< যাত্রাপুস্তক 17 >
1 ১ তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজে যিহোৱাৰ নিৰ্দেশ অনুসাৰে চীন মৰুভূমিৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ৰফীদীমত তম্বু তৰিলে; কিন্তু সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
Saa brød hele Israels Menighed op fra Sins Ørken og drog fra Lejrplads til Lejrplads efter HERRENS Bud. Men da de lejrede sig i Refidim, havde Folket intet Vand at drikke.
2 ২ সেই অৱস্থাৰ কাৰণে লোকসকলে মোচিক দোষ ধৰি ক’লে, “আমাক খাবলৈ পানী দিয়ক।” মোচিয়ে তেওঁলোকক ক’লে, “আপোনালোকে মোৰে সৈতে কিয় বিবাদ কৰিছে?” যিহোৱাক আপোনালোকে কিয় পৰীক্ষা কৰিছে?”
Da kivedes Folket med Moses og sagde: »Skaf os Vand at drikke!« Men Moses svarede dem: »Hvorfor kives I med mig, hvorfor frister I HERREN?«
3 ৩ লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?”
Og Folket tørstede der efter Vand og knurrede mod Moses og sagde: »Hvorfor har du ført os op fra Ægypten? Mon for at lade os og vore Børn og vore Hjorde dø af Tørst?«
4 ৪ তাৰ পাছত মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “মই এই লোকসকলৰ সৈতে কি কৰিম? তেওঁলোকে মোক শিল দলিয়াই মাৰিবলৈ প্ৰায় যুগুত হৈ আছে।”
Da raabte Moses til HERREN: »Hvad skal jeg gøre med dette Folk? Det er ikke langt fra, at de vil stene mig.«
5 ৫ তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজন মানক লগত লৈ, লোক সকলৰ আগে আগে যোৱা; আৰু তুমি যিডাল লাখুটিৰে নদীত প্ৰহাৰ কৰিছিলা, তোমাৰ সেই লাখুটিকো লগত লৈ যোৱা।
Men HERREN sagde til Moses: »Træd frem for Folket med nogle af Israels Ældste og tag den Stav, du slog Nilen med, i din Haand og kom saa!
6 ৬ মই হোৰেবত শিলৰ ওপৰত তোমাৰ সন্মুখত থিয় হ’ম; আৰু তুমি সেই শিলটোক প্ৰহাৰ কৰিবা। তেতিয়া লোকসকলে খাবলৈ, সেই শিলৰ পৰা পানী ওলাব।” তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ পৰিচাৰকসকলৰ আগত সেইদৰে কৰিলে।
Se, jeg vil staa foran dig der paa Klippen ved Horeb, og naar du slaar paa Klippen, skal der strømme Vand ud af den, saa Folket kan faa noget at drikke.« Det gjorde Moses saa i Paasyn af Israels Ældste.
7 ৭ মোচিয়ে সেই ঠাইৰ নাম মচ্ছা আৰু মিৰীবা ৰাখিলে। কাৰণ সেই ঠাইতে ইস্ৰায়েলী লোকসকলে অভিযোগ কৰিছিল, আৰু “যিহোৱা আমাৰ মাজত আছে নে নাই?” এই কথা কৈ যিহোৱাৰ পৰীক্ষাৰ কৰিছিল।
Og han kaldte dette Sted Massa og Meriba, fordi Israeliterne der havde kivedes og fristet HERREN ved at sige: »Er HERREN iblandt os eller ej?«
8 ৮ সেই সময়ত অমালেকৰ লোকসকলে ৰফীদীমত ইস্ৰায়েলক আক্রমণ কৰিলে।
Derefter kom Amalekiterne og angreb Israel i Refidim.
9 ৯ সেয়ে মোচিয়ে যিহোচূৱাক ক’লে, “কিছুমান লোকক মনোনীত কৰি বাহিৰলৈ ওলাই গৈ, অমালেকৰ সৈতে যুদ্ধ কৰক। কাইলৈ মই ঈশ্বৰৰ লাখুটি হাতত লৈ পৰ্ব্বতৰ ওপৰত থিয় হ’ম।”
Da sagde Moses til Josua: »Udvælg dig Mænd og ryk i Morgen ud til Kamp mod Amalekiterne; jeg vil stille mig paa Toppen af Højen med Guds Stav i Haanden!«
10 ১০ মোচি, হাৰোণ, আৰু হূৰ যেতিয়া পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল, তেতিয়া যিহোচূৱাই মোচিৰ নিৰ্দেশ অনুসাৰে অমালেকৰ সৈতে যুদ্ধ কৰিলে।
Josua gjorde, som Moses bød, og rykkede ud til Kamp mod Amalekiterne. Men Moses, Aron og Hur gik op paa Toppen af Højen.
11 ১১ মোচিয়ে যেতিয়া হাত ওপৰলৈ দাঙি ৰাখিছিল, তেতিয়া ইস্ৰায়েলৰ জয় হৈছিল; কিন্তু যেতিয়াই হাত তললৈ নমাইছিল, তেতিয়াই অমালেক জয়ী হ’বলৈ ধৰে।
Naar nu Moses løftede Hænderne i Vejret, fik Israeliterne Overtaget, men naar han lod Hænderne synke, fik Amalekiterne Overtaget.
12 ১২ এইদৰে হাত দাঙি মোচিৰ হাত ভাগৰি পৰিল, তেতিয়া হাৰোণ আৰু হূৰে এচটা শিল আনি, তেওঁ বহিবৰ কাৰণে তেওঁৰ তলত হ’ল। সেই একে সময়তে হাৰোণ আৰু হূৰে, এজনে এফালে, আৰু আনজনে আন ফালে তেওঁৰ হাত দুখন ধৰি দাঙি ৰাখিলে। সেয়ে বেলি মাৰ নোযোৱালৈকে মোচিৰ হাত থিৰে থাকিল।
Og da Moses's Hænder blev trætte, tog de en Sten og lagde under ham; saa satte han sig paa den, og Aron og Hur støttede hans Hænder, hver paa sin Side; saaledes var hans Hænder stadig løftede til Solen gik ned,
13 ১৩ তেতিয়া যিহোচূৱাই অমালেকৰ লোকসকলক তৰোৱালেৰে পৰাজয় কৰিলে।
og Josua huggede Amalekiterne og deres Krigsfolk ned med Sværdet.
14 ১৪ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সোঁৱৰণৰ অৰ্থে এই কথা পুস্তকত লিখা, আৰু যিহোচূৱাক শুনোৱা; কাৰণ মই আকাশৰ তলৰ পৰা অমালেকৰ নাম সম্পূৰ্ণকৈ লুপ্ত কৰিম।”
Da sagde HERREN til Moses: »Optegn dette i en Bog, for at det kan mindes, og indskærp Josua, at jeg fuldstændig vil udslette Amalekiternes Minde under Himmelen!«
15 ১৫ তেতিয়া মোচিয়ে এটা যজ্ঞবেদী নিৰ্মাণ কৰি, তাৰ নাম “যিহোৱা-নিচ্চী” ৰাখিলে।
Derpaa byggede Moses et Alter og kaldte det: »HERREN er mit Banner!«
16 ১৬ তেওঁ এইদৰে কৰিলে, কিয়নো তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ বিৰুদ্ধ কৰিলে, সেয়ে তেওঁ কৈছিল, “যিহোৱাই প্রতিজ্ঞা কৰিলে যে, তেওঁ পুৰুষে, পুৰুষে অমালেকৰ সৈতে যুদ্ধ কৰিব।”
Og han sagde: »Der er en udrakt Haand paa HERRENS Trone! HERREN har Krig med Amalek fra Slægt til Slægt!«