< যাত্রাপুস্তক 21 >
1 ১ “তুমি যিবোৰ বিধি তেওঁলোকৰ আগত প্ৰকাশ কৰিবা, সেয়ে এই:
“Uwawuze Aisraeli malamulo awa:
2 ২ ‘তুমি যদি কোনো ইব্ৰীয়া দাস কিনি লোৱা, তেওঁ ছয় বছৰৰ বাবে সেৱা কৰিব; কিন্তু সপ্তম বছৰত তেওঁ বিনামূল্যে মুক্ত হৈ যাব।
“Mukagula kapolo wa Chihebri, azikugwirirani ntchito zaka zisanu ndi chimodzi. Koma mʼchaka cha chisanu ndi chiwiri muzimumasula, ndipo asalipire kanthu.
3 ৩ তেওঁ যদি নিজে আহে, তেনেহ’লে তেওঁ নিজেই মুক্ত হৈ যাব। তেওঁ যদি বিবাহিত হয়, তেনেহ’লে তেওঁৰ ভাৰ্যা তেওঁৰে সৈতে মুক্ত হৈ যাব।
Ngati anabwera yekha, amasulidwenso yekha. Koma ngati anali ndi mkazi pamene ankabwera, mkaziyo apite nayenso.
4 ৪ যদি তেওঁৰ মালিকে তেওঁক বিয়া কৰাই দিয়ে, আৰু তেওঁ ল’ৰা বা ছোৱালী জন্ম দিয়ে, তেনেহ’লে সেই ভাৰ্যা আৰু তেওঁৰ সন্তান সকল মালিকৰ স্বত্বত থাকিব, আৰু তেওঁ নিজেই মুক্ত হৈ যাব লাগিব।
Ngati bwana wake amupatsa mkazi ndipo mkaziyo anabereka ana aamuna kapena aakazi, mkazi ndi anawo adzakhala a bwanayo ndipo mwamuna yekhayo ndiye adzamasulidwe.
5 ৫ সেই দাসে যদি স্পষ্টৰূপে কয়, ‘মই মোৰ মালিকক, মোৰ ভাৰ্যাক, আৰু মোৰ সন্তানসকলক প্ৰেম কৰোঁ, সেয়ে মই মুক্ত হৈ নাযাওঁ’।
“Koma ngati kapoloyo alengeza kuti, ‘Ine sindikufuna kumasulidwa chifukwa ndimakonda mbuye wanga, mkazi wanga ndi ana,’
6 ৬ তেতিয়া তেওঁৰ মালিকে তেওঁক ঈশ্বৰৰ ওচৰলৈ আনিব লাগিব। মালিকে তেওঁক দুৱাৰ বা দুৱাৰৰ চৌকাঠৰ দুই দাঁতিৰ এডাললৈ আনি, তেওঁৰ মালিকে বেজিৰে তেওঁৰ কাণ ফুটা কৰিব লাগিব। তেতিয়াহে দাস জনে গোটেই জীৱন তেওঁৰ মালিকৰ সেৱা কৰিব পাৰিব।
mbuye wakeyo abwere naye kwa Yehova. Abwere naye pa chitseko kapena pa mphuthu zachitseko ndipo abowole khutu lake ndi chitsulo. Ndipo iye adzakhala kapolo wake moyo wake wonse.
7 ৭ কোনো মানুহে যদি নিজৰ জীয়েকক দাসী হ’বলৈ বিক্রী কৰে, তেনেহ’লে দাসৰ দৰে তেওঁ মুক্ত হৈ যাব নোৱাৰিব।
“Ngati munthu agulitsa mwana wake wamkazi kukhala mdzakazi, mwanayo asamasulidwe monga achitira ndi akapolo aamuna.
8 ৮ যিজনে তাইক নিজৰ কাৰণে মনোনীত কৰি লয়; সেই মালিকক যদি তাই সন্তুষ্ট কৰিব নোৱাৰে, তেনেহ’লে তেওঁ তাইক ঘূৰাই পঠিয়াব লাগিব। তেওঁ তাইক বিদেশীক বেচিবৰ অধিকাৰ নাথাকিব। তাইক প্রতাৰণা কৰাৰ কাৰণে তেওঁৰ সেই অধিকাৰ নাথাকিব।
Koma ngati mkaziyo sakukondweretsa bwana wake amene wamusankha kuti amukwatire, amulole kuti awomboledwe. Bwanayo alibe mphamvu zomugulitsa kwa anthu achilendo, chifukwa iyeyo waphwanya pangano lake lomukwatira iye.
9 ৯ তাইৰ মালিকে যদি তাইক নিজৰ পুত্রৰ বাবে ভাৰ্যা কৰি লয়, তেনেহ’লে তেওঁ তাইক নিজৰ জীয়েকৰ দৰে ব্যৱহাৰ কৰিব লাগিব।
Ngati anamusankha kuti akhale mkazi wa mwana wake, ayenera kumusunga ngati mwana wake wamkazi.
10 ১০ তেওঁ যদি নিজৰ বাবে আন এগৰাকী ভাৰ্যা আনে, তেনেহ’লে তেওঁ তাইৰ অন্ন, বস্ত্ৰ, আৰু বিবাহৰ অধিকাৰৰ বিষয়ে ত্রুটি কৰিব নোৱাৰিব।
Ngati akwatira mkazi wina, asamumane woyambayo chakudya ngakhale chovala ndipo apiritirize kugona naye ngati mkazi wake.
11 ১১ কিন্তু যদি তেওঁ তাইলৈ এই তিনিওটা বিষয়ত ত্ৰুটি কৰে, তেনেহ’লে তাই বিনামূল্যে মুক্ত হৈ যাব পাৰিব।
Koma ngati sangathe kumuchitira zonsezi, ndiye amuleke apite popanda kulipira kanthu.
12 ১২ কোনো মানুহে যদি কোনো মানুহক মাৰোতে তেওঁৰ মৃত্যু হয়; তেনেহ’লে সেই ব্যক্তিৰ অৱেশ্যে প্ৰাণদণ্ড হ’ব।
“Munthu aliyense amene amenya mnzake namupha, iyenso ayenera kuphedwa.
13 ১৩ কোনো মানুহে যদি পূৰ্বপৰিকল্পনা নকৰাকৈ মাৰোতে আকস্মিকভাৱে কাৰো মৃত্যু হয়; তেনেহ’লে তেওঁ পলাই যাব পৰা ঠাই মই নিৰূপণ কৰিম।
Koma ngati sanachite dala, ndipo Mulungu analola kuti zichitike, iyeyo athawire ku malo kumene ndidzakupatsani.
14 ১৪ যদি কোনোবাই ছলেৰে দুঃসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।
Koma ngati munthu akonza chiwembu ndi kupha mnzake mwadala, ameneyo muchotseni ngakhale ku guwa langa lansembe ndipo aphedwe.
15 ১৫ যি কোনোৱে নিজৰ পিতৃ বা মাতৃক প্ৰহাৰ কৰে, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।
“Munthu aliyense amene amenya abambo ake kapena mayi ake ayenera kuphedwa.
16 ১৬ কোনোৱে যদি কোনো মানুহক অপহৰণ কৰি বিক্রী কৰে বা সেই মানুহক যদি অপহৰণকাৰীৰ হাতত পোৱা যায়, তেনেহ’লে তেওঁৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
“Munthu aliyense amene aba munthu mnzake, ndi kukamugulitsa, kapena kumangomusunga, ayenera kuphedwa.
17 ১৭ যি কোনোৱে নিজৰ পিতৃ বা মাতৃক শাও দিয়ে, তেওঁৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
“Aliyense amene atemberera abambo ake kapena amayi ake ayenera kuphedwa.
18 ১৮ লোকসকলে বিবাদ কৰোঁতে, এজনে আন জনক শিল দলিয়ালে বা ভুকু মাৰিলে, তেওঁ যদি নমৰি শয্যাগত হয়,
“Ngati anthu awiri akangana ndipo wina amenya mnzake ndi mwala kapena nkhonya koma wosamupha, womenyedwayo akadwala nagona pa bedi,
19 ১৯ তাৰ পাছত তেওঁ সুস্থ হৈ লাখুটি ধৰি খোজ কাঢ়িব পৰা হয়, তেতিয়া সেই ব্যক্তিৰ নষ্ট হোৱা সময় আৰু সম্পূৰ্ণ সুস্থতাৰ কাৰণে প্ৰহাৰ কৰা জনে তাৰ মূল্য দিব লাগিব। কিন্তু সেই প্রহাৰক জন হত্যাকাৰী বুলি বিবেচিত নহব।
kenaka nachira ndi kuyamba kuyenda ndi ndodo kutuluka kunja kwa nyumba yake, ndiye kuti womenya mnzakeyo sadzayimbidwa mlandu. Komabe adzayenera kulipira womenyedwayo chifukwa cha nthawi imene anagona pa bedi ija, ndiponso ayenera kumusala mpaka atachiritsitsa.
20 ২০ কোনোৱে নিজৰ দাস বা দাসীক লাখুটিৰে মাৰোঁতে, তেওঁৰ যদি মৃত্যু হয়, তেনেহ’লে তেওঁ অৱশ্যে শাস্তি পাব।
“Ngati munthu amenya kapolo wake wamwamuna kapena mdzakazi ndi ndodo, kapolo uja ndikufa chifukwa cha kumenyedwako, munthuyo ayenera kulangidwa.
21 ২১ তথাপিও তেওঁ যদি এদিন বা দুদিন জীয়াই থাকে, তেনেহ’লে তেওঁ শাস্তি নাপায়; কাৰণ তেওঁ তেওঁৰ দাস হেৰোৱাই কষ্ট ভুগিব।
Koma ngati kapolo uja akhala ndi moyo tsiku lonse kapena masiku awiri, ndiye kuti mbuye uja asalangidwe chifukwa kapolo ndi chuma chake.
22 ২২ পুৰুষসকলে ইজনে সিজনৰ লগত বিবাদ কৰোঁতে যদি কোনো গৰ্ভৱতী মহিলাই আঘাত পাই তেওঁৰ গৰ্ভপাত হয়, কিন্তু তেওঁৰ যদি আন কোনো ঠাইত আঘাত নহয়, তেনেহ’লে দোষী পুৰুষজনে জৰিমনা দিব লাগিব। সেই মহিলাৰ স্বামীয়ে যদি তেওঁৰ পৰা জৰিমনা বিচাৰে, তেনেহ’লে বিচাৰকৰ্ত্তাসকলে নিৰূপন কৰা অনুসাৰে জৰিমনা দিব লাগিব।
“Ngati anthu akumenyana ndi kupweteka mayi woyembekezera, mayiyo napita padera, koma osavulala, wolakwayo ayenera kulipira chilichonse chimene mwamuna wake wa mkaziyo adzalamula ndipo bwalo lamilandu lavomereza.
23 ২৩ কিন্তু যদি গভীৰ আঘাত হয়, তেনেহ’লে প্ৰাণৰ সলনি প্ৰাণ,
Koma ngati wavulazidwa kwambiri, ndiye malipiro ake adzakhala motere: moyo kulipa moyo,
24 ২৪ চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি,
diso kulipira diso, dzino kulipira dzino, mkono kulipa mkono, phazi kulipa phazi.
25 ২৫ জুইৰ আঘাতৰ সলনি জুইৰ আঘাত, আঘাতৰ সলনি আঘাত, বা থেতেলা খোৱাৰ সলনি থেতেলা খোৱা, দিব লাগিব।
Kutentha ndi moto kulipa kutentha ndi moto, bala kulipa bala, mkwingwirima kulipa mkwingwirima.
26 ২৬ কোনো লোকে যদি নিজৰ দাস বা দাসীৰ চকুত আঘাত কৰোঁতে চকু নষ্ট হয়, তেনেহ’লে তেওঁৰ চকুৰ বাবে তেওঁক ক্ষতিপূৰণ দি মুক্ত কৰি পঠাই দিব।
“Ngati munthu amenya wantchito wake wa mwamuna kapena mdzakazi wake pa diso ndi kuliwononga, wantchitoyo amasulidwe ngati malipiro a diso lake.
27 ২৭ তেওঁ যদি মাৰোঁতে নিজৰ দাস বা দাসীৰ দাঁত সৰে, তেনেহ’লে সেই দাঁতৰ কাৰণে ক্ষতিপূৰণ দি তেওঁ তেওঁক মুক্ত কৰি পঠাই দিব।
Ndipo ngati agulula dzino la wantchito wamwamuna kapena mdzakazi, wantchitoyo amasulidwe ngati malipiro a dzino lake.
28 ২৮ কোনো গৰুৱে যদি কোনো পুৰুষ বা মহিলাক শিঙেৰে খোঁচোতে, তেওঁৰ মৃত্যু হয়, তেনেহ’লে লোকসকলে সেই গৰুটোক অৱশ্যে শিল দলিয়াই বধ কৰিব। সেই গৰুৰ মাংস খাব নোৱাৰিব; কিন্তু গৰুৰ গৰাকী সেই দোষত নির্দোষী হ’ব।
“Ngati ngʼombe ipha munthu wamwamuna kapena wamkazi ndi nyanga yake, iponyedwe miyala ndipo nyama yake isadyedwe. Ndipo mwini ngʼombeyo asayimbidwe mlandu.
29 ২৯ কিন্তু যদি সেই গৰুৱে আগেও শিঙেৰে খোঁচাৰ অভ্যাস আছে, আৰু গৰাকীক সেই বিষয়ে সাৱধান কৰি দিয়াৰ পাছতো যদি গৰাকীয়ে গৰুটোক সাৱধানে নাৰাখে, আৰু সেই গৰুৱে যদি কোনো পুৰুষ বা মহিলাক খুচি মাৰে, তেনেহ’লে সেই গৰুটোক শিল দলিয়াই বধ কৰা হ’ব, লগতে গৰুটোৰ গৰাকীকো প্ৰাণদণ্ড দিয়া হ’ব।
Koma ngati ngʼombeyo inali ndi chizolowezi chogunda anthu ndipo mwini wakeyo anachenjezedwa koma iye sanayimange ndipo yapha mwamuna kapena mkazi, ngʼombeyo iponyedwe miyala ndipo mwini wakeyo aphedwenso.
30 ৩০ তেওঁৰ পৰা যদি মূল্য বিচাৰা হয়, তেনেহ’লে তেওঁ দিবলগীয়া মূল্য দিবই লাগিব।
Koma ngati wauzidwa kuti alipire, iye apereke zimene wauzidwazo kuti awombole moyo wake.
31 ৩১ সেই গৰুৱে যদি কোনো লোকৰ পুত্র বা জীয়েকক খোঁচে, তেনেহ’লে এই নিয়ম অনুসাৰেই গৰুৰ গৰাকীয়ে তেওঁলৈ কৰিব লাগিব।
Lamulo ili ligwirenso ntchito ngati ngʼombeyo yagunda mwana wamwamuna kapena wamkazi.
32 ৩২ সেই গৰুৱে যদি কোনো লোকৰ দাস বা দাসীক খোঁচে, তেনেহ’লে গৰুৰ গৰাকীয়ে ত্ৰিশ চেকল ৰূপ দিব লাগিব, আৰু গৰুটোক শিল দলিয়াই বধ কৰা হ’ব।
Ngati ngʼombeyo yagunda kapolo wamwamuna kapena mdzakazi, mwini ngʼombeyo apereke masekeli makumi atatu a siliva kwa mwini kapoloyo, ndipo ngʼombeyo iponyedwe miyala.
33 ৩৩ কোনো লোকে যদি গাত মুকলি কৰি ৰাখে, বা গাত খানি তাক ঢাকি নথয়, আৰু সেই গাতত যদি কোনো গৰু বা গাধ পৰে,
“Munthu akasiya dzenje lapululu kapena akakumba dzenje koma wosaphimbapo, ndipo ngʼombe kapena bulu nʼkugweramo,
34 ৩৪ তেনেহ’লে সেই গাতৰ গৰাকীয়ে ক্ষতিপূৰণ দিব লাগিব। তেওঁ মৃত জন্তুটোৰ গৰাকীক ধন দিব লাগিব, কিন্তু সেই মৃত জন্তুটো তেওঁৰ হ’ব।
mwini dzenjelo amulipire mwini chiweto chakufacho koma iye atenge chiwetocho.
35 ৩৫ এজনৰ গৰুৱে যদি আন জনৰ গৰুক খোঁচোতে, সেই গৰু মৰে, তেনেহ’লে তেওঁলোকে জীয়াই থকা গৰুটো বেচি তাৰ মূল্য দুভাগ কৰিব, আৰু সেই মৰা গৰুটোকো দুভাগ কৰি লব।
“Ngati ngʼombe ya munthu wina ipha ngʼombe ya mnzake, ngʼombe yamoyo ija igulitsidwe ndipo anthu awiriwo agawane pakati ndalama yake. Achite chimodzimodzi ndi ngʼombe yakufa ija.
36 ৩৬ কিন্তু যদি সেই গৰুৱে আগেও খোঁচাৰ অভ্যাস আছে, আৰু সেই কথা গৰাকীয়ে জানিবলৈ পায়ো গৰুটোক সাৱধানে নেৰাখে, তেনেহ’লে তেওঁ সেই গৰুৰ সলনি আন গৰু দি ক্ষতিপূৰণ কৰিব লাগিব, আৰু মৰা গৰুটো তেওঁৰ নিজৰ হ’ব।”
Koma zikadziwika kuti ngʼombeyo inali ndi khalidwe logunda, ndipo mwini wake samayitsekera mʼkhola, mwini ngʼombeyo alipire ngʼombe ina yamoyo koma atenge yakufayo.”