< যাত্রাপুস্তক 2 >
1 ১ লেবী বংশৰ এজন মানুহে এজনী লেবীয়া ছোৱালী বিয়া কৰালে।
Ó sì ṣe, ọkùnrin ará ilé Lefi kan fẹ́ ọmọbìnrin ará Lefi kan ni ìyàwó.
2 ২ পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হ’ল, আৰু এটি পুত্র সন্তান প্ৰসৱ কৰিলে। তেওঁ যেতিয়া দেখিলে যে, সন্তানটো স্বাস্থ্যবান; তেতিয়া তেওঁ সন্তানটি তিনি মাহলৈ লুকুৱাই ৰাখিলে।
Obìnrin náà sì lóyún, ó sì bí ọmọkùnrin kan. Nígbà tí ó rí í pé ọmọ náà rẹwà, ó gbé ọmọ náà pamọ́ fún oṣù mẹ́ta.
3 ৩ কিন্তু তেওঁ যেতিয়া দেখিলে যে, ল’ৰাটোক বেছি দিন লুকুৱাই ৰাখিব নোৱাৰিব; তেতিয়া তেওঁ নলেৰে এটা পাচি সাজিলে, আৰু সেই পাচিটো শিলাজতু আৰু এঠাৰে লেপি ল’লে, পাছত সেই পাচিটোত ল’ৰাজনক সুমুৱাই ল’লে, আৰু নদীৰ দাঁতিত থকা নল-খাগড়িৰ মাজত গৈ থলে।
Ṣùgbọ́n nígbà tí kò le è gbé e pamọ́ mọ́, ó fi ewé papirusi hun apẹ̀rẹ̀, ó sì fi ọ̀dà àti òjé igi sán apẹ̀rẹ̀ náà. Ó sì tẹ́ ọmọ náà sínú rẹ̀, ó sì gbe é sí inú eèsún ni etí odò Naili.
4 ৪ তাতে দূৰৈত থিয় হৈ বায়েকে সেই শিশুটোৰ কি হ’ব, সেই বিষয়ে জানিবলৈ বাট চাই থাকিল।
Arábìnrin rẹ̀ dúró ni òkèèrè láti wo ohun tí yóò ṣẹlẹ̀ sí ọmọ náà.
5 ৫ ফৰৌণৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল, আৰু তেওঁৰ যুৱতী দাসী সকলে নদীৰ তীৰত ফুৰি আছিল। এনেতে তেওঁ নল খাগড়ি মাজত সেই পাচিটো দেখি, তেওঁৰ দাসী এজনীক পাচিটো আনিবলৈ পঠিয়ালে।
Nígbà náà ni ọmọbìnrin Farao sọ̀kalẹ̀ wá sí etí odò Naili láti wẹ̀, àwọn ọmọ ọ̀dọ̀ rẹ̀ sì ń rìn ni etí bèbè odò. Ó sì ri apẹ̀rẹ̀ náà ni àárín eèsún, ó sì rán ọmọ ọ̀dọ̀ rẹ̀ obìnrin kan láti lọ gbé e wá,
6 ৬ তেওঁ পাচিটো মেলি শিশুটি দেখিলে। এনেতে শিশুটিয়ে কান্দিবলৈ ধৰিলে; আৰু তেওঁৰ শিশুটিলৈ মৰম লাগি ক’লে, “এই সন্তানটি নিশ্চয় এটি ইব্ৰীয়া সন্তান।”
ó ṣí i, ó sì rí ọmọ náà. Ọmọ náà ń sọkún, àánú ọmọ náà sì ṣe é. Ó wí pé, “Ọ̀kan nínú àwọn ọmọ Heberu ni èyí.”
7 ৭ তেতিয়া শিশুটিৰ বায়েকে ফৰৌণৰ জীয়েকক ক’লে, “আপোনাৰ অৰ্থে এই সন্তানটিক পিয়াহ খোৱাই তুলিবলৈ, মই এজনী ইব্ৰীয়া মহিলা বিচাৰি মাতি আনিম নে?”
Nígbà náà ni arábìnrin rẹ̀ béèrè lọ́wọ́ ọmọbìnrin Farao pé, “Ṣé kí èmi lọ wá ọ̀kan lára àwọn obìnrin Heberu wá fún ọ láti bá ọ tọ́jú ọmọ náà?”
8 ৮ ফৰৌণৰ জীয়েকে ক’লে, “যোৱা।” তেতিয়া সেই ছোৱালী জনীয়ে শিশুটিৰ মাককে মাতি নিলে।
Ó sì dáhùn pé, “Bẹ́ẹ̀ ni; lọ.” Arábìnrin náà sì lọ, ó sì pe ìyá ọmọ náà wá.
9 ৯ ফৰৌণৰ জীয়েকে শিশুটিৰ মাতৃক ক’লে, “আপুনি এই ল’ৰাটি লওক আৰু মোৰ বাবে পিয়াহ খুৱাই প্রতিপালন কৰক; তাৰ বাবে মই আপোনাক পাৰিশ্রমিক দিম।” তেতিয়া মহিলা গৰাকীয়ে ল’ৰাটি নিলে আৰু পিয়াহ খোৱাই প্রতিপালন কৰিলে।
Ọmọbìnrin Farao sì wí fún un pé, “Gba ọmọ yìí kí o sì tọ́jú rẹ̀ fún mi, èmi yóò san owó iṣẹ́ ẹ̀ rẹ fún ọ.” Ọmọbìnrin náà sì gbé ọmọ náà lọ, ó sì tọ́jú rẹ̀.
10 ১০ ল’ৰাটি যেতিয়া ডাঙৰ হ’ল, তেওঁ ল’ৰাটিক ফৰৌণৰ জীয়েকৰ ওচৰলৈ আনিলে; তেতিয়া সেই লৰাটি তেওঁৰ পুত্ৰ হ’ল। তেওঁ লৰাটিৰ নাম মোচি ৰাখি ক’লে, “কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ।”
Nígbà tí ọmọ náà sì dàgbà, ó mú un tọ ọmọbìnrin Farao wá, ó sì di ọmọ rẹ̀. Ó sì pe orúkọ rẹ̀ ní Mose, ó wí pé, “Nítorí tí mo fà á jáde nínú omi.”
11 ১১ মোচি যেতিয়া ডেকা হ’ল, তেওঁ বাহিৰলৈ ওলাই গৈ নিজৰ লোকসকলৰ কঠোৰ পৰিশ্রম লক্ষ্য কৰিলে। তেওঁ দেখিলে যে, নিজৰ লোকসকলৰ মাজৰ এজন ইব্ৰীয়াক এজন মিচৰীয়াই মাৰি আছে।
Ní ọjọ́ kan, nígbà tí Mose ti dàgbà, ó jáde lọ sí ibi ti àwọn ènìyàn rẹ̀ wà, ó ń wò wọ́n lẹ́nu iṣẹ́ líle wọn, ó ri ará Ejibiti tí ń lu ará Heberu, ọ̀kan nínú àwọn ènìyàn rẹ̀.
12 ১২ তেতিয়া মোচিয়ে ইফালে সিফালে চাই কাকো দেখা নাপায়, সেই মিচৰীয়াজনক বধ কৰি বালিত পুতি থলে।
Ó wo ìhín, ó wo ọ̀hún, nígbà tí kò rí ẹnìkankan, ni ó bá pa ará Ejibiti náà, ó sì bò ó mọ́ inú iyanrìn.
13 ১৩ তাৰ পাছদিনা তেওঁ ওলাই গৈ, দুজন ইব্ৰীয়াক বিবাদ কৰি থকা দেখি, দোষী জনক তেওঁ ক’লে, “তোমাৰ ভাইক কিয় মাৰিছা?”
Ní ọjọ́ kejì, ó jáde lọ, ó rí àwọn ará Heberu méjì tí wọ́n ń jà. Ó béèrè lọ́wọ́ èyí tí ó jẹ̀bi pé, “Èéṣe tí ìwọ fi ń lu Heberu arákùnrin rẹ?”
14 ১৪ কিন্তু মানুহ জনে ক’লে, “আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াজনক যেনেদৰে বধ কৰিলে, তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?” তেতিয়া মোচিয়ে আতঙ্কিত হৈ ক’লে, “বাস্তৱিকতে মই যি কৰিলোঁ, সেই কথা নিশ্চয় আনেও গ’ম পালে।”
Ọkùnrin náà sì dáhùn pé, “Ta ni ó fi ọ́ jẹ olórí àti onídàájọ́ lórí wa? Ṣé ìwọ fẹ́ pa mí bí o ti pa ará Ejibiti?” Nígbà náà ni ẹ̀rù ba Mose, ó sì wí pé, “Lóòótọ́ ni ọ̀ràn yìí ti di mí mọ̀.”
15 ১৫ ফৰৌণে যেতিয়া সেই কথা শুনিলে, তেতিয়া তেওঁ মোচিক বধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁ ৰজা ফৰৌণৰ ওচৰৰ পৰা পলাই গ’ল, আৰু মিদিয়ন দেশত বাস কৰিলে। তাত তেওঁ এটা নাদৰ ওচৰত বহিল।
Nígbà ti Farao sì gbọ́ nípa èyí, ó wá ọ̀nà láti pa Mose, ṣùgbọ́n Mose sá kúrò ní àrọ́wọ́tó o Farao, ó lọ sí Midiani láti máa gbé, nígbà tí ó dé bẹ̀, ó jókòó ni ẹ̀bá a kànga kan.
16 ১৬ মিদিয়নৰ পুৰোহিতৰ সাত গৰাকী জীয়েক আছিল। তেওঁলোকে সেই নাদলৈ আহিছিল, আৰু পিতৃৰ মেৰ-ছাগৰ জাকক পানী খুৱাবৰ বাবে নাদৰ পৰা পানী তুলি পাত্রত ভৰাই আছিল।
Ó sì ṣe, àlùfáà Midiani kan ni àwọn ọmọbìnrin méje, wọn sì wá láti pọn omi kún ọpọ́n ìmumi fún ẹran ọ̀sìn baba wọn.
17 ১৭ তেতিয়া মেৰ-ছাগ ৰখীয়া সকল তালৈ আহিল আৰু তেওঁলোকক খেদিবলৈ চেষ্টা কৰিলে; কিন্তু মোচিয়ে গৈ তেওঁলোকক সহায় কৰিলে। তাৰ পাছত মোচিয়ে তেওঁলোকৰ মেৰ-ছাগৰ জাকক পানী খুৱালে।
Àwọn darandaran kan wá, wọ́n sì lé wọn sẹ́yìn, ṣùgbọ́n Mose dìde láti gbà wọ́n sílẹ̀ àti láti ràn wọ́n lọ́wọ́ láti fún ẹran wọn ní omi.
18 ১৮ ছোৱালী কেইজনী যেতিয়া তেওঁলোকৰ পিতৃ ৰূৱেলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁ ছোৱালী কেইজনীক সুধিলে, “আজিনো কেনেকৈ ইমান সোনকালে ঘৰলৈ আহিলা?”
Nígbà ti àwọn ọmọbìnrin náà padà dé ọ̀dọ̀ Reueli baba wọn, ó béèrè lọ́wọ́ wọn pé, “Èéṣe tí ẹ̀yin fi tètè dé ni òní?”
19 ১৯ তেওঁলোকে ক’লে, “এজন মিচৰীয়া মানুহে আমাক মেৰ-ছাগ ৰখীয়া সকলৰ পৰা ৰক্ষা কৰিলে। এনেকি তেওঁ আমাৰ বাবে পানী তুলি মেৰ-ছাগ জাকক খুৱালে।”
Wọ́n dá a lóhùn pé, “Ará Ejibiti kan ni ó gbà wá sílẹ̀ lọ́wọ́ àwọn darandaran, ó tilẹ̀ ràn wá lọ́wọ́ láti fa omi àti láti fún agbo ẹran ní omi.”
20 ২০ তেতিয়া তেওঁৰ ছোৱালী কেইগৰাকীক তেওঁ সুধিলে, “তেওঁ ক’ত আছে? তোমালোকে সেই ব্যক্তি জনক কিয় এৰি আহিলা? তেওঁক মাতি আনা যাতে তেওঁ আমাৰ লগত ভোজন কৰিব পাৰে।”
Ó sọ fún àwọn ọmọbìnrin rẹ̀, “Níbo ni ó wà? Èéṣe ti ẹ fi fi ọkùnrin náà sílẹ̀? Ẹ pè é wá jẹun.”
21 ২১ মোচিয়ে সেই মানুহ জনৰ লগত থাকিবলৈ মান্তি হ’ল, আৰু তেওঁৰ ছোৱালী চিপ্পোৰাক তেওঁৰ সৈতে বিয়া দিলে।
Mose gbà láti dúró lọ́dọ̀ ọkùnrin náà, ẹni tí o fi Sippora, ọmọbìnrin rẹ̀ fún Mose láti fi ṣe aya.
22 ২২ চিপ্পোৰাই এটি পুত্ৰ প্ৰসৱ কৰিলে, আৰু মোচিয়ে পুত্রটিৰ নাম গেৰ্চোম ৰাখিলে। মোচিয়ে ক’লে, “মই বিদেশত প্ৰবাসী হৈ আছোঁ।”
Ó sì bí ọmọkùnrin kan tí ó pe orúkọ rẹ̀ ní Gerṣomu, ó wí pé, “Èmi ń ṣe àtìpó ní ilẹ̀ àjèjì.”
23 ২৩ বহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ’ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।
Lẹ́yìn ìgbà pípẹ́, ọba Ejibiti kú. Àwọn ará Israẹli ń kérora ní oko ẹrú wọn, wọ́n ń ké fún ìrànlọ́wọ́ nítorí oko ẹrú tí wọ́n wà, igbe wọ́n sì dé ọ̀dọ̀ Ọlọ́run.
24 ২৪ তেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্রন্দন শুনি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰ সোঁৱৰণ কৰিলে।
Ọlọ́run gbọ́ igbe wọn, Ó sì rántí májẹ̀mú rẹ̀ pẹ̀lú Abrahamu, Isaaki àti pẹ̀lú Jakọbu.
25 ২৫ ঈশ্বৰে ইস্ৰায়েলী লোকসকললৈ দৃষ্টি কৰিলে, আৰু তেওঁলোকৰ পৰিস্থিতি বুজি পালে।
Nítorí náà, Ọlọ́run bojú wo àwọn ará Israẹli, Ó sì wà láti gbà wọ́n sílẹ̀.