< যাত্রাপুস্তক 11 >

1 যিহোৱাই মোচিক ক’লে, “মই ফৰৌণ আৰু মিচৰ দেশৰ ওপৰত আন এক মহামাৰি আনিম। তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব। আৰু অৱশেষত তেওঁ যেতিয়া তোমালোকক যাবলৈ দিব, তেতিয়া তেওঁ তোমালোকৰ সকলোকে ইয়াৰ পৰা খেদি পঠিয়াব।
ויאמר יהוה אל משה עוד נגע אחד אביא על פרעה ועל מצרים אחרי כן ישלח אתכם מזה כשלחו כלה גרש יגרש אתכם מזה׃
2 সেয়ে, প্ৰতিজন পুৰুষ আৰু মহিলাক নিজৰ নিজৰ ওচৰ-চুবুৰীয়াৰ পৰা তেওঁলোকৰ ৰূপ আৰু সোণৰ অলঙ্কাৰবোৰ খুজি ল’বলৈ নিৰ্দেশ দিয়া।”
דבר נא באזני העם וישאלו איש מאת רעהו ואשה מאת רעותה כלי כסף וכלי זהב׃
3 যিহোৱাই মিচৰীয়া লোকসকলক ইস্রায়েলী লোকসকললৈ অনুগ্ৰহ কৰিবলৈ আগ্রহী কৰালে। অৱশ্যে মিচৰ দেশত মোচি, ফৰৌণৰ দাস আৰু লোকসকলৰ দৃষ্টিত অতি আকৰ্ষণীয় পুৰুষ আছিল।
ויתן יהוה את חן העם בעיני מצרים גם האיש משה גדול מאד בארץ מצרים בעיני עבדי פרעה ובעיני העם׃
4 মোচিয়ে ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই মাজ নিশামানত মিচৰ দেশৰ মাজেৰে যাম।
ויאמר משה כה אמר יהוה כחצת הלילה אני יוצא בתוך מצרים׃
5 তেতিয়া মিচৰ দেশৰ সকলো প্রথম পুত্রৰ মৃত্যু হ’ব। সিংহাসনত বহা ৰজা ফৰৌণৰ প্রথম পুত্ৰৰ পৰা জাঁত ঘৰুৱা দাসীৰ প্রথম পুত্রলৈকে, আৰু মিচৰ দেশত থকা সকলো প্ৰথমে জন্মা পশুবোৰৰো মৃত্যু হ’ব।
ומת כל בכור בארץ מצרים מבכור פרעה הישב על כסאו עד בכור השפחה אשר אחר הרחים וכל בכור בהמה׃
6 তেতিয়া সমগ্র মিচৰ দেশত এনে ক্ৰন্দন হ’ব যে, তেনে ক্রন্দন কেতিয়াও হোৱা নাছিল, আৰু পুনৰ কেতিয়াও নহ’ব।
והיתה צעקה גדלה בכל ארץ מצרים אשר כמהו לא נהיתה וכמהו לא תסף׃
7 কিন্তু যিহোৱাই যে মিচৰীয়া আৰু ইস্ৰায়েলী লোকসকলৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন আপোনালোকে জানিব পাৰে, সেই বাবে ইস্ৰায়েলী লোকসকল হওক বা তেওঁলোকৰ পশুৱেই হওক, তেওঁলোকৰ অহিতে এটা কুকুৰেও নুভুকিব।’
ולכל בני ישראל לא יחרץ כלב לשנו למאיש ועד בהמה למען תדעון אשר יפלה יהוה בין מצרים ובין ישראל׃
8 ফৌৰণ, আপোনাৰ সকলো দাস সকল মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক!’ তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল।
וירדו כל עבדיך אלה אלי והשתחוו לי לאמר צא אתה וכל העם אשר ברגליך ואחרי כן אצא ויצא מעם פרעה בחרי אף׃
9 যিহোৱাই মোচিক কৈছিল, “মোৰ অদ্ভুত লক্ষণ যেন মিচৰ দেশত অধিককৈ দেখুউৱাব পাৰোঁ, সেই বাবে ফৰৌণে তোমাৰ কথা নুশুনিব।”
ויאמר יהוה אל משה לא ישמע אליכם פרעה למען רבות מופתי בארץ מצרים׃
10 ১০ মোচি আৰু হাৰোণে ফৰৌণৰ সাক্ষাতে সেই সকলো অদ্ভুত লক্ষণ দেখুৱাইছিল। কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিছিল, সেই বাবে তেওঁ নিজৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।
ומשה ואהרן עשו את כל המפתים האלה לפני פרעה ויחזק יהוה את לב פרעה ולא שלח את בני ישראל מארצו׃

< যাত্রাপুস্তক 11 >