< যাত্রাপুস্তক 15 >
1 ১ তাৰ পাছত মোচি আৰু ইস্ৰায়েলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল; তেওঁলোকে এইদৰে গাইছিল, “মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহী সমূদ্ৰত পেলালে।
Tad Mozus un Israēla bērni dziedāja Tam Kungam šo dziesmu un sacīja: es dziedāšu Tam Kungam, jo Viņš ir ļoti paaugstinājies: zirgus un viņu jātniekus Viņš iegāzis jūrā.
2 ২ যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।
Tas Kungs ir mans spēks un mana dziesma, un Viņš man bijis par pestīšanu: Viņš ir mans stiprais Dievs, es Viņu pagodināšu; Viņš ir mana tēva Dievs, es Viņu paaugstināšu.
3 ৩ যিহোৱা পৰাক্ৰমী বীৰ; যিহোৱা তেওঁৰ নাম।
Tas Kungs ir karavīrs, Kungs ir Viņa vārds.
4 ৪ তেওঁ ফৰৌণৰ ৰথ আৰু সৈন্য সমূহক সমুদ্ৰত পেলালে। ফৌৰণৰ মনোনীত সেনাপতিসকল চূফ সাগৰত ডুবিল।
Faraona ratus un viņa spēku Viņš iemetis jūrā, un viņa izlasītie virsnieki apslīkuši niedru jūrā.
5 ৫ জল সমূহে তেওঁলোকক ঢাকি ধৰিলে; শিলৰ দৰে তেওঁলোক অগাধ জলৰ ত’ললৈ গ’ল।
Dziļumi tos apklājuši, tie dibenā nogrimuši kā akmens.
6 ৬ হে যিহোৱা, আপোনাৰ সোঁ হাত, পৰাক্ৰমত মহিমান্বিত হ’ল; হে যিহোৱা, আপোনাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে।
Ak Kungs! Tava labā roka ir pagodināta caur spēku, Tava labā roka, ak Kungs, ienaidniekus salauzījusi.
7 ৭ আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠাবোৰক বিনষ্ট কৰিলে। আপুনি পঠোৱা আপোনাৰ ক্ৰোধাগ্নিয়ে; তেওঁলোকক নৰাৰ দৰে গ্রাস কৰিছে।
Un Savā lielā augstumā Tu esi nogāzis Savus pretiniekus, Tu esi izlaidis Savu bardzību, kas tos aprijusi kā rugājus.
8 ৮ আপোনাৰ নিশ্বাসতে জল সমূহ স্তূপাকৃত হ’ল; বৈ যোৱা জল সমূহো স্তূপাকৃত হ’ল; সমুদ্ৰৰ অগাধ জল সাগৰৰ অন্তৰ ভাগত গোট বান্ধিলে।
Un caur Tavu nāšu pūšanu sacēlās ūdeņi, strauti sastājās kā kopā, ūdeņi sastinga jūras vidū.
9 ৯ শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম; মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’
Ienaidnieks sacīja: es dzīšos pakaļ, es panākšu, es dalīšu laupījumu, mana dvēsele pie tiem atriebsies. Es izvilkšu savu zobenu, un mana roka tos izdeldēs.
10 ১০ কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে; তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল।
Tu Savu dvašu esi pūtis, jūra tos apklājusi, tie nogrimuši kā svins varenos ūdeņos.
11 ১১ হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
Ak Kungs! Kas ir tāds kā Tu? Kas ir tāds kā Tu starp tiem dieviem, pagodināts svētībā, cienījams ar teikšanām, brīnumu darītājs?
12 ১২ আপুনি আপোনাৰ সোঁ হাত মেলিলে, আৰু পৃথিৱীয়ে তেওঁলোকক গ্ৰাস কৰিলে।
Tu esi izstiepis Savu labo roku, zeme tos aprijusi.
13 ১৩ আপুনি উদ্ধাৰ কৰা লোকসকলক আপোনাৰ দয়াৰে চলাই আনিছে; আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে।
Tu caur Savu žēlastību esi vadījis šos ļaudis, ko Tu atpestījis, Tu tos esi vadījis caur Savu spēku uz Tavas svētības mājas vietu.
14 ১৪ লোকসকলে শুনিব আৰু তেওঁলোক কঁপি উঠিব; পলেষ্টিয়া লোকসকলক ত্ৰাসে বেৰি ধৰিছে।”
Tautas to dzird un trīc, bailība tos aizņēmusi, kas Fīlistejā mājo.
15 ১৫ তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে; মোৱাবৰ সৈন্য সকল কঁপি উঠিল; কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ’ল।
Tad Edoma virsnieki iztrūcinājās, trīcēšana aizņem Moaba varenos, sirds izkūst visiem, kas Kanaānā dzīvo.
16 ১৬ ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে।
Iztrūcināšana un bailība krīt uz tiem, caur Tava elkoņa lielumu tie paliek klusu kā akmens, tiekams Tavi ļaudis pārstaigās cauri, ak Kungs, tiekams tie ļaudis pārstaigās, ko Tu Sev esi mantojis.
17 ১৭ আপুনি তেওঁলোকক আনিব আৰু আপোনাৰ অধিকাৰ কৰা পাহাৰত স্থাপন কৰিব, হে যিহোৱা, আপুনি নিবাস কৰিবলৈ যুগুত কৰা ঠাই, হে প্ৰভু, যি ধৰ্মধাম আপুনি নিজৰ হাতেৰে নিৰ্ম্মাণ কৰিলে,
Tu tos vedi un stādi Savas mantības kalnā, tai vietā, ko Tu, Kungs, esi darījis par Savu mājas vietu, tai svētā vietā, ko Tavas rokas, ak Kungs, ir cēlušas.
18 ১৮ যিহোৱাই সদা-সৰ্ব্বদায় ৰাজত্ব কৰিব।”
Tas Kungs ir ķēniņš mūžīgi mūžam.
19 ১৯ কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল।
Jo Faraona zirgi ar viņa ratiem un ar viņa jātniekiem ir nākuši jūrā, un Tas Kungs jūras ūdenim ir licis pār tiem atpakaļ griezties, bet Israēla bērni caur jūras vidu izgājuši sausām kājām.
20 ২০ তেতিয়া হাৰোণৰ বায়েক মিৰিয়ম ভাববাদিনীয়ে তেওঁৰ হাতত খঞ্জৰি ল’লে; আৰু তেওঁৰ পাছে পাছে আন আন মহিলাসকলেও হাতত খঞ্জৰি লৈ, নাচি নাচি ওলাই গ’ল।
Un Mirjame, tā praviete, Ārona māsa, ņēma bungas savā rokā, un visas sievas izgāja viņai pakaļ ar bungām un diešanu.
21 ২১ মিৰিয়মে তেওঁলোকৰ আগত গীত গালে, “তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহা-গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমুদ্ৰত পেলাই দিলে।”
Tad Mirjame tiem atbildēja: dziedāt Tam Kungam, jo Viņš ir ļoti paaugstinājies: zirgus un viņu jātniekus Viņš ir iegāzis jūrā.
22 ২২ তাৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক চূফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰিবলৈ দিলে, তেওঁলোকে চূৰ মৰুভূমিৰ মাজেৰে যাত্রা কৰি গ’ল। তেওঁলোকে সেই মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট গ’ল, আৰু সেই ঠাইত পানী বিচাৰি নাপালে।
Pēc tam Mozus Israēlim lika aiziet no niedru jūras, un tie izgāja līdz Šur tuksnesim un gāja trīs dienas tuksnesī un neatrada ūdeni.
23 ২৩ তাৰ পাছত তেওঁলোকে মাৰা গৈ পালে, আৰু মাৰাত থকা পানী তিতা হোৱাৰ বাবে, তেওঁলোকে পান কৰিব নোৱাৰিলে; সেয়ে তেওঁলোকে সেই ঠাইৰ নাম মাৰা ৰাখিলে।
Tad tie nāca uz Māru, bet Māras ūdeni nevarēja dzert, jo tas bija rūgts, tāpēc viņas vārdu nosauc Māra (rūgtums).
24 ২৪ সেই কাৰণে লোকসকলে মোচিক অভিযোগ কৰি ক’লে, “আমি কি পান কৰিম?”
Tad tie ļaudis kurnēja pret Mozu un sacīja: ko mēs dzersim?
25 ২৫ তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আৰু যিহোৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে, আৰু পানী খাবলৈ মিঠা হ’ল। সেই ঠাইতে যিহোৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন-প্রণালী দিলে। সেই ঠাইতে যিহোৱাই তেওঁলোকক পৰীক্ষা কৰিলে।
Un viņš brēca uz To Kungu un Tas Kungs viņam rādīja koku, to viņš ielika tai ūdenī, tad tas ūdens tapa salds.
26 ২৬ তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”
Tur viņš tiem iecēla likumu un tiesu, un tur viņš tos pārbaudīja un sacīja: ja jūs tikuši(uzmanīgi) klausīsiet Tā Kunga, sava Dieva, balsi, un darīsiet, kas tiesa ir Viņa acīs, un liksiet vērā Viņa baušļus un sargāsiet visus Viņa likumus, tad Es uz jums nelikšu nekādu vājību, ko Es esmu licis uz Ēģipti; jo Es esmu Tas Kungs tavs ārsts.
27 ২৭ তাৰ পাছত লোকসকল এলীমলৈ আহিল; সেই ঠাইত পানীৰ বাৰটা ভুমুক, আৰু সত্তৰ জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইতে পানীৰ কাষত তম্বু তৰিলে।
Tad tie nāca uz Elim, un tur bija divpadsmit avoti un septiņdesmit palmas, un tie tur apmeta lēģeri pie ūdens.