< যাত্রাপুস্তক 14 >
1 ১ তাৰ পাছত যিহোৱাই মোচিক ক’লে:
Și DOMNUL i-a spus lui Moise, zicând:
2 ২ “ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা।
Vorbește copiilor lui Israel, să se întoarcă și să își așeze tabăra înainte de Pi-Hahirot, între Migdol și mare, înainte de Baal-Țefon; înaintea acestuia vă veți așeza tabăra, lângă mare.
3 ৩ ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’
Pentru că Faraon va spune despre copiii lui Israel: Ei s-au încurcat în țară, pustia i-a cuprins.
4 ৪ মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
Și voi împietri inima lui Faraon, astfel că îi va urmări; și voi fi onorat prin Faraon și prin toată oștirea lui; ca Egiptenii să știe că eu sunt DOMNUL. Și au făcut așa.
5 ৫ ইস্রায়েলী লোকসকল পলাই গ’ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৰৌণ আৰু তেওঁৰ দাসবোৰৰ মন ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে হ’ল। তেওঁলোকে ক’লে, “আমাৰ বন্দীকামৰ পৰা ইস্ৰায়েলী লোকসকলক এৰি দি আমি কি কাম কৰিলোঁ?”
Și i s-a spus împăratului Egiptului că poporul a fugit; și inima lui Faraon și a servitorilor săi s-a întors împotriva poporului și au spus: De ce am făcut aceasta, lăsând pe Israel să plece de la servirea noastră?
6 ৬ তেতিয়া ফৌৰণে নিজৰ ৰথ সাজু কৰিলে, আৰু নিজৰ সৈন্য সকলক তেওঁৰ লগত ল’লে।
Și el și-a pregătit carul și a luat poporul său cu el;
7 ৭ তেওঁ মনোনীত ছশ ৰথ, আৰু মিচৰৰ আন সকলো ৰথ, আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতি সকলকো ল’লে।
Și a luat șase sute de care alese și toate carele Egiptului și căpetenii peste fiecare din ele.
8 ৮ যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল।
Și DOMNUL a împietrit inima lui Faraon, împăratul Egiptului, și a urmărit pe copiii lui Israel; și copiii lui Israel au ieșit cu mână înaltă.
9 ৯ কিন্তু মিচৰীয়া লোক সকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী, আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। বাল-চফোনৰ সন্মুখত পী-হহীৰোতৰ ওচৰৰ সাগৰৰ দাঁতিত ইস্রায়েলী লোকসকলে তম্বু তৰি থকা ঠাইত, তেওঁলোকে আগচি ধৰিলে।
Dar Egiptenii i-au urmărit, toți caii și carele lui Faraon și călăreții lui și oștirea lui și i-a ajuns, așezând tabăra lângă mare, în apropiere de Pi-Hahirot, înainte de Baal-Țefon.
10 ১০ ফৰৌণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
Și când Faraon s-a apropiat, copiii lui Israel și-au ridicat ochii și, iată, egiptenii mărșăluiau după ei; și au fost grozav de înspăimântați; și copiii lui Israel au strigat către DOMNUL.
11 ১১ তেওঁলোকে মোচিক ক’লে, “মিচৰত মৈদাম নাই নে যে, আমি মৰুভূমিত মৰিবলৈ, আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি, আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে?
Și i-au spus lui Moise: Pentru că nu sunt morminte în Egipt ne-ai luat tu pentru a muri în pustie? Pentru ce te-ai purtat astfel cu noi, pentru a ne scoate din Egipt?
12 ১২ আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’”
Nu este acesta cuvântul pe care ți l-am spus în Egipt, zicând: Lasă-ne în pace, să servim egiptenilor? Pentru că ar fi fost mai bine să servim egiptenilor, decât să murim în pustie.
13 ১৩ মোচিয়ে লোকসকলক ক’লে, “ভয় নকৰি। নিৰৱে থাকা; আৰু চাওক, যিহোৱাই আজি তোমালোকলৈ পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব। কাৰণ যি মিচৰীয়া সকলক আজি তোমালোকে দেখিছা, তেওঁলোকক পুনৰ কেতিয়াও নেদেখিবা।
Și Moise a spus poporului: Nu vă temeți, stați liniștiți și veți vedea salvarea DOMNULUI, pe care el v-o va arăta astăzi; căci egiptenii pe care i-ați văzut astăzi, nu îi veți mai vedea niciodată, pentru totdeauna.
14 ১৪ যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।”
DOMNUL va lupta pentru voi, dar voi stați liniștiți.
15 ১৫ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি মোলৈ কিয় কাতৰোক্তি কৰিছা? ইস্ৰায়েলী লোকসকলক আগুৱাই যাবলৈ কোৱা।
Și DOMNUL i-a spus lui Moise: Pentru ce strigi către mine? Vorbește copiilor lui Israel să meargă înainte;
16 ১৬ তুমি তোমাৰ লাখুটি তুলি, সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা, আৰু সাগৰক দুভাগ কৰা; তাতে ইস্ৰায়েলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব।
Dar ridică-ți toiagul și întinde-ți mâna peste mare și despic-o; și copiii lui Israel vor merge pe uscat prin mijlocul mării.
17 ১৭ চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰৌণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱান্বিত হ’ম।
Și eu, iată, eu voi împietri inimile egiptenilor și îi vor urmări; și îmi voi aduce onoare prin Faraon și prin toată oștirea sa, prin carele sale și prin călăreții săi.
18 ১৮ তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।”
Și egiptenii vor ști că eu sunt DOMNUL, când mi-am adus onoare prin Faraon, prin carele sale și prin călăreții săi.
19 ১৯ ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল।
Și îngerul lui Dumnezeu, care mergea înaintea taberei lui Israel, s-a mutat și s-a dus în spatele lor; și stâlpul de nor s-a mutat de dinaintea feței lor și a stat în spatele lor;
20 ২০ মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে।
Și a venit între tabăra egiptenilor și tabăra lui Israel; și a fost un nor și întuneric pentru ei, dar dădea lumină noaptea pentru aceștia; așa că nu s-au apropiat unii de alții toată noaptea.
21 ২১ মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল।
Și Moise și-a întins mâna peste mare; și DOMNUL a făcut ca marea să meargă înapoi printr-un puternic vânt din est toată noaptea aceea și a făcut marea pământ uscat și apele au fost despicate.
22 ২২ তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
Și copiii lui Israel au mers în mijlocul mării pe pământ uscat; și apele le erau un zid pe partea dreaptă a lor și pe partea stângă a lor.
23 ২৩ মিচৰীয়া সকলে তেওঁলোকক খেদি গ’ল। ফৰৌণৰ সকলো ঘোঁৰা, ৰথ, আৰু অশ্বাৰোহী বিলাক তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ’ল।
Și egiptenii i-au urmărit și au intrat după ei în mijlocul mării, toți caii lui Faraon, carele sale și călăreții săi.
24 ২৪ কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে।
Și s-a întâmplat, că în garda dimineții, DOMNUL a privit spre oștirea egiptenilor prin stâlpul de foc și de nor și a tulburat oștirea egiptenilor.
25 ২৫ যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।”
Și a scos roțile de la carele lor, ca ei să le conducă cu greutate; așa că egiptenii au spus: Să fugim de la fața lui Israel, pentru că DOMNUL luptă pentru ei împotriva egiptenilor.
26 ২৬ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “মিচৰীয়া সকল, তেওঁলোকৰ ৰথ আৰু অশ্বাৰোহী বিলাকৰ ওপৰলৈ যেন পুনৰায় জল সমূহ আহিব, তাৰ বাবে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা।”
Și DOMNUL i-a spus lui Moise: Întinde-ți mâna peste mare, ca apele să vină înapoi peste egipteni, peste carele lor și peste călăreții lor.
27 ২৭ সেয়ে মোচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলে, আৰু যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া সাগৰ পুনৰ স্বাভাৱিক ৰূপত আহিল। মিচৰীয়া সকলে সাগৰলৈ সোমাই যাওঁতে, যিহোৱাই মিচৰীয়া সকলক সাগৰৰ মাজত পেলালে।
Și Moise și-a întins mâna peste mare și marea s-a întors la puterea ei când a apărut dimineața; și egiptenii au fugit de dinaintea acesteia; și DOMNUL a doborât pe egipteni în mijlocul mării.
28 ২৮ জল সমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌণৰ সকলো সৈন্য পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল।
Și apele s-au întors și au acoperit carele și călăreții, chiar toată oștirea lui Faraon care a intrat în mare după ei; nu a rămas nici măcar unul dintre ei.
29 ২৯ ইস্ৰায়েলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেৰে গ’ল; আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
Dar copiii lui Israel au umblat pe pământ uscat în mijlocul mării; și apele le erau un zid de partea lor dreaptă și de partea lor stângă.
30 ৩০ এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে।
Astfel DOMNUL a salvat pe Israel în acea zi din mâna egiptenilor; și Israel a văzut egiptenii morți pe țărmul mării.
31 ৩১ ইস্ৰায়েলী লোক সকলে যেতিয়া মিচৰীয়া সকলৰ বিৰুদ্ধে যিহোৱাৰ মহা পৰাক্রম দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ গৌৰৱ কৰিলে, আৰু তেওঁলোকে যিহোৱা আৰু তেওঁৰ দাস মোচিক বিশ্বাস কৰিলে।
Și Israel a văzut acea măreață lucrare pe care DOMNUL a făcut-o asupra egiptenilor; și poporul s-a temut de DOMNUL și l-a crezut pe DOMNUL și pe servitorul său Moise.