< যাত্রাপুস্তক 10 >

1 যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ যোৱা। মিচৰ দেশত মোৰ শক্তিৰ চিনবোৰ দেখুৱাবৰ বাবে মই ফৰৌণ আৰু তেওঁৰ দাস সকলৰ মন কঠিন কৰিলোঁ।
et dixit Dominus ad Mosen ingredere ad Pharao ego enim induravi cor eius et servorum illius ut faciam signa mea haec in eo
2 মই এইদৰে কৰাৰ কাৰণ এয়াও হয় যে, মই মিচৰীয়া লোক সকলক কিদৰে কঠোৰ ব্যৱহাৰ কৰিলোঁ, আৰু তেওঁলোকৰ মাজত মোৰ শক্তিৰ চিন কিদৰে দেখুৱালোঁ এই সকলো কথা তুমি তোমাৰ সন্তান আৰু নাতি-নাতিনীয়েক সকলক যাতে ক’ব পাৰিবা। ইয়াৰ যোগেদি তোমালোকে জানিবা যে, মই যিহোৱা।”
et narres in auribus filii tui et nepotum tuorum quotiens contriverim Aegyptios et signa mea fecerim in eis et sciatis quia ego Dominus
3 তেতিয়া মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰলৈ গ’ল, আৰু তেওঁক ক’লে, “ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি মোৰ আগত নম্ৰ হবলৈ কিমান সময়লৈকে অমান্তি হৈ থাকিবা? মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাবলৈ এৰি দিয়া।
introierunt ergo Moses et Aaron ad Pharaonem et dixerunt ad eum haec dicit Dominus Deus Hebraeorum usquequo non vis subici mihi dimitte populum meum ut sacrificet mihi
4 কিন্তু তুমি যদি মোৰ লোক সকলক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে শুনা, কাইলৈ তোমাৰ দেশলৈ মই কাকতী ফৰিং আনিম।
sin autem resistis et non vis dimittere eum ecce ego inducam cras lucustam in fines tuos
5 সেইবোৰে গোটেই দেশখন এনেকৈ ঢাকি ধৰিব যে, কোনো এজনে মাটিও দেখা নাপাব। শিলাবৃষ্টিৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট গছবোৰ সেইবোৰে খাই পেলাব। আনকি আপোনালোকৰ বাবে পথাৰত উৎপন্ন হোৱা সকলো গছো খাই পেলাব
quae operiat superficiem terrae nec quicquam eius appareat sed comedatur quod residuum fuit grandini conrodet enim omnia ligna quae germinant in agris
6 আপোনাৰ ঘৰ, আৰু আপোনাৰ দাস সকলৰ ঘৰত, আৰু সকলো মিচৰীয়াৰে সকলৰ ঘৰবোৰ সেই কাকতী ফৰিঙেৰে ভৰি পৰিব। ইমান ফৰিং হ’ব যে, আপোনাৰ পিতৃ আৰু আপোনাৰ ওপৰ-পিতৃসকলে কেতিয়াও তেনে ফৰিং দেখা নাই।” তাৰ পাছত মোচি ফৰৌণৰ আগৰ পৰা বাহিৰলৈ ওলাই গ’ল।
et implebunt domos tuas et servorum tuorum et omnium Aegyptiorum quantam non viderunt patres tui et avi ex quo orti sunt super terram usque in praesentem diem avertitque se et egressus est a Pharaone
7 তেতিয়া ফৰৌণৰ দাস সকলে ফৰৌণক ক’লে, “এই মানুহ জন আমালৈ কিমান দিনলৈকে ফান্দস্বৰূপ হৈ থাকিব? ইস্রায়েলী লোকসকল নিজৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবৰ অৰ্থে যাবলৈ এৰি দিয়ক। মিচৰ দেশখন যে ধ্বংস হ’ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰা নাই নে?”
dixerunt autem servi Pharaonis ad eum usquequo patiemur hoc scandalum dimitte homines ut sacrificent Domino Deo suo nonne vides quod perierit Aegyptus
8 তেতিয়া মোচি আৰু হাৰোণক ফৰৌণৰ আগলৈ পুনৰ মাতি অনা হ’ল, ফৰৌণে তেওঁলোকক ক’লে, “যোৱা, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা; কিন্তু কোনবোৰ লোক যাব?”
revocaveruntque Mosen et Aaron ad Pharaonem qui dixit eis ite sacrificate Domino Deo vestro quinam sunt qui ituri sunt
9 মোচিয়ে ক’লে, “আমি আমাৰ ডেকা, বুঢ়া, নিজৰ নিজৰ লৰা-ছোৱালী, আৰু মেৰ-ছাগ, ছাগলী, গৰুৰ জাকবোৰকো লগত লৈ যাম। কাৰণ যিহোৱাৰ উদ্দেশ্যে আমি উৎসৱ পালন কৰিব লাগিব।”
ait Moses cum parvulis nostris et senibus pergemus cum filiis et filiabus cum ovibus et armentis est enim sollemnitas Domini nostri
10 ১০ ফৰৌণে তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ লগত থাকক; যিহেতু মই তোমালোকক সন্তানসকলৰ সৈতে যাবলৈ এৰি দিছোঁ, আৰু চোৱা, তোমালোকৰ মন কিছু দুষ্টতাৰে পৰিপূৰ্ণ।
et respondit sic Dominus sit vobiscum quomodo ego dimittam vos et parvulos vestros cui dubium est quod pessime cogitetis
11 ১১ সেয়ে নহব; কেৱল তোমালোকৰ মাজৰ পুৰুষসকল যাওক, আৰু যিহোৱাৰ সেৱা কৰক; কিয়নো এইদৰে কৰাটোৱেই তোমালোকে বিচাৰিছে।” পাছত ফৰৌণৰ আগৰ পৰা মোচি আৰু হাৰোনক পঠিয়াই দিয়া হ’ল।
non fiet ita sed ite tantum viri et sacrificate Domino hoc enim et ipsi petistis statimque eiecti sunt de conspectu Pharaonis
12 ১২ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “কাকতী ফৰিংবোৰ মিচৰ দেশলৈ আহি, শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা তৃণ আদি সকলোকে খাবলৈ তুমি কাকতী ফৰিঙৰ বাবে মিচৰ দেশৰ ওপৰলৈ হাত মেলা।”
dixit autem Dominus ad Mosen extende manum tuam super terram Aegypti ad lucustam ut ascendat super eam et devoret omnem herbam quae residua fuit grandini
13 ১৩ তেতিয়া মোচিয়ে মিচৰ দেশৰ ওপৰলৈ নিজৰ লাখুটি দাঙিলে, আৰু যিহোৱাই সেই দিনা দিনে ৰাতিয়ে সেই দেশৰ ওপৰত পূব ফালৰ পৰা বায়ু বোৱালে। যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া পূব ফালৰ পৰা অহা বতাহে কাকতি ফৰিংবোৰ উৰোৱাই আনিলে।
extendit Moses virgam super terram Aegypti et Dominus induxit ventum urentem tota illa die ac nocte et mane facto ventus urens levavit lucustas
14 ১৪ তাতে ফৰিংবোৰ সমগ্র মিচৰ দেশলৈ আহিল, আৰু মিচৰৰ আটাই অঞ্চলত উপদ্রৱ কৰিলে। ইমান বেছি ফৰিং পূৰ্বতে কেতিয়াও হোৱা নাই, আৰু পুনৰ কেতিয়াও নহ’ব।
quae ascenderunt super universam terram Aegypti et sederunt in cunctis finibus Aegyptiorum innumerabiles quales ante illud tempus non fuerant nec postea futurae sunt
15 ১৫ সেই ফৰিংবোৰে সমগ্র দেশ ছানি ধৰিলে, তাতে দেশখন অন্ধকাৰময় হ’ল। সেই ফৰিংবোৰে দেশৰ সকলো গছ-গছনি আৰু শিলাবৃষ্টিৰ পৰা অবশিষ্ট থকা গছৰ সকলো ফলবোৰ খালে। তাতে সমগ্র মিচৰ দেশত এজোপাও সেউজীয়া গছ জীয়াই নাথাকিল, আৰু পথাৰত এজোপাও গছ-গছনি নাথাকিল।
operueruntque universam superficiem terrae vastantes omnia devorata est igitur herba terrae et quicquid pomorum in arboribus fuit quae grando dimiserat nihilque omnino virens relictum est in lignis et in herbis terrae in cuncta Aegypto
16 ১৬ তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক বেগাই মাতি আনি কলে, “মই তোমালোকৰ ঈশ্বৰ যিহোৱা আৰু তোমালোকৰ বিৰুদ্ধে পাপ কৰিলোঁ।
quam ob rem festinus Pharao vocavit Mosen et Aaron et dixit eis peccavi in Dominum Deum vestrum et in vos
17 ১৭ এতেকে বিনয় কৰোঁ, এইবাৰৰ বাবে মোৰ পাপ ক্ষমা কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্রাৰ্থনা কৰা, যাতে তেওঁ মোৰ পৰা এই মৃত্যুদায়ক কষ্ট আঁতৰায়।”
sed nunc dimittite peccatum mihi etiam hac vice et rogate Dominum Deum vestrum ut auferat a me mortem istam
18 ১৮ তেতিয়া মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল; আৰু যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
egressusque est de conspectu Pharaonis et oravit Dominum
19 ১৯ যিহোৱাই পশ্চিম ফালৰ পৰা অতি প্ৰবল বতাহ বোৱাই আনিলে; তাতে সেই বতাহে ফৰিংবোৰ উৰোৱাই নি চূফ সাগৰত পেলাই দিলে। সমগ্র মিচৰ দেশৰ কোনো অঞ্চলতে এটাও ফৰিং অৱশিষ্ট নাথাকিল।
qui flare fecit ventum ab occidente vehementissimum et arreptam lucustam proiecit in mare Rubrum non remansit ne una quidem in cunctis finibus Aegypti
20 ২০ কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলৰ লোকসকলক যাবলৈ নিদিলে।
et induravit Dominus cor Pharaonis nec dimisit filios Israhel
21 ২১ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সমগ্র মিচৰ দেশ অন্ধকাৰময় হ’বলৈ, তুমি আকাশৰ ফাললৈ হাত মেলা; তাতে সেই আন্ধাৰে সমগ্র দেশ গ্রাস কৰিব।”
dixit autem Dominus ad Mosen extende manum tuam in caelum et sint tenebrae super terram Aegypti tam densae ut palpari queant
22 ২২ তেতিয়া মোচিয়ে আকাশৰ ফাললৈ হাত মেলিলে, আৰু সমগ্র মিচৰ দেশ তিনি দিনলৈকে ঘোৰ অন্ধকাৰময় হ’ল।
extendit Moses manum in caelum et factae sunt tenebrae horribiles in universa terra Aegypti tribus diebus
23 ২৩ কোনেও ইজনে সিজনক দেখা নাপালে, আৰু তিনি দিনলৈকে কোনেও নিজৰ ঘৰৰ পৰা নোলাল। অৱশ্যে ইস্ৰায়েলী লোকসকল বাস কৰা ঠাইত পোহৰ হৈ আছিল।
nemo vidit fratrem suum nec movit se de loco in quo erat ubicumque autem habitabant filii Israhel lux erat
24 ২৪ তেতিয়া ফৰৌণে মোচিক মাতি আনি ক’লে, “তোমালোক যোৱা, যিহোৱাৰ আৰধনা কৰা গৈ। এনেকি তোমালোকৰ পৰিয়াল বৰ্গও লগত যাব পাৰিব, কিন্তু তোমালোকৰ মেৰ-ছাগ, ছাগলী, আৰু গৰুৰ জাকবোৰ ইয়াতেই থাকিব লাগিব।”
vocavitque Pharao Mosen et Aaron et dixit eis ite sacrificate Domino oves tantum vestrae et armenta remaneant parvuli vestri eant vobiscum
25 ২৫ কিন্তু মোচিয়ে ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আৰু হোম বলিৰ অৰ্থে আপুনি আমাৰ লগত জীৱ জন্তুবোৰো দিবই লাগিব।”
ait Moses hostias quoque et holocausta dabis nobis quae offeramus Domino Deo nostro
26 ২৬ আমাৰ লগত আমাৰ পশুবোৰো নিশ্চয় যাব; আমাৰ ঈশ্বৰ যিহোৱাৰ আৰধনা কৰিবলৈ আমাৰ পশুবোৰৰ এটা খুৰাও ইয়াত নাথাকিব। কাৰণ আমি কিহেৰে যিহোৱাৰ আৰাধনা কৰিম, সেই বিষয়ে আমি সেই ঠাই নোপোৱালৈকে নাজানো।”
cuncti greges pergent nobiscum non remanebit ex eis ungula quae necessaria sunt in cultum Domini Dei nostri praesertim cum ignoremus quid debeat immolari donec ad ipsum locum perveniamus
27 ২৭ কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ তেওঁলোকক যাবলৈ নিদিলে।
induravit autem Dominus cor Pharaonis et noluit dimittere eos
28 ২৮ তেতিয়া ফৰৌণে মোচিক ক’লে, “মোৰ সন্মুখৰ পৰা গুচি যোৱা। এটা বিষয়ত সাৱধান হবা, মোৰ মুখ পুনৰ চাব নিবিচাৰিব; কিয়নো যি দিনাই মোৰ মুখ চাবা, সেই দিনাই তোমাৰ মৃত্যু হ’ব।”
dixitque Pharao ad eum recede a me cave ne ultra videas faciem meam quocumque die apparueris mihi morieris
29 ২৯ তেতিয়া মোচিয়ে ক’লে, “আপুনি নিজেই কৈছে; মই আপোনাৰ মুখ পুনৰ নাচাও।”
respondit Moses ita fiat ut locutus es non videbo ultra faciem tuam

< যাত্রাপুস্তক 10 >