< যাত্রাপুস্তক 10 >
1 ১ যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ যোৱা। মিচৰ দেশত মোৰ শক্তিৰ চিনবোৰ দেখুৱাবৰ বাবে মই ফৰৌণ আৰু তেওঁৰ দাস সকলৰ মন কঠিন কৰিলোঁ।
परमप्रभुले मोशालाई भन्नुभयो, “फारोकहाँ जा किनकि मैले त्यसको र त्यसका अधिकारीहरूका ह्रदय कठोर बनाइदिएको छु । तिनीहरूका बिचमा मेरो शक्तिका यी चिन्हहरू देखाउनलाई मैले यसो गरेको हुँ ।
2 ২ মই এইদৰে কৰাৰ কাৰণ এয়াও হয় যে, মই মিচৰীয়া লোক সকলক কিদৰে কঠোৰ ব্যৱহাৰ কৰিলোঁ, আৰু তেওঁলোকৰ মাজত মোৰ শক্তিৰ চিন কিদৰে দেখুৱালোঁ এই সকলো কথা তুমি তোমাৰ সন্তান আৰু নাতি-নাতিনীয়েক সকলক যাতে ক’ব পাৰিবা। ইয়াৰ যোগেদি তোমালোকে জানিবা যে, মই যিহোৱা।”
मैले गरेका कुराहरू, मैले मिश्रलाई कसरी कठोरतापूर्वक व्यवहार गरेँ र तिनीहरूका बिचमा मेरो शक्तिका विभिन्न चिन्हहरू कसरी देखाएँ भनी तैँले तेरा छोराछोरीहरू र नातिनातिनाहरूलाई बताउनेछस् भनेर पनि मैले यसो गरेको हुँ । यसरी म परमप्रभु हुँ भनी तैँले जान्नेछस् ।”
3 ৩ তেতিয়া মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰলৈ গ’ল, আৰু তেওঁক ক’লে, “ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি মোৰ আগত নম্ৰ হবলৈ কিমান সময়লৈকে অমান্তি হৈ থাকিবা? মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাবলৈ এৰি দিয়া।
त्यसैले मोशा र हारून फारोकहाँ गए र भने, “हिब्रूहरूका परमप्रभु परमेश्वर यसो भन्नुहुन्छः मेरो सामु आफैलाई विनम्र पार्न कहिलेसम्म अस्वीकार गर्छस्? मेरो आराधना गर्न मेरा मानिसहरूलाई जान दे ।
4 ৪ কিন্তু তুমি যদি মোৰ লোক সকলক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে শুনা, কাইলৈ তোমাৰ দেশলৈ মই কাকতী ফৰিং আনিম।
तैँले मेरा मानिसहरूलाई जान दिन इन्कार गरिस् भने सुन्, भोलि म तेरो देशमा सलहहरू ल्याउनेछु ।
5 ৫ সেইবোৰে গোটেই দেশখন এনেকৈ ঢাকি ধৰিব যে, কোনো এজনে মাটিও দেখা নাপাব। শিলাবৃষ্টিৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট গছবোৰ সেইবোৰে খাই পেলাব। আনকি আপোনালোকৰ বাবে পথাৰত উৎপন্ন হোৱা সকলো গছো খাই পেলাব
कसैले जमिनलाई देख्न नसक्ने गरी तिनीहरूले भुइँलाई ढाक्नेछन् । असिनाबाट बचेर रहेका कुनै पनि चिज तिनीहरूले खाइदिनेछन् । खेतमा उम्रने हरेक रुखलाई पनि तिनीहरूले खाइदिनेछन् ।
6 ৬ আপোনাৰ ঘৰ, আৰু আপোনাৰ দাস সকলৰ ঘৰত, আৰু সকলো মিচৰীয়াৰে সকলৰ ঘৰবোৰ সেই কাকতী ফৰিঙেৰে ভৰি পৰিব। ইমান ফৰিং হ’ব যে, আপোনাৰ পিতৃ আৰু আপোনাৰ ওপৰ-পিতৃসকলে কেতিয়াও তেনে ফৰিং দেখা নাই।” তাৰ পাছত মোচি ফৰৌণৰ আগৰ পৰা বাহিৰলৈ ওলাই গ’ল।
तिनीहरू तेरा, तेरा सबै अधिकारीसाथै सबै मिश्रीका घरहरूमा भरिनेछन् । यस्तो तिमीहरूका बुबा र हजुर बुबाहरूले पृथ्वीको स्थापना भएदेखि आजको दिनसम्म कहिल्यै देखेका छैनन्' ।” त्यसपछि मोशा फारोकहाँबाट निस्केर गए ।
7 ৭ তেতিয়া ফৰৌণৰ দাস সকলে ফৰৌণক ক’লে, “এই মানুহ জন আমালৈ কিমান দিনলৈকে ফান্দস্বৰূপ হৈ থাকিব? ইস্রায়েলী লোকসকল নিজৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবৰ অৰ্থে যাবলৈ এৰি দিয়ক। মিচৰ দেশখন যে ধ্বংস হ’ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰা নাই নে?”
फारोका अधिकारीहरूले तिनलाई भने, “कहिलेसम्म यो मानिसले हामीलाई धम्की दिने? तिनीहरूका परमप्रभु परमेश्वरलाई आराधना गर्न इस्राएलीहरूलाई जान दिनुहोस् । मिश्र नष्ट भएको के हजुरले देख्नुभएको छैन र?”
8 ৮ তেতিয়া মোচি আৰু হাৰোণক ফৰৌণৰ আগলৈ পুনৰ মাতি অনা হ’ল, ফৰৌণে তেওঁলোকক ক’লে, “যোৱা, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা; কিন্তু কোনবোৰ লোক যাব?”
मोशा र हारून फेरि पनि फारोकहाँ ल्याइए । फारोले तिनीहरूलाई भने, “तिमीहरूका परमप्रभु परमेश्वरको आराधना गर्न जाओ । तर जानेहरूचाहिँ को-को हुनेछन्?”
9 ৯ মোচিয়ে ক’লে, “আমি আমাৰ ডেকা, বুঢ়া, নিজৰ নিজৰ লৰা-ছোৱালী, আৰু মেৰ-ছাগ, ছাগলী, গৰুৰ জাকবোৰকো লগত লৈ যাম। কাৰণ যিহোৱাৰ উদ্দেশ্যে আমি উৎসৱ পালন কৰিব লাগিব।”
मोशाले भने, “हामी हाम्रा छोराछोरीहरू, बुढाबुढीहरू लिएर जानेछौँ । हामीले हाम्रा गाईवस्तु र भेडा-बाख्राहरू लिएर जानेछौँ किनकि हामीले परमप्रभुको निम्ति चाड मनाउनुपर्छ ।”
10 ১০ ফৰৌণে তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ লগত থাকক; যিহেতু মই তোমালোকক সন্তানসকলৰ সৈতে যাবলৈ এৰি দিছোঁ, আৰু চোৱা, তোমালোকৰ মন কিছু দুষ্টতাৰে পৰিপূৰ্ণ।
फारोले तिनीहरूलाई भने, “मैले तिमीहरू र तिमीहरूका सन्तानहरूलाई जान दिएँ भने वास्तवमा परमप्रभु तिमीहरूसँगै होऊन् । हेर, तिमीहरूको मनमा कुनै दुष्टता छ ।
11 ১১ সেয়ে নহব; কেৱল তোমালোকৰ মাজৰ পুৰুষসকল যাওক, আৰু যিহোৱাৰ সেৱা কৰক; কিয়নো এইদৰে কৰাটোৱেই তোমালোকে বিচাৰিছে।” পাছত ফৰৌণৰ আগৰ পৰা মোচি আৰু হাৰোনক পঠিয়াই দিয়া হ’ল।
तिमीहरूमा बिचमा भएका पुरुषहरू मात्र गएर परमप्रभुको आराधना गरून् किनकि तिमीहरूले चाहेको यही नै हो ।” त्यसपछि मोशा र हारूनलाई फारोको उपस्थितिबाट हटाइयो ।
12 ১২ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “কাকতী ফৰিংবোৰ মিচৰ দেশলৈ আহি, শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা তৃণ আদি সকলোকে খাবলৈ তুমি কাকতী ফৰিঙৰ বাবে মিচৰ দেশৰ ওপৰলৈ হাত মেলা।”
तब परमप्रभुले मोशालाई भन्नुभयो, “सलहहरू मिश्र देशमा आऊन् भनी तेरो हात पसार् । असिनाको आक्रमणबाट बाँकी रहेका मिश्र देशका हरेक थोकमाथि तिनीहरूले आक्रमण गरून् ।”
13 ১৩ তেতিয়া মোচিয়ে মিচৰ দেশৰ ওপৰলৈ নিজৰ লাখুটি দাঙিলে, আৰু যিহোৱাই সেই দিনা দিনে ৰাতিয়ে সেই দেশৰ ওপৰত পূব ফালৰ পৰা বায়ু বোৱালে। যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া পূব ফালৰ পৰা অহা বতাহে কাকতি ফৰিংবোৰ উৰোৱাই আনিলে।
मोशाले आफ्नो लट्ठी मिश्र देशमाथि पसारे अनि परमप्रभुले दिनरात समस्त देशमा पूर्वीय बतास चलाइदिनुभयो । बिहान हुँदा पूर्वीय बतासले सलहहरू ल्याएको थियो ।
14 ১৪ তাতে ফৰিংবোৰ সমগ্র মিচৰ দেশলৈ আহিল, আৰু মিচৰৰ আটাই অঞ্চলত উপদ্রৱ কৰিলে। ইমান বেছি ফৰিং পূৰ্বতে কেতিয়াও হোৱা নাই, আৰু পুনৰ কেতিয়াও নহ’ব।
सलहहरू मिश्र देशभरि गए र यसका सबै भू-भागमा हुल-हुल भएर बसे । त्यस देशमा सलहहरूको यस्तो हुल कहिल्यै देखा परेको थिएन र यसपछि पनि यस्तो कहिल्यै हुनेछैन ।
15 ১৫ সেই ফৰিংবোৰে সমগ্র দেশ ছানি ধৰিলে, তাতে দেশখন অন্ধকাৰময় হ’ল। সেই ফৰিংবোৰে দেশৰ সকলো গছ-গছনি আৰু শিলাবৃষ্টিৰ পৰা অবশিষ্ট থকা গছৰ সকলো ফলবোৰ খালে। তাতে সমগ্র মিচৰ দেশত এজোপাও সেউজীয়া গছ জীয়াই নাথাকিল, আৰু পথাৰত এজোপাও গছ-গছনি নাথাকিল।
पुरै अन्धकार हुने गरी तिनीहरूले पुरै देशको सतहलाई ढाके । असिनाले नष्ट गरेर छाडेका रुखहरूका सबै फल र खेतका सबै बोट-बिरुवा तिनीहरूले खाइदिए । मिश्र देशभरि कुनै जीवित हरियो बिरुवा बाँकी रहेन न त खेतमा नै कुनै रुख-बिरुवा बाँकी रह्यो ।
16 ১৬ তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক বেগাই মাতি আনি কলে, “মই তোমালোকৰ ঈশ্বৰ যিহোৱা আৰু তোমালোকৰ বিৰুদ্ধে পাপ কৰিলোঁ।
त्यसपछि फारोले झट्टै मोशा र हारूनलाई डाक्न पठाए र भने, “मैले तिमीहरूका परमेश्वर र तिमीहरूको विरुद्धमा पाप गरेको छु ।
17 ১৭ এতেকে বিনয় কৰোঁ, এইবাৰৰ বাবে মোৰ পাপ ক্ষমা কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্রাৰ্থনা কৰা, যাতে তেওঁ মোৰ পৰা এই মৃত্যুদায়ক কষ্ট আঁতৰায়।”
अब यस पल्ट मेरो पाप क्षमा गरिदेऊ र मबाट यस मृत्युलाई लगियोस् भनी तिमीहरूका परमप्रभु परमेश्वरसित बिन्ती चढाइदेओ ।”
18 ১৮ তেতিয়া মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল; আৰু যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
त्यसैले मोशा फारोकहाँबाट गए र परमप्रभुलाई बिन्ती चढाए ।
19 ১৯ যিহোৱাই পশ্চিম ফালৰ পৰা অতি প্ৰবল বতাহ বোৱাই আনিলে; তাতে সেই বতাহে ফৰিংবোৰ উৰোৱাই নি চূফ সাগৰত পেলাই দিলে। সমগ্র মিচৰ দেশৰ কোনো অঞ্চলতে এটাও ফৰিং অৱশিষ্ট নাথাকিল।
परमप्रभुले निकै शक्तिशाली पश्चिमी बतास चलाइदिनुभयो जसले सलहहरूलाई उडाई लाल समुद्रमा लग्यो । मिश्रका इलाकाभित्र एउटै पनि सलह रहेन ।
20 ২০ কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলৰ লোকসকলক যাবলৈ নিদিলে।
तर परमप्रभुले फारोको ह्रदय कठोर बनाइदिनुभयो र तिनले इस्राएलीहरूलाई जान दिएनन् ।
21 ২১ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সমগ্র মিচৰ দেশ অন্ধকাৰময় হ’বলৈ, তুমি আকাশৰ ফাললৈ হাত মেলা; তাতে সেই আন্ধাৰে সমগ্র দেশ গ্রাস কৰিব।”
त्यसपछि परमप्रभुले मोशालाई भन्नुभयो, “आकाशतिर तेरो हात पसार् अनि मिश्र देशभरि महसुस गर्न सकिने अन्धकार होस् ।”
22 ২২ তেতিয়া মোচিয়ে আকাশৰ ফাললৈ হাত মেলিলে, আৰু সমগ্র মিচৰ দেশ তিনি দিনলৈকে ঘোৰ অন্ধকাৰময় হ’ল।
मोशाले आफ्नो हात आकाशतिर पसारे र मिश्र देशभरि तिन दिनसम्म निस्पट्ट अन्धकार छायो ।
23 ২৩ কোনেও ইজনে সিজনক দেখা নাপালে, আৰু তিনি দিনলৈকে কোনেও নিজৰ ঘৰৰ পৰা নোলাল। অৱশ্যে ইস্ৰায়েলী লোকসকল বাস কৰা ঠাইত পোহৰ হৈ আছিল।
कसैले कसैलाई देख्न सक्दैनथ्यो । तिन दिनसम्म कोही पनि आफ्नो घरबाहिर निस्केन । तर सबै इस्राएली बसेको ठाउँमा भने उज्यालै थियो ।
24 ২৪ তেতিয়া ফৰৌণে মোচিক মাতি আনি ক’লে, “তোমালোক যোৱা, যিহোৱাৰ আৰধনা কৰা গৈ। এনেকি তোমালোকৰ পৰিয়াল বৰ্গও লগত যাব পাৰিব, কিন্তু তোমালোকৰ মেৰ-ছাগ, ছাগলী, আৰু গৰুৰ জাকবোৰ ইয়াতেই থাকিব লাগিব।”
फारोले मोशालाई बोलाउन पठाए र भने, “गएर परमप्रभुको आराधना गर । तिमीहरूका परिवारहरू पनि तिमीहरूसँगै जान सक्नेछन्, तर तिमीहरूका गाईवस्तु र भेडा-बाख्राहरूलाई भने यहीँ छाड ।”
25 ২৫ কিন্তু মোচিয়ে ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আৰু হোম বলিৰ অৰ্থে আপুনি আমাৰ লগত জীৱ জন্তুবোৰো দিবই লাগিব।”
तर मोशाले भने, “हाम्रा परमप्रभु परमेश्वरलाई बलिदान चढाउन तपाईंले हामीलाई बलिदान र होमबलिको निम्ति पशुहरू पनि दिनुपर्छ ।
26 ২৬ আমাৰ লগত আমাৰ পশুবোৰো নিশ্চয় যাব; আমাৰ ঈশ্বৰ যিহোৱাৰ আৰধনা কৰিবলৈ আমাৰ পশুবোৰৰ এটা খুৰাও ইয়াত নাথাকিব। কাৰণ আমি কিহেৰে যিহোৱাৰ আৰাধনা কৰিম, সেই বিষয়ে আমি সেই ঠাই নোপোৱালৈকে নাজানো।”
हाम्रा गाईवस्तु पनि हामीसितै जानुपर्छ । तिनीहरूका खुर पनि छोडिनुहुँदैन किनकि हाम्रा परमप्रभु परमेश्वरको आराधना गर्न हामीले तिनलाई लैजानैपर्छ । किनकि हामी त्यहाँ नपुगेसम्म हामीले परमप्रभुलाई के-के चढाएर आराधना गर्ने भनी हामीलाई थाहा हुँदैन ।”
27 ২৭ কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ তেওঁলোকক যাবলৈ নিদিলে।
तर परमप्रभुले फारोको ह्रदय कठोर पारिदिनुभयो र तिनले तिनीहरूलाई जान दिएनन् ।
28 ২৮ তেতিয়া ফৰৌণে মোচিক ক’লে, “মোৰ সন্মুখৰ পৰা গুচি যোৱা। এটা বিষয়ত সাৱধান হবা, মোৰ মুখ পুনৰ চাব নিবিচাৰিব; কিয়নো যি দিনাই মোৰ মুখ চাবা, সেই দিনাই তোমাৰ মৃত্যু হ’ব।”
फारोले मोशालाई भने, “मबाट जाऊ! एउटा कुराको बारेमा होसियार होऊ । अबदेखि मेरो सामु देख नपर किनकि मेरो अनुहार देखेको दिनमा तिमी मर्नेछौ ।”
29 ২৯ তেতিয়া মোচিয়ে ক’লে, “আপুনি নিজেই কৈছে; মই আপোনাৰ মুখ পুনৰ নাচাও।”
मोशाले भने, “तपाईंले भन्नुभएझैँ होस् । म फेरि तपाईंको अनुहार हेर्नेछैनँ ।”