< যাত্রাপুস্তক 12 >

1 যিহোৱাই মিচৰ দেশত মোচি আৰু হাৰোণৰ সৈতে কথা পাতিলে। তেওঁ ক’লে,
耶和华在埃及地晓谕摩西、亚伦说:
2 “এই মাহেই তোমালোকৰ বাবে মাহৰ আৰম্ভণি হ’ব; আৰু এই মাহ তোমালোকৰ কাৰণে বছৰৰ প্ৰথম মাহ।
“你们要以本月为正月,为一年之首。
3 তোমালোক সমবেত হোৱা আৰু ইস্ৰায়েলী লোকসকলক কোৱা, ‘এই মাহৰ দশম দিনা তেওঁলোক প্রত্যেকে নিজৰ বাবে এটাকৈ মেৰ-ছাগ পোৱালি বা ছাগলী পোৱালি ল’ব। প্রত্যেক পৰিয়ালে এইদৰে পৰিয়ালবৰ্গৰ বাবে এটা মেৰ-ছাগ পোৱালি ল’ব।
你们吩咐以色列全会众说:本月初十日,各人要按着父家取羊羔,一家一只。
4 সেই মেৰ-ছাগ পোৱালি ভোজন কৰিবলৈ যদি পৰিয়ালৰ মানুহ তাকৰ হয়, তেনেহলে তেওঁ আৰু তেওঁৰ ওচৰ-চুবুৰীয়াৰ সদস্যৰ সংখ্যা অনুসাৰে এটা মেৰ-ছাগ পোৱালি বা ছাগলীৰ মাংস প্রত্যেক মানুহলৈ জোৰাকৈ লওক। প্রত্যেক মানুহে খাব পৰা শক্তি অনুসাৰে সেই মাংস যাতে হয়।
若是一家的人太少,吃不了一只羊羔,本人就要和他隔壁的邻舍共取一只。你们预备羊羔,要按着人数和饭量计算。
5 তোমালোকৰ সেই মেৰ-ছাগ বা ছাগলী পোৱালি এবছৰীয়া আৰু নিৰ্ঘূণী মতা পোৱালি হ’ব লাগিব। তোমালোকে তাক মেৰ-ছাগ বা ছাগলীবোৰৰ জাকৰ মাজৰ পৰা ল’বা।
要无残疾、一岁的公羊羔,你们或从绵羊里取,或从山羊里取,都可以。
6 তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।
要留到本月十四日,在黄昏的时候,以色列全会众把羊羔宰了。
7 তোমালোকে তাৰ কিছু তেজ লৈ, যি ঘৰবোৰত মাংস ভোজন কৰা হ’ব, সেই ঘৰবোৰৰ দুৱাৰৰ চৌকাঠৰ দুই দাঁতিত, আৰু ওপৰতো লগাবা।
各家要取点血,涂在吃羊羔的房屋左右的门框上和门楣上。
8 সেই ৰাতিয়েই তোমালোকে প্রথমে জুইত খৰিকাত দি সেই মাংস খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে সৈতে ভোজন কৰিবা।
当夜要吃羊羔的肉;用火烤了,与无酵饼和苦菜同吃。
9 তোমালোকে তাক কেঁচাই, নাইবা পানীত সিজায়ো নাখাবা; তাৰ পৰিৱৰ্তে মুৰ, ঠেং, আৰু তাৰ ভিতৰত থকা অংশই সৈতে জুইত খৰিকাত দিহে খাবা।
不可吃生的,断不可吃水煮的,要带着头、腿、五脏,用火烤了吃。
10 ১০ ৰাতিপুৱালৈ তাৰ অলপো অৱশিষ্ট নাৰাখিবা। কিন্তু ৰাতিপুৱালৈ যি অৱশিষ্ট থাকিব, তাক তোমালোকে জুইত পুৰি ভষ্ম কৰি দিবা।
不可剩下一点留到早晨;若留到早晨,要用火烧了。
11 ১১ তোমালোকে টঙালিৰে কঁকাল বান্ধি, জোতা পিন্ধি, আৰু হাতত লাখুটি লৈ, বেগাবেগিকৈ তাক ভোজন কৰিবা। সেয়ে যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব।
你们吃羊羔当腰间束带,脚上穿鞋,手中拿杖,赶紧地吃;这是耶和华的逾越节。
12 ১২ যিহোৱাই এই কথা কৈছে: ‘মই সেই ৰাতিয়েই মিচৰ দেশৰ মাজেদি গৈ, মিচৰ দেশত প্রথমে জন্ম হোৱা মানুহ বা পশুৱেই হওক, সকলোকে সংহাৰ কৰিম। মিচৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই যিহোৱা।
因为那夜我要巡行埃及地,把埃及地一切头生的,无论是人是牲畜,都击杀了,又要败坏埃及一切的神。我是耶和华。
13 ১৩ তোমালোকে যিবোৰ ঘৰত থাকা, সেইবোৰ ঘৰত সেই তেজেই তোমালোকৰ চিন হ’ব; মই যেতিয়া মিচৰ দেশ মই আক্রমণ কৰিম, তেতিয়া সেই তেজ দেখি, মই তোমালোকক অতিক্রম কৰি এৰি থৈ যাম। এই মহামাৰিয়ে তোমালোকক স্পৰ্শ নকৰিব আৰু তোমালোকক বিনষ্ট নকৰিব।
这血要在你们所住的房屋上作记号;我一见这血,就越过你们去。我击杀埃及地头生的时候,灾殃必不临到你们身上灭你们。”
14 ১৪ এই দিন সোঁৱৰণীয় দিন হ’ব; আৰু তোমালোকে এই দিন যিহোৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ’ব, পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব।
“你们要记念这日,守为耶和华的节,作为你们世世代代永远的定例。
15 ১৫ তোমালোকে সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। প্ৰথম দিনাই তোমালোকে নিজৰ ঘৰৰ পৰা খমীৰ দূৰ কৰিবা। কিয়নো যি কোনোৱে প্ৰথম দিনৰ পৰা সপ্তম দিনলৈকে খমীৰ দিয়া পিঠা খাব, তেওঁক ইস্ৰায়েলৰ পৰা উচ্ছন্ন কৰা হ’ব।
你们要吃无酵饼七日。头一日要把酵从你们各家中除去;因为从头一日起,到第七日为止,凡吃有酵之饼的,必从以色列中剪除。
16 ১৬ প্ৰথম দিনা লোক সকল সমবেত হৈ মোৰ উদ্দেশ্যে পবিত্রকৃত হ’ব, আৰু সপ্তম দিনাও সেই একেদৰে লোকসকল সমবেত হ’ব। সেই দিনবোৰত কোনো কাম কৰা নহব, কেৱল প্রত্যেকে খাব পৰাকৈ ৰন্ধা কাম কৰিব।
头一日你们当有圣会,第七日也当有圣会。这两日之内,除了预备各人所要吃的以外,无论何工都不可做。
17 ১৭ এইদৰে তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা; কিয়নো সেই দিনাই মই তোমালোকৰ লোক সকলক, সৈন্যৰ দলক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনিছিলো। এতেকে তোমালোকে পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে সেই দিন পালন কৰিবা।
你们要守无酵节,因为我正当这日把你们的军队从埃及地领出来。所以,你们要守这日,作为世世代代永远的定例。
18 ১৮ তোমালোকে বছৰৰ প্ৰথম মাহৰ চৌদ্ধ দিনৰ গধুলিৰে পৰা একৈশ দিনৰ গধুলিলৈকে খমীৰ নিদিয়া পিঠাহে ভোজন কৰিবা।
从正月十四日晚上,直到二十一日晚上,你们要吃无酵饼。
19 ১৯ এই সাত দিনলৈকে তোমালোকৰ ঘৰবোৰত খমিৰ পোৱা নাযাব। কাৰণ বিদেশী হওক, বা স্বদেশীয়েই হওক, যি কোনোৱে খমিৰ দিয়া বস্তু খাব, তেওঁক ইস্ৰায়েলৰ সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
在你们各家中,七日之内不可有酵;因为凡吃有酵之物的,无论是寄居的,是本地的,必从以色列的会中剪除。
20 ২০ তোমালোকে খমিৰ দিয়া কোনো বস্তুৱেই নাখাবা। তোমালোকে যি ঠাইতে বাস কৰা সেই সকলো ঠাইত, খমীৰ নিদিয়া পিঠাহে খাবা’।”
有酵的物,你们都不可吃;在你们一切住处要吃无酵饼。”
21 ২১ তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সকলো পৰিচাৰকক মাতি আনিলে আৰু তেওঁলোকক ক’লে, তোমালোকে নিজৰ নিজৰ পৰিয়ালৰ লোকক পৰ্যাপ্ত পৰিমাণে খোৱাবলৈ ভেৰাৰ জাকৰ পৰা পোৱালি বাছি লবা আৰু নিস্তাৰ-পৰ্ব্বৰ বলিৰ বাবে তাক কাটিবা।
于是,摩西召了以色列的众长老来,对他们说:“你们要按着家口取出羊羔,把这逾越节的羊羔宰了。
22 ২২ তাৰ পাছত এচোব বন একোচা লৈ, পাত্ৰটোত থকা তেজত জুবুৰিয়াবা। সেই তেজ পাত্ৰৰ পৰা লৈ দুৱাৰৰ চৌকাঠৰ ওপৰত আৰু দুই দাঁতিৰ কাঠত লগাবা। ৰাতিপুৱালৈকে তোমালোকৰ কোনেও নিজৰ নিজৰ ঘৰৰ দুৱাৰৰ বাহিৰ নহবা।
拿一把牛膝草,蘸盆里的血,打在门楣上和左右的门框上。你们谁也不可出自己的房门,直到早晨。
23 ২৩ কিয়নো যিহোৱাই মিচৰীয়া সকলক আক্ৰমণ কৰিবৰ বাবে, তোমালোকৰ ওচৰেদি গমন কৰিব। যেতিয়া তেওঁ দুৱাৰৰ চৌকাঠৰ ওপৰত, আৰু চৌকাঠৰ দুই দাঁতিত সেই তেজ দেখিব, তেতিয়া যিহোৱাই সেই দুৱাৰ এৰি যাব, আৰু তোমালোকক আক্ৰমণ কৰিবৰ বাবে, আপোনালোকৰ ঘৰত আক্ৰমণকাৰীক সোমাবলৈ নিদিব।
因为耶和华要巡行击杀埃及人,他看见血在门楣上和左右的门框上,就必越过那门,不容灭命的进你们的房屋,击杀你们。
24 ২৪ তোমালোকে আৰু তোমালোকৰ সন্তান সকলেও চিৰকাললৈকে পালন কৰিবলগীয়া বিধি বুলি, এই ৰীতি পালন কৰি থাকিব।
这例,你们要守着,作为你们和你们子孙永远的定例。
25 ২৫ যিহোৱাই নিজৰ প্ৰতিজ্ঞাৰ দৰে তোমালোকক যি দেশ দিব, সেই দেশত যেতিয়া তোমালোক সোমাবা, তেতিয়াও তোমালোকে এই উপসনাৰ কাৰ্য কৰি থাকিব।
日后,你们到了耶和华按着所应许赐给你们的那地,就要守这礼。
26 ২৬ যেতিয়া তোমালোকৰ সন্তান সকলে সুধিব “এই উপসনাৰ অৰ্থ কি,”
你们的儿女问你们说:‘行这礼是什么意思?’
27 ২৭ তেতিয়া তোমালোকে ক’বা, ‘যিহোৱাই মিচৰীয়ালোকক আক্ৰমণ কৰোঁতে মিচৰত থকা ইস্ৰায়েলৰ লোকসকলৰ ঘৰবোৰ এৰি থৈ গৈছিল, এই দৰেই তেওঁ ইস্ৰায়েলৰ ঘৰবোৰ নিস্তাৰ কৰিছিল, সেইয়ে যিহোৱাৰ উদ্দেশে কৰা এয়ে নিস্তাৰ-পৰ্ব্বৰ বলিদান’।” তেতিয়া লোকসকলে মূৰ দোঁৱাই যিহোৱাৰ আৰাধনা কৰিলে।
你们就说:‘这是献给耶和华逾越节的祭。当以色列人在埃及的时候,他击杀埃及人,越过以色列人的房屋,救了我们各家。’”于是百姓低头下拜。
28 ২৮ ইস্ৰায়েলৰ লোকসকলে সেয়ে যিহোৱাই মোচি আৰু হাৰোণক দিয়া আজ্ঞাৰ দৰেই কৰিলে।
耶和华怎样吩咐摩西、亚伦,以色列人就怎样行。
29 ২৯ মাজ নিশা সিংহাসনত বহা ফৰৌণৰ জেষ্ঠ পুত্ৰৰ পৰা বন্দীশালত থকা লোকৰ বৰ পুত্ৰলৈকে মিচৰ দেশত প্ৰথমে জন্মা সকলোলোক আৰু পশুবোৰৰ প্ৰথমে জন্মাবোৰকো আক্ৰমণ কৰিলে।
到了半夜,耶和华把埃及地所有的长子,就是从坐宝座的法老,直到被掳囚在监里之人的长子,以及一切头生的牲畜,尽都杀了。
30 ৩০ সেয়ে ফৰৌণ, তেওঁৰ দাসবোৰ আৰু মিচৰৰ সকলোলোক ৰাতিয়েই উঠিল। মিচৰত সেয়ে মহাক্ৰন্দন হ’ল; কাৰণ এনে এটা ঘৰ নাছিল য’ত প্ৰথমা জন্মা পুএৰ মৃত্যু হোৱা নাছিল।
法老和一切臣仆,并埃及众人,夜间都起来了。在埃及有大哀号,无一家不死一个人的。
31 ৩১ ৰাতিয়েই ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “উঠা, তোমালোক আৰু ইস্ৰায়েলৰ সকলো লোক মোৰ প্ৰজাসকলৰ মাজৰ পৰা বাহিৰ হৈ যোৱা। তোমালোকে কোৱাৰ দৰেই যিহোৱাৰ আৰধনা কৰা।
夜间,法老召了摩西、亚伦来,说:“起来!连你们带以色列人,从我民中出去,依你们所说的,去事奉耶和华吧!
32 ৩২ তোমালোকে কোৱাৰ দৰেই নিজৰ নিজৰ ভেৰা, ছাগলী, আৰু তোমালোকৰ জাকবোৰকো লৈ যোৱা; আৰু মোকো আশীৰ্ব্বাদ কৰি যোৱা।”
也依你们所说的,连羊群牛群带着走吧!并要为我祝福。”
33 ৩৩ তেতিয়া মিচৰীয়া লোকসকলে শীঘ্ৰে ইস্ৰায়েলী লোকসকলক দেশৰ পৰা পঠাবৰ বাবে ততাতৈয়া লগালে; কাৰণ তেওঁলোকে ক’লে, “আমি সকলো মৃত লোক।”
埃及人催促百姓,打发他们快快出离那地,因为埃及人说:“我们都要死了。”
34 ৩৪ সেয়ে লোকসকলে খমীৰ নিদিয়াকৈ নিজৰ নিজৰ আটাগুড়ি ল’লে। তেওঁলোকে নিজৰ নিজৰ সনা পাত্ৰ গাৰ কাপোৰত বান্ধিলৈ, নিজৰ নিজৰ কান্ধত ল’লে।
百姓就拿着没有酵的生面,把抟面盆包在衣服中,扛在肩头上。
35 ৩৫ তাৰ পাছত ইস্ৰায়েলৰ লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। তেওঁলোকে মিচৰীয়া লোকসকলৰ পৰা সোণ আৰু ৰূপৰ অলঙ্কাৰ, আৰু বস্ত্ৰও খুজি ল’লে।
以色列人照着摩西的话行,向埃及人要金器、银器,和衣裳。
36 ৩৬ যিহোৱাই মিচৰীয়া লোকসকলৰ আগত ইস্ৰায়েলী লোকসকলক অনুগ্ৰহপ্ৰাপ্ত কৰিলে। সেয়ে তেওঁলোকে খোজাৰ দৰেই তেওঁলোকক দিলে; এইদৰে তেওঁলোকে মিচৰীয়ালোক সকলক লুট কৰিলে।
耶和华叫百姓在埃及人眼前蒙恩,以致埃及人给他们所要的。他们就把埃及人的财物夺去了。
37 ৩৭ ইস্ৰায়েলী লোকসকল ৰামিচেচৰ পৰা চুক্কোতলৈ যাত্ৰা কৰি গ’ল। মহিলা আৰু সন্তানৰ ওপৰিও তেওঁলোকৰ ছয় লাখমান পদাতিক পুৰুষ আছিল।
以色列人从兰塞起行,往疏割去;除了妇人孩子,步行的男人约有六十万。
38 ৩৮ ইয়াৰ উপৰিও অনা ইস্ৰায়েলী বহুলোক, তেওঁলোকৰ ভেৰা, ছাগলী আদি কৰি বহুতো পশুৰে সৈতে তেওঁলোকৰ লগত গৈছিল।
又有许多闲杂人,并有羊群牛群,和他们一同上去。
39 ৩৯ তাৰ পাছত, তেওঁলোকে মিচৰৰ পৰা অনা খমীৰ নিদিয়া আটাগুড়িৰে পিঠা যুগুত কৰিলে। সেইবোৰত খমীৰ দিয়া নাছিল, কাৰণ তেওঁলোকক মিচৰৰ পৰা খেদাই দিয়া হ’ল, সেয়ে খোৱা যুগুত কৰিবৰ কাৰণে তেওঁলোকে পলম কৰিব নোৱাৰিলে।
他们用埃及带出来的生面烤成无酵饼。这生面原没有发起;因为他们被催逼离开埃及,不能耽延,也没有为自己预备什么食物。
40 ৪০ ইস্ৰায়েলী লোকসকল মিচৰ দেশত প্ৰবাসী হৈ চাৰিশ ত্ৰিশ বছৰ আছিল।
以色列人住在埃及共有四百三十年。
41 ৪১ চাৰিশ ত্ৰিশ বছৰৰ শেষৰ দিনা, যিহোৱাৰ বাহিনীৰ সকলো দল মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিছিল।
正满了四百三十年的那一天,耶和华的军队都从埃及地出来了。
42 ৪২ যিহোৱাই মিচৰ দেশৰ পৰা তেওঁলোকক বাহিৰ কৰি অনাৰ কাৰণে, সেই ৰাতি তেওঁলোক সজাগ হৈ আছিল। সেই ৰাতি যিহোৱাৰ উদ্দেশে পালন কৰা ৰাতি বুলি ইস্ৰায়েলৰ সকলো লোকে পুৰুষানুক্ৰমে পালন কৰে।
这夜是耶和华的夜;因耶和华领他们出了埃及地,所以当向耶和华谨守,是以色列众人世世代代该谨守的。
43 ৪৩ যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “নিস্তাৰ-পৰ্ব্বৰ বলিৰ বিধি এই: কোনো বিদেশী লোকে ইয়াক ভোজন কৰিব নোৱাৰিব।
耶和华对摩西、亚伦说:“逾越节的例是这样:外邦人都不可吃这羊羔。
44 ৪৪ অৱশ্যে ইস্ৰায়েলী লোকৰ প্ৰতিজন ধন দি কিনা বন্দীক যদি চুন্নৎ কৰা হৈছে, তেতিয়া তেৱোঁ ভোজন কৰিব পাৰিব।
但各人用银子买的奴仆,既受了割礼就可以吃。
45 ৪৫ কিন্তু বিদেশী সকল আৰু ভাড়া কৰি অনা দাস সকলে ইয়াক খাব নোৱাৰিব।
寄居的和雇工人都不可吃。
46 ৪৬ আহাৰ একেটা ঘৰতে ভোজন কৰিবই লাগিব। সেই মাংসৰ অলপো ঘৰৰ বাহিৰলৈ নিনিবা, আৰু তাৰ এডাল হাড়ো নেভাঙিবা।
应当在一个房子里吃;不可把一点肉从房子里带到外头去。羊羔的骨头一根也不可折断。
47 ৪৭ ইস্ৰায়েলৰ গোটেই সমাজে তাক পালন কৰিব।
以色列全会众都要守这礼。
48 ৪৮ তোমাৰ লগত বাস কৰা কোনো বিদেশী লোকে যদি যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁৰ পৰিয়ালৰ সকলো পুৰুষে চুন্নৎ কৰিব লাগিব। তেতিয়াহে তেওঁ আহি তাক পালন কৰিব পাৰিব। তেওঁ দেশত জন্ম হোৱা লোকৰ নিচিনা হ’ব। অৱশ্যে চুন্নৎ নোহোৱা কোনো লোকে ইয়াক ভোজন কৰিব নালাগে।”
若有外人寄居在你们中间,愿向耶和华守逾越节,他所有的男子务要受割礼,然后才容他前来遵守,他也就像本地人一样;但未受割礼的,都不可吃这羊羔。
49 ৪৯ দেশত জন্ম হোৱা লোকৰ বাবে, আৰু তোমালোকৰ মাজত বাস কৰা বিদেশী লোকৰ কাৰণেও একেটা বিধিয়েই হ’ব।
本地人和寄居在你们中间的外人同归一例。”
50 ৫০ সেয়ে ইস্ৰায়েলৰ সকলো লোকে যিহোৱাই মোচি আৰু হাৰোণক দিয়া আজ্ঞাৰ দৰেই কৰিলে।
耶和华怎样吩咐摩西、亚伦,以色列众人就怎样行了。
51 ৫১ এইদৰে যিহোৱাই সেই দিনাই ইস্ৰায়েলৰ লোক সকলক সৈন্যৰ দলেৰে সৈতে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে।
正当那日,耶和华将以色列人按着他们的军队,从埃及地领出来。

< যাত্রাপুস্তক 12 >