< যাত্রাপুস্তক 18 >
1 ১ ঈশ্বৰে মোচিলৈ আৰু নিজৰ প্ৰজা ইস্ৰায়েললৈ যি যি কাৰ্য কৰিলে, বিশেষকৈ যিহোৱাই মিচৰৰ পৰা ইস্ৰায়েলক কেনেকৈ বাহিৰ কৰি আনিলে, সেই সকলো কথা মোচিৰ শহুৰেক মিদিয়নীয়া পুৰোহিত যিথ্ৰোৱে শুনিবলৈ পালে।
Jitro, la Midjana pastro, la bopatro de Moseo, aŭdis ĉion, kion la Eternulo faris al Moseo kaj al Sia popolo Izrael, ke la Eternulo elkondukis Izraelon el Egiptujo.
2 ২ তেতিয়া মোচিৰ শহুৰেক যিথ্ৰোৱে, মোচিৰ ভাৰ্যা চিপ্পোৰাক, আৰু দুজন পুত্রক ঘৰলৈ পঠোৱাৰ পাছত,
Kaj Jitro, la bopatro de Moseo, prenis Ciporan, la edzinon de Moseo, kiun tiu forlasis;
3 ৩ তেওঁৰ এজন পুত্ৰৰ নাম গেৰ্চোম, কাৰণ মোচিয়ে কৈছিল, “মই বিদেশত প্রবাসী হৈ আছোঁ।”
kaj ŝiajn du filojn, el kiuj unu havis la nomon Gerŝom; ĉar la patro diris: Mi estis fremdulo en fremda lando;
4 ৪ আৰু আন জন পুত্রৰ নাম ইলিয়েজৰ কাৰণ তেওঁ কৈছিল, “মোৰ পূৰ্বপুৰুষৰ ঈশ্বৰে মোক সহায় কৰিছিল; আৰু তেওঁ মোক ফৰৌণৰ তৰোৱালৰ পৰা উদ্ধাৰ কৰিলে।”
kaj la dua havis la nomon Eliezer, ĉar tiu diris: La Dio de mia patro helpis min, kaj savis min kontraŭ la glavo de Faraono.
5 ৫ মোচিয়ে মৰুভূমিত, ঈশ্বৰৰ পৰ্ব্বতৰ যি ঠাইত তম্বু তৰি আছিল, সেই ঠাইলৈ মোচিৰ শহুৰেক যিথ্ৰোৱে মোচিৰ ভাৰ্যা আৰু দুজন পুত্ৰক লগত লৈ আহিল।
Kaj Jitro, la bopatro de Moseo, kun liaj filoj kaj lia edzino venis al Moseo en la dezerton, kie li staris tendare ĉe la monto de Dio.
6 ৬ তেওঁ মোচিক ক’লে, “মই তোমাৰ শহুৰ যিথ্ৰোৱে তোমাৰ ভাৰ্যা আৰু তাইৰ দুজন পুত্রক লগত লৈ তোমাৰ ওচৰলৈ আহিছোঁ।”
Kaj li dirigis al Moseo: Mi, via bopatro Jitro, venas al vi, kaj ankaŭ via edzino kaj ŝiaj du filoj kun ŝi.
7 ৭ মোচিয়ে তেওঁৰ শহুৰেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ’ল, আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল-বেয়া খবৰ ল’লে, আৰু তাৰ পাছত তম্বুলৈ সোমাই গ’ল।
Tiam Moseo eliris renkonte al sia bopatro kaj profunde salutis lin kaj kisis lin, kaj ili demandis sin reciproke pri la farto kaj eniris en la tendon.
8 ৮ তাৰ পাছত যিহোৱাই ফৰৌণ আৰু মিচৰীয়া লোকসকললৈ, আৰু ইস্ৰায়েলীলোক সকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেশ ঘটিছিল, আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মোচিয়ে তেওঁৰ শহুৰেকক ক’লে।
Kaj Moseo rakontis al sia bopatro ĉion, kion la Eternulo faris al Faraono kaj al la Egiptoj pro Izrael, kaj ĉiujn malfacilaĵojn, kiuj trafis ilin dum la vojo kaj el kiuj la Eternulo ilin savis.
9 ৯ যিহোৱাই মিচৰীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰি, তেওঁলোকৰ বাবে যি যি সকলো মঙ্গলৰ কৰিলে, সেই কাৰ্যবোৰৰ বাবে যিথ্ৰোৱে আনন্দ কৰিলে।
Jitro ĝojis je la tuta bono, kiun la Eternulo faris al Izrael, savinte lin el la mano de la Egiptoj.
10 ১০ যিথ্ৰোৱে ক’লে, “যিজন সৰ্বশক্তিমান ঈশ্বৰে মিচৰীয়াসকলৰ হাতৰ পৰা, আৰু ফৰৌণৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ গৌৰৱ হ’ওক।
Kaj Jitro diris: Benata estu la Eternulo, kiu savis vin el la manoj de la Egiptoj kaj el la mano de Faraono, kaj kiu savis la popolon el sub la mano de la Egiptoj.
11 ১১ যিহোৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ; কাৰণ মিচৰীয়াসকলে যেতিয়া ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোকসকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল।”
Nun mi scias, ke la Eternulo estas pli granda ol ĉiuj dioj; ĝi estas pro tio, ke tiuj malbonintencis kontraŭ ili.
12 ১২ তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।
Kaj Jitro, la bopatro de Moseo, alportis al Dio bruloferon kaj buĉoferojn; kaj Aaron kaj ĉiuj ĉefoj de Izrael venis, por manĝi panon kun la bopatro de Moseo antaŭ Dio.
13 ১৩ তাৰ পাছদিনা মোচিয়ে লোকসকলৰ সোধ-বিচাৰ কৰিবলৈ বহিল। ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে লোকসকল তেওঁৰ চাৰিওফালে থিয় হৈ আছিল।
La sekvantan tagon Moseo sidiĝis, por juĝi la popolon; kaj la popolo staris antaŭ Moseo de la mateno ĝis la vespero.
14 ১৪ মোচিয়ে লোকসকললৈ কৰা সকলো কাৰ্য দেখি তেওঁৰ শহুৰেকে তেওঁক ক’লে, “তুমি লোকসকলৰ সৈতে এয়া কি কাৰ্য কৰিছা? তুমি কিয় অকলে বহি থাকা, আৰু লোকসকল ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে তোমাৰ চাৰিওফালে থিয় হৈ থাকে?”
Kaj la bopatro de Moseo vidis ĉion, kion li faras por la popolo, kaj diris: Kio estas tio, kion vi faras al la popolo? kial vi sola sidas kaj la tuta popolo staras antaŭ vi de mateno ĝis vespero?
15 ১৫ তেতিয়া মোচিয়ে তেওঁৰ শহুৰেকক ক’লে, “লোকসকলে ঈশ্বৰৰ নিৰ্দেশনৰ কথা সুধিবলৈ মোৰ ওচৰলৈ আহে।
Tiam Moseo diris al sia bopatro: La popolo venas al mi, por demandi Dion.
16 ১৬ যেতিয়া তেওঁলোকৰ মাজত বিবাদ হ’য়, তেতিয়া তেওঁলোক মোৰ ওচৰলৈ আহে। তেতিয়া মই এজনৰ লগত আন জনৰ মীমাংসা কৰোঁ; আৰু মই ঈশ্বৰৰ বিধি আৰু ব্যৱস্থাবোৰ তেওঁলোকক বুজাই দিওঁ।”
Kiam fariĝas inter ili ia afero, ili venas al mi; kaj mi juĝas inter unu kaj alia, kaj mi sciigas la leĝojn de Dio kaj Liajn instruojn.
17 ১৭ তেতিয়া মোচিৰ শহুৰেকে মোচিক ক’লে, “তুমি যি কাৰ্য কৰি আছা সেই কাৰ্য বৰ ভাল নহয়।
Sed la bopatro de Moseo diris al li: Ne bona estas la afero, kiun vi faras.
18 ১৮ এই দায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়ে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব।
Senfortiĝos vi kaj ĉi tiu popolo, kiu estas kun vi; ĉar la afero estas tro malfacila por vi; vi ne povas plenumi ĝin sola.
19 ১৯ মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিম, আৰু ঈশ্বৰ তোমাৰ লগত থাকক; কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ, তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা।
Aŭskultu mian voĉon, mi donos al vi konsilon, kaj Dio estos kun vi. Vi estu por la popolo perulo antaŭ Dio, kaj prezentu la aferojn al Dio.
20 ২০ তুমি তেওঁলোকক তেওঁৰ বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা উচিত। তেওঁলোকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কার্য তেওঁলোকক দেখুৱা।
Instruu al ili la leĝojn kaj instruojn, kaj montru al ili la vojon, kiun ili devas iri, kaj la farojn, kiujn ili devas fari.
21 ২১ তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা।
Kaj vi elserĉu inter la tuta popolo homojn bravajn, timantajn Dion, homojn veramajn, neprofitamajn; kaj starigu ilin super la popolo kiel milestrojn, centestrojn, kvindekestrojn, kaj dekestrojn.
22 ২২ তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ-বিচাৰ কৰিব; কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ’ব; আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব।
Kaj ili juĝadu la popolon en ĉiu tempo; ĉiun grandan aferon ili venigu al vi, sed ĉiun malgrandan aferon juĝu ili; tiel fariĝos pli facile al vi, kaj ili portos kun vi.
23 ২৩ তুমি যদি এইদৰে কাৰ্য কৰা, আৰু ঈশ্বৰে যদি তোমাক এইদৰে কৰিবলৈ আজ্ঞা দিয়ে, তেতিয়া তুমি সহ্য কৰিব পাৰিবা, আৰু লোকসকল সন্তুষ্ট হৈ নিজৰ ঘৰলৈ যাব পাৰিব।”
Se vi tion faros kaj Dio al vi ordonos, tiam vi povos resti forta, kaj ankaŭ ĉi tiu tuta popolo venos al sia loko en paco.
24 ২৪ সেয়ে মোচিয়ে তেওঁৰ শহুৰেকৰ কথা শুনিলে, আৰু তেওঁ কোৱাৰ দৰেই সকলো কৰিলে।
Moseo obeis la voĉon de sia bopatro, kaj faris ĉion, kion tiu diris.
25 ২৫ মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে।
Kaj Moseo elektis bravajn homojn inter la tuta Izrael, kaj faris ilin estroj super la popolo, milestroj, centestroj, kvindekestroj, kaj dekestroj.
26 ২৬ তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল।
Kaj ili juĝadis la popolon en ĉiu tempo; malfacilan aferon ili venigadis al Moseo, kaj ĉiun aferon malgrandan juĝadis ili.
27 ২৭ তাৰ পাছত মোচিয়ে শহুৰেকক বিদায় দিলে, আৰু যিথ্রো তেওঁৰ নিজৰ দেশলৈ গুচি গ’ল।
Kaj Moseo lasis sian bopatron foriri, kaj tiu iris en sian landon.