< যাত্রাপুস্তক 13 >
1 ১ যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,
爰にヱホバ、モーセに告ていひたまひけるは
2 ২ “ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”
人と畜とを論ず凡てイスラエルの子孫の中の始て生れたる首生をば皆聖別て我に歸せしむべし是わが所屬なればなり
3 ৩ মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।
モーセ民にいひけるは汝等エジプトを出で奴隸たる家を出るこの日を誌えよヱホバ能ある手をもて汝等を此より導きいだしたまへばなり酵いれたるパンを食ふべからず
4 ৪ আবীব মাহৰ এই দিনাই তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা।
アビブの月の此日なんぢら出づ
5 ৫ কনানীয়া, হিত্তীয়া, ইমোৰীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ যি দেশ তোমালোকক দিবলৈ, যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌ বৈ থকা দেশত, যেতিয়া তেওঁ তোমালোকক সুমুৱাব, তেতিয়া তোমালোকে এই মাহত যিহোৱাৰ উদ্দেশ্যে আৰাধনাৰ কাৰ্য কৰিবা।
ヱホバ汝を導きてカナン人ヘテ人アモリ人ヒビ人エブス人の地すなはちその汝にあたへんと汝の先祖たちに誓ひたまひし彼乳と蜜の流るる地に至らしめたまはん時なんぢ此月に是禮式を守るべし
6 ৬ সাত দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিবা; আৰু সপ্তম দিনটো যিহোৱাৰ উদ্দেশ্যে উৎসৱৰ দিন হ’ব।
七日の間なんぢ酵いれぬパンを食ひ第七日にヱホバの節筵をなすべし
7 ৭ সেই সাত দিন নিশ্চয়কৈ খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব; তোমালোকৰ মাজত খমীৰ দিয়া কোনো পিঠা যাতে দেখা পোৱা নাযাওক। এনেকি তোমালোকৰ চাৰিও সীমাৰ ভিতৰতো খমীৰ দেখা পোৱা নাযাওক।
酵いれぬパンを七日くらふべし酵いれたるパンを汝の所におくなかれ又汝の境の中にて汝の許にパン酵をおくなかれ
8 ৮ সেই দিনা তোমালোকে আপোনালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’
汝その日に汝の子に示して言べし是は吾がエジプトより出る時にヱホバの我に爲したまひし事のためなりと
9 ৯ এয়ে উদ্ধাৰ সোঁৱৰণৰ বাবে তোমালোকৰ হাত আৰু কপালত থাকক। যিহোৱাৰ ব্যৱস্থা তোমালোকৰ কথাত থাকক, কিয়নো তোমালোকৰ হাত, আৰু কপালত এই মুক্তি সোঁৱৰণীয় হৈ থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে মিচৰৰ পৰা তোমালোকক বাহিৰ কৰি আনিলে।
斯是をなんぢの手におきて記號となし汝の目の間におきて記號となしてヱホバの法律を汝の口に在しむべし其はヱホバ能ある手をもて汝をエジプトより導きいだしたまへばなり
10 ১০ এই হেতুকে তোমালোকে প্রত্যেক বছৰে এই সময়ত, এই বিধি পালন কৰিবা।
是故に年々その期にいたりてこの例をまもるべし
11 ১১ যিহোৱাই তোমাক আৰু তোমালোকৰ পূৰ্বপুৰুষ সকলক দিয়া প্রতিজ্ঞা অনুসাৰে, যেতিয়া তোমাক কনানীয়া সকলৰ দেশত আনি সোমুৱাব,
ヱホバ汝となんぢの先祖等に誓ひたまひしごとく汝をカナン人の地にみちびきて之を汝に與へたまはん時
12 ১২ তেতিয়া তোমালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু তোমালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিবা। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব।
汝凡て始て生れたる者及び汝の有る畜の初生を悉く分ちてヱホバに歸せしむべし男牡はヱホバの所屬なるべし
13 ১৩ প্রত্যেক প্রথমে জন্মা গাধ এটা মেৰ-ছাগ পোৱালি দি মুক্ত কৰিব। যদি মুক্ত নকৰে, তেন্তে তাৰ ডিঙি ভাঙিব; কিন্তু তোমালোকৰ পুত্রসকলৰ মাজত প্রথমে জন্মা পুত্ৰ তোমালোকে নিশ্চয় কিনি মুক্ত কৰিব লাগিব।”
又驢馬の初子は皆羔羊をもて贖ふべしもし贖はずばその頸を折るべし汝の子等の中の長子なる人はみな贖ふべし
14 ১৪ পাছত তোমালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া তুমি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে।
後に汝の子汝に問て是は何なると言ばこれに言べしヱホバ能ある手をもて我等をエジプトより出し奴隸たりし家より出したまへり
15 ১৫ যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশু যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’
當時パロ剛愎にして我等を去しめざりしかばヱホバ、エジプトの國の中の長子たる者を人の長子より畜の初生まで盡く殺したまへり是故に始めて生れし牡を盡くヱホバに犠牲に献ぐ但しわが子等の中の長子は之を贖ふなり
16 ১৬ এয়ে তোমালোকৰ হাত, আৰু কপালত সোঁৱৰণী স্বৰূপে থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে আমাক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।”
是をなんぢの手におきて號となし汝の目の間におきて誌となすべしヱホバ能ある手をもて我等をエジプトより導きいだしたまひたればなりと
17 ১৭ ফৰৌণে যেতিয়া লোকসকলক যাবলৈ এৰি দিলে, তেতিয়া পলেষ্টীয়াসকলৰ দেশেৰে বাট চমু আছিল যদিও, ঈশ্বৰে তেওঁলোকক সেই বাটেদি নিনিলে। কিয়নো ঈশ্বৰে ক’লে, “হয়তো যুদ্ধৰ সন্মুখিন হ’লে লোকসকলে মন সলনি কৰি মিচৰলৈ উভটি যাব।”
偖パロ民をさらしめし時ペリシテ人の地は近かりけれども神彼等をみちびきて其地を通りたまはざりき其は民戰爭を見ば悔てエジプトに歸るならんと神おもひたまひたればなり
18 ১৮ সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।
神紅海の曠野の道より民を導きたまふイスラエルの子孫行伍をたててエジプトの國より出づ
19 ১৯ মোচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল’লে; কিয়নো যোচেফে ইস্ৰায়েলী লোকসকলক শপত খুৱাই কৈছিল, “ঈশ্বৰে আপোনালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু আপোনালোকে তেতিয়া মোৰ অস্থিক আপোনালোকৰ লগত লৈ যাব।”
其時モーセはヨセフの骨を携ふ是はヨセフ神かならず汝らを眷みたまふべければ汝らわが骨を此より携へ出づべしといひてイスラエルの子孫を固く誓せたればなり
20 ২০ ইস্রায়েলী লোকসকলে চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুপ্রান্তৰ দাঁতিত থকা এথমত তম্বু তৰিলে।
斯てかれらスコテより進みて曠野の端なるエタム比幕張す
21 ২১ তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।
ヱホバかれらの前に往たまひ晝は雲の柱をもてかれらを導き夜は火の柱をもて彼らを照して晝夜往すすましめたまふ
22 ২২ যিহোৱাই লোকসকলৰ আগৰ পৰা দিনত মেঘ-স্তম্ভ, আৰু ৰাতি অগ্নিস্তম্ভ আঁতৰ নকৰিলে।
民の前に晝は雲の柱を除きたまはず夜は火の柱をのぞきたまはず