< যাত্রাপুস্তক 21 >

1 “তুমি যিবোৰ বিধি তেওঁলোকৰ আগত প্ৰকাশ কৰিবা, সেয়ে এই:
Tito jsou pak soudové, kteréž jim předložíš:
2 ‘তুমি যদি কোনো ইব্ৰীয়া দাস কিনি লোৱা, তেওঁ ছয় বছৰৰ বাবে সেৱা কৰিব; কিন্তু সপ্তম বছৰত তেওঁ বিনামূল্যে মুক্ত হৈ যাব।
Jestliže koupíš k službě Žida, šest let sloužiti bude, a sedmého odejde svobodný darmo.
3 তেওঁ যদি নিজে আহে, তেনেহ’লে তেওঁ নিজেই মুক্ত হৈ যাব। তেওঁ যদি বিবাহিত হয়, তেনেহ’লে তেওঁৰ ভাৰ্যা তেওঁৰে সৈতে মুক্ত হৈ যাব।
Přišel-li by sám toliko, sám také odejde; pakli měl ženu, vyjde s ním i žena jeho.
4 যদি তেওঁৰ মালিকে তেওঁক বিয়া কৰাই দিয়ে, আৰু তেওঁ ল’ৰা বা ছোৱালী জন্ম দিয়ে, তেনেহ’লে সেই ভাৰ্যা আৰু তেওঁৰ সন্তান সকল মালিকৰ স্বত্বত থাকিব, আৰু তেওঁ নিজেই মুক্ত হৈ যাব লাগিব।
Jestliže pán jeho dá mu ženu, a ona zrodí jemu syny neb dcery: žena ta i děti její budou pána jeho, on pak sám toliko odejde.
5 সেই দাসে যদি স্পষ্টৰূপে কয়, ‘মই মোৰ মালিকক, মোৰ ভাৰ্যাক, আৰু মোৰ সন্তানসকলক প্ৰেম কৰোঁ, সেয়ে মই মুক্ত হৈ নাযাওঁ’।
Pakli by řekl služebník: Miluji pána svého, manželku svou a syny své, nevyjdu svobodný:
6 তেতিয়া তেওঁৰ মালিকে তেওঁক ঈশ্বৰৰ ওচৰলৈ আনিব লাগিব। মালিকে তেওঁক দুৱাৰ বা দুৱাৰৰ চৌকাঠৰ দুই দাঁতিৰ এডাললৈ আনি, তেওঁৰ মালিকে বেজিৰে তেওঁৰ কাণ ফুটা কৰিব লাগিব। তেতিয়াহে দাস জনে গোটেই জীৱন তেওঁৰ মালিকৰ সেৱা কৰিব পাৰিব।
Tedy postaví ho pán jeho před soudci, a přivede ho ke dveřím neb k veřeji, a probodne pán jeho ucho jemu špicí; i zůstaneť služebníkem jeho na věky.
7 কোনো মানুহে যদি নিজৰ জীয়েকক দাসী হ’বলৈ বিক্রী কৰে, তেনেহ’লে দাসৰ দৰে তেওঁ মুক্ত হৈ যাব নোৱাৰিব।
Když by pak prodal někdo dceru svou, aby byla děvkou, nevyjdeť tak, jako vycházejí služebníci.
8 যিজনে তাইক নিজৰ কাৰণে মনোনীত কৰি লয়; সেই মালিকক যদি তাই সন্তুষ্ট কৰিব নোৱাৰে, তেনেহ’লে তেওঁ তাইক ঘূৰাই পঠিয়াব লাগিব। তেওঁ তাইক বিদেশীক বেচিবৰ অধিকাৰ নাথাকিব। তাইক প্রতাৰণা কৰাৰ কাৰণে তেওঁৰ সেই অধিকাৰ নাথাকিব।
Nelíbila-li by se pánu svému, kterýž jí sobě ještě nezasnoubil, dopustí ji vyplatiti. Lidu cizímu nebude míti práva prodati ji, poněvadž zhřešil proti ní.
9 তাইৰ মালিকে যদি তাইক নিজৰ পুত্রৰ বাবে ভাৰ্যা কৰি লয়, তেনেহ’লে তেওঁ তাইক নিজৰ জীয়েকৰ দৰে ব্যৱহাৰ কৰিব লাগিব।
Pakli by synu svému ji zasnoubil, učiníť jí tak, jakž obyčej jest činiti dcerám.
10 ১০ তেওঁ যদি নিজৰ বাবে আন এগৰাকী ভাৰ্যা আনে, তেনেহ’লে তেওঁ তাইৰ অন্ন, বস্ত্ৰ, আৰু বিবাহৰ অধিকাৰৰ বিষয়ে ত্রুটি কৰিব নোৱাৰিব।
A dal-li by mu jinou, z stravy její, oděvu jejího, a přívětivosti manželské nic této neujme.
11 ১১ কিন্তু যদি তেওঁ তাইলৈ এই তিনিওটা বিষয়ত ত্ৰুটি কৰে, তেনেহ’লে তাই বিনামূল্যে মুক্ত হৈ যাব পাৰিব।
Neudělal-li by nic z toho trojího, vyjde darmo bez stříbra.
12 ১২ কোনো মানুহে যদি কোনো মানুহক মাৰোতে তেওঁৰ মৃত্যু হয়; তেনেহ’লে সেই ব্যক্তিৰ অৱেশ্যে প্ৰাণদণ্ড হ’ব।
Kdo by ubil člověka, až by od toho umřel, smrtí umře.
13 ১৩ কোনো মানুহে যদি পূৰ্বপৰিকল্পনা নকৰাকৈ মাৰোতে আকস্মিকভাৱে কাৰো মৃত্যু হয়; তেনেহ’লে তেওঁ পলাই যাব পৰা ঠাই মই নিৰূপণ কৰিম।
Když by pak neukládal o bezživotí jeho, než Bůh dal by jej v ruce jeho: tedy uložím tobě místo, do něhož by takový mohl uteci.
14 ১৪ যদি কোনোবাই ছলেৰে দুঃসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।
Pakli by kdo tak pyšně sobě počínal proti bližnímu svému, že by ho lstivě zabil, i od oltáře mého odtrhneš jej, aby umřel.
15 ১৫ যি কোনোৱে নিজৰ পিতৃ বা মাতৃক প্ৰহাৰ কৰে, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।
Kdo by otce svého neb matku svou bil, smrtí ať umře.
16 ১৬ কোনোৱে যদি কোনো মানুহক অপহৰণ কৰি বিক্রী কৰে বা সেই মানুহক যদি অপহৰণকাৰীৰ হাতত পোৱা যায়, তেনেহ’লে তেওঁৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
Kdo by pak, ukradna někoho, prodal jej, a nalezen by byl v ruce jeho, smrtí ať umře.
17 ১৭ যি কোনোৱে নিজৰ পিতৃ বা মাতৃক শাও দিয়ে, তেওঁৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
I ten, kdož by zlořečil otci svému neb mateři své, smrtí ať umře.
18 ১৮ লোকসকলে বিবাদ কৰোঁতে, এজনে আন জনক শিল দলিয়ালে বা ভুকু মাৰিলে, তেওঁ যদি নমৰি শয্যাগত হয়,
Když by se svadili muži, a urazil by který bližního svého kamenem neb pěstí, a ten by neumřel, než složil se na lůži;
19 ১৯ তাৰ পাছত তেওঁ সুস্থ হৈ লাখুটি ধৰি খোজ কাঢ়িব পৰা হয়, তেতিয়া সেই ব্যক্তিৰ নষ্ট হোৱা সময় আৰু সম্পূৰ্ণ সুস্থতাৰ কাৰণে প্ৰহাৰ কৰা জনে তাৰ মূল্য দিব লাগিব। কিন্তু সেই প্রহাৰক জন হত্যাকাৰী বুলি বিবেচিত নহব।
A potom by povstal a chodil vně o holi své: již nebude vinen ten, kdož urazil; toliko co zatím obmeškal, to jemu nahradí, a na vyhojení jeho naloží.
20 ২০ কোনোৱে নিজৰ দাস বা দাসীক লাখুটিৰে মাৰোঁতে, তেওঁৰ যদি মৃত্যু হয়, তেনেহ’লে তেওঁ অৱশ্যে শাস্তি পাব।
Když by pak ubil kdo služebníka svého neb děvku svou kyjem, tak že by umřel mu v ruce jeho: pomstou pomštěno bude nad takovým.
21 ২১ তথাপিও তেওঁ যদি এদিন বা দুদিন জীয়াই থাকে, তেনেহ’লে তেওঁ শাস্তি নাপায়; কাৰণ তেওঁ তেওঁৰ দাস হেৰোৱাই কষ্ট ভুগিব।
A však jestliže by den neb dva přečkal, neponese pomsty, nebo jej zaplatil.
22 ২২ পুৰুষসকলে ইজনে সিজনৰ লগত বিবাদ কৰোঁতে যদি কোনো গৰ্ভৱতী মহিলাই আঘাত পাই তেওঁৰ গৰ্ভপাত হয়, কিন্তু তেওঁৰ যদি আন কোনো ঠাইত আঘাত নহয়, তেনেহ’লে দোষী পুৰুষজনে জৰিমনা দিব লাগিব। সেই মহিলাৰ স্বামীয়ে যদি তেওঁৰ পৰা জৰিমনা বিচাৰে, তেনেহ’লে বিচাৰকৰ্ত্তাসকলে নিৰূপন কৰা অনুসাৰে জৰিমনা দিব লাগিব।
Když by se svadili muži, a urazili ženu těhotnou, tak že by vyšel z ní plod její, však by se zhouba nestala: pokutován bude, jakž by uložil naň muž té ženy, a dá vedlé uznání soudců.
23 ২৩ কিন্তু যদি গভীৰ আঘাত হয়, তেনেহ’লে প্ৰাণৰ সলনি প্ৰাণ,
Pakliť by smrt přišla, tedy dáš život za život,
24 ২৪ চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি,
Oko za oko, zub za zub, ruku za ruku, nohu za nohu,
25 ২৫ জুইৰ আঘাতৰ সলনি জুইৰ আঘাত, আঘাতৰ সলনি আঘাত, বা থেতেলা খোৱাৰ সলনি থেতেলা খোৱা, দিব লাগিব।
Spáleninu za spáleninu, ránu za ránu, modřinu za modřinu.
26 ২৬ কোনো লোকে যদি নিজৰ দাস বা দাসীৰ চকুত আঘাত কৰোঁতে চকু নষ্ট হয়, তেনেহ’লে তেওঁৰ চকুৰ বাবে তেওঁক ক্ষতিপূৰণ দি মুক্ত কৰি পঠাই দিব।
Jestliže by kdo urazil služebníka svého v oko, aneb děvku svou v oko, tak že by jej o ně připravil: svobodného jej propustí za oko jeho.
27 ২৭ তেওঁ যদি মাৰোঁতে নিজৰ দাস বা দাসীৰ দাঁত সৰে, তেনেহ’লে সেই দাঁতৰ কাৰণে ক্ষতিপূৰণ দি তেওঁ তেওঁক মুক্ত কৰি পঠাই দিব।
Pakli by zub služebníku svému neb zub děvce své vyrazil, svobodného jej propustí za zub jeho.
28 ২৮ কোনো গৰুৱে যদি কোনো পুৰুষ বা মহিলাক শিঙেৰে খোঁচোতে, তেওঁৰ মৃত্যু হয়, তেনেহ’লে লোকসকলে সেই গৰুটোক অৱশ্যে শিল দলিয়াই বধ কৰিব। সেই গৰুৰ মাংস খাব নোৱাৰিব; কিন্তু গৰুৰ গৰাকী সেই দোষত নির্দোষী হ’ব।
Jestliže by vůl utrkl muže neb ženu, tak že by umřel člověk: ukamenován bude ten vůl, aniž jedeno bude maso jeho, však pán vola toho bez viny bude.
29 ২৯ কিন্তু যদি সেই গৰুৱে আগেও শিঙেৰে খোঁচাৰ অভ্যাস আছে, আৰু গৰাকীক সেই বিষয়ে সাৱধান কৰি দিয়াৰ পাছতো যদি গৰাকীয়ে গৰুটোক সাৱধানে নাৰাখে, আৰু সেই গৰুৱে যদি কোনো পুৰুষ বা মহিলাক খুচি মাৰে, তেনেহ’লে সেই গৰুটোক শিল দলিয়াই বধ কৰা হ’ব, লগতে গৰুটোৰ গৰাকীকো প্ৰাণদণ্ড দিয়া হ’ব।
Než byl-liť by vůl trkavý prvé, a bylo by to osvědčeno pánu jeho, on pak nezavřel by ho, a v tom zabil by muže neb ženu: vůl ten ukamenován bude, a pán jeho také umře.
30 ৩০ তেওঁৰ পৰা যদি মূল্য বিচাৰা হয়, তেনেহ’লে তেওঁ দিবলগীয়া মূল্য দিবই লাগিব।
Pakliť mu bude uloženo, aby se vyplatil: tedy dá výplatu za život svůj, jakážkoli na něj uložena bude.
31 ৩১ সেই গৰুৱে যদি কোনো লোকৰ পুত্র বা জীয়েকক খোঁচে, তেনেহ’লে এই নিয়ম অনুসাৰেই গৰুৰ গৰাকীয়ে তেওঁলৈ কৰিব লাগিব।
Buď že by syna utrkl, buď dceru, podlé soudu toho stane se jemu.
32 ৩২ সেই গৰুৱে যদি কোনো লোকৰ দাস বা দাসীক খোঁচে, তেনেহ’লে গৰুৰ গৰাকীয়ে ত্ৰিশ চেকল ৰূপ দিব লাগিব, আৰু গৰুটোক শিল দলিয়াই বধ কৰা হ’ব।
Jestliže by služebníka vůl ztrkal neb děvku, třidceti lotů stříbra dá pánu jeho, a vůl ten bude ukamenován.
33 ৩৩ কোনো লোকে যদি গাত মুকলি কৰি ৰাখে, বা গাত খানি তাক ঢাকি নথয়, আৰু সেই গাতত যদি কোনো গৰু বা গাধ পৰে,
Kdyby kdo odhradil studnici, a neb vykopal někdo studnici, a zase jí nepřikryl, a vpadl by tam vůl neb osel:
34 ৩৪ তেনেহ’লে সেই গাতৰ গৰাকীয়ে ক্ষতিপূৰণ দিব লাগিব। তেওঁ মৃত জন্তুটোৰ গৰাকীক ধন দিব লাগিব, কিন্তু সেই মৃত জন্তুটো তেওঁৰ হ’ব।
Pán té studnice nahradí to, a peníze položí pánu jeho, a což se zabilo, to sobě míti bude.
35 ৩৫ এজনৰ গৰুৱে যদি আন জনৰ গৰুক খোঁচোতে, সেই গৰু মৰে, তেনেহ’লে তেওঁলোকে জীয়াই থকা গৰুটো বেচি তাৰ মূল্য দুভাগ কৰিব, আৰু সেই মৰা গৰুটোকো দুভাগ কৰি লব।
A ustrčil-li by vůl něčí vola sousedova, že byl umřel: tedy prodadí vola toho živého, a podělí se penězi jeho; i s zabitým volem také se rozdělí.
36 ৩৬ কিন্তু যদি সেই গৰুৱে আগেও খোঁচাৰ অভ্যাস আছে, আৰু সেই কথা গৰাকীয়ে জানিবলৈ পায়ো গৰুটোক সাৱধানে নেৰাখে, তেনেহ’লে তেওঁ সেই গৰুৰ সলনি আন গৰু দি ক্ষতিপূৰণ কৰিব লাগিব, আৰু মৰা গৰুটো তেওঁৰ নিজৰ হ’ব।”
Pakli vědíno bylo, že vůl byl trkavý prvé, a nezavřel ho pán jeho: bez výmluvy ať dá vola za vola, a zabitý ať mu zůstane.

< যাত্রাপুস্তক 21 >