< এস্থার 9 >
1 ১ পাছত অদৰ নামেৰে দ্বাদশ মাহৰ তেৰ দিনৰ দিনা, ৰজাৰ বিধান আৰু আজ্ঞা সিদ্ধ হ’বলৈ আছিল। সেই দিনা যিহুদী লোক সকলৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত জয় কৰিবলৈ আশা কৰি আছিল, কিন্তু ইয়াৰ বিপৰীতে যিহুদী লোকসকলক ঘৃণা কৰা লোক সকলৰ ওপৰত ইহুদীসকলে জয় লাভ কৰিলে।
И тако дванаестог месеца, а то је месец Адар, тринаестог дана, кад дође да се изврши реч царева и заповест његова, истог дана кад се непријатељи јудејски надаху да ће овладати њима, преокрену се, те Јудејци овладаше својим ненавидницима.
2 ২ যি সকলে তেওঁলোকৰ অমঙ্গলৰ চেষ্টা কৰিব, তেওঁলোকক যাতে যিহুদী লোকসকলে প্রতিৰোধ কৰিব পাৰে; সেই বাবে যিহুদী লোকসকল ৰজা অহচবেৰোচৰ প্রতিখন প্ৰদেশত নিজৰ নিজৰ নগৰত গোট খাইছিল। তেওঁলোকৰ প্রতি লোকসকলৰ ভয় জন্মিছিল, যাৰ বাবে লোকসকলে তেওঁলোকৰ বিৰুদ্ধে থিয় হ’ব নোৱাৰিলে।
Скупише се Јудејци у својим градовима по свим земљама цара Асвира да дигну руке на оне који им тражаху зло; и нико не могаше стајати пред њима; јер страх од њих попаде све народе.
3 ৩ প্ৰদেশ বোৰৰ সকলো কৰ্মচাৰী, প্রদেশৰ দেশাধ্যক্ষ, দেশাধ্যক্ষ সকল, আৰু ৰাজ-কৰ্মচাৰী সকলে যিহুদী লোকসকলক সহায় কৰিছিল; কাৰণ মৰ্দখয়ৰ প্রতি তেওঁলোকৰ ভয় জন্মিছিল।
И сви кнезови земаљски, намесници и управитељи и који оправљаху послове цареве, подупираху Јудејце, јер их попаде страх од Мардохеја.
4 ৪ মৰ্দখয় ৰাজ-গৃহৰ মাজত মহান হৈ পৰিছিল। তেওঁৰ যশস্যা সকলো প্ৰদেশলৈ প্রসাৰিত হৈছিল আৰু এইদৰে মৰ্দখয় ক্ৰমে অতিশয় মহান হৈ গৈছিল।
Јер велик беше Мардохеј у дому царевом, и слава његова пролажаше све земље, јер тај човек, Мардохеј биваше све већи.
5 ৫ যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুবোৰক তৰোৱালেৰে আঘাত কৰি, তেওঁলোকক বধ আৰু ধ্বংস কৰিলে। তেওঁলোকে তেওঁলোকক ঘৃণা কৰা সকললৈ যি দৰে কৰিবলৈ ইচ্ছা আছিল, সেই দৰে কৰিলে।
И тако побише Јудејци све непријатеље своје мачем и потрше и истребише, и учинише шта хтеше од ненавидника својих.
6 ৬ চুচন ৰাজকোঁঠত যিহুদী লোকসকলে পাঁচশ লোকক বধ আৰু ধ্বংস কৰিলে।
И у Сусану, царском граду, убише Јудејци и истребише пет стотина људи.
7 ৭ তেওঁলোকে বধ কৰা লোকসকল এওঁলোক: পৰ্চনদাথা, দলফোন, অস্পথা,
И Фарсандату и Далфона и Аспату,
8 ৮ পোৰাথা, অদলিয়া, অৰীদাথা,
И Порату и Адалију и Аридату,
9 ৯ পৰ্মস্তা, অৰীচয়, অৰীদয়, আৰু বয়িজাথা।
И Фармасту и Арисаја и Арилаја и Вајезату,
10 ১০ যিহুদী সকলৰ শত্ৰু হম্মদাথাৰ পুত্র হামনৰ এই দহ জন পুত্রক তেওঁলোকে বধ কৰিলে; কিন্তু তেওঁলোকে তাৰ একো বস্তু লুট নকৰিলে।
Десет синова Амана, сина Амедатиног непријатеља јудејског побише, али на плен не дигоше руке своје,
11 ১১ সেই দিনা যি সকলক চুচন ৰাজকোঁঠত বধ কৰা হ’ল, তেওঁলোকৰ সংখ্যা ৰজাক জনোৱা হ’ল।
У онај дан, кад јавише цару број побијених у Сусану царском граду,
12 ১২ ৰজাই ৰাণী ইষ্টেৰক ক’লে, “যিহুদী লোকসকলে চুচন নগৰত হামনৰ দহ জন পুত্রৰ সৈতে পাঁচশ লোকক বধ কৰিলে। তেনেহলে ৰজাৰ প্ৰদেশৰ আন ঠাইবোৰত তেওঁলোক কিমান কৰিলে? এতিয়া তোমাৰ কি নিবেদন আছে? তোমাৰ বাবে গ্ৰহণ কৰা হ’ব। তোমাৰ কি প্রাৰ্থনা আছে? তোমাৰ বাবে তাকো গ্রহণ কৰা হ’ব।”
Рече цар Јестири царици: У Сусану царском граду побише и потрше Јудејци пет стотина људи и десет синова Аманових, а шта су учинили по осталим земљама царевим? Шта желиш? Даће ти се; и шта још молиш? Биће.
13 ১৩ ইষ্টেৰে ক’লে, “যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহ’লে আজিৰ দৰে কাইলৈয়ো কৰিবলৈ চুচনত থকা যিহুদী সকলক অনুমতি দিয়া হওক; আৰু হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰ ফাঁচি কাঠত ওলমাই থোৱা হওক।”
А Јестира рече: Ако је угодно цару, да се допусти Јудејцима у Сусану и сутра да учине по данашњој наредби и десет синова Аманових да обесе на вешала.
14 ১৪ সেয়ে ৰজাই সেই দৰে কৰিবলৈ আজ্ঞা দিলে। সেই আজ্ঞা চুচনত জাৰি কৰা হ’ল; তাতে হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰক ফাঁচি কাঠত ফাঁচি দি ওলমাই থোৱা হ’ল।
И заповеди цар да буде тако. И оглашена би заповест у Сусану, и обесише десет синова Аманових.
15 ১৫ চুচনত থকা যিহুদী লোকসকলে অদৰ মাহৰ চৌদ্ধ দিনৰ দিনা গোট খালে, আৰু একত্রিত হৈ আহিল। চুচনত তেওঁলোকে তিনিশ লোকতকৈয়ো অধিক লোক বধ কৰিলে, কিন্তু তাৰ পৰা একো বস্তু লুট নকৰিলে।
И Јудејци који беху у Сусану скупивши се и четрнаестог дана месеца Адара побише у Сусану три стотине људи, али на плен не дигоше руке своје.
16 ১৬ ৰজাৰ প্ৰদেশ বোৰত থকা অৱশিষ্ট যিহুদী লোকসকল গোট খাই একেলগ হৈ তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে থিয় হ’ল। তেওঁলোকে শত্ৰুবোৰৰ পৰা সকাহ পালে; আৰু তেওঁলোকে তেওঁলোকক ঘৃণা কৰা লোক সকলৰ পয়সত্তৰ হাজাৰ লোকক বধ কৰিলে। কিন্তু তেওঁলোকে বধ কৰা লোক সকলৰ পৰা একো বস্তু লুট নকৰিলে।
А остали Јудејци који беху по земљама царевим скупише се да бране живот свој и да се смире од непријатеља својих; и побише седамдесет и пет хиљада ненавидника својих; али на плен не дигоше руке своје.
17 ১৭ অদৰ মাহৰ তেৰ দিনৰ দিনা এই সকলো কাৰ্য কৰিলে, আৰু চৌদ্ধ দিনৰ দিনা তেওঁলোকে জিৰণী ল’লে। সেই দিনটো তেওঁলোকে ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
То би тринаестог дана месеца Адара; а четрнаестог починуше, и празноваше тај дан гостећи се и веселећи се.
18 ১৮ কিন্তু চুচনত থকা যিহুদী লোকসকলে সেই মাহৰ তেৰ আৰু চৌদ্ধ দিনৰ দিনা গোট খাই সমবেত হ’ল। পোন্ধৰ দিনৰ দিনাহে তেওঁলোকে জিৰণী ল’লে, আৰু সেই দিন ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
А Јудејци који беху у Сусану скупише се тринаестог и четрнаестог дана истог месеца, а починуше петнаестог, и празноваше тај дан гостећи се и веселећи се.
19 ১৯ এই কাৰণে গাঁৱত থকা যিহুদী লোকসকল যি সকলে গড় নোহোৱা নগৰত বাস কৰিছিল, তেওঁলোক অদৰ মাহৰ চতুৰ্দশ দিনটো আনন্দ, ভোজ, মঙ্গল আৰু ইজনে আন জনলৈ খাদ্যৰ উপহাৰ পঠোৱা দিন স্বৰূপে পালন কৰিলে।
Зато Јудејци сељани, који живе по местима неограђеним, празнују четрнаести дан месеца Адара веселећи се и гостећи се и благујући, и шаљући делове један другом.
20 ২০ মৰ্দখয়ে এই সকলো বৃত্তান্ত লিখিলে আৰু ৰজা অহচবেৰোচৰ সকলো প্ৰদেশত থকা ওচৰৰ হওক বা দূৰৰ আটাই যিহুদী লোকলৈ পত্ৰ পঠালে।
Јер Мардохеј написа ово, и разасла књиге свим Јудејцима који беху по свим земљама цара Асвира, близу и далеко,
21 ২১ প্রতি বছৰে অদৰ মাহৰ চতুৰ্দশ দিন আৰু পঞ্চদশ দিন দুটা বাধ্যতামূলক ভাৱে ইহুদী লোকসকলে পালন কৰে।
Наређујући им да празнују дан четрнаести месеца Адара и петнаести дан истог месеца сваке године;
22 ২২ এই দিনতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল।
Према данима у које се смирише Јудејци од непријатеља својих и према месецу кад им се претвори жалост у радост и туга у весеље, да те дане празнују гостећи се и веселећи се и шаљући делове један другом, и сиромасима дарове.
23 ২৩ মৰ্দখয়ে যিহুদী লোকসকললৈ যি কৰিবলৈ লিখিছিল; আৰু যি দৰে তেওঁলোকে আৰম্ভ কৰিছিল, সেই দৰেই উৎসৱ উদযাপন কৰি থাকিল।
И примише сви Јудејци да чине шта су почели и шта им писа Мардохеј.
24 ২৪ সেই সময়ত সকলো যিহুদী লোকৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্র হামনে তেওঁলোকক বিনষ্ট কৰিবলৈ তেওঁলোকৰ অহিতে কু-কল্পনা কৰিছিল। যিহুদী সকলক সৰ্ব্বনাশ আৰু বিনষ্ট কৰিবলৈ পুৰ খেলাইছিল (চিঠি খেলাইছিল)।
Јер Аман, син Амедатин Агагеј непријатељ свих Јудејаца намисли за Јудејце да их истреби, и баци Фур, то јест жреб, да их потре и истреби.
25 ২৫ কিন্তু সেই কথা যেতিয়া ৰজাৰ ওচৰলৈ আহিল, তেতিয়া ৰজাই পত্রৰ দ্বাৰা আজ্ঞা দিলে যে, হামনে যিহুদী লোকসকলৰ বিৰুদ্ধে কৰা কু-কল্পনা তেওঁৰ ওপৰতে ফলিয়াবৰ বাবে তেওঁক আৰু তেওঁৰ দহ জন পুত্রক ফাঁচি কাঠত ফাঁচি দি আঁৰি থোৱা হওক।
Али кад Јестира изиђе пред цара, он заповеди књигом, те се зла мисао његова коју смисли на Јудејце обрати на његову главу, и обесише њега и синове његове на вешала.
26 ২৬ এই কাৰণে তেওঁলোকে পুৰ নাম অনুসাৰে সেই দুটা দিনক পুৰীম বুলি কয়। এই পত্ৰত লিখা সকলো কথা, আৰু সেই বিষয়ে তেওঁলোকে যি দেখিছিল আৰু তেওঁলোকলৈ যি ঘটিছিল, সেই সকলোৰ কাৰণে,
Зато прозваше те дане Фурим од имена Фур; и ради својих речи те књиге и ради оног што видеше, тако и ради оног што им се догоди,
27 ২৭ যিহুদী লোকসকলে নিজৰ, আৰু তেওঁলোকৰ বংশধৰ সকলৰ, আৰু যি সকল লোক তেওঁলোকৰ লগত যোগদান কৰিছিল, সেই সকলো লোকে, সেই দুটা দিনক এটা নতুন প্রথা আৰু কৰ্ত্তব্য বুলি গ্রহণ কৰিছিল। সেই বিষয়ে লিখা মতে আৰু নিৰূপণ কৰা সময় অনুসাৰে তেওঁলোকে প্রতি বছৰে সেই দুটা দিন নিৰ্দিষ্ট প্রণালীৰে পালন কৰিছিল।
Поставише Јудејци и примише на се и на семе своје и на све који се удруже с њима да је непроменљиво да славе та два дана као што је написано за њих и на време које је за њих одређено, сваке године,
28 ২৮ তেওঁলোকে এই প্রথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু পুৰীম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়; সেয়ে পুৰুষানুক্ৰমে প্ৰত্যেক প্রজন্ম, প্ৰত্যেক পৰিয়াল, প্রত্যেক প্ৰদেশ, আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ যিহুদী লোকসকলে স্থিৰ কৰিলে।
И да се ти дани спомињу и славе у сваком нараштају, у свакој породици, у свакој земљи и у сваком граду; и ти дани Фурим да не престану међу Јудејцима и спомен њихов да не погине у семену њиховом.
29 ২৯ তাৰ পাছত অবীহয়িলৰ জীয়েক ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ে সম্পূৰ্ণ ক্ষমতাৰ সৈতে পুৰীমৰ বিষয় নিশ্চিত কৰিবলৈ দ্বিতীয় পত্ৰ লিখিলে।
И писа царица Јестира, кћи Авихаилова и Мардохеј Јудејац сваком тврђом потврђујући књигу за Фурим други пут.
30 ৩০ ৰজা অহচবেৰোচৰ ৰাজ্যৰ এশ সাতাইশ খন প্রদেশত থকা যিহুদী লোকসকলক নিৰাপত্তা আৰু সত্যতাৰ কামনা কৰি পত্ৰ পঠোৱা হ’ল।
И разасла књигу свим Јудејцима у сто и двадесет и седам земаља цара Асвира и речима љубазним и истинитим,
31 ৩১ লঘোন আৰু ক্রন্দনৰ বিষয়ে ইহুদী মৰ্দখয় আৰু ৰাণী ইষ্টেৰে যিহুদী লোকসকলক আদেশ দিয়াৰ দৰে, নিৰূপিত সময়ত পুৰীমৰ সেই দুটা দিন নিশ্চিত কৰিবলৈয়ো এই পত্র লিখি পঠালে।
Да тврдо држе дане Фурим на време као што им је поставио Мардохеј Јудејац и царица Јестира и као што сами поставише себи и семену свом за спомен посту њиховом и викању њиховом.
32 ৩২ ইষ্টেৰৰ আজ্ঞা অনুসাৰে পুৰীমৰ বিষয়ত নিয়ম স্থিৰ কৰা হ’ল; আৰু এই সকলোকে পুস্তকত লিখা হ’ল।
Тако заповест Јестирина потврди уредбу за Фурим, и би записано у књигу.