< এস্থার 1 >
1 ১ ৰজা অহচবেৰোচৰ দিনত (ৰজা অহচবেৰোচে ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল);
Du temps d'Assuérus, qui régna depuis l'Inde jusqu'en Éthiopie, sur cent vingt-sept provinces,
2 ২ সেই সময়ত, ৰজা অহচবেৰোচে চুচন ৰাজপ্রসাদত নিজৰ ৰাজসিংহাসনত বহিল।
en ce temps-là, le roi Assuérus, assis sur le trône de son royaume, qui était à Suse, le palais,
3 ৩ তেওঁৰ ৰাজত্বৰ তৃতীয় বছৰত তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসৰ বাবে তেওঁ ভোজ পাতিলে। পাৰস্য আৰু মাদিয়াৰ সৈন্য, উচ্চ পদবীধাৰী লোক, আৰু প্ৰদেশৰ অধ্যক্ষ সকল তেওঁৰ আগত উপস্থিত হ’ল।
la troisième année de son règne, donna un festin à tous ses chefs et à ses serviteurs; l'armée de la Perse et de la Médie, les nobles et les chefs des provinces étaient devant lui.
4 ৪ তেওঁ অনেক দিন, অৰ্থাৎ এশ আশী দিনলৈকে নিজৰ প্ৰতাপান্বিত ৰাজ্যৰ ঐশ্চৰ্য্য, আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে।
Il exposa les richesses de son glorieux royaume et l'honneur de son excellente majesté pendant de nombreux jours, et même pendant cent quatre-vingts jours.
5 ৫ সেই দিনবোৰ যেতিয়া সম্পূৰ্ন হ’ল, তেতিয়া ৰজাই সাত দিনলৈকে ভোজ দিলে। চুচনৰ ৰাজ-কোঁঠত উপস্থিত হোৱা সৰু কি বৰ সকলো প্ৰজাৰ কাৰণে তেওঁ ভোজ দিলে। এই ভোজ ৰাজ-গৃহৰ বাগিছাৰ চোতালত দিলে।
Lorsque ces jours furent accomplis, le roi fit un festin de sept jours pour tout le peuple qui se trouvait à Suse le palais, grands et petits, dans la cour du jardin du palais du roi.
6 ৬ বাগিছাৰ চোতাল খন বগা আৰু বেঙুনীয়া কপাহী পৰ্দাৰে সজোৱা হৈছিল। পৰ্দাবোৰ মিহি শণ সুতা আৰু ৰঙা-বেঙেনা বৰণীয়া ৰচিৰে মমৰ শিলৰ খুটাত লগোৱা ৰূপৰ আঙুঠিত বন্ধা আছিল। ইয়াত বিচিত্ৰ চানেকীৰে টান শিলেৰে বন্ধা পদ পথ, মৰ্মৰ শিল, মুকুতা আৰু চেপেটা শিলাখণ্ডত সোণৰ আৰু ৰূপৰ আসনবোৰ আছিল।
Il y avait des tentures d'étoffe blanche et bleue, attachées par des cordons de lin fin et de pourpre à des anneaux d'argent et à des colonnes de marbre. Les divans étaient d'or et d'argent, sur un pavement de marbre rouge, blanc, jaune et noir.
7 ৭ তেওঁলোকক সোণৰ পিয়লাত পান কৰোঁৱা হৈছিল। প্রতিটো পিয়লা তুলনাহীন আছিল। ৰজাৰ মহত্ত্বতাৰ কাৰণে অধিক ৰাজকীয় দ্ৰাক্ষাৰস তেওঁলোকক দিয়া হৈছিল।
On leur donnait à boire dans des vases d'or de différentes sortes, dont du vin royal en abondance, selon la générosité du roi.
8 ৮ তেওঁলোকে বিধি অনুসাৰে দ্রাক্ষাৰস পান কৰিছিল, “দ্রাক্ষাৰস পান কৰাটো বাধ্যতা মূলক নাছিল।” কাৰণ যাৰ যি ইচ্ছা, তেওঁ সেই দৰে যেন কৰিব পাৰে, সেই বাবে ৰজাই তেওঁৰ ৰাজপ্রসাদৰ কৰ্মচাৰী সকলক আজ্ঞা দিছিল।
Conformément à la loi, la consommation n'était pas obligatoire, car le roi avait donné des instructions à tous les fonctionnaires de sa maison pour qu'ils agissent selon le bon plaisir de chacun.
9 ৯ ৰাণী ৱষ্টীয়েও অহচবেৰোচৰ ৰাজপ্রসাদত মহিলা সকলৰ বাবে ভোজ দিলে।
La reine Vasthi fit aussi un festin pour les femmes de la maison royale qui appartenait au roi Assuérus.
10 ১০ সপ্তম দিনৰ দিনা ৰজাই দ্ৰাক্ষাৰস পান কৰি প্ৰফুল্লিত হৈ আছিল, আৰু তেওঁ মহূমন, বিজথা, হৰ্বোনা, বিগথা, অবগথা, জেথৰ, আৰু কৰ্কচক (ৰজা অহচবেৰোচৰ আগত পৰিচৰ্যা কৰা এই সাত জন কৰ্মচাৰী),
Le septième jour, lorsque le cœur du roi fut réjoui par le vin, il ordonna à Mehuman, Biztha, Harbona, Bigtha, et Abagtha, Zethar et Carcass, les sept eunuques qui servaient en présence du roi Assuérus,
11 ১১ ৰাণী ৱষ্টীক তেওঁৰ ৰাজমুকুটৰ সৈতে তেওঁৰ ওচৰলৈ আনিবলৈ ক’লে। তেওঁ লোকসকলক আৰু কৰ্মচাৰী সকলক ৰাণীৰ সৌন্দৰ্য দেখুৱাব বিচাৰিছিল, কাৰণ তেওঁৰ মুখমণ্ডল অতি আকৰ্ষণীয় আছিল।
d'amener la reine Vasthi devant le roi, portant la couronne royale, pour montrer au peuple et aux princes sa beauté, car elle était belle.
12 ১২ কিন্তু কৰ্মচাৰী সকলৰ দ্বাৰাই ৰজাই তেওঁৰ ওচৰলৈ আনিবলৈ দিয়া আজ্ঞা ৰাণী ৱষ্টীয়ে মানিবলৈ অসন্মত হ’ল। তাতে ৰজাই ক্ৰোধাম্বিত হ’ল, আৰু তেওঁৰ অন্তৰত ক্ৰোধাগ্নি জ্বলি উঠিল।
Mais la reine Vasthi refusa de venir sur l'ordre du roi par les eunuques. C'est pourquoi le roi fut très irrité, et sa colère brûla en lui.
13 ১৩ তাৰ পাছত ৰজাই জ্ঞানীলোক আৰু যি সকলে সময়ৰ মূল্য বুজে তেওঁলোকৰ লগত আলোচনা কৰিলে, (কিয়নো বিচাৰ আৰু ব্যৱস্থা জনা সকললৈ ৰজাই সেইদৰে কৰে)।
Alors le roi dit aux sages, qui connaissaient les temps (car c'était la coutume du roi de consulter ceux qui connaissaient la loi et le jugement;
14 ১৪ সেই সময়ত তেওঁৰ অতি ঘনিষ্ট পাৰস্য আৰু মাদিয়াৰ সাত জন কোঁৱৰ এওঁলোক: কৰ্চনা, চেথৰ, অদমথা, তৰ্চীচ, মেৰচ, মৰ্চনা, আৰু মমুকণ। এওঁলোকৰ ৰজাৰ ওচৰলৈ যোৱাৰ অধিকাৰ আছিল, আৰু তেওঁলোকে ৰাজ্যৰ ভিতৰত উচ্চখাপৰ কাৰ্যালয় স্থাপন কৰিছিল।
et, à côté de lui, Carshena, Shethar, Admatha, Tarsis, Mérès, Marsena et Memucan, les sept princes de Perse et de Médie, qui voyaient le visage du roi et étaient assis les premiers dans le royaume),
15 ১৫ ৰাণী ৱষ্টীয়ে কৰ্মচাৰীৰ দ্বাৰাই পঠোৱা, ৰজা অহচবেৰোচৰ আজ্ঞা অমান্য কৰিছিল। সেয়ে বিধি অনুসাৰে ৰাণী ৱষ্টীৰ প্রতি কি কৰা হ’ব?”
« Que ferons-nous à la reine Vasthi selon la loi, parce qu'elle n'a pas exécuté les ordres du roi Assuérus par les eunuques? »
16 ১৬ তেতিয়া মমুকণে ৰজা আৰু কৰ্মচাৰী সকলৰ উপস্থিতিত ক’লে, “ৰাণী ৱষ্টীয়ে যে কেৱল মহাৰাজৰ বিৰুদ্ধে অপৰাধ কৰিলে, এনে নহয়; কিন্তু সকলো কৰ্মচাৰী, আৰু অহচবেৰোচ ৰজাৰ প্ৰদেশত থকা সকলো লোকৰ বিৰুদ্ধে অপৰাধ কৰিলে।
Memucan prit la parole devant le roi et les princes: « La reine Vasthi n'a pas fait du tort seulement au roi, mais aussi à tous les princes et à tout le peuple qui se trouve dans toutes les provinces du roi Assuérus.
17 ১৭ কাৰণ ৰাণীৰ এই কাৰ্যৰ বিষয়ে সকলো মহিলা জ্ঞাত হ’ব। ইয়াৰ বাবে মহিলা সকলে নিজৰ স্বামীক সেইদৰেই তুচ্ছ জ্ঞান কৰিব। মহিলা সকলে ক’ব, ‘অহচবেৰোচ ৰজাই ৰাণী ৱষ্টীক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিছিল, কিন্তু তেওঁ আজ্ঞা অমান্য কৰিছিল।’
En effet, cette action de la reine sera connue de toutes les femmes, ce qui les amènera à mépriser leurs maris, lorsqu'on racontera: « Le roi Assuérus avait ordonné que la reine Vasthi soit amenée devant lui, mais elle n'est pas venue ".
18 ১৮ ৰাণীৰ এই কৰ্মৰ বিষয়ে পাৰস্য আৰু মাদিয়াৰ ভদ্ৰ মহিলা সকলে শুনি সেই দিনটো অতিক্রম নোহোৱাৰ আগতে ৰজা আৰু কৰ্মচাৰী সকলক সেইদৰে ক’ব। সেয়ে এই কথা বহুত অপমান আৰু ক্ৰোধৰ বিষয় হ’ব।
Aujourd'hui, les princesses de Perse et de Médie qui ont entendu parler de l'acte de la reine le diront à tous les princes du roi. Cela provoquera beaucoup de mépris et de colère.
19 ১৯ যদি এই কথাই মহাৰাজক সন্তুষ্ট কৰে, তেনেহলে ‘ৰাণী ৱষ্টী অহচবেৰোচ ৰজাৰ ওচৰলৈ পুনৰ আহিবলৈ নাপাব’; এই ৰাজ আজ্ঞা আপোনাৰ মুখৰ পৰা ওলাওক, আৰু ইয়াৰ যেন লৰ-চৰ নহয়। এই কাৰণে ইয়াক পাৰস্য আৰু মাদিয়া সকলৰ বিধিত লিখা হওক। তাৰ পাছত মহাৰাজে তেওঁৰ ৰাণীপদ তেওঁতকৈ উত্তম মহিলা এগৰাকীক দিয়ক।
« S'il plaît au roi, qu'un ordre royal parte de lui et qu'il soit écrit parmi les lois des Perses et des Mèdes, afin qu'il ne puisse être modifié, afin que Vasthi ne se présente plus jamais devant le roi Assuérus; et que le roi donne son domaine royal à un autre qui soit meilleur qu'elle.
20 ২০ মহাৰাজে দিয়া আজ্ঞা যেতিয়া তেওঁৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰা যাব, তেতিয়া সৰু কি বৰ সকলো মহিলাই নিজৰ নিজৰ স্বামীক সন্মান কৰিব।”
Lorsque l'édit du roi qu'il fera sera publié dans tout son royaume (car il est grand), toutes les femmes rendront honneur à leurs maris, grands et petits. »
21 ২১ তেতিয়া এই কথাত ৰজা আৰু প্রধান লোকসকল সন্তুষ্ট হ’ল; আৰু ৰজাই মমুকণে দিয়া প্রস্তাৱৰ দৰেই কৰিলে।
Cet avis plut au roi et aux princes, et le roi fit selon la parole de Memucan:
22 ২২ তেওঁ সকলো ৰাজকীয় প্ৰদেশলৈ প্রতিখন প্রদেশৰ নিজৰ আখৰ অনুসাৰে আৰু প্ৰত্যেক লোকলৈ তেওঁলোকৰ ভাষা অনুসাৰে চিঠি পঠিয়ালে। ৰজাই আজ্ঞা দিলে যে, প্ৰতিজন পুৰুষ নিজৰ নিজৰ ঘৰৰ মূৰব্বী হওক। এই আজ্ঞা প্রত্যেক লোকৰ নিজৰ নিজৰ ভাষাত দিয়া হৈছিল।
car il envoya des lettres dans toutes les provinces du roi, dans chaque province selon son écriture, et à chaque peuple dans sa langue, afin que chacun dirige sa propre maison, en parlant la langue de son peuple.