< যাত্রাপুস্তক 2 >

1 লেবী বংশৰ এজন মানুহে এজনী লেবীয়া ছোৱালী বিয়া কৰালে।
Um homem da família de Levi foi, e tomou por mulher uma filha de Levi:
2 পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হ’ল, আৰু এটি পুত্র সন্তান প্ৰসৱ কৰিলে। তেওঁ যেতিয়া দেখিলে যে, সন্তানটো স্বাস্থ্যবান; তেতিয়া তেওঁ সন্তানটি তিনি মাহলৈ লুকুৱাই ৰাখিলে।
A qual concebeu, e deu à luz um filho: e vendo-o que era belo, teve-lhe escondido três meses.
3 কিন্তু তেওঁ যেতিয়া দেখিলে যে, ল’ৰাটোক বেছি দিন লুকুৱাই ৰাখিব নোৱাৰিব; তেতিয়া তেওঁ নলেৰে এটা পাচি সাজিলে, আৰু সেই পাচিটো শিলাজতু আৰু এঠাৰে লেপি ল’লে, পাছত সেই পাচিটোত ল’ৰাজনক সুমুৱাই ল’লে, আৰু নদীৰ দাঁতিত থকা নল-খাগড়িৰ মাজত গৈ থলে।
Porém não podendo ocultar-lhe mais tempo, tomou uma cesta de juncos, e vedou-a com piche e betume, e colocou nela ao menino, e o pôs entre os juncos à beira do rio:
4 তাতে দূৰৈত থিয় হৈ বায়েকে সেই শিশুটোৰ কি হ’ব, সেই বিষয়ে জানিবলৈ বাট চাই থাকিল।
E ficou parada uma irmã sua ao longe, para ver o que lhe aconteceria.
5 ফৰৌণৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল, আৰু তেওঁৰ যুৱতী দাসী সকলে নদীৰ তীৰত ফুৰি আছিল। এনেতে তেওঁ নল খাগড়ি মাজত সেই পাচিটো দেখি, তেওঁৰ দাসী এজনীক পাচিটো আনিবলৈ পঠিয়ালে।
E a filha de Faraó desceu a lavar-se ao rio, e passeando suas virgens pela beira do rio, viu ela a cesta entre os juncos, e enviou uma criada sua a que a tomasse.
6 তেওঁ পাচিটো মেলি শিশুটি দেখিলে। এনেতে শিশুটিয়ে কান্দিবলৈ ধৰিলে; আৰু তেওঁৰ শিশুটিলৈ মৰম লাগি ক’লে, “এই সন্তানটি নিশ্চয় এটি ইব্ৰীয়া সন্তান।”
E quando a abriu, viu ao menino; e eis que o menino chorava. E tendo compaixão dele, disse: Dos meninos dos hebreus é este.
7 তেতিয়া শিশুটিৰ বায়েকে ফৰৌণৰ জীয়েকক ক’লে, “আপোনাৰ অৰ্থে এই সন্তানটিক পিয়াহ খোৱাই তুলিবলৈ, মই এজনী ইব্ৰীয়া মহিলা বিচাৰি মাতি আনিম নে?”
Então sua irmã disse à filha de Faraó: Irei a chamar-te uma ama das hebreias, para que te crie este menino?
8 ফৰৌণৰ জীয়েকে ক’লে, “যোৱা।” তেতিয়া সেই ছোৱালী জনীয়ে শিশুটিৰ মাককে মাতি নিলে।
E a filha de Faraó respondeu: Vai. Então foi a virgem, e chamou à mãe do menino;
9 ফৰৌণৰ জীয়েকে শিশুটিৰ মাতৃক ক’লে, “আপুনি এই ল’ৰাটি লওক আৰু মোৰ বাবে পিয়াহ খুৱাই প্রতিপালন কৰক; তাৰ বাবে মই আপোনাক পাৰিশ্রমিক দিম।” তেতিয়া মহিলা গৰাকীয়ে ল’ৰাটি নিলে আৰু পিয়াহ খোৱাই প্রতিপালন কৰিলে।
À qual disse a filha de Faraó: Leva este menino, e cria-o para mim, e eu te o pagarei. E a mulher tomou ao menino, e o criou.
10 ১০ ল’ৰাটি যেতিয়া ডাঙৰ হ’ল, তেওঁ ল’ৰাটিক ফৰৌণৰ জীয়েকৰ ওচৰলৈ আনিলে; তেতিয়া সেই লৰাটি তেওঁৰ পুত্ৰ হ’ল। তেওঁ লৰাটিৰ নাম মোচি ৰাখি ক’লে, “কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ।”
E quando cresceu o menino, ela o trouxe à filha de Faraó, a qual o adotou, e pôs-lhe por nome Moisés, dizendo: Porque das águas o tirei.
11 ১১ মোচি যেতিয়া ডেকা হ’ল, তেওঁ বাহিৰলৈ ওলাই গৈ নিজৰ লোকসকলৰ কঠোৰ পৰিশ্রম লক্ষ্য কৰিলে। তেওঁ দেখিলে যে, নিজৰ লোকসকলৰ মাজৰ এজন ইব্ৰীয়াক এজন মিচৰীয়াই মাৰি আছে।
E naqueles dias aconteceu que, crescido já Moisés, saiu a seus irmãos, e viu suas cargas: e observou a um egípcio que feria a um dos hebreus, seus irmãos.
12 ১২ তেতিয়া মোচিয়ে ইফালে সিফালে চাই কাকো দেখা নাপায়, সেই মিচৰীয়াজনক বধ কৰি বালিত পুতি থলে।
E olhou a todas as partes, e vendo que não parecia ninguém, matou ao egípcio, e escondeu-o na areia.
13 ১৩ তাৰ পাছদিনা তেওঁ ওলাই গৈ, দুজন ইব্ৰীয়াক বিবাদ কৰি থকা দেখি, দোষী জনক তেওঁ ক’লে, “তোমাৰ ভাইক কিয় মাৰিছা?”
E saiu ao dia seguinte, e vendo a dois hebreus que brigavam, disse ao que fazia a injúria: Por que feres a teu próximo?
14 ১৪ কিন্তু মানুহ জনে ক’লে, “আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াজনক যেনেদৰে বধ কৰিলে, তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?” তেতিয়া মোচিয়ে আতঙ্কিত হৈ ক’লে, “বাস্তৱিকতে মই যি কৰিলোঁ, সেই কথা নিশ্চয় আনেও গ’ম পালে।”
E ele respondeu: Quem te pôs a ti por príncipe e juiz sobre nós? Pensas matar-me como mataste ao egípcio? Então Moisés teve medo, e disse: Certamente esta coisa é descoberta.
15 ১৫ ফৰৌণে যেতিয়া সেই কথা শুনিলে, তেতিয়া তেওঁ মোচিক বধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁ ৰজা ফৰৌণৰ ওচৰৰ পৰা পলাই গ’ল, আৰু মিদিয়ন দেশত বাস কৰিলে। তাত তেওঁ এটা নাদৰ ওচৰত বহিল।
E ouvindo Faraó este negócio, procurou matar a Moisés: mas Moisés fugiu de diante de Faraó, e habitou na terra de Midiã; e sentou-se junto a um poço.
16 ১৬ মিদিয়নৰ পুৰোহিতৰ সাত গৰাকী জীয়েক আছিল। তেওঁলোকে সেই নাদলৈ আহিছিল, আৰু পিতৃৰ মেৰ-ছাগৰ জাকক পানী খুৱাবৰ বাবে নাদৰ পৰা পানী তুলি পাত্রত ভৰাই আছিল।
Tinha o sacerdote de Midiã sete filhas, as quais vieram a tirar água, para encher os bebedouros e dar de beber as ovelhas de seu pai.
17 ১৭ তেতিয়া মেৰ-ছাগ ৰখীয়া সকল তালৈ আহিল আৰু তেওঁলোকক খেদিবলৈ চেষ্টা কৰিলে; কিন্তু মোচিয়ে গৈ তেওঁলোকক সহায় কৰিলে। তাৰ পাছত মোচিয়ে তেওঁলোকৰ মেৰ-ছাগৰ জাকক পানী খুৱালে।
Mas os pastores vieram, e expulsaram-nas: Então Moisés se levantou e defendeu-as, e deu de beber às suas ovelhas.
18 ১৮ ছোৱালী কেইজনী যেতিয়া তেওঁলোকৰ পিতৃ ৰূৱেলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁ ছোৱালী কেইজনীক সুধিলে, “আজিনো কেনেকৈ ইমান সোনকালে ঘৰলৈ আহিলা?”
E voltando elas a Reuel seu pai, disse-lhes ele: Por que viestes hoje tão cedo?
19 ১৯ তেওঁলোকে ক’লে, “এজন মিচৰীয়া মানুহে আমাক মেৰ-ছাগ ৰখীয়া সকলৰ পৰা ৰক্ষা কৰিলে। এনেকি তেওঁ আমাৰ বাবে পানী তুলি মেৰ-ছাগ জাকক খুৱালে।”
E elas responderam: Um homem egípcio nos defendeu da mão dos pastores, e também tirou a água, e deu de beber as as ovelhas.
20 ২০ তেতিয়া তেওঁৰ ছোৱালী কেইগৰাকীক তেওঁ সুধিলে, “তেওঁ ক’ত আছে? তোমালোকে সেই ব্যক্তি জনক কিয় এৰি আহিলা? তেওঁক মাতি আনা যাতে তেওঁ আমাৰ লগত ভোজন কৰিব পাৰে।”
E disse a suas filhas: E onde está? Por que deixastes esse homem? Chamai-lhe para que coma pão.
21 ২১ মোচিয়ে সেই মানুহ জনৰ লগত থাকিবলৈ মান্তি হ’ল, আৰু তেওঁৰ ছোৱালী চিপ্পোৰাক তেওঁৰ সৈতে বিয়া দিলে।
E Moisés concordou em morar com aquele homem; e ele deu a Moisés a sua filha Zípora:
22 ২২ চিপ্পোৰাই এটি পুত্ৰ প্ৰসৱ কৰিলে, আৰু মোচিয়ে পুত্রটিৰ নাম গেৰ্চোম ৰাখিলে। মোচিয়ে ক’লে, “মই বিদেশত প্ৰবাসী হৈ আছোঁ।”
A qual lhe deu à luz um filho, e ele lhe pôs por nome Gérson: porque disse: Peregrino sou em terra alheia.
23 ২৩ বহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ’ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।
E aconteceu que depois de muitos dias morreu o rei do Egito, e os filhos de Israel suspiraram por causa da servidão, e clamaram: e subiu a Deus o clamor deles com motivo de sua servidão.
24 ২৪ তেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্রন্দন শুনি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰ সোঁৱৰণ কৰিলে।
E ouviu Deus o gemido deles, e lembrou-se de seu pacto com Abraão, Isaque e Jacó.
25 ২৫ ঈশ্বৰে ইস্ৰায়েলী লোকসকললৈ দৃষ্টি কৰিলে, আৰু তেওঁলোকৰ পৰিস্থিতি বুজি পালে।
Deus olhou os filhos de Israel, e Deus os reconheceu.

< যাত্রাপুস্তক 2 >