִ֥וא שִׂמְלָת֖וֹ לְעֹר֑וֹ בַּמֶּ֣ה יִשְׁכָּ֔ב וְהָיָה֙ כִּֽי־יִצְעַ֣ק אֵלַ֔י וְשָׁמַעְתִּ֖י כִּֽי־חַנּ֥וּן אָֽנִי׃ ס
28 ২৮ তোমালোকৰ ঈশ্বৰ যি মই, মোক নিন্দা নকৰিবা, নাইবা তোমালোকৰ শাসনকৰ্ত্তাক শাও নিদিবা।
אֱלֹהִ֖ים לֹ֣א תְקַלֵּ֑ל וְנָשִׂ֥יא בְעַמְּךָ֖ לֹ֥א תָאֹֽר׃
29 ২৯ তোমালোকৰ শস্য, বা পেয় দ্ৰব্যৰ পৰা উৎসৰ্গ কৰিবলৈ তোমালোকে পলম কৰিব নালাগে। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰক মোৰ অৰ্থে দিব লাগিব।
מְלֵאָתְךָ֥ וְדִמְעֲךָ֖ לֹ֣א תְאַחֵ֑ר בְּכ֥וֹר בָּנֶ֖יךָ תִּתֶּן־לִּֽי׃
30 ৩০ তোমালোকৰ গৰু আৰু মেৰ-ছাগৰ জাকৰ ক্ষেত্রতো সেইদৰেই কৰিবা। সেই পশুবোৰ সাত দিন নিজৰ মাকৰ লগত থাকিব, কিন্তু অষ্টম দিনা তোমালোকে সেইবোৰ মোক দিব লাগিব।
כֵּֽן־תַּעֲשֶׂ֥ה לְשֹׁרְךָ֖ לְצֹאנֶ֑ךָ שִׁבְעַ֤ת יָמִים֙ יִהְיֶ֣ה עִם־אִמּ֔וֹ בַּיּ֥וֹם הַשְּׁמִינִ֖י תִּתְּנוֹ־לִֽי׃
31 ৩১ তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ লোক হ’বা। সেয়ে পথাৰত জন্তুৱে ছিৰা ছিৰ কৰা যিকোনো মাংস তোমালোকে নাখাবা; তাৰ পৰিৱৰ্তে কুকুৰৰ আগত পেলাই দিবা।
וְאַנְשֵׁי־קֹ֖דֶשׁ תִּהְי֣וּן לִ֑י וּבָשָׂ֨ר בַּשָּׂדֶ֤ה טְרֵפָה֙ לֹ֣א תֹאכֵ֔לוּ לַכֶּ֖לֶב תַּשְׁלִכ֥וּן אֹתֽוֹ׃ ס

< যাত্রাপুস্তক 22 >