< যাত্রাপুস্তক 1 >
1 ১ যাকোবৰ লগত ইস্ৰায়েলৰ যিসকল পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নাম:
Jen estas la nomoj de la filoj de Izrael, kiuj venis Egiptujon kun Jakob; ĉiu venis kun siaj domanoj:
2 ২ ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদা;
Ruben, Simeon, Levi, kaj Jehuda;
3 ৩ ইচাখৰ, জবূলূন, আৰু বিন্যামীন;
Isaĥar, Zebulun, kaj Benjamen;
4 ৪ দান আৰু নপ্তালী; গাদ আৰু আচেৰ।
Dan kaj Naftali, Gad kaj Aŝer.
5 ৫ যাকোবৰ বংশধৰ সৰ্ব্বমুঠ সত্তৰ জন আছিল। ইতিমধ্যে যোচেফ মিচৰত আছিল।
Kaj la nombro de ĉiuj animoj, kiuj eliris el la lumbo de Jakob, estis sepdek; kaj Jozef estis jam en Egiptujo.
6 ৬ তাৰ পাছত যোচেফ, তেওঁৰ ভায়েক-ককায়েক সকল আৰু সেই প্রজন্মৰ সকলোৰেই মৃত্যু হ’ল।
Kaj mortis Jozef kaj ĉiuj liaj fratoj kaj tiu tuta generacio.
7 ৭ ইস্ৰায়েলৰ সন্তান সকল বহু বংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল।
Kaj la Izraelidoj fruktis kaj diskreskis kaj multiĝis kaj treege fortiĝis, kaj la lando pleniĝis de ili.
8 ৮ তাৰ পাছত মিচৰত যোচেফক সোঁৱৰণ কৰা কথাত গুৰুত্ব নিদিয়া এজন নতুন ৰজাৰ উত্থান হ’ল।
Aperis en Egiptujo nova reĝo, kiu ne konis Jozefon.
9 ৯ তেওঁৰ প্ৰজা সকলক তেওঁ ক’লে, “সেই ইস্ৰায়েল জাতিক চোৱা; তেওঁলোক সংখ্যাত অধিক আৰু আমাতকৈ বলৱন্ত।
Kaj li diris al sia popolo: Jen la popolo de la Izraelidoj estas pli multenombra kaj pli forta ol ni;
10 ১০ আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহক। নহলে তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব।”
ni uzu do ruzon kontraŭ ĝi, por ke ĝi ne multiĝu, ĉar se okazos milito, tiam ankaŭ tiu popolo aliĝos al niaj malamikoj kaj militos kontraŭ ni kaj foriros el la lando.
11 ১১ সেয়ে তেওঁলোকক কঠিন পৰিশ্রমৰ দ্বাৰাই অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ তত্ত্বাবধায়ক নিযুক্ত কৰিলে। ইস্রায়েলী লোক সকলে পিথোম আৰু ৰামিচেচ নামেৰে ফৰৌণৰ অৰ্থে ভঁৰাল ঘৰৰ নগৰ নিৰ্মাণ কৰিলে।
Kaj oni metis super ilin laborestrojn, por premi ilin per malfacilaj laboroj. Kaj ili konstruis por Faraono provizejajn urbojn Pitom kaj Rameses.
12 ১২ কিন্তু মিচৰীয়া সকলে যিমান বেছিকৈ ইস্রায়েলী সকলক অত্যাচাৰ কৰিলে, সিমান বেছিকৈ তেওঁলোক সংখ্যাত বৃদ্ধি পালে আৰু বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। সেয়ে মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক ভয় কৰিবলৈ আৰম্ভ কৰিলে।
Sed ju pli oni premis ilin, des pli ili multiĝis kaj kreskis; kaj la Izraelidoj fariĝis teruraĵo.
13 ১৩ মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল।
Kaj la Egiptoj laborigis la Izraelidojn kruele.
14 ১৪ চূণ, বালি আৰু পানী মিহলাই তৈয়াৰ কৰোঁৱা বোকাৰে ইটা প্রস্তুত কৰা, আৰু পথাৰৰ সকলো বিধৰ কামৰ দ্বাৰাই তেওঁলোকৰ জীৱন তিক্ত কৰিছিল। তেওঁলোকে কৰিব লগা সকলো কামেই কঠিন আছিল।
Kaj ili maldolĉigis al ili la vivon per malfacila laboro super argilo kaj brikoj, kaj per ĉia laboro sur la kampo, per ĉiaj laboroj, kiujn ili kruele metis sur ilin.
15 ১৫ তাৰ পাছত মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰীয়া ধাত্ৰীৰ লগত কথা পাতিলে।
Kaj la reĝo de Egiptujo parolis al la Hebreaj akuŝistinoj, el kiuj unu estis nomata Ŝifra kaj la dua estis nomata Pua.
16 ১৬ ৰজাই ক’লে, “যি সময়ত তোমালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিবা, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তান লক্ষ্য কৰিবা; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিবা, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিবা।”
Li diris: Kiam vi akuŝigos la Hebreinojn, rigardu la kuŝejon; se estas filo, mortigu lin, kaj se estas filino, lasu ŝin vivi.
17 ১৭ কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে মিচৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি, তাৰ পৰিৱৰ্তে ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলে।
Sed la akuŝistinoj timis Dion, kaj ili ne faris, kiel diris al ili la reĝo de Egiptujo; kaj ili lasis la vivon al la virseksaj infanoj.
18 ১৮ মিচৰৰ ৰজাই ধাত্ৰী দুজনীক মাতি অনালে আৰু তেওঁলোকক ক’লে, “তোমালোকে কিয় ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলা?”
Kaj la reĝo de Egiptujo alvokis la akuŝistinojn, kaj diris al ili: Kial vi tion faras kaj lasas la vivon al la virseksaj infanoj?
19 ১৯ তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে, তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে।”
Tiam la akuŝistinoj diris al Faraono: Ne kiel la Egiptaj virinoj estas la Hebreinoj; ili estas viglaj: antaŭ ol venas al ili la akuŝistino, ili jam estas naskintaj.
20 ২০ ঈশ্বৰে সেই ধাত্ৰী দুজনীক ৰক্ষা কৰিলে। লোক সকল সংখ্যাত বৃদ্ধি পালে আৰু অধিক বলৱন্ত হ’ল।
Kaj Dio faris bonon al la akuŝistinoj, kaj la popolo multiĝis kaj tre fortiĝis.
21 ২১ ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে।
Kaj ĉar la akuŝistinoj timis Dion, Li konstruis al ili domojn.
22 ২২ পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, “তোমালোকে নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিবা।”
Kaj Faraono ordonis al sia tuta popolo, dirante: Ĉiun filon, kiu naskiĝis, ĵetu en la Riveron, kaj ĉiun filinon lasu viva.