< যাত্রাপুস্তক 19 >
1 ১ ইস্ৰায়েলৰ লোকসকল তৃতীয় মাহত মিচৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত, সেই দিনাই তেওঁলোক চীনয় মৰুভূমি আহি পালে।
A harmadik hónapban azután hogy kijöttek vala Izráel fiai Égyiptom földéről, azon a napon érkezének a Sinai pusztába.
2 ২ তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি চীনয় মৰুভূমিলৈ অহাৰ পাছত, মৰুভূমিত পৰ্ব্বতৰ সন্মুখত তম্বু তৰিলে।
Refidimből elindulván, érkezének a Sinai pusztába és táborba szállának a pusztában; a hegygyel átellenben szálla pedig ott táborba az Izráel.
3 ৩ মোচি ঈশ্বৰৰ ওচৰলৈ উঠি গ’ল। যিহোৱাই পৰ্ব্বতৰ পৰা তেওঁক মাত লগাই ক’লে, “তুমি যাকোবৰ বংশক আৰু ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ কোৱা:
Mózes pedig felméne az Istenhez, és szóla hozzá az Úr a hegyről, mondván: Ezt mondd a Jákób házanépének és ezt add tudtára az Izráel fiainak.
4 ৪ মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
Ti láttátok, a mit Égyiptommal cselekedtem, hogy hordoztalak titeket sas szárnyakon és magamhoz bocsátottalak titeket.
5 ৫ এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
Mostan azért ha figyelmesen hallgattok szavamra és megtartjátok az én szövetségemet, úgy ti lesztek nékem valamennyi nép közt az enyéim; mert enyim az egész föld.
6 ৬ মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ’বা। এই সকলো কথা তুমি ইস্ৰায়েলী লোকসকলক ক’ব লাগে।”
És lesztek ti nékem papok birodalma és szent nép. Ezek azok az ígék, melyeket el kell mondanod Izráel fiainak.
7 ৭ সেয়ে মোচিয়ে আহি লোকসকলৰ পৰিচাৰক সকলক মাতিলে। যিহোৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্রকাশ কৰিলে।
Elméne azért Mózes és egybehívá a nép véneit és eleikbe adá mindazokat a beszédeket, melyeket parancsolt vala néki az Úr.
8 ৮ সকলো লোকে একেলগে উত্তৰ দি ক’লে, “যিহোৱাই যি কৈছে, সেইবোৰ আমি কৰিম।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলে কোৱা কথা জনালে।
És az egész nép egy akarattal felele és monda: Valamit rendelt az Úr, mind megteszszük. És megvivé Mózes az Úrnak a nép beszédét.
9 ৯ যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।
És monda az Úr Mózesnek: Ímé én hozzád megyek a felhő homályában, hogy hallja a nép mikor beszélek veled és higyjenek néked mindörökké. És elmondá Mózes az Úrnak a nép beszédét.
10 ১০ যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।
Az Úr pedig monda Mózesnek: Eredj el a néphez és szenteld meg őket ma, meg holnap és hogy mossák ki az ő ruháikat;
11 ১১ তৃতীয় দিনৰ বাবে প্রস্তুত হোৱা, তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম।
És legyenek készek harmadnapra; mert harmadnapon leszáll az Úr az egész nép szeme láttára a Sinai hegyre.
12 ১২ তুমি লোকসকলৰ বাবে পৰ্ব্বতৰ চাৰিওফালে সীমা নিৰূপন কৰা। তেওঁলোকক কোৱা, ‘সাৱধান হওক; আপোনালোক পৰ্ব্বতৰ ওপৰলৈ উঠি নাযাব, আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্ব্বত স্পৰ্শ কৰিব, তেওঁক অৱশ্যেই প্ৰাণদণ্ড দিয়া হ’ব।’
És vess határt a népnek köröskörűl, mondván: Vigyázzatok magatokra, hogy a hegyre fel ne menjetek s még a szélét se érintsétek; mindaz, a mi a hegyet érinti, halállal haljon meg.
13 ১৩ সেই লোকক কোনেও হাতেৰে স্পৰ্শ নকৰিব। তাৰ পৰিৱৰ্তে, তেওঁলৈ শিল দলিওৱা হ’ব বা কাঁড় মৰা হ’ব। পশুৱেই হওক, বা মানুহেই হওক, তেওঁ নিশ্চয় মৃত্যুদণ্ড পাব। যেতিয়া দীঘল কৈ শিঙা বাজিব, তেতিয়া তেওঁলোক পৰ্ব্বতৰ নামনিলৈ নামি আহিব।”
Ne érintse azt kéz, hanem kővel köveztessék meg, vagy nyillal nyilaztassék le; akár barom, akár ember, ne éljen. Mikor a kürt hosszan hangzik, akkor felmehetnek a hegyre.
14 ১৪ তেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰকৃত কৰিলে; আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে।
Leszálla azért Mózes a hegyről a néphez, és megszentelé a népet, és megmosák az ő ruháikat.
15 ১৫ তেওঁ লোকসকলক ক’লে, “আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক; আৰু আপোনালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।”
És monda a népnek: Legyetek készen harmadnapra; asszonyhoz ne közelítsetek.
16 ১৬ তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
És lőn harmadnapon virradatkor, mennydörgések, villámlások és sűrű felhő lőn a hegyen és igen erős kürtzengés; és megréműle mind az egész táborbeli nép.
17 ১৭ মোচিয়ে ঈশ্বৰক ল’গ ধৰিবলৈ লোকসকলক তম্বুৰ পৰা উলিয়াই আনিলে; আৰু তেওঁলোক পৰ্ব্বতৰ নামনিত থিয় হ’ল।
És kivezeté Mózes a népet a táborból az Isten eleibe és megállának a hegy alatt.
18 ১৮ যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।
Az egész Sinai hegy pedig füstölög vala, mivelhogy leszállott arra az Úr tűzben és felmegy vala annak füstje, mint a kemenczének füstje; és az egész hegy nagyon reng vala.
19 ১৯ শিঙাৰ উচ্চ ধ্বনি যেতিয়া ক্রমে ক্রমে বাঢ়ি গ’ল, তেতিয়া মোচিয়ে কথা ক’লে, আৰু ঈশ্বৰে আকাশী-বাণীৰে তেওঁক উত্তৰ দিলে।
És a kürt szava mindinkább erősödik vala; Mózes beszél vala és az Isten felel vala néki hangosan.
20 ২০ এইদৰে যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ নামি আহিল; আৰু মোচিক ওপৰলৈ মাতিলে। সেয়ে মোচি উঠি গ’ল।
Leszálla tehát az Úr a Sinai hegyre, a hegy tetejére, és felhívá az Úr Mózest a hegy tetejére, Mózes pedig felméne.
21 ২১ যিহোৱাই মোচিক ক’লে, “লোকসকলে মোক চাবৰ বাবে যেন সীমা লঙ্ঘন কৰি নাহে, আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেই বাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা।
És monda az Úr Mózesnek: Menj alá, intsd meg a népet, hogy ne törjön előre az Urat látni, mert közűlök sokan elhullanak.
22 ২২ যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে, তেওঁলোকক পৃথক কৰা; যিহোৱাই যেন তেওঁলোকক আক্ৰমণ নকৰে, সেই বাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক।”
És a papok is, a kik az Úr eleibe járulnak, szenteljék meg magokat, hogy reájok ne rontson az Úr.
23 ২৩ মোচিয়ে যিহোৱাক ক’লে, “লোকসকল চীনয় পৰ্ব্বতৰ ওপৰলৈ আহিব নোৱাৰে; কাৰণ, আপুনি আমাক আজ্ঞা কৰিছে: ‘বিশেষভাৱে যিহোৱাৰ গৌৰৱৰ অৰ্থে পৰ্ব্বতৰ সীমা নিৰূপণ কৰি তাক পবিত্ৰ কৰিবলৈ’।”
Mózes pedig monda az Úrnak: Nem jöhet fel a nép a Sinai hegyre, mert te magad intettél minket, mondván: Vess határt a hegy körűl, és szenteld meg azt.
24 ২৪ তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি পৰ্ব্বতৰ পৰা নামি যোৱা; আৰু হাৰোণক তোমাৰ লগত লৈ আহাঁ; কিন্তু পুৰোহিত আৰু লোকসকলক সীমা অতিক্রম কৰিব নিদিবা। নহ’লে মই তেওঁলোকক আক্ৰমণ কৰিম।”
De az Úr monda néki: Eredj, menj alá, és jőjj fel te és Áron is veled; de a papok és a nép ne törjenek előre, hogy feljőjjenek az Úrhoz; hogy reájok ne rontson.
25 ২৫ সেয়ে মোচিয়ে লোকসকলৰ ওচৰলৈ নামি গ’ল, আৰু তেওঁলোকৰ আগত সেই কথা ক’লে।
Aláméne azért Mózes a néphez, és megmondá nékik.